21/08/2017
যোৱাকালি,২০ আগষ্ট,২০১৭ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ, মজদুৰ মৰ্চাৰ উদ্যোগত,এপ'ল' হস্পিটাল গোষ্ঠী আৰু নাবাৰ্ডৰ সহযোগত মৰিগাঁও জিলাৰ পাটিদৈয়াৰ বানপিড়ীত অঞ্চলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু বান সাহাৰ্য্য ও ঔষধ বিতৰণ শিবিৰ অনুস্থিত হৈ যায় | উক্ত অনুস্থানত মৰিগাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰমাকান্ত দেউৰী দেৱ, এপ'ল' হস্পিটালৰ অধীক্ষক মহোদয়, নাবাৰ্ডৰ মূখ্য সঞ্চালিকা মহোদয়া, ভাৰতীয় জনতা পাৰ্টী, মৰিগাঁও জিলা সমিতিৰ সভাপতি মাননীয় ধৰণীধৰ বৰদলৈদেৱ,মজদুৰ মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি শ্ৰী যোগেশ তামূলী,সাধাৰণ সম্পাদক শ্ৰী পংকজ তামূলী প্ৰমূখ্যে মজদুৰ মৰ্চাৰ মৰিগাঁও জিলা সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে | উক্ত শিবিৰত প্ৰায় পাঁচ শতাধিক হিতাধীকাৰিৰ স্বাস্থ্য পৰিক্ষা তথা বিভিন্ন যাবতীয় সামগ্ৰী বিতৰণ কৰা হয় |