07/07/2025
🌟 আৰম্ভণি গীত 🌟
"আমি যুৱক, আমি শক্তি – আমি আশাৰ প্ৰতীক..."
এই গীতখন হৈছে আশাৰীকান্দি নৱ নিৰ্মাণ ছ’চাইটিৰ আত্মা।
এই গীতৰ মাজেৰে প্ৰকাশ পায় যুৱ শক্তিৰ ক্ষুধা, আত্মনিৰ্ভৰ গাঁও গঠনৰ দৃঢ় সংকল্প আৰু ভাৰত মাতাৰ লগতে অসম আইৰ প্ৰতি গভীৰ প্ৰেম।
আৰম্ভণি গীত:
আমি যুৱক, আমি শক্তি
আমি আশাৰ প্ৰতীক।
আমি মাতা, আমি পিতা
আমি জ্যোতিৰ প্ৰদীপ।
আত্মনিৰ্ভৰ হ'ম আমি, গঢ়িম সোণৰ গাওঁ-
যুগে যুগে হ'ম আমি ভাৰত মাতাৰ সন্তান,আমি অসম আইৰ সন্তান।
আত্মনিৰ্ভৰ, সোনালী গাওঁ
সোণৰ বৰণ ভূমি-
চৌদিশে গগন নীল
সুগন্ধী ধৰণী।
আত্মনিৰ্ভৰ হ'ম আমি, গঢ়িম সোণৰ গাওঁ-
যুগে যুগে হ'ম আমি ভাৰত মাতাৰ সন্তান, আমি অসম আইৰ সন্তান।
আমাৰ শক্তি ভগৎ, শেখৰ
আমাৰ শক্তি সুভাষ-
আমাৰ শক্তি দেৱান, লাচিত
অসম আইৰ সুভাগ।
আত্মনিৰ্ভৰ হ'ম আমি, গঢ়িম সোণৰ গাওঁ-
যুগে যুগে হ'ম আমি ভাৰত মাতাৰ সন্তান,আমি অসম আইৰ সন্তান।
আমি পাৰিম আমি গঢ়িম
আমাৰ সোণৰ গ্ৰাম।
আমাৰ মাতৃৰ ইচ্ছা- আমি
আত্মনিৰ্ভৰ হ'ম,আমি আত্মনিৰ্ভৰ হ'ম ।
ধন্য জীৱন, ধন্য আমি
ধন্য ভাৰতভূমি, ধন্য আমাৰ আই অসম
ধন্য বসুন্ধৰী।
আত্মনিৰ্ভৰ হ'ম আমি, গঢ়িম সোণৰ গাওঁ-
যুগে যুগে হ'ম আমি ভাৰত মাতাৰ সন্তান,আমি অসম আইৰ সন্তান।
✍️ লিখক: বিকি বৰ্মন
🎶 সুৰাৰোপ: অমৃত বৰ্মন
#আৰম্ভণিগীত #আশাৰীকান্দি_নৱ_নিৰ্মাণ_ছ’চাইটি
#আত্মনিৰ্ভৰ_গাঁও #অসমআই #ভাৰতমাতাৰসন্তান