13/03/2026
দেশৰ কৃষকৰ সবলীকৰণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশৰ প্ৰায় ৯.৩২ কোটি যোগ্য হিতাধিকাৰীয়ক DBT যোগে হস্তান্তৰ কৰে "পি. এম- কিষাণ"ৰ ২২ সংখ্যক কিস্তি। প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি - বিষ্ণু আৰ্ন্তজাতিক কলা মন্দিৰৰ পৰা দেশৰ কৃষকৰ বাবে মুকলি কৰে মুঠ ১৮,৬০০ কোটি ধনৰাশি। এই কার্যসূচীৰ পোনপটীয়া সম্প্ৰসাৰণ আজি ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলাৰ কৃষি বিভাগৰ কার্যলয়তো আয়োজন কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী তুলন কোঁৱৰ, ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত শ্ৰী ৰাজীৱ সোনোৱাল, জিলা কৃষি বিষয়া শ্ৰী ৰবীন য়েইন, মহকুমা কৃষি বিষয়া শ্ৰী বদন লাহন আৰু জিলা জনজাতি উন্নয়ন বৰ্ডৰ সচিব শ্ৰী মহন্ত নৰহ। ধেমাজি জিলাৰ কৃষি বিভাগৰ বহু সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটোত জিলাখনৰ বহু সংখ্যক কৃষক ৰাইজে অংশগ্ৰহণ কৰে।।
Atul Bora অতুল বৰা Himanta Biswa Sarma CMO Assam PMO India Pradhan Mantri Kisan Samman Nidhi Department of Agriculture, Assam Directorate of Information and Public Relations, Assam District Commissioner Dhemaji District Administration, Dhemaji Kvk Dhemaji Ranoj Pegu Bhubon Pegu Pradan Baruah