DIPRO, Dibrugarh

DIPRO, Dibrugarh Official Page of DIPRO, Dibrugarh

আজি ৪/৭/২৩ তাৰিখে ডিব্ৰুগড়ৰ মানকটাৰ খেলপথাৰত আনুষ্ঠানিক ভাৱে বগীবিলত আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে বন্...
04/07/2023

আজি ৪/৭/২৩ তাৰিখে ডিব্ৰুগড়ৰ মানকটাৰ খেলপথাৰত আনুষ্ঠানিক ভাৱে বগীবিলত আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰালয়ৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ ,শ্ৰম, নিয়োগ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , খাদ্য আৰু অসামৰিক যোগান বিভাগ আৰু ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়া, উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বড়া ডাঙৰীয়া, চাহ জনগোষ্ঠী আৰু শ্ৰম কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সঞ্জয় কীষাণ ডাঙৰীয়া, লক্ষীমপুৰৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া , আৰু অভ্যন্তৰীণ জলপথ বিভাগৰ মাননীয় অধ্যক্ষ শ্ৰীযুত সঞ্জয় বেন্দোপাধ্যায় ডাঙৰীয়া,ডিব্ৰুগড় জিলাৰ মাননীয় বিধায়ক সকল,ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিজেপি‌ দলৰ সভাপতি সকল, অন্যান্য বিশিষ্ট ব্যক্তি সকল, আৰু ৰাইজ‌ আৰু সংবাদ মাধ্যম‌ ।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উল্লেখ কৰে বগীবিলত ৰাজধানী আন্তঃগাঁথনি আৰু অধিক শক্তিশালী কৰি অঞ্চলটোৰ আভ্যন্তৰীণ জলপথ পৰিবহণ সজীৱ কৰি তোলাৰ দিশত আগবাঢ়ি যোৱাৰ সময়ত অসমবাসীৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। নতুন টাৰ্মিনেলটোৱে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি এক পৰিৱৰ্তনশীল কাৰক হিচাপে জলপথ পৰিবহণ সক্ষম কৰাৰ দিশত স্থাপন কৰাৰ এক দৃষ্টিভংগী‌ আছিল, সেয়া বাস্তৱায়িত কৰাত সহায় কৰিব। বিগত সময়ত ডিব্ৰুগড় অভ্যন্তৰীণ জলপথৰ কেন্দ্ৰ হিচাপে যি ঐতিহাসিক ভূমিকা পালন কৰিছিল, তাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বাস হৈছে যে বগীবিলৰ এই আধুনিক টাৰ্মিনেলটোৱে ডিব্ৰুগড়ক আকৌ এবাৰ এটা প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে পুনৰ উদ্ধাৰৰ দিশত অনুঘটক হ'ব। উল্লেখযোগ্য যে ৪৬.৬০ কোটি টকাৰ বিনিয়োগেৰে ফেব্ৰুৱাৰী,২০২৪ৰ ভিতৰত সম্পন্ন কৰা হ’ব বগিবিলৰ কাৰ্গো টাৰ্মিনেল।

আজি ২১/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত মাল্টিপাৰপ'জ ইনডৰ‌ হলত ৰাতিপুৱা ৬:০০ বজাৰ পৰা নৱম আন্তৰ্জাতিক যোগ দিৱস (...
21/06/2023

আজি ২১/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত মাল্টিপাৰপ'জ ইনডৰ‌ হলত ৰাতিপুৱা ৬:০০ বজাৰ পৰা নৱম আন্তৰ্জাতিক যোগ দিৱস (বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসান) উদযাপন কৰা হয়। প্ৰশাসনীয় বিষয়া কৰ্মচাৰীসকল, ছাত্ৰ-ছাত্ৰীসকল,যোগ অনুশীলন কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কতৃপক্ষ আৰু প্ৰতিনিধি সকল, আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।আজিৰ অনুষ্ঠানত উপস্থিত আছিল বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহাশয়া, জিলা পৰিষদৰ সভাপতি শ্ৰীমতী ডেইজী ৰাণী ফুকন শ্বাম মহাশয়া, জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী সংঘমিত্ৰা বৰুৱা মহাশয়া, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল কৰ্মচাৰী সকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহাশয়াই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। আয়ুস মন্ত্ৰালয়,ভাৰত চৰকাৰে জাৰি কৰা নিয়মপ্ৰণালী অনুসৰি কাৰ্যসূচীৰ পূৰ্বে আৰু পিছত প্ৰাৰ্থনা কৰা হয়।যোগ অনুশীলনকাৰীয়ে উপস্থিত অংশগ্ৰহণকাৰীৰ আগত আসন প্ৰদৰ্শন কৰে আৰু যোগাসান যেনে "কপলাভাৰতী","প্ৰাণায়াম","ধ্যান","সংকল্প" ইত্যাদি যোগাসান অনুষ্ঠানত অনুশীলন কৰা হয়। সমাৱেশত দৈনন্দিন জীৱনত যোগৰ উপকাৰিতাৰ বিষয়ে অনুশীলনকাৰীয়ে সম্বোধন কৰে।

আজি ২০/৬/২৩ তাৰিখে "ৰাভা দিৱস"কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়নৰ অন্তৰ্গত গাঁও পঞ্চায...
20/06/2023

আজি ২০/৬/২৩ তাৰিখে "ৰাভা দিৱস"কাৰ্যসূচীৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়নৰ অন্তৰ্গত গাঁও পঞ্চায়ত আৰু শিক্ষানুষ্ঠান সমূহত কলাগুৰু সৃষ্টিৰাজিৰ চৰ্চ্চা,ৰাভা -সংগীত, পৰিৱেশন, নৃত্য আৰু অন্যান্য বিশেষ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। চক্ৰ বিষয়াসকল,খণ্ড উন্নয়ন বিষয়াসকল, বিশিষ্ট আৰু সম্বল ব্যক্তি,শিক্ষক-শিক্ষয়িত্ৰী সহ ছাত্ৰ -ছাত্ৰী, সাধাৰণ ৰাইজ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্প-মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন , তেখেতৰ জীৱনালেখ্য আৰু মহানুভাৱৰ পৰ্যালোচনা, বিশিষ্ট ব্যক্তিৰ দ্বাৰা কলা গুৰুৰ অসমীয়া কলা -সংস্কৃতিৰ প্ৰতি থকা অতুলনীয় অৱদানৰ ওপৰত ব্যক্তব্য ইত্যাদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড়ত স্থিৰ অনুভাষ যন্ত্ৰৰে "ৰাভা সংগীত" পৰিৱেশন কৰা হয়।

আজি ডিব্ৰুগড় জিলাত "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস"উপলক্ষে ডিব্ৰুগড়ৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত বি...
19/06/2023

আজি ডিব্ৰুগড় জিলাত "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস"উপলক্ষে ডিব্ৰুগড়ৰ ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন গাঁও‌ পঞ্চায়ত সমূহৰ শিক্ষানুষ্ঠানত উৎসাহ -উল্লাসেৰে "ৰাভা দিৱস"উদযাপন কৰা হয়।শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী,সম্বল ব্যক্তি, সংশ্লিষ্ট বিষয়াসকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন-আলেখ্যৰ পৰ্যালোচনা,ৰাভা সংগীতৰ পৰিৱেশন ইত্যাদিৰে কাৰ্যসূচী অনুষ্ঠিত কৰে। ইয়াৰ উপৰিও ভ্ৰাম্যমাণ অনুভাষ যন্ত্ৰৰে জিলাৰ বিভিন্ন প্ৰান্তত "ৰাভা সংগীত" পৰিৱেশনৰ‌ দ্বাৰা "কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা"ৰ অসমীয়া সংস্কৃতিৰ প্ৰতি অতুলনীয় অৱদানৰ ওপৰত সজাগতাৰ প্ৰচেষ্টা কৰা হয়। উল্লেখযোগ্য যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়াই টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত কেকুৰীত অনুষ্ঠিত হোৱা "ৰাভা দিৱস"কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰে।

আজি ১৯/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ নাহৰতলী,ভিতৰচাবুৱা আৰু ৰোমাইত তিনিখনকৈ আদৰ্শ বিদ্যালয় অসমৰ মাননীয় শিক্ষামন্ত্ৰী ড: ৰণোজ ...
19/06/2023

আজি ১৯/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ নাহৰতলী,ভিতৰচাবুৱা আৰু ৰোমাইত তিনিখনকৈ আদৰ্শ বিদ্যালয় অসমৰ মাননীয় শিক্ষামন্ত্ৰী ড: ৰণোজ পেগু ডাঙৰীয়াই শুভ উদ্বোধন কৰে।আজিৰ অনুস্থানত উপস্থিত আছিল লক্ষ্মীপুৰ সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া, চাবুৱাৰ বিধায়ক শ্ৰী যুত পোনাকণ বৰুৱা ডাঙৰীয়া , জিলা আয়ুক্ত শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী স‍ংঘমিত্ৰা বৰুৱা মহাশয়া, প্ৰশাসনিক বিষয়া আৰু বিভাগীয় বিষয়াসকল প্ৰমুখ্যে আদৰ্শ বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰীসকলৰ লগত অভিভাৱকসকল‌ আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে। অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ড: ৰণোজ পেগু ডাঙৰীয়াই মন্তৱ্য প্ৰদান কৰে যে প্ৰথম অৱস্থাত সৰ্বমুঠ ১১৮ খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছিল আৰু ৯৭খন বিদ্যালয় যোৱাবছৰ খোলা হৈছে আৰু বৰ্তমান বছৰটোত ১৯ খন বিদ্যালয় অসমৰ বিভিন্ন প্ৰান্তত উদ্ঘাটন কৰা হ'ব।শদিয়াৰ পৰা ধুবুৰীলৈ চাহ বাগিচা অঞ্চল সমূহত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব আৰু মাননীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এই বৃহৎ পদক্ষেপ সফল হৈছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। এইবছৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে চাহ বাগিচাত যিমান বিদ্যালয় চাহ বাগিচা ব্যৱস্থাপনা আৰু কোম্পানীৰ অধীনত চলি আছে, সকলো বিদ্যালয় (৪২০ খন প্ৰাথমিক বিদ্যালয়)ৰ দায়িত্ব অসম চৰকাৰে ল'ব। শিক্ষামন্ত্ৰী মহোদয়ে উল্লেখ কৰে যে গণতী প্ৰক্ৰিয়াৰ জড়িয়তে বৰ্তমান অসমত ৭০ লাখ ছাত্ৰ-ছাত্ৰী আছে আৰু ৫২ লাখ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে আৰু বাকী ১৮ লাখ ব্যক্তিগত, কেন্দ্ৰীয়, নৱোদয় ইত্যাদিত শিক্ষা গ্ৰহণ কৰি আছে, গতিকে চৰকাৰে গৰিষ্ঠ সংখ্যক ছাত্ৰ -ছাত্ৰীক পাঠদান কৰি আছে আৰু ২ লাখ ৪০ হেজাৰ শিক্ষক-শিক্ষয়িত্ৰীৰ জড়িয়তে শিক্ষাদান কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু মহাশয়া যেতিয়া অসমলৈ আহিছিল, তেতিয়া চৰকাৰে ১০০ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আৰু স্থান সমূহ অতি সোনকালে নিৰ্ধাৰণ কৰা হ'ব।

আজি ১৬/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত আৰু অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়...
16/06/2023

আজি ১৬/৬/২৩ তাৰিখে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৌজন্যত আৰু অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ সহযোগত বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। উক্ত কাৰ্যসূচীত ডিব্ৰুগড়ৰ উপায়ুক্ত মহোদয় শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া, সহকাৰী আয়ুক্ত শ্ৰীমতী শ্ৰবাণা সোণোৱাল মহাশয়া, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডা: তৃষ্ণা বৰা মহাশয়া, জিলা আইন সেৱা প্ৰাধিকৰণ সচিব, ভাৰপ্ৰাপ্ত কাৰাগাৰৰ অধীক্ষক, চিকিৎসক সকল, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকল, কাৰাগাৰৰ কৰ্মচাৰী সকল, প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত,ডিব্ৰুগড়ৰ উপায়ুক্ত মহোদয় শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়াই কাৰ্যক্ৰমণিকাত নিজৰ মূল্যৱান পৰামৰ্শ প্ৰদান কৰাৰ উপৰিও কাৰাগাৰৰ সহ-আৱাসী সকলৰ লগত মত-বিনিময় কৰে। উপায়ুক্ত মহোদয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে প্ৰতি মাহে এনেধৰণৰ কাৰ্যক্ৰমৰ অৱশ্যেকতাৰ বিষয়ে গুৰুত্ব আৰোপৰ ওপৰত আহ্বান জনায়। শিবিৰত এছ.আই.ভি.,তেজ পৰীক্ষা,কুষ্ঠৰোগ চিনাক্তকৰণ ইত্যাদি বিভিন্ন ৰোগৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়।

ইয়াৰ দ্বাৰা জনোৱা যায় ডিব্ৰুগড়ত নৱম আন্তৰ্জাতিক যোগ দিৱস উদযাপন উপলক্ষে অহা ১৮ জুন,২০২৩ তাৰিখে ডিব্ৰুগড়ৰ মিলন নগৰত অ...
15/06/2023

ইয়াৰ দ্বাৰা জনোৱা যায় ডিব্ৰুগড়ত নৱম আন্তৰ্জাতিক যোগ দিৱস উদযাপন উপলক্ষে অহা ১৮ জুন,২০২৩ তাৰিখে ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত আৰোগ্য ৰোগ কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰ পৰা জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।স্কুল/কলেজৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ৰাইজ সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হ'লে নিম্নলিখিত ফোন নং কেইটাত যোগাযোগ কৰিব পাৰে। প্ৰতিযোগী সকলৰ বাবে বয়স অনুযায়ী অংশগ্ৰহণ কৰিবলৈ ৪টা শ্ৰেণীত ভাগ কৰা হৈছে:
শ্ৰেণী-১: ১০ বছৰ বয়সলৈকে
শ্ৰেণী-২: ১০ বছৰ পৰা ১৮ বছৰ বয়সলৈকে
শ্ৰেণী-৩:১৮ বছৰ উদ্ধৰ্ত বয়সৰ পৰা ৩৫ বছৰ বয়সলৈকে
শ্ৰেণী-৪:৩৫ বছৰ বয়সৰ উদ্ধৰ্ত লোক সকলৰ বাবে।

প্ৰত্যেক শ্ৰেণীৰ বিজয়ী সকলক গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰিব পাৰিব।

আজি ১৪/৬/২৩ তাৰিখে জাগৃতি প্ৰেক্ষাগৃহত উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ...
14/06/2023

আজি ১৪/৬/২৩ তাৰিখে জাগৃতি প্ৰেক্ষাগৃহত উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়াই গাঁও পঞ্চায়ত হিচাপে টিংখাং আৰু খোৱাং উন্নয়ন খণ্ডৰ সৰ্বমুঠ ১৮টা গাঁও পঞ্চায়তৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন কাৰ্যক্ৰম পুনৰীক্ষণ কৰে। উক্ত সভাত ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষ ডেইজী ৰাণী ফুকন শ্বাম মহাশয়া,মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত শ্ৰী জিতু কুমাৰ দাস ডাঙৰীয়া, প্ৰমুখ্যে উপ মুখ্য কাৰ্যবাহী বিষয়াসকল, টিংখাং আৰু খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল উপস্থিত থাকে।

আজি ৯/৬/২৩ তাৰিখে,অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া মহোদয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ বি...
09/06/2023

আজি ৯/৬/২৩ তাৰিখে,অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়া মহোদয়ে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হৈ বিমানবন্দৰৰ সভাকক্ষত এখন বৈঠকত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত মহোদয় আৰু প্ৰশাসনীয় বিষয়া সকলে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ক ফুলাম গামোচাৰে আদৰণি জনায় আৰু ইয়াৰ পিছত সকলো উপস্থিত বিষয়াসকল সভাকক্ষৰ বৈঠকত অংশগ্ৰহণ কৰে।চাবুৱাৰ বিধায়ক শ্ৰীযুত পোনাকণ বৰুৱা মহোদয়, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব শ্ৰী মীনাক্ষী সুন্দৰম ডাঙৰীয়া, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব ফাৰুক আলাম ডাঙৰীয়া, জিলা উপায়ুক্ত শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া, আৰক্ষী অধীক্ষক শ্ৰী শ্বেতংক মিশ্ৰ ডাঙৰীয়া, অতিৰিক্ত উপায়ুক্ত ড:মণিকা বৰা মহাশয়া, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰবক্তা শ্ৰী জে.পি.বৰ্মা ডাঙৰীয়া, শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শ্ৰী পাৰ্থ প্ৰতিম বৈৰাগী ডাঙৰীয়া,কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: শশীকান্ত শইকীয়া ডাঙৰীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা সকল(পথ,গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ), প্ৰমুখ্যে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।মাননীয় ৰাজ্যপাল মহোদয়ে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ অগ্ৰগতি ক্ষিপ্ৰ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু অভিযন্তা সকলক অতি সোনকালে সীমা নিৰ্ধাৰণ আৰু সীমাৰেখা ডিজাইন অনুসৰি নিৰ্মাণকাৰ্য কৰিবলৈ আহ্বান কৰে। প্ৰকল্পটোৰ মুঠ মাটিকালি ২০০ বিঘা, ২ কঠা আৰু ৭.৬ লেছা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অনুমোদিত হৈছে‌ আৰু উত্তৰ ফালে সীমা ৭২৬.১৭ মিটাৰ,দক্ষিণ ফালে ৭৬২.৩৬ মিটাৰ,পূব ফালে ৪১৬.২ মিটাৰ আৰু পশ্চিম ফালে ৩২৯.৫৯ মিটাৰ আছে।অভিযন্তাই উল্লেখ কৰে যে অনুমোদন পোৱাৰ লগে লগে কাম আবণ্টন দিয়া হ’ব।
ইয়াৰ পাছত ৰাজ্যপাল মহোদয়ে চাবুৱাৰ বালিজানত উপস্থিত হৈ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ প্ৰকল্পটোৰ স্থান‌ পৰিদৰ্শন কৰে। ইয়াৰ পাছত ৰাজ্যপাল মহোদয়ে নামফাকে বৌদ্ধ সত্ৰত উপস্থিত হয় আৰু‌ অসম পেট্ৰ'কেমিকেলচ লিমিটেড, নামৰূপত অৱস্থিত ৫০০ টি.পি.ডি. মিথানল কলটো নিৰীক্ষণ কৰে‌ আৰু অসম পেট্ৰ'কেমিকেলচ লিমিটেডৰ অভিযন্তা আৰু বিষয়াসকলৰ লগত এক আলোচনাতো মিলিত হয়। ৰাজ্যপাল মহোদয়ে খনিকৰ স্তেডিয়াম বিষয়াসকলৰ লগত পৰিদৰ্শন কৰে।

আজি ৫/৬/২৩ তাৰিখে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা আৰু জিলা প্ৰশাসনৰ সহ...
05/06/2023

আজি ৫/৬/২৩ তাৰিখে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা আৰু জিলা প্ৰশাসনৰ সহযোগত "বিশ্ব পৰিৱেশ দিৱস"উদযাপন কৰা হয়।ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ পুৰণা চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপ, নামৰূপৰ সোণাৰি তিনিআলিৰ সমীপ,ৰাজগড় , নতুন শ্বহীদ বেদীৰ সমীপ,চাবুৱা বজাৰ আৰু ডিব্ৰুগড়ৰ নতুন বজাৰ সমীপত বাটৰ নাট শীৰ্ষ বিষয় "প্লাষ্টিক এৰোঁ পৃথিৱী গঢ়োঁ"ৰ জৰিয়তে" সজাগতাৰ সৃষ্টিৰ প্ৰচেষ্টাৰে "বিশ্ব পৰিৱেশ দিৱস" উদযাপন কৰা হয়।বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নাহৰকটীয়াৰ চক্ৰ বিষয়া শ্ৰী শৰৎ গগৈ ডাঙৰীয়াৰ তত্বাৱধানত পুৰণা নাহৰকটীয়া চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত গছপুলি ৰোপণ কাৰ্যসূচীৰ লগত বাটৰ নাটৰ‌ জৰিয়তে উপস্থিত জনগণৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা কৰা হয়। ইয়াৰ পাছত একেধৰণে ৰাজগড় নতুন শ্বহীদ বেদীৰ সমীপত টিংখাংৰ বিধায়ক আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়াই উপস্থিত থাকে আৰু লগতে জিলা উপায়ুক্ত শ্ৰী বিশ্বজিৎ পেগু ডাঙৰীয়া, জিলা বন বিষয়া, প্ৰশাসনীয় বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই পৰিৱেশ -অনুকূল জীৱনশৈলী আকোঁৱালি ল'বলৈ আহ্বান কৰে আৰু লগতে প্লাষ্টিকৰ বেগ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে বৰ্জন কৰিবলৈ মন্তৱ্য প্ৰদান কৰে আৰু বিষয়া সকলক ইয়াৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা উপায়ুক্ত মহোদয়ে নিজৰ ভাষণত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়।

ই-কে ৱাই চি অভিযান:
03/06/2023

ই-কে ৱাই চি অভিযান:

03/06/2023

Address

Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when DIPRO, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to DIPRO, Dibrugarh:

Share