Ashok Gogoi - অশোক গগৈ

Ashok Gogoi - অশোক গগৈ Official Page of Ashok Gogoi
অধ্যক্ষ, টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়।

পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচা প্ৰথমগৰাকী অসমীয়া মহিলা তথা লখিমপুৰৰ গৌৰৱ ৰূপামণি গড়লৈ আন্ত...
24/05/2026

পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ইতিহাস ৰচা প্ৰথমগৰাকী অসমীয়া মহিলা তথা লখিমপুৰৰ গৌৰৱ ৰূপামণি গড়লৈ আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। তেওঁৰ এই অসাধাৰণ সফলতাই অসমৰ নাৰীশক্তিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে।

অতি দুখেৰে জনাবলগীয়া হৈছে যে মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত দিলীপ কুমাৰ গগৈ দেৱে আজি পুৱা ৯ বজাত দিল্লীৰ মেদান্ত হাস্পতালত শে...
16/05/2026

অতি দুখেৰে জনাবলগীয়া হৈছে যে মোৰ জ্যেষ্ঠ ভাতৃ শ্ৰীযুত দিলীপ কুমাৰ গগৈ দেৱে আজি পুৱা ৯ বজাত দিল্লীৰ মেদান্ত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি ঈশ্বৰে আমাৰ পৰিয়ালক প্ৰদান কৰক।

ওঁম শান্তি 🙏

📚 টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৬ শিক্ষাবৰ্ষৰ HSLC আৰু HS পৰীক্ষাৰ ফলাফল।
15/05/2026

📚 টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২৬ শিক্ষাবৰ্ষৰ HSLC আৰু HS পৰীক্ষাৰ ফলাফল।

মোৰ সহপাঠী "ভূপেন হাজৰিকাৰ" বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।তাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জন...
12/05/2026

মোৰ সহপাঠী "ভূপেন হাজৰিকাৰ" বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।
তাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। 🙏

শব্দৰে নদী বোৱাই দিয়া কবি "জোনমণি দাস" আজি নীৰৱ হ’ল।অকালতে হেৰুৱালোঁ এগৰাকী দুৰন্ত প্ৰতিভা, যি কবিতাৰে চুই গৈছিল হাজাৰজ...
12/05/2026

শব্দৰে নদী বোৱাই দিয়া কবি "জোনমণি দাস" আজি নীৰৱ হ’ল।

অকালতে হেৰুৱালোঁ এগৰাকী দুৰন্ত প্ৰতিভা, যি কবিতাৰে চুই গৈছিল হাজাৰজনৰ হৃদয়। অসমৰ কাব্য-আকাশত এয়া এক অপূৰণীয় শূন্যতা।

কবিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
আপোনাৰ সৃষ্টিয়ে জীয়াই থাকিব প্ৰজন্মৰ পিছত প্ৰজন্ম।

ওঁম শান্তি 🙏

লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মৰনৈগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া "সোণাৰাম শইকীয়া" দেৱৰ দে...
06/05/2026

লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মৰনৈগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া "সোণাৰাম শইকীয়া" দেৱৰ দেহাৱসানত মৰ্মাহত হৈছোঁ।

সমাজ আৰু স্বাস্থ্যসেৱালৈ তেখেতৰ অৱদান চিৰস্মৰণীয়। তেখেত ‘প্ৰতিদিন টাইম’ৰ মুখ্য সম্পাদক "নিতুমণি শইকীয়া" দেৱৰ পূজ্য পিতৃ আছিল।

প্ৰয়াত শইকীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

ওম শান্তি! 🙏

টিংখাং অঞ্চলৰ লেঙেৰী নিৱাসী প্ৰকাশ সোণোৱাল আৰু মধুমিতা সোণোৱালৰ সু-সন্তান "সব্যসাচী সোণোৱালে" গুৱাহাটী চিকিৎসা মহাবিদ্যা...
05/05/2026

