23/08/2020
গাওঁখনৰ আটাইতকৈ ভগ্নপ্ৰায় ঘৰটোৱেই হ'ল অনিৰুদ্ধ গগৈ (হুপিং)ৰ ঘৰ। ঘৰখনত আছিল দুজনেই সদস্য ।মাক আৰু পুতেক। তিনিবছৰৰ পূৰ্বে অৱশ্যে মাকৰ মৃত্যু ঘটিছে।
চৰকাৰী আঁচনিৰ অধীনত দুবাৰকৈ নিৰ্মাণ কৰা ঘৰ। তথাপিও ঘৰটোৰ অৱস্থা তথৈবচ। সেয়েহে বৰপথাৰৰ একাংশ যুৱকৰ উদ্যোগত আজি শ্ৰমদানেৰে তেওঁৰ ঘৰটো মেৰামতি কৰি দিয়াৰ সিদ্ধান্ত ।
বহুতো বেয়াৰ মাজত এইটোও জানো ভাল খবৰ নহয় ? ইয়াৰ শ্ৰেয় অৱশ্যেই #দলং গ্ৰুপৰ।
বিঃ দ্ৰঃ লক্ষ্যণীয় কথা হ'ল সম্পূৰ্ণ অনাময় আঁচনিৰ অধীনত এতিয়াও শৌচাগাৰ লাভ নকৰা বিষয়টো।