জোনাক Jonak

জোনাক Jonak Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জোনাক Jonak, Social service, Garudharia, Dibrugarh.

'জোনাক' স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা বিভিন্ন সময়ত সম্পন্ন হোৱা কাৰ্যসূচীসমূহ সংবাদ মাধ্যমে প্ৰকাশিত বাতৰিসমূহ সাঁচিতীয়া...
17/08/2025

'জোনাক' স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা বিভিন্ন সময়ত সম্পন্ন হোৱা কাৰ্যসূচীসমূহ সংবাদ মাধ্যমে প্ৰকাশিত বাতৰিসমূহ সাঁচিতীয়াকৈ এয়াতে ৰাখি থৈছোঁ ।

শোভাচুকত জোনাকৰ ‘ৰুণ্‌-জুন্‌ নূপুৰে মাতে’ আৰু ‘উছাহৰ ৰামধেনু’ সম্পন্ন৭৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন‘অক্ষমতাটো আমি...
25/07/2024

শোভাচুকত জোনাকৰ ‘ৰুণ্‌-জুন্‌ নূপুৰে মাতে’ আৰু ‘উছাহৰ ৰামধেনু’ সম্পন্ন

৭৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

‘অক্ষমতাটো আমি নোহোৱা কৰাৰ যি ইচ্ছা, সেইটোৱেই আমাৰ কৃতকাৰ্যতাৰ সঁচাৰ-কাঠীঃ ডাঃ ধ্ৰুৱজ্যোতি ভূঞা

ডিব্ৰুগড়, ২২ জুলাই ঃ “আমি জনা দৰকাৰ যে প্ৰতিটো শিশুৱেই একোগৰাকী পৃথক ব্যক্তি, তেওঁলোকৰ একোটা মন থাকে, সেই মনটোক সকলোৱে সন্মান কৰা উচিত৷ জন্মৰ আগৰ পৰাই এটি শিশুৰ ব্যক্তিত্ব বিকাশ হয়, মাকৰ গৰ্ভত থকা অৱস্থাত মাতৃৰ স্বাস্থ্য আৰু সামাজিক পৰিৱেশে সন্তানৰ বৃদ্ধি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ এজন মানুহ বংশগতভাৱে সুস্থ-সৱল নহ’লেও সামাজিকভাৱে আৰু মনস্তাত্ত্বিক দিশত যদি আমি ভালকৈ ইন্ধন যোগাব পাৰো, তেতিয়াহ’লে মানুহৰ ব্যক্তিত্ব বিকাশ হ’ব৷ গতিকে ল’ৰা-ছোৱালীৰ ক্ষেত্ৰতো আমি কেনেকৈ ডাঙৰ-দীঘল কৰিছোঁ, কি পৰিৱেশ দিব পাৰিছোঁ তাৰ ওপৰত সন্তানৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ভৰশীল৷ বহুসংখ্যক মাক-দেউতাক বা শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা মাত্ৰ পৰীক্ষাৰ ফলাফল ভাল হোৱাতো বিচাৰে৷ দৰাচলতে ছাত্ৰ-ছাত্ৰীৰ পৰা জোৰ কৰি ভাল ফলাফল বিচৰাতকৈ তেওঁলোকে ভালপোৱা বিষয়টো কি, সেয়াহে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে...৷ আজি এই মানসিকতা আঁতৰাবৰ হ’ল যে ডাক্তৰ-ইঞ্জিনীয়াৰেহে কিবা কৰি খাই আছে, এই পৃথিৱীত সকলোৱে কিবা কৰি খাই আছে৷ প্ৰতিজন মানুহেই পৃথক, গতিকে কোনেও কাৰো লগত তুলনা নকৰিব৷ আপোনাৰ শিশুটোৱে কিবা এটা কাম কৰিব নোৱাৰিব পাৰি, কিন্তু তেওঁ বেলেগ কিবা এটা কৰিব৷ আমাৰ জীৱনত সফল হোৱাৰ মূলমন্ত্ৰ আলফ্ৰেড এডলাৰ নামৰ এজন বিজ্ঞানীয়ে কৈ গৈছে যে, অক্ষমতাটো আমি নোহোৱা কৰাৰ যি ইচ্ছা, সেইটোৱেই আমাৰ কৃতকাৰ্যতাৰ সঁচাৰ-কাঠী” জোনাকৰ উদ্যোগত যোৱা ২১ জুলাইত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠানত এইদৰে কয় অসম চিকিৎসা মহাবিদ্যালয়ৰ মানসিক ৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই৷ তেখেতে শিশুৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত কিবোৰ কথা গুৰুত্ব দিব লাগে অথবা কোনবোৰ কাৰকে ইয়াৰ হেঙাৰ হিচাপে কাম কৰে এই আটাইবোৰ কথা তেখেতৰ এঘণ্টাজোৰা ভাষণত বৈজ্ঞানিক দৃষ্টিভংগীৰে সুন্দৰকৈ বিশ্লেষণ আগবঢ়ায়৷ ইয়াৰ উপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী প্ৰাধ্যাপক মৃণাল কুমাৰ বৰুৱাই সাৱলীল কথাৰে চমু ভাষণত জোনাকৰ এই অনুষ্ঠানটো সামগ্ৰিকভাৱে ভাল হোৱা বুলি কৈ ‘জোনাক’ক জোনাকী বাটেৰে আগুৱাই যোৱাৰ কামনা কৰে৷ এই গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান ‘ৰুণ্‌-জুন্‌ নূপুৰে মাতে’ আৰু বৃহত্তৰ গৰুধৰীয়া মধুপুৰ অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা ‘উছাহৰ ৰামধেনু’শীৰ্ষক অনুষ্ঠানটো উদ্বোধন কৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ধৈৰ্য্যধৰ বৰুৱাই৷ অনুষ্ঠানত মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ পাত্ৰ, বৰবৰুৱাস্থিত স্বধ্যায় একাডেমিৰ পৰিচালন সঞ্চালক গিৰিশ পাত্ৰ, অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত উপদেষ্টা পৰমানন্দ কামান, বৰবৰুৱা শিক্ষা খণ্ডৰ তথ্য প্ৰণালীৰ ব্যৱস্থাপক ইস্তাৰ ৰাণী থিন্‌চিন্‌, কৃষি বিষয়া ভদ্ৰাৱতী কামান, বাল সুৰক্ষা ভাৰতৰ স্থানীয় কৰ্মকৰ্তা আজিমুদ্দিন আহমেদ, সমাজকৰ্মী ইন্দ্ৰজিৎ শিলপনীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ বৰুৱা, ৰূপেশ্বৰ গগৈ, লোকেশ্বৰ পাত্ৰ, লম্ভিত চন্দ্ৰ গগৈ, শিক্ষক জয়ন্ত বুঢ়াগোহাঁই, ইন্দ্ৰ কোঁৱৰ, যোগেন বৰগোহাঁই, অৰূপ দাস, জয়া সংঘৰ সভাপতি ৰোহিণী বৰুৱাৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত আছিল৷ অনুষ্ঠানত ১৫০গৰাকী প্ৰশিক্ষাৰ্থীয়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিধায়ক চক্ৰধৰ গগৈ, যুৱ নেতা অসীম হাজৰিকা, গিৰিশ পাত্ৰ আদিয়ে ভাষণ প্ৰদান কৰে৷ জোনাকৰ বিষয়ববীয়া ক্ৰমে ৰাজকুমাৰ ছেত্ৰী, খুবেন পাত্ৰ, মৃদুল পাত্ৰ, বিদ্যাধৰ দুৱৰা, বসন্ত কুমাৰ গগৈ, দীপক গগৈ, সুজিত পাত্ৰ, ৰঞ্জন গগৈ, পৰাগধৰ চেতিয়া, খনীন্দ্ৰ পাত্ৰ, দিফুল চেতিয়া, চন্দন চাহু, অমিত নেৱাৰে প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, গ্ৰন্থ আৰু কলমেৰে অভিনন্দন জনায়৷ অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৮.২ শতাংশ নম্বৰেৰে অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক দিব্যাশ্ৰী ছেত্ৰীক আদৰ্শ মাতৃ ফুলৰাণী পাত্ৰ স্মাৰক বঁটা প্ৰদান কৰে পৰিয়ালৰ হৈ মৃদুল পাত্ৰ আৰু প্ৰাঞ্জল পাত্ৰই৷ আনহাতে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৪.৫ শতাংশ নম্বৰেৰে অঞ্চলটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপক পাৰঙ্গী দুৱৰাক আদৰ্শ মাতৃ চঞ্চলা গগৈ স্মাৰক বঁটা প্ৰদান কৰে দীপক গগৈ, নিতু গগৈ আৰু পাপৰি গগৈয়ে৷ দুয়োকে এটা স্মাৰক, এখন বস্ত্ৰ ভূষণ আৰু নগদ তিনিহেজাৰ টকা প্ৰদান কৰা হয়৷ উল্লেখ্য যে বৃহত্তৰ গৰুধৰীয়া-মধুুপুৰ অঞ্চলত সুস্থ-সাংস্কৃতিক বাতাবৰণ গঢ় দিয়াৰ বাবে অহৰহ প্ৰচেষ্টাত ব্ৰতী স্বেচ্চাসেৱী সংগঠন ‘জোনাকে’ প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা ‘গ্ৰীষ্মকালীন কৰ্মশালা’খনি এইবাৰ একে সময়তে ফুকনবাম মজলীয়া বিদ্যালয় আৰু শোভাচুক সাবৰ্জনীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গীত, নৃত্য, শিক্ষা, ব্যক্তিত্ব বিকাশ আদি বিষয়ত যোৱা ১১ ৰ পৰা ২০ জুলাইলৈকে অনুষ্ঠিত কৰিছিল৷ কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ আগবঢ়াইছিল – মঞ্জুৰী ফুকন, দেৱকৃষ্ণ হাজৰিকা, লুইছ ইলেভেন আৰু স্মিতা দাসে৷ অনুষ্ঠানটোৰ আঁত ধৰে জোনাকৰ সম্পাদক মৃদুল পাত্ৰই৷

Address

Garudharia
Dibrugarh
786007

Website

Alerts

Be the first to know and let us send you an email when জোনাক Jonak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category