Office of the District Sports Officer, Dibrugarh

Office of the District Sports Officer, Dibrugarh Government work

Please circulate
18/06/2025

Please circulate

আজি ইং ০১-০৬-২০২৫ চিফট বাইচাইকেল ষ্টোৰ, ডিব্ৰুগড় চাইকেল এচোচিয়েচনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, ডিব্ৰুগ...
01/06/2025

আজি ইং ০১-০৬-২০২৫ চিফট বাইচাইকেল ষ্টোৰ, ডিব্ৰুগড় চাইকেল এচোচিয়েচনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, ডিব্ৰুগড়ৰ সহযোগত ৱৰ্ড চাইকেল দে ৰেলি অনুষ্ঠিত কৰা হয়

খেল মহাৰন, ২.০ ত ডিব্ৰুগড় জিলাৰ সাফল্য :-            অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয়ৰ তত্বাৱধানত, গুৱাহাটীত ২...
07/04/2025

খেল মহাৰন, ২.০ ত ডিব্ৰুগড় জিলাৰ সাফল্য :-
অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান সঞ্চালকালয়ৰ তত্বাৱধানত, গুৱাহাটীত ২ ৰ পৰা ৬ এপ্ৰিল, ২০২৫ তাৰিখলৈকে আন্ত: জিলা খেল মহাৰন, ২.০ অসমৰ সৰ্ব্ব বৃহত প্ৰতিযোগিতা অনুস্থিত হৈ যায়। এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলা খেলুৱৈ সকলে যথেষ্ট পাৰদৰ্শিতা দেখুৱাই তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। এই খেল মহাৰন, ২.০ প্ৰতিযোগিতাত ১৭ বছৰ অনুৰ্দ্ধ কাবাদি লৰা দলে চুড়ান্ত খেলত দৰং জিলাক ৩৬-১৮ পইণ্টত আৰু ১৭ বছৰ অনুৰ্দ্ধ ছোৱালী জিলা দলে চুড়ান্ত খেলত দৰং জিলাক ৩৪-৩২ পইণ্টত পৰাজিত কৰি বিজয়ী হয়। আনহাতে ১৭ বছৰ অনুৰ্দ্ধ ফুটবল ছোৱালী দলে কোকৰাঝাৰ জিলা দলক চুড়ান্ত খেলত ট্ৰাইবেকাৰৰ সহায়ত ৫-২ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হয়। তাৰোপৰি এথেলেটিকচ প্ৰতিযোগিতাত ১৭ বছৰ অনুৰ্দ্ধ লৰাৰ ৪০০ মিটাৰ দৌৰত হিমাংশু দাসে সোণৰ পদক আৰু স্নিগ্ধ নবাব খাকলাৰিয়ে ১০০ মিটাৰ দৌৰত ৰুপৰ পদক পাবলৈ সক্ষম হয়। লগতে চাইকেল ৰেচ প্ৰতিযোগিতাত ১৪ বছৰ অনুৰ্দ্ধ লৰাৰ শাখাত জ্ঞ্যান জ্যোতি খাম’ই ৰুপৰ পদক আৰু ১৭ বছৰ উৰ্দ্ধ লৰাৰ শাখাত প্ৰেম দৰ্জিয়ে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত জিলা ভিত্তিত খেল মহ...
05/02/2025

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ তত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত জিলা ভিত্তিত খেল মহাৰণ ২.০ কাৰ্যসূচী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেল পথাৰ ,হাতীমূৰা তৰুণ সংঘৰ খেল পথাৰ আৰু মানকটা খনিকৰ খেল পথাৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। ১ফেব্ৰুৱাৰী তাৰিখে খেল মহাৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে নাহৰকটীয়া বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক তৰঙ্গ গগৈয়ে। উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পৰমানন্দ সোণোৱালে। ২ ফেব্ৰুৱাৰী তাৰিখে চাইকেল ৰেচ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসম বিধানসভাৰ নৱ নিৰ্বাচিত মন্ত্ৰী প্ৰশান্ত ফুকনে । ছোৱালী ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকাই। সামৰণী অনুষ্ঠানত উপস্থিত থাকি বটা সমূহ প্ৰদান কৰে অসম বিধানসভাৰ নৱ নিৰ্বাচিত মন্ত্ৰী প্ৰশান্ত ফুকন, অতিৰিক্ত আয়ুক্ত এম,জে, থাওসেন, ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা অতিৰিক্ত আয়ুক্ত ৰিমা তৃষ্ণা হালৈ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰনৰ অধ্যক্ষ অসীম হাজৰিকা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া অধ্যয়ন কেন্দ্ৰৰ সহকাৰী সঞ্চালক মণ্টু বড়োৰে।

Very good news, Our District hockey girls team defeated Guwahati girls team 8-0 to win the All Assam Inter School Hockey...
05/10/2024

Very good news, Our District hockey girls team defeated Guwahati girls team 8-0 to win the All Assam Inter School Hockey Tournament, congratulations to all the players & Coach and Manager👏👏👏

ইং ১ আৰু ২ অক্টোবৰ, ২০২৪ তাৰিখে, ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে, চৌকিডিংগী খেলপথাৰত দুদিনীয়াকৈ জিলা প্ৰসাশনৰ তত...
05/10/2024

ইং ১ আৰু ২ অক্টোবৰ, ২০২৪ তাৰিখে, ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে, চৌকিডিংগী খেলপথাৰত দুদিনীয়াকৈ জিলা প্ৰসাশনৰ তত্বাবধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত টেকেলি ভঙা, ৰচি তনা, কাবাডি প্ৰতিযোগিতা আৰু মহিলাৰ ফুটবল খেলা অনুষ্ঠিত কৰা হয়।

স্বচ্ছতা কি ভাগীদাৰী লগত সংগতি ৰাখি আজি জিলা ক্ৰীড়া বিষয়াৰ কাযার্লয়, ডিব্ৰুগড় দ্বাৰা হাতী আলি বিদ্যালয়ত এটি মাৰাথন দ...
24/09/2024

স্বচ্ছতা কি ভাগীদাৰী লগত সংগতি ৰাখি আজি জিলা ক্ৰীড়া বিষয়াৰ কাযার্লয়, ডিব্ৰুগড় দ্বাৰা হাতী আলি বিদ্যালয়ত এটি মাৰাথন দৌৰ অনুষ্ঠিত কৰা হয়

স্বচ্ছতা কি ভাগীদাৰী লগত সংগতি ৰাখি আজি জিলা ক্ৰীড়া বিষয়াৰ কাযার্লয়, ডিব্ৰুগড়ত এটি গছ পুলি ৰূপন কাৰ্যসূচী অনুষ্ঠিত কৰ...
17/09/2024

স্বচ্ছতা কি ভাগীদাৰী লগত সংগতি ৰাখি আজি জিলা ক্ৰীড়া বিষয়াৰ কাযার্লয়, ডিব্ৰুগড়ত এটি গছ পুলি ৰূপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত কাযার্লয়ৰ সকলো কৰ্মচাৰীয়ে একোটাকৈ মুল্যবান গছপুলি ৰূপন কৰে।

Har Ghar Tiranga, walking campaign org, by District Administration, Dibrugarh
14/08/2024

Har Ghar Tiranga, walking campaign org, by District Administration, Dibrugarh

৭৮ তম স্বাধীনতা দিবস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্বাবধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত সকলো...
12/08/2024

৭৮ তম স্বাধীনতা দিবস উপলক্ষে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্বাবধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ সহযোগত সকলো জনসাধাৰনৰ মাজত ঐক্য, সমন্বয়, মিলা প্ৰীতিৰে, একতাৰে বান্ধ খাই থাকিবৰ বাবে আজি ইং ১২ আগষ্ট, ২০২৪ ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা এটি চাইকেল ৰেলি অতিৰিক্ত আয়ুক্ত শ্রী যুত জিন্তু বৰা দেবে মুকলি কৰে।

10/08/2024

Hi

Address

Khanikar Bypass, Khanikar Multi Disciplinary Sports Complex
Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Office of the District Sports Officer, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Office of the District Sports Officer, Dibrugarh:

Share