Samajwadi Chattra Sabha Assam

Call Directions Contact the organization

Samajwadi Chattra Sabha Assam সমাজবাদী ছাত্ৰ সভা অসম

16/10/2026

আজি ১৬ অক্টোবৰ ২০২৬ তাৰিখ, শুকুৰবাৰে সমাজবাদী পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত ব্ৰজেন কুমাৰ সন্দিকৈ ডাঙৰীয়াৰ নেতৃত্বত,TN Court ,তৰুণ নগৰ(গুৱাহাটী )ত "IDFC FIRST Bank"ৰ যৌথ‌ উদ্যোগত "Pathkind laboratory"ৰ সৌজন্যত জনসাধাৰণৰ সুবিধাৰ্থে বিনামূলীয়া তেজ পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। অসমৰ সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা অনুৰূপা বড়ো ডাঙৰীয়ানী, সাংস্কৃতিক বিভাগৰ ৰাজ্যিক সভানেত্ৰী কাকলি গোহাঁই নাথ ডাঙৰীয়ানী, ছাত্ৰ সভাৰ ৰাজ্যিক সভাপতি বাবুল আলী , ছাত্ৰ সভাৰ ৰাজ্যিক সম্পাদক দেৱজিৎ দাস ডাঙৰীয়া আৰু ছাত্ৰ সভাৰ ৰাজ্যিক কোষাধক্ষ্য জুন সেখ ডাঙৰীয়া উক্ত অনুষ্ঠানত উপস্থিত থাকে।
উক্ত অনুষ্ঠানত বহু অঞ্চলৰ ৰাইজে সহাঁৰি জনায় আৰু তেজ পৰীক্ষা শিবিৰত অংশগ্ৰহণ কৰি ভুয়সী প্ৰশংসা কৰে।


Samajwadi Chhatra Sabha national
Akhilesh Yadav
Dimple Yadav
Brojen Kumar Handique
ProfBhuvan Bhaskar Joshi
Munna Babul
Debojit Das

15/10/2026

অভিনন্দন,
ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সমাজবাদী ছাত্ৰ সভা, অসমৰ তৰফৰ পৰা Magazine Secretary পদত জয়লাভ কৰা শ্ৰী দেবজিৎ দাস ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।

তোমাৰ এই জয়ে ছাত্ৰ সমাজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

জয় আই অসম
সমাজবাদী ছাত্ৰ সভা, অসম

Samajwadi Chhatra Sabha national
Akhilesh Yadav Dimple Yadav
ProfBhuvan Bhaskar Joshi
Brojen Kumar Handique
Imran Idris

শুভ মহালয়াদেৱীপক্ষৰ শুভাৰম্ভমহালয়াৰ এই পৱিত্ৰ ক্ষণত অসত্যৰ ওপৰত সত্যৰ, অন্ধকাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক মা দুৰ্গাৰ আগমণ...
10/10/2026

শুভ মহালয়া
দেৱীপক্ষৰ শুভাৰম্ভ

মহালয়াৰ এই পৱিত্ৰ ক্ষণত অসত্যৰ ওপৰত সত্যৰ, অন্ধকাৰৰ ওপৰত পোহৰৰ জয়ৰ প্ৰতীক মা দুৰ্গাৰ আগমণে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি।

সমাজবাদী ছাত্ৰ সভা (SCS) ৰ তৰফৰ পৰা সকলো ৰাইজলৈ মহালয়াৰ আন্তৰিক শুভেচ্ছা ও শুভকামনা যাচিলোঁ।

শিক্ষা - সৃষ্টিশীলতা - সংগ্ৰাম

Deeply saddened by the passing of legendary actor Shri Nana Patekar (1951-2026).On this day, October 8, 2026, Indian cin...
08/10/2026

Deeply saddened by the passing of legendary actor Shri Nana Patekar (1951-2026).

On this day, October 8, 2026, Indian cinema lost a true gem. A Padma Shri awardee, a powerhouse of talent, and an inspiration for generations. His contribution to art and society will never be forgotten.

Legend Never Dies.
Rest in Peace.

04/10/2026

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যিক পৰ্যায়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতে সমাজবাদী পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ব্ৰজেন কুমাৰ সন্দিকৈ ডাঙৰীয়াই দলীয় পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে তেওঁ সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠা, দলটোৰ আদৰ্শ আৰু সামাজিক ন্যায়, সমতা, গণতন্ত্ৰ তথা ধৰ্মনিৰপেক্ষতাৰ প্ৰতি দলটোৰ অঙ্গীকাৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে সমাজবাদী পাৰ্টি ১৯৯২ চনৰ ৪ অক্টোবৰত প্ৰতিষ্ঠা হৈছিল। সমাজবাদী আদৰ্শ, সামাজিক সমতা আৰু সমাজৰ পিছপৰা তথা দুৰ্বল শ্ৰেণীৰ উন্নয়ন দলটোৰ অন্যতম মূল লক্ষ্য।

আজিৰ এই অনুষ্ঠানত সমাজবাদী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা অনুৰূপা বড়ো, ৰাজ্যিক সাধাৰণ সম্পাদক ছৈয়দ আব্দুল মজিদ, ৰাজ্যিক সম্পাদক কুশল কাশ্যপ, সমাজবাদী সাংস্কৃতিক কোষৰ সভানেত্ৰী কাকলি গোহাঁই নাথ, সমাজবাদী পাৰ্টিৰ ছাত্ৰ সভাৰ সভাপতি বাবুল আলী আৰু সম্পাদক দেৱজিৎ দাস উপস্থিত থাকে।

