06/11/2025
নিজকে উচ্চ জাতি বুলি কোৱা সকলে এটা সময়ত বড়ো কাৰ্বি মিছিং ৰাভা সকলক লেতেৰা tribal জাতি বুলি ঘৃণা কৰিছিল। নকৰিব কিয়, কাৰণ আমি জঙ্গলত থকা মানুহ। জংগুলত পোৱা ভেকুলী, শামুক, খেক্ৰা, গাহৰি খাওঁ। আমি থকা ঘৰ জংগুলৰে বনোৱা। এ ঘৰত আমি গাহৰি, মূৰ্গী, হা, গৰু একেলগে থাকো। আমাৰ dress বৰ আমি নিজে বনাই লোৱা uncommon। টাউন চহৰত এ dress বৰ পিন্ধি গৈ আমি গলেই আমাক চাই-চাই হাহিছিল। বহুতে কৈছিল jungle ৰ পৰা অহা jungoliya বুলি। আমাৰ ভাষা শুনিলে ইহতে হাঁহিছিল। Tribal Tribal বুলি insult কৰিছিল। তাৰ বাবে নিজৰ পৰিচয় লুকুৱাবলৈ টাউন চহৰত গলে বড়ো, কাৰ্বি, মিছিং, ৰাভা ছোৱালী বোৰ শাৰী পিন্ধি গৈছিল। আমাৰ এই চৰিত্ৰবোৰে আমাৰ পৰিচয়। এই characterবোৰে দেখুৱাই যে আমি পিছপৰা জাতি। যাৰ কাৰণে এ জাতি কেইটাক protection ৰ প্ৰয়োজন আছে বুলি আজি ST হিচাবে স্বীকৃতি দিছে। কাৰণ শিক্ষা হক বা অৰ্থনীতি হক বা সামাজিক ক্ষেত্ৰ হক, আমি আপোনালোকৰ লগত তুলনা কৰিব নোৱাৰো। এইবাবে আমি মানি লয়, আপোনালোকে উচ্চ জাতি। আপোনালোকৰ লগত তুলনা কৰিবলৈ আমি লাজ পায়। আজিও আপোনালোকে নিজকে আমাৰ লগত তুলনা কৰিবলৈ বিচৰা মানেই আমাক insult কৰা হৈছে।
অসমত যেতিয়া ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লিগ জন্ম হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি আদি কৰি বহুতো অসমীয়া নেতা সকলক কৈছিল অসম খন ট্ৰাইবেল ৰাজ্য বনাব লাগে বুলি। তেতিয়া সেই সকল অসমীয়া নেতা সকলে ভীমবৰ দেউৰীক অপমান কৰিছিল উচ্চ জাতি ৱে কেনেকৈ ইমান তলৰ জনজাতি হম বুলি । এতিয়া আকৌ সেই উচ্চ জাতি কেইটা কেলৈ জনজাতি বিছাৰি আছে।
゚viralvideo #