Department of Agriculture, Dibrugarh

Department of Agriculture, Dibrugarh District Agriculture Office, Dibrugarh
Government of Assam
(1)

নতুনকৈ নিযুক্তি লাভ কৰা AEA সকলৰ বাবে অনুষ্ঠিত কৰা প্ৰশিক্ষণৰ সবিশেষ:-অসম চৰকাৰে কৃষি বিভাগত নতুনকৈ নিযুক্তি দিয়া কৃষি ...
18/02/2026

নতুনকৈ নিযুক্তি লাভ কৰা AEA সকলৰ বাবে অনুষ্ঠিত কৰা প্ৰশিক্ষণৰ সবিশেষ:-
অসম চৰকাৰে কৃষি বিভাগত নতুনকৈ নিযুক্তি দিয়া কৃষি সম্প্ৰসাৰণ সহায়ক সকলক জিলা পৰ্যায়ত আয়োজিত কৰা ছয়-দিনীয়া পৰিচয় আৰু অভিমুখীকৰণ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা হৈছে। প্ৰশিক্ষণটো ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা ১৭ ফেব্ৰুৱাৰী, ২০২৬ লৈ ডিব্ৰুগড়ৰ খানিয়া গাঁৱৰ সোণালী সংঘৰ সভাগৃহত অনুষ্ঠিত হৈছিল। ডিব্ৰুগড় জিলা কৃষি বিভাগৰ তত্বাৱধানত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই প্ৰশিক্ষণ কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা কৃষি বিষয়া কাৰ্য্যালয় ডিব্ৰুগড়ৰ বিভিন্ন আচনিৰ নডেল বিষয়াসকল ,কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), ডিব্ৰুগড়ৰ বিজ্ঞানী সকল আৰু কৃষি অভিযান্ত্ৰিক শাখা, ডিব্ৰুগড়ৰ বিষয়াসকল।
তেওঁলোকৰ নিৰ্দেশনা আৰু অন্তৰ্দৃষ্টিয়ে কাৰ্যসূচীটোৰ কাৰ্যকৰীতাত যথেষ্ট অৰিহণা যোগাইছিল। প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অংশ হিচাপে, প্ৰশিক্ষাৰ্থীসকলক কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), ডিব্ৰুগড়, আৰু মাটি পৰীক্ষা পৰীক্ষাগাৰ আৰু সমুহিয়া প্ৰশিক্ষণ ও ফলমূল সংৰক্ষণ কেন্দ্রলৈ ক্ষেত্ৰ পৰিদৰ্শণৰ বাবে লৈ যোৱা হৈছিল। এই ভ্ৰমণবোৰে ব্যৱহাৰিক পৰিচয় প্ৰদান কৰিছিল আৰু কৃষি পদ্ধতি আৰু মাটিৰ স্বাস্থ্য প্ৰৱন্ধনৰ বিষয়ে তেওঁলোকৰ ধাৰণা উন্নত কৰিছিল।

CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam
Department of Agriculture, Assam
District Administration Dibrugarh

Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Department of Agriculture, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share