সকলো বিষয়ববীয়া, কৰ্মকৰ্তা আৰু শুভাকাংক্ষীৰ সহায়-সহযোগিতাত আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি সাফল্যমণ্ডিতভাৱে অনুষ্ঠিত হয়।

সমাজবাদৰ আদৰ্শ, সামাজিক ন্যায়, সমতা আৰু গণতান্ত্ৰিক মূল্যবোধক অধিক শক্তিশালী কৰি জনসাধাৰণৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ সংকল্পৰে সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

সমাজবাদ জিন্দাবাদ।
সমাজবাদী পাৰ্টি জিন্দাবাদ।

#সমাজবাদীপাৰ্টীৰপ্ৰতিষ্ঠাদিৱস 🎂💐💐💐
🎂🎉🎉🎉

Akhilesh Yadav
Dimple Yadav
Brojen Kumar Handique
ProfBhuvan Bhaskar Joshi

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ পৱিত্ৰ ক্ষণত তেখেত লৈ শত কোটি প্ৰণিপাত। বাপুজীৰ অহিংস নীতি, নৈতিক আধাৰ আৰু মহান...
02/10/2026

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ পৱিত্ৰ ক্ষণত তেখেত লৈ শত কোটি প্ৰণিপাত।

বাপুজীৰ অহিংস নীতি, নৈতিক আধাৰ আৰু মহান চিন্তাই কেৱল ভাৰতকেই নহয়, সমগ্ৰ বিশ্বক চিৰদিনৰ বাবে পথ প্ৰদৰ্শন কৰি থাকিব।

ProfBhuvan Bhaskar Joshi
Akhilesh Yadav
Dimple Yadav
Brojen Kumar Handique

বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা 🙏সৃষ্টিৰ স্ৰষ্টা, কলা আৰু কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা দেৱ শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজা...
18/09/2026

বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা 🙏

সৃষ্টিৰ স্ৰষ্টা, কলা আৰু কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা দেৱ শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজা উপলক্ষে সমূহ ৰাইজলৈ, শ্ৰমজীৱী, কাৰিকৰ, অভিযন্তা সকললৈ সমাজবাদী ছাত্ৰ সভা (SCS) ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনালোঁ।

আহক, শ্ৰমক সন্মান কৰোঁ, সৃষ্টিক সন্মান কৰোঁ।
শিক্ষা ✊ সৃষ্টিশীলতা ✊ সংগ্ৰাম

আজি ১৩/০৯/২০২৬ তাৰিখে মণিপুৰত সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সভাপতি মাননীয়  শ্ৰীযুত কনথৌজাম বিশ্বাৰজিৎ সিং ডাঙৰীয়াদেৱৰ নেতৃত...
13/09/2026

আজি ১৩/০৯/২০২৬ তাৰিখে মণিপুৰত সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত কনথৌজাম বিশ্বাৰজিৎ সিং ডাঙৰীয়াদেৱৰ নেতৃত্বত ৰাজ্যিক সমিতিৰ উদ্যোগত ৰাজ্যিক কাৰ্যালয়ৰ শুভ উদ্বোধনী লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় সম্পাদক তথা লোকসভাৰ সাংসদ মাননীয় শ্ৰীযুত ৰাজীৱ ৰায় ডাঙৰীয়া দেৱে অসমৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত ব্ৰজেন কুমাৰ সন্দিকৈ ডাঙৰীয়া দেৱৰ সহযোগত শুভ উদ্বোধনী কৰে।
উক্ত উদ্বোধনী অনুষ্ঠানত লক্ষ্ণৌৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ মাননীয় শ্ৰীযুত ৰাজীৱ ৰায় ডাঙৰীয়া দেৱ আৰু অসমৰ সমাজবাদী পাৰ্টীৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰীযুত ব্ৰজেন কুমাৰ সন্দিকৈ ডাঙৰীয়া দেৱে বৰ্তমানৰ মণিপুৰৰ বিভিন্ন সমস্যাসমূহৰ ওচৰত গুৰুত্বপূৰ্ণ আলোচনা কৰে আৰু অঞ্চলত সমূহত পৰিভ্ৰমণ কৰি সমস্যাসমূহৰ বুজ লয়। আগন্তুক দিনত মণিপুৰৰ সমস্যাসমূহ সমাধানৰ বাবে সদায় আগভাগ ল'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। সমাজবাদী পাৰ্টী মণিপুৰত সংগঠনৰ সাংগঠনিক দিশ শক্তিশালী হোৱাৰ বাবে শুভ কামনা আৰু শুভেচ্ছা জ্ঞাপন কৰে লগতে মণিপুৰৰ ৰাজ্যিক সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত কনথৌজাম বিশ্বাৰজিৎ সিং ডাঙৰীয়াৰ লগতে ৰাজ্যিক সমিতিৰ সকলো বিষয়ববীয়া লৈ অভিনন্দন জ্ঞাপন জনায়।

🎉🎉🎉
#সমাজবাদী_পাৰ্টী_অসম

Akhilesh Yadav
Dimple Yadav
Brojen Kumar Handique
ProfBhuvan Bhaskar Joshi
Munna Babul

আজি ৮ ছেপ্তেম্বৰ ৷ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ ওপজা দিন কালজয়ী শিল্পী গৰাকীৰ আজিৰ পবিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সোঁৱ...
08/09/2026

আজি ৮ ছেপ্তেম্বৰ ৷ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা দেৱৰ ওপজা দিন কালজয়ী শিল্পী গৰাকীৰ আজিৰ পবিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো ৷৷


Address

Goneshguri
Dispur
781028

Telephone

+918822166351

Website

Alerts

Be the first to know and let us send you an email when Samajwadi Chattra Sabha Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Samajwadi Chattra Sabha Assam:

Shortcuts

Share