টিংখাং অঞ্চলৰ লেঙেৰী নিৱাসী প্ৰকাশ সোণোৱাল আৰু মধুমিতা সোণোৱালৰ সু-সন্তান "সব্যসাচী সোণোৱালে" গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰু ৰাজগড়ৰ নিৱাসী প্ৰয়াত শিক্ষক পৰমা গগৈ আৰু শ্ৰী-বাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী কামনা বৰগোহাঁই গগৈৰ সু-যোগ্য সন্তান "চিন্ময় গগৈয়ে" অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে MBBS ডিগ্ৰী লাভ কৰে। ভগৱানৰ দ্বিতীয় ৰূপ হিচাপে জনাজাত এই ডিগ্ৰীক তেওঁলোকে কেৱল বৃত্তি হিচাপে নলয় ভৱিষ্যৎ দিনত মানুহৰ বাবে সহায়ক হিচাপে কাম কৰি যাওক তাৰেই কামনা কৰিলোঁ।

পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏  শান্তি, দয়া আৰু সত্যৰ পথপ্ৰদৰ্শক গৌতম বুদ্ধৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ ...
01/05/2026

পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏

শান্তি, দয়া আৰু সত্যৰ পথপ্ৰদৰ্শক গৌতম বুদ্ধৰ আশীৰ্বাদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু আশাৰ পোহৰ।
আহক, এই পৱিত্ৰ দিনটোত মানৱতা, সহানুভূতি আৰু সদ্ভাৱৰ বাণী স্মৰণ কৰি এখন সুন্দৰ আৰু শান্তিময় সমাজ গঢ়োঁ।

১ মে’ - আন্তৰ্জাতিক শ্ৰমিক দিৱস 🙏হাতৰ ঘামেই গঢ়ে দেশৰ ভৱিষ্যৎ, শ্ৰমৰ ত্যাগেই আগুৱাই নিয়ে সভ্যতাৰ পথ। আজিৰ এই বিশেষ দিনট...
01/05/2026

১ মে’ - আন্তৰ্জাতিক শ্ৰমিক দিৱস 🙏

হাতৰ ঘামেই গঢ়ে দেশৰ ভৱিষ্যৎ, শ্ৰমৰ ত্যাগেই আগুৱাই নিয়ে সভ্যতাৰ পথ। আজিৰ এই বিশেষ দিনটোত সকলো পৰিশ্ৰমী শ্ৰমিকৰ অদম্য শক্তি, ত্যাগ আৰু অৱদানলৈ জনাওঁ আন্তৰিক সন্মান।

শ্ৰমৰ মৰ্যাদা অটুট থাকক, আৰু প্ৰতিটো পৰিশ্ৰমে লাভ কৰক যোগ্য সন্মান।

সকলো শ্ৰমজীৱী ব্যক্তিলৈ শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা।

শ্ৰমেই ধৰ্ম, শ্ৰমেই শক্তি। ✊

আজি ইং ২৭/০৪/২০২৬ তাৰিখে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত সম্মানীয় ৰিপুনাথ বৰগোহাঁইদেৱৰ কৰ্মজীৱনৰ অন্তিম দিন। ত...
27/04/2026

আজি ইং ২৭/০৪/২০২৬ তাৰিখে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত সম্মানীয় ৰিপুনাথ বৰগোহাঁইদেৱৰ কৰ্মজীৱনৰ অন্তিম দিন। তেখেতৰ দীৰ্ঘ কৰ্মজীৱনৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। অৱসৰী জীৱন সুকলমে, সুস্বাস্থ্য আৰু সুখ-শান্তিৰে অতিবাহিত হওক, এই কামনাৰে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। 🙏

তামুলপুৰৰ বিহু হুঁচৰি দলৰ দুৰ্ঘটনাৰ খবৰে মৰ্মাহত কৰিছে। প্ৰতিভাৱান বিহুৱতী নিশামণি হালৈৰ অকাল বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জ...
25/04/2026

তামুলপুৰৰ বিহু হুঁচৰি দলৰ দুৰ্ঘটনাৰ খবৰে মৰ্মাহত কৰিছে। প্ৰতিভাৱান বিহুৱতী নিশামণি হালৈৰ অকাল বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আঘাতপ্ৰাপ্ত শিল্পীসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। সকলো হুঁচৰি দল আৰু শিল্পীসকলক সাৱধানতা অৱলম্বন কৰি অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহ্বান জনালোঁ। 🙏

Address

Rajgarh, Tingkhong
Dibrugarh
786611

Website

Alerts

Be the first to know and let us send you an email when Ashok Gogoi - অশোক গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category