07/09/2026
প্ৰতিবেদন
Wariors মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ বিষয় - সম্বৰ্ধনা অনুষ্ঠান স্থান: চাবুৱা, ডিব্ৰুগড়
তাৰিখ: [০৭/০৯/২০২৬]
Wariors ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মেৰেলি পথাৰত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মেৰেলি পথাৰৰ নিবাসী দুষ্মন্ত গোহাঁই আৰু পাপৰী গোহাঁইৰ কন্যা হিমাক্ষী গোহাঁইয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হৈ চাবুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ।
ডিব্ৰুগড় জিলাৰ Wariors ৰ সতীৰ্থ সকল তেওঁ লোকৰ গৃহত উপস্থিত হৈ ফুলৰ থোপা আৰু চেলেং চাদৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু ভৱিষ্যতে এগৰাকী সুদক্ষ চিকিৎসক হৈ সুনাম কঢ়িয়াই আনিবলৈ শুভেচ্ছা জনায়।
আজিৰ অনুষ্ঠানটোত উপস্থিত থকা সতীৰ্থসকল হৈছে
১/ ইলুমণি দত্ত
২/কল্পনা চাংমাই
৩/তৃষ্ণা শৰ্মা
৪/মঞ্জুলা বৰুৱা
৫/বন্তি শইকীয়া
৬/ৰীতা গগৈ
৭/ৰেনুমাই চেতিয়া
সাদৰেৰে
ডিব্ৰুগড় জিলা সমিতি
সভানেত্ৰী/ সম্পাদিকা