ধেমাজি সমষ্টি ৰাইজৰ দল

  • Home
  • India
  • Dhemaji
  • ধেমাজি সমষ্টি ৰাইজৰ দল

ধেমাজি সমষ্টি ৰাইজৰ দল Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ধেমাজি সমষ্টি ৰাইজৰ দল, Political organisation, Gogamukh Chariali, Dhemaji.

এই ফেচবুক পেজটো ৰাইজৰ দলৰ চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ অফিচিয়েল পেজ। এই মঞ্চত ৰাজনৈতিক সকলো কথাৰ বতৰাৰ লগতে বা বাতৰি পৰিবেশন কৰা হ'ব।
ৰাইজৰ দিহা পৰামৰ্শ আমি কামনা কৰিলোঁ।

সেৱাৰে
স্বৰ্গ দেওধাই ফুকন
তথ্য গবেষণা আৰু প্ৰচাৰ বিভাগ
ৰাইজৰ দল।

27/08/2026

🟥 নেপালত প্ৰকৃতি ৰুদ্ৰৰূপ

নেপালৰ পাহাৰত আজি
কেৱল বান নমা নাই—
নামি আহিছে
মানুহৰ অহংকাৰৰ ওপৰত
প্ৰকৃতিৰ এক নিৰৱ অভিমান।

কিমান মানুহ গ'ল—
কোনোবাই জানে সংখ্যাৰে,
কিন্তু কোনে গণিব
ভাঙি পৰা সপোনবোৰৰ সংখ্যা?
কোনোবাই জানে মৃত্যুৰ সংখ্যা,
কিন্তু কোনে গণিব
জীৱনৰ জুই নুমাই যোৱাৰ সংখ্যা?

পাহাৰৰ বুকুত
আমি কংক্ৰিটৰ হাতুৰী মাৰিলোঁ,
সেউজীয়া বননিৰ ধমনী কাটি
নতুন পথ বনালোঁ—
যেন প্ৰকৃতিৰ শৰীৰত
আমি আঁকি দিলোঁ
মৃত্যুৰ বিভিষিকা।

নদীৰ স্বাভাৱিক পথত
সুউচ্চ দেৱাল সাজিলো,
নদীক পনবন্দী কৰি
আমি ভাবিলোঁ—
"প্ৰকৃতিক জয় কৰিলোঁ!"

কিন্তু মানুহে পাহৰি গ'ল—
এখন নদীক বন্দী কৰিব পাৰি,
প্ৰকৃতিক নহয়।

পাহাৰক ক'লোঁ—
"তই আমাৰ সম্পদ।"
নদীক ক'লোঁ—
"তই আমাৰ শক্তি।"
অৰণ্যক ক'লোঁ—
"তই আমাৰ ব্যৱসায়।"

প্ৰকৃতিক
আমি মা বুলি মাতিলোঁ,
আকৌ
মাকেই টুকুৰা-টুকুৰাকৈ
বজাৰত বিক্ৰী কৰিলোঁ।

পাহাৰৰ নীলা চাদৰখন
এটুকুৰা এটুকুৰাকৈ আজুৰি
উলংগ কৰিলোঁ পাহাৰক—
যেন দুষ্ট দুশাসনে
উলংগ কৰাৰ দৰে দৌপদীক।

সেউজীয়া নিৰ্জনতাক
যন্ত্ৰৰ শব্দেৰে হত্যা কৰি
কংক্ৰিটৰ অট্টালিকাৰে
সজালোঁ নিজৰ সভ্যতা—
যেন মৃত্যুৰ ওপৰত
গঢ়ি তোলা জীৱনৰ ত্ৰাণ।

পাহাৰ বহুদিন নিৰৱ আছিল।
অৰণ্যই বহুদিন সহি আছিল।
নদীয়ে বহুদিন
নিজৰ দুখ বুকুত লৈ বৈ আছিল—
যেন কোনোৱে
নীৰৱে কান্দে,
কিন্তু কোনোৱে নুশুনে।

কিন্তু
সহনশীলতাৰো এটা সীমা থাকে।

সাগৰৰো তলত তল আছে,
পাহাৰৰো ওপৰত চূড়া আছে,
আৰু
প্ৰকৃতিৰো ধৈৰ্যৰ এটা শেষ আছে।

আজি যেতিয়া
পাহাৰৰ বুকুৰ পৰা
শিল, বালি আৰু পানী
একে লগে নামি আহে,
তেতিয়া সেয়া কেৱল বান নহয়—
সেয়া যেন
প্ৰকৃতিৰ কঁপি উঠা কণ্ঠ—
"মোৰ বুকুত আৰু কিমান আঘাত কৰিবা?"

সেয়া যেন
মাতৃৰ ক্ৰন্দন—
"মোৰ সন্তানবোৰে মোকে বলাতকাৰ কৰিব বিচাৰে!"

আমি কওঁ—
"প্ৰকৃতিয়ে মানুহক মাৰিলে।"

প্ৰকৃতিয়ে হয়তো সুধিব—
"প্ৰথমে আঘাতটো কোনে কৰিছিল?"

কোনোৱে কয় "প্ৰাকৃতিক দুৰ্যোগ",

কিন্তু প্ৰকৃতিয়ে কয়—
"এয়া মোৰ প্ৰতিশোধ নহয়,
এয়া মোৰ ন্যায়।"

যদি
বন কাটোঁ,
পাহাৰ কাটি পেলাওঁ,
নদীৰ পথ সলাওঁ,
অসীম কংক্ৰিটেৰে
মাটিৰ উশাহ বন্ধ কৰোঁ—
তেন্তে এদিন
প্ৰকৃতিয়ে উত্তৰ দিবই।

সেই উত্তৰ
কেতিয়াবা বান হৈ আহে,

কেতিয়াবা ভূমিস্খলন,

কেতিয়াবা ধুমুহা,

কেতিয়াবা খৰাং।

কেতিয়াবা আগ্নেয়গিৰিৰ জ্বালামুখী হৈ,

কেতিয়াবা মহাসাগৰৰ উত্তাল তৰংগ হৈ।

সেই উত্তৰক
"প্ৰাকৃতিক দুৰ্যোগ" বুলি কৈ
দায়িত্ব শেষ কৰিব নোৱাৰি।

কাৰণ
প্ৰকৃতিৰ আদালতত
মানুহৰ কংক্ৰিটৰ দালিল নচলে।
তাত
সাক্ষী—পাহাৰ,
সাক্ষী—নদী,
সাক্ষী—অৰণ্য,
সাক্ষী—বতাহ,
সাক্ষী—মাটি,
আৰু
সাক্ষী—সেই অসংখ্য জীৱন
যিবোৰ আমাৰ লোভৰ মূল্য হৈ
মাটিত মিহলি হৈ যায়—
যেন কোনোৱে
মমবাতিৰ পোহৰ নুমোৱাই দিয়ে।

হে মানুহ,
এতিয়াও সময় আছে।
পাহাৰক পাহাৰ হৈ থাকিবলৈ দিয়া,
নদীক নদী হৈ বৈ যাবলৈ দিয়া,
অৰণ্যক অৰণ্য হৈ উশাহ ল'বলৈ দিয়া।
প্ৰকৃতিক প্ৰকৃতি হৈ থাকিবলৈ দিয়া—

কাৰণ
প্ৰকৃতিয়েই আমাৰ মাতৃ,
প্ৰকৃতিয়েই আমাৰ ঘৰ,
প্ৰকৃতিয়েই আমাৰ ভৱিষ্যত।

উন্নয়ন লাগে—
কিন্তু এনেকুৱা উন্নয়ন নহয়
যিয়ে
জীৱনকেই ধ্বংস কৰে।

উন্নয়ন লাগে—
কিন্তু এনেকুৱা উন্নয়ন
যিয়ে
প্ৰকৃতিৰে মিলি জীয়াই থাকে।

মনত ৰাখিব—
প্ৰকৃতিক আমি জয় কৰা নাই।
আমি মাত্ৰ
তাইৰ ধৈৰ্য পৰীক্ষা কৰি আছোঁ।
আমি মাত্ৰ
তাইৰ সহনশীলতাৰ সীমা চাই আছোঁ।
আমি মাত্ৰ
তাইৰ ক্ৰন্দন উপেক্ষা কৰি আছোঁ।

আৰু যিদিনা
প্ৰকৃতিয়ে নিজৰ নীৰৱতা ভাঙিব,
সিদিনা
মানুহৰ সকলো কংক্ৰিটৰ দেৱালৰ আগত
এটাই প্ৰশ্ন থিয় হ'ব—
তোমালোকে মোক কিমান বলাতকাৰ কৰিলা ?
আৰু মই তোমালোকক
কিমান সহিলোঁ ?

সেই প্ৰশ্নৰ উত্তৰ
আজিৰ পৰা
আমাৰ বিবেকে দিব লাগিব।

নহ'লে এদিন
প্ৰকৃতিৰ বুকুত নহয়—
মানুহৰ নিজৰ ইতিহাসতেই
মানুহৰ নাম
"ধ্বংসৰ কাৰিকৰ" বুলি লিখা থাকিব—

যেন কোনোৱে
নিজৰ কফিনত
শেষ গজালটো মাৰে
নিৰবে নিতালে......।

________________________________________

24/08/2026

🟥 কাজিৰঙা যিদৰে আছে তেনেদৰেই থাকিবলৈ দিয়ক।”
— যাদৱ পায়েং

24/08/2026

🟥 ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ সভাপতি ডাঃ হৰিকান্ত দাস লৈ জন্ম দিনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আহি থকা দিনবোৰ আৰু আনন্দৰে ভৰি পৰক তাৰেই আশাৰে.....

16/08/2026

🟥 কোটি কোটি টকা উপাৰ্জন কৰিও লোভ শেষ নহয় নেকি?

শ্বাহৰুখ খান, অজয় দেৱগন, টাইগাৰ শ্ৰফ—
পৰ্দাত যিসকলে নায়কৰ চৰিত্ৰ কৰে, বাস্তৱ জীৱনত তেওঁলোকেই যেতিয়া যুৱ প্ৰজন্মৰ হাতত গুটখা-পান মছলাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ প্ৰচাৰৰ বোজা তুলি দিয়ে, তেতিয়া এটা প্ৰশ্ন সঁচাকৈয়ে কৰিব লাগিব—

🟥 ইমান টকা কিয় লাগে?

এজন অভিনেতাই এখন চিনেমাৰ বাবেই কোটি কোটি টকা উপাৰ্জন কৰে।
বছৰটোত কোটি কোটি টকাৰ বিজ্ঞাপন কৰে।
বিলাসী জীৱন কটাবলৈ যিমান লাগে, তাৰ বহু গুণ বেছি উপাৰ্জন কৰে।

তেন্তে আকৌ কিয়?

এটা বিজ্ঞাপনৰ কেইটামান কোটি টকাৰ বাবে লাখ লাখ যুৱকৰ জীৱনত ভুল বাৰ্তা দিব লাগেনে?

আপুনি হয়তো ক’ব—
“আমি গুটখাৰ বিজ্ঞাপন কৰা নাই, এলাচীৰ বিজ্ঞাপনহে কৰিছোঁ!”

কিন্তু সাধাৰণ মানুহ ইমান বুৰ্বক নেকি?

সকলোৱে জানে—
এলাচীৰ নামত কি বিক্ৰী কৰা হৈছে, কাক লক্ষ্য কৰি কৰা হৈছে আৰু কিহৰ ব্ৰেণ্ডৰ নাম মানুহৰ মনত বহুৱাব বিচৰা হৈছে।

🟥 আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল—

আপোনাৰ মুখখনেই বিজ্ঞাপনটোৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ।

আপোনাক এজন কিশোৰে অনুসৰণ কৰে।
আপোনাক এজন যুৱকে আদৰ্শ বুলি ভাবে।
আপোনাৰ চুলিৰ ষ্টাইল নকল কৰে, কাপোৰ নকল কৰে, সংলাপ নকল কৰে।

তেন্তে আপোনাৰ হাতত যদি এটা ক্ষতিকাৰক সামগ্ৰীৰ ব্ৰেণ্ড থাকে,
সেইটোও নকল নকৰিব বুলি আপুনি কিদৰে আশা কৰে?

আমি সাধাৰণ মানুহে সন্তানক কওঁ—
“গুটখা নাখাবা, শৰীৰ নষ্ট হ’ব।”

আৰু একে সময়তে আমাৰ সন্তানৰ প্ৰিয় তাৰকাই টিভিৰ পৰ্দাত সেই একে ব্ৰেণ্ডৰ নাম লৈ হাঁহি আছে!

🟥 এয়া কিমান ডাঙৰ বিৰোধাভাস!

চৰকাৰে এখন ফালে তামাকবিৰোধী অভিযান চলাইছে, চিকিৎসকে মানুহক সজাগ কৰিছে, কেন্সাৰৰ ভয়ংকৰ পৰিসংখ্যা দেখুৱাইছে—

আৰু আনফালে কোটি কোটি টকাৰ তাৰকাই নিজৰ জনপ্ৰিয়তাৰে সেই ব্ৰেণ্ডক মানুহৰ ঘৰে ঘৰে লৈ গৈছে।

🟥 এয়া কেৱল বিজ্ঞাপন নে?
নে নিজৰ জনপ্ৰিয়তাক টকাৰ বিনিময়ত ভাড়া দিয়া?

মই কোনো অভিনেতাক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ এই কথা কোৱা নাই।

🟥 মোৰ প্ৰশ্নটো কেৱল এটা—

আপোনালোকৰ সামাজিক দায়বদ্ধতা ক’ত?

আপোনালোকৰ সন্তান আছে।
আপোনালোকৰ পৰিয়াল আছে।
আপোনালোকৰ কোটি কোটি অনুৰাগী আছে।

এজন অনুৰাগীৰ জীৱন নষ্ট হোৱাৰ আশংকাতকৈ এখন বিজ্ঞাপনৰ পাৰিশ্ৰমিক সঁচাকৈয়ে ডাঙৰ নেকি?

🟥 সঁচা কথা কওঁ—

টকাৰ অভাৱত মানুহে কেতিয়াবা ভুল কৰে।
কিন্তু কোটি কোটি টকা থকা মানুহে কেৱল আৰু অধিক টকাৰ লোভত ভুল সিদ্ধান্ত ল’লে, সেই ভুলৰ প্ৰভাৱ সমাজৰ ওপৰত বহুগুণে বেছি পৰে।

🟥 নায়ক হোৱাটো কেৱল চিনেমাত নহয়।

কেতিয়াবা নায়ক হোৱাৰ অৰ্থ হ’ল—
টকা বহুত পোৱা সত্ত্বেও ভুল বস্তুৰ বিজ্ঞাপন কৰিবলৈ “নাই” বুলি ক’ব পৰা সাহস।

কাৰণ—

আপোনাৰ এখন বিজ্ঞাপনৰ টকা হয়তো আপোনাৰ বেংক বেলেঞ্চ বঢ়াব।
কিন্তু আপোনাৰ এখন বিজ্ঞাপনে যদি এজন কিশোৰক গুটখাৰ ফালে ঠেলি দিয়ে, তেন্তে তাৰ মূল্য কোনে দিব?

অভিনেতাজনে?
বিজ্ঞাপন কোম্পানীয়ে?
নে সেই কিশোৰৰ পৰিয়ালে?

ভাবক।

তাৰকা হোৱাৰ অধিকাৰ আপোনাৰ আছে।
কিন্তু সেই তাৰকাখন ব্যৱহাৰ কৰি এটা প্ৰজন্মক ভুল দিশলৈ ঠেলি দিয়াৰ অধিকাৰ আপোনাৰ আছেনে?

#গুটখাবিৰোধী
#যুৱপ্ৰজন্মকবচাওক
#সামাজিকদায়বদ্ধতা

15/08/2026

🟥 আজি ১৫ আগষ্ট।

আজি আমি গৌৰৱেৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিছোঁ।
আজি আমাৰ বুকু দেশপ্ৰেমেৰে ভৰি উঠিছে।
আজি চৌদিশে শুনিবলৈ পোৱা গৈছে—
“ভাৰত মাতা কি জয়!”
“জয় আই অসম!”

কিন্তু ধেমাজিৰ বাবে ১৫ আগষ্ট কেৱল আনন্দ আৰু উৎসৱৰ দিন নহয়।

ধেমাজিৰ মাটিত ১৫ আগষ্ট মানে এক গভীৰ বিষাদ, জীৱনত কেতিয়াও পাহৰিব নোৱাৰা বেদনা।
১৫ আগষ্ট মানে বুকু কঁপাই তোলা এক ভয়াৰ্ত স্মৃতি।
১৫ আগষ্ট মানে এনে কিছুমান কণমানি মুখৰ স্মৃতি, যিবোৰ মুখে আজি কলিজাত বিষদিযায়, যি মুখ আজি আমাৰ মাজত নাই।

২০০৪ চনৰ সেই হৃদয় ভঙা ১৫ আগষ্টৰ কথালৈ এবাৰ মনত পেলাওঁ আহক।

ধেমাজি কলেজৰ খেলপথাৰখন সেইদিনা স্বাধীনতাৰ আনন্দত ভৰি পৰিছিল।

দেশৰ ধৰনী কণমানি শিশুসকল আহিছিল স্বাধীনতা দিৱস উদযাপন কৰিবলৈ।

কাৰোবাৰ হাতত আছিল সৰু সৰু ত্ৰিৰংগা পতাকা।
কোনোবাই আনন্দত পতাকা জোকাৰি আছিল।
কোনোবাৰ মুখত আছিল নিষ্পাপ হাঁহি।
কোনোবাৰ চকুত আছিল ভৱিষ‍্যৎৰ অলেখ সপোন।

তেওঁলোকে হয়তো আনন্দত চিঞৰি কৈছিল—

“জয় আই অসম!”
“ভাৰত মাতা কি জয়!”

সেই কণমানিবোৰে নো কি জানিছিল—

যিখন ঠাইলৈ তেওঁলোকে স্বাধীনতাৰ আনন্দ উদযাপন কৰিবলৈ আহিছিল,
সেই একেখন ঠাইতে যে অলপ পিছতেই মৃত্যুৰ বিভীষিকাই তেও লোকলৈ বাটচাই আছিল!

তেওঁলোকে কেতিয়াও ভবা নাছিল—

উগ্ৰপন্থীয়ে পুতি থোৱা এটা বোমাই তেওঁলোকৰ সেই নিষ্পাপ হাঁহি চিৰদিনৰ বাবে কাঢ়ি শুৱাই দিব ধৰাৰ বুকুত!

তেওঁলোকে ভবা নাছিল—

যিখন হাতত কিছু মুহূৰ্ত আগলৈকে ত্ৰিৰংগা পতাকা উৰি আছিল,
সেই হাতে পতাকা জোকাৰিবৰ বাবে যে আৰু বাছি নাথাকিব।
তেওঁলোকে ভবা নাছিল—

স্বাধীনতাৰ আনন্দত ভৰি থকা সেই খেলপথাৰখনেই যে হঠাৎ কান্দোন, আতংক আৰু মৃত্যুৰ সাক্ষী হৈ ৰব।

এটা মুহূৰ্তৰ আগলৈ—

হাঁহি আছিল।
উল্লাস আছিল।
দেশপ্ৰেমৰ ধ্বনি আছিল।
সপোন আছিল।

আৰু তাৰ পিছৰ মুহূৰ্তত—

ভয়ানক বিস্ফোৰণ!
আতংক!
আৰ্তনাদ!
চিৎকাৰ!
কান্দোন!
আৰু চিৰদিনৰ বাবে নুমাই গ’ল বহু কণমানি জীৱনৰ জ্যোতি।

সেই বিস্ফোৰণে কেৱল এটা বোমা ফুটোৱা নাছিল—

ই বহু মাতৃৰ বুকু উদং কৰিছিল।
বহু পিতৃৰ সপোন ভাঙি থানবান কৰিছিল।
বহু পৰিয়ালৰ জীৱনলৈ নমাই আনিছিল ঘোৰঅন্ধকাৰ।

আৰু সেই কণমানি শিশুসকলৰ ফুলযেন কোমল শৰীৰৰ অংগবোৰ চিন্ন ভিন্ন কৰি চিনমোকাম পৰ্যন্ত নোহোৱা কৰি দিয়া সেই বিভীষিকাই ধেমাজিৰ ইতিহাসত এক কেতিয়াও নুশুকোৱা ঘাঁ সৃষ্টি কৰি গ’ল।

মুঠ ১৮ জন লোকৰ মৃত্যু হল।
তেওঁলোকৰ ভিতৰত আছিল ১৩ টি নিষ্পাপ কণমানি শিশু।

আজি আমি অতি বেদনাৰে, অতি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ সেই নিষ্পাপ শিশুসকলক—

প্ৰদীপ্ত গগৈ—মৰমৰ নাম মন্টু,
সিদ্ধাৰ্থ টাইদ,
দিনেশ পাদুন,
গিৰিণ শইকীয়া,
মনজিৎ গগৈ,
যুগান্ত পাদুন,
বিজিত সোণোৱাল,
ৰূপা শইকীয়া,
অৰুণা শইকীয়া,
মানসী বৰগোহাঁই—

আৰু সেই সকলো কণমানি প্ৰাণক, যিসকলে সেইদিনা স্বাধীনতাৰ আনন্দ উদযাপন কৰিবলৈ আহি আৰু ঘৰলৈ উভতি যাব নোৱাৰিলে।

তেওঁলোকৰ সৈতে প্ৰাণ হেৰুওৱা নমিতা গগৈ, চিত্ৰাৱতী দলে আৰু ধনদা গগৈ দেউৰীকো আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।

এবাৰ ভাবকচোন—

এই শিশুসকলৰ অপৰাধ কি আছিল?

তেওঁলোকৰ হাতত বন্দুক নাছিল।
তেওঁলোকৰ হাতত বোমা নাছিল।
তেওঁলোকৰ হৃদয়ত কোনো ঘৃণা নাছিল।

তেওঁলোকৰ হাতত আছিল মাথোঁ এখন সৰু ত্ৰিৰংগা।

তেওঁলোকৰ মুখত আছিল হাঁহি।

আৰু চকুত আছিল—

এখন সুন্দৰ অসমৰ, সুন্দৰ ভাৰতৰ সপোন।

সেই সপোনক বোমাৰে হত্যা কৰিব পাৰি নেকি?

নোৱাৰে।

কাৰণ শিশুৰ সপোনতকৈ কোনো মতাদৰ্শ ডাঙৰ নহয়।
নিৰীহ মানুহৰ জীৱনতকৈ কোনো ৰাজনৈতিক দাবী ডাঙৰ নহয়।
মানৱ জীৱনতকৈ কোনো সংঘাত ডাঙৰ নহয়।

যি হিংসাই শিশুৰ জীৱন কাঢ়ি লয়, সেই হিংসাই কোনোদিন স্বাধীনতা আনিব নোৱাৰে।
যি মতাদৰ্শই নিৰীহ মানুহৰ ৰক্ত বিচাৰে, সেই মতাদৰ্শই কোনোদিন মানৱতাৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে।

স্বাধীনতা মানে কেৱল ১৯৪৭ চনত বিদেশী শাসনৰ পৰা মুক্তি লাভ কৰা নহয়।

স্বাধীনতা মানে ভয়ৰ পৰা মুক্তি।
স্বাধীনতা মানে হিংসাৰ পৰা মুক্তি।
স্বাধীনতা মানে ঘৃণাৰ পৰা মুক্তি।

স্বাধীনতা মানে—

এজন শিশুৱে নিৰ্ভয়ে বিদ্যালয়লৈ যাব পৰা।

এগৰাকী মাতৃয়ে নিজৰ সন্তানক বিদায় দি এই বিশ্বাসেৰে অপেক্ষা কৰিব পৰা যে—

“মোৰ সন্তানটো আকৌ হাঁহি হাঁহি ঘৰলৈ উভতি আহিব।”

স্বাধীনতা মানে—

কোনো পিতৃয়ে নিজৰ সন্তানৰ নিথৰ দেহ কোলাত তুলি ল’বলগীয়া নহয়।

কোনো মাতৃয়ে নিজৰ কণমানি সন্তানক হেৰুৱাই জীৱনটো কান্দি কটাই দিবলগীয়া নহয়।

আমি সেই কণমানি আত্মাসকলক সাক্ষীকৰি কেইটামান সংকল্প লওঁ—

আমি হিংসাক কেতিয়াও সমৰ্থন নকৰোঁ।

আমি ঘৃণাৰ সলনি ভালপোৱাক বাছি ল’ম।

আমি বিভাজনৰ সলনি সম্প্ৰীতিৰ কথা ক’ম।

আমি ভুৱা প্ৰচাৰ আৰু উগ্ৰতাৰ বিৰুদ্ধে সজাগ থাকিম।

আমি শিশুসকলৰ নিৰাপত্তা, শিক্ষা আৰু ভৱিষ্যৎক সৰ্বোচ্চ গুৰুত্ব দিম।

আজি আমি কেৱল সেই শিশুসকলৰ স্মৃতিত এটুপাল চকুলো নেপেলাওঁ।

আহক আমি প্ৰতিজ্ঞা কৰোঁ—

তেওঁলোকে যি নিৰ্ভয় অসম দেখিবলৈ নাপালে, আমি সেই অসম গঢ়িম।

তেওঁলোকে যি শান্তিপূৰ্ণ ভাৰতৰ সপোন দেখিছিল,
আমি সেই ভাৰত গঢ়াৰ বাবে কাম কৰিম।

কাৰণ—

তেওঁলোকৰ স্মৃতিৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি কেৱল