Srimanta Bordoloi

Srimanta Bordoloi Service Dibrugarh & Assam - the essence of greatness is Responsibility

01/01/2024

ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷

আহিবলগীয়া দিনবোৰ নিজে ভবাৰ দৰে হঁওক, সকলো সু-স্বাস্হ্যাৰ অধিকাৰী হঁওক আৰু জীৱনটো সমৃদ্ধ হৈ উঠক ৷

তাৰেই একান্ত কামনাৰে -

Wish You a Happy New Year.

Hope you will have a meaningful and exciting New Year 2024.

Let us Celebrate Life.

অসমক এনে স্বপ্নদ্ৰষ্টা নেতা লাগে৷ বৰ্তমানৰ ৰাজনীতিত এজনো নাই৷ আশাকৰোঁ ভৱিষ্যতে দেখা পাম৷ https://www.instagram.com/p/CxW...
25/09/2023

অসমক এনে স্বপ্নদ্ৰষ্টা নেতা লাগে৷
বৰ্তমানৰ ৰাজনীতিত এজনো নাই৷ আশাকৰোঁ ভৱিষ্যতে দেখা পাম৷

https://www.instagram.com/p/CxW6O2BJ45e/

21/09/2023

ভাৰতৰ সংবিধানৰ বিল ২০২৩ (১২৮ সংখ্যক সংশোধন) - “নাৰী শক্তি বন্দন অধিনিয়ম “ সংসদত গৃহীত হোৱাৰ বাবে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাৰীক অভিনন্দন৷

ইয়াৰ জৰিয়তে সংসদ আৰু বিধানসভাত ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণ হোৱাৰ পথ মুকলি হ’ল৷

মিছন বসুন্ধৰা - ২ : জানো আহক
11/02/2023

মিছন বসুন্ধৰা - ২ : জানো আহক

বসুন্ধৰা ১ আৰু ২ ৰ আধাৰত মাটিৰ মালিকী স্বত্বৰ ওপৰত আবেদন বিচাৰি থকা হৈছে, গতিকে প্ৰতিজন ভূমিপূত্ৰই অসমৰ মাটি সম্পৰ্কীয় আ...
10/02/2023

বসুন্ধৰা ১ আৰু ২ ৰ আধাৰত মাটিৰ মালিকী স্বত্বৰ ওপৰত আবেদন বিচাৰি থকা হৈছে, গতিকে প্ৰতিজন ভূমিপূত্ৰই অসমৰ মাটি সম্পৰ্কীয় আইনবোৰ পঢ়া উচিত৷ তাৰবাবে LL.B পঢ়িব নালাগে , সাধাৰণ জ্ঞান হিচাপে পঢ়া উচিত৷ অজ্ঞ হৈ থাকিলে সাতামপুৰুষীয়া মাটিডোখৰো হেৰুৱাব লাগিব৷ অসমৰ মাটি সম্পৰ্কীয় বহু আইন আছে যেনে :

- The Assam land & Revenue regulation
- The Assam ( Temporarily settled areas) tenancy Act
-:The Assam Fixation of ceiling on land holdings act
- The Assam Non-agricultural urban areas tenancy act
- The Assam land ( requisitioon and acquisition ) act ইত্যাদি৷

চিলিং উদ্ধৃত মাটি বিশেষকৈ TP land ডিব্ৰুগড়ত নীতিবৰ্হিভূত ভাৱে এফালৰ পৰা গ্ৰাস কৰি অহা বুলি ৰাইজৰ মাজত চৰ্চিত হৈ আছে৷ এই আইনখন প্ৰতিটো ক্ৰয়-বিক্ৰয়ত ব্যৱহাৰ কৰা হৈছে নে ? International Convention Centre ৰো TP land ত স্হাপন কৰিব বিচৰা হৈছে৷ সেইকাৰণে চিলিং আইনখন ইয়াত দিলোঁ৷ পঢ়ি চোৱাতো প্ৰয়োজন৷

২০২৫ চনৰ ভিতৰত সকলো Post paid  বিজুলী বিলক Pre paid লৈ সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিদ্যু আইনৰ জৰিয়তে বাধ্যতামূলক নিৰ্দ...
10/02/2023

২০২৫ চনৰ ভিতৰত সকলো Post paid বিজুলী বিলক Pre paid লৈ সলনি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিদ্যু আইনৰ জৰিয়তে বাধ্যতামূলক নিৰ্দেশনা দিছে৷ অসমত ১ জানুৱাৰী’২৩ তাৰিখৰ পৰা এই কাম পৰ্যায়ক্ৰমে আৰম্ভ হৈছে৷

Pre-paid হোৱাৰ আগতে তলৰ কথাখিনি সকলোৱে বুজি লোৱা উচিত৷ নহ’লে প্ৰথমবাৰ Top up কৰাৰ সময়ত অশান্তি হ’ব৷

01/02/2023

যোৱা বছৰ জিলা উন্নয়ণ প্ৰাধিকৰণৰ বিষয়াৰ লগত মোৰ ডিব্ৰুগড়ৰ মাষ্টাৰপ্লেনকলৈ এক দীঘলীয়া আলোচনা হৈছিল৷ মই কৈছিলো যে এই পৰিকল্পনা কৰোতে দক্ষিণ জালান নগৰৰ চাহ বাগিছাখনে ধৰি ৰখা প্ৰাকৃতিক পৰিৱেশটো যাতে কেতিয়াও ধ্বংস নকৰে৷ বিষয়াজনে কৈছিল যে বাগিছা কৰ্তৃপক্ষই বাগিছাখন লোকচানত চলি আছে বাবে বিক্ৰি কৰিব বিচাৰি আছে৷ সেইকাৰণে চৰকাৰে ইয়াত International Convention Centre কে ধৰি কেইটামান প্ৰকল্পৰ কথা চিন্তা কৰিছে৷ মই লগে লগে আপত্তি কৰি কৈছিলো যে এই স্হানৰ বিকল্প ভাৱক , ডিব্ৰুগড়ৰ এই হাঁওফাঁও সদৃশ সেউজীয়াখিনি ধ্বংস নকৰিব৷ এই সেউজীয়াখিনি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাব নালাগে, ডিব্ৰুগড় চহৰৰ জনস্বাস্হ্য আৰু প্ৰাকৃতিক ভাৰসাম্যতাৰ কথা ভাবি এই হঠকাৰী পৰিকল্পনা ত্যাগ কৰক৷

ডিব্ৰুগড়বাসী ৰাইজক অক্সিজেন দি থকা গছবোৰ কাটি কি উন্নয়ণ কৰিব বিচাৰিছে? আমিও এখন উন্নত ডিব্ৰুগড় বিচাৰোঁ, কিন্তু এনেকৈ নহয়৷ বিকল্প স্হান চিনাক্ত কৰা উচিত৷

কালি International Convention Centre ঘোষনা কৰা কথাই যিমান আনন্দ দিলে , সিমানে চিন্তিত কৰিও তুলিলে৷ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চাহবাগিছাখনক ধ্বংস নকৰিব৷

অৰুনাভে প্ৰস্তুত কৰা শুভেচ্ছা পত্ৰখনৰ জড়িয়তে আপোনালোক সকলোকে খ্ৰীষ্টিয় নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ আশা কৰিছোঁ যোৱা...
01/01/2022

অৰুনাভে প্ৰস্তুত কৰা শুভেচ্ছা পত্ৰখনৰ জড়িয়তে আপোনালোক সকলোকে খ্ৰীষ্টিয় নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ৷ আশা কৰিছোঁ যোৱা দুটাবৰ্ষৰ অভিজ্ঞতা আৰু প্ৰত্যাহ্বানবোৰে আহিবলগীয়া দিনবোৰক মুখামুখি হ’বলৈ সকলোৰে মাজত প্ৰযাপ্ত আত্মবিশ্বাসৰ জন্ম দিব৷

We may fall in coming days, but must fall forward. So, that we know where we are falling and face it. We shall bounce back and live for a purpose in life with utmost confidence and self belief.

Wishing you all a wonderful new year ahead.

Lets celebrate life.

Good luck .

05/12/2021

আগন্তুক বৰ্ষৰ ডিব্ৰুগড় পৌৰসভাৰ নিৰ্বাচনৰ বাবে ডিব্ৰুগড়ৰ নাগৰিকৰ হোমৱৰ্ক কৰাৰ সময় সমাগত৷
বিগত নিৰ্বাচনত যিসকল ৱাৰ্ড কমিচনাৰক নিৰ্বাচন কৰি পঠিয়াইছিল, তেওঁলোক সামগ্ৰিকভাৱেে ডিব্ৰুগড়বাসীৰ আশা আকাংক্ষাক ৰূপায়িত কৰাত ব্যৰ্থই নহয়, লগতে দূৰ্নীতিৰ বজাৰ মেলি ডিব্ৰুগড়ৰ বদনাম আনিলে আৰু লগতে অকৰ্মণ্যতাৰ পৰিচয় দিলে যাৰ বাবে সেই পৌৰ নিগমে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে৷ ডিব্ৰুগড়বাসী ৰাইজ প্ৰতাৰিত হ’ল৷
এই একে নাটকৰ পুনৰাবৃত্তি নহ’বলৈ দল-নিৰ্বিশেষে সকলো যোৱা নিৰ্বাচনৰ ৱাৰ্ড কমিচনাৰক এইবাৰৰ নিৰ্বাচনত নিৰ্বাচিত নকৰাটো ডিব্ৰুগড়ৰ নাগৰিকৰ প্ৰথম দায়িত্ব হোৱা উচিত আৰু প্ৰতিটো ৰাজনৈতিক দল এইক্ষেত্ৰত কঠোৰ হোৱাটো প্ৰয়োজন৷
ডিব্ৰুগড় নগৰখনৰ সামগ্ৰিক উন্নয়নত পৌৰসভাৰ ভূমিকা বহুত আৰু সঠিক ব্যক্তিয়ে যদি ২২টা ৱাৰ্ডক দল নিৰ্বিশেষ প্ৰতিনিধিত্ব কৰে তেতিয়াহে সেইয়া সম্ভৱ হ’ব৷ Participatory Democracy ত তৃণমূল পৰ্যায়ৰ পৌৰসভা, পঞ্চায়ত আদিক সৱলীকৰণ আৰু পাৰদৰ্শী কৰাত নাগৰিকৰ ভূমিকা থাকে, কিন্তু বিভিন্ন কাৰণত নাগৰিকৰ নিৰ্লিপ্ততাত অকৰ্মণ্য প্ৰতিনিধিক সকলোৱে এই অনুষ্ঠানবোৰত পঠিয়াই আহিছে৷ যোৱাবাৰ ডিব্ৰুগড়ৰ পৌৰসভা এটা জ্বলন্ত উদাহৰণ৷
পাছত দুখ কৰি থকাতকৈ এতিয়াই নিজৰ নিজৰ ৱাৰ্ডত একো একোজন যোগ্য প্ৰতিনিধিক চিনাক্ত কৰো আঁহক যি “ৱাৰ্ড কমিচনাৰ“ সংস্হাপন তথা ঠিকা-ঠুকলি আহৰণৰ আহিলা হিচাপে নলৈ, এক সেৱাৰ মনোভাৱেৰে ডিব্ৰুগড় নগৰক এক পাৰদৰ্শী চহৰলৈ পৰ্যবসিত কৰিবলৈ পোৱা এক সুযোগ বুলিহে গণ্য কৰে৷
0

01/07/2021

পিতৃ-মাতৃহীন শিশুগৃহৰ এজন কিশোৰৰ শিক্ষাৰ দায়িত্ব লৈ এখন আৱাসিক বিদ্যালয়ত অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ মই আজি আগবাঢ়িলো।

আৰ্শীবাদ কৰিব যাতে কিশোৰজন সফল হয়, আত্মবিশ্বাসেৰেে জীবন যুঁজৰ সফল যুঁজাৰু হয়, অকলশৰীয়া নহয় , সমাজৰ সক্ৰিয় অংশীদাৰ হয় আৰু নিজৰ জীৱনটোক উদযাপন কৰিব পাৰে৷

মই কিশোৰজনক দেখাও নাই, লগ পোৱাও নাই৷ মই লৰাজনৰ বিষয়ে ফেচবুকতহে গম পাইছিলোঁ৷

মই আত্মবিশ্বাসী যে তেওঁ এজন দেশৰ সুনাগৰিক হ'ব এদিন৷

Address

Dibrugarh
786003

Website

Alerts

Be the first to know and let us send you an email when Srimanta Bordoloi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Srimanta Bordoloi:

Share

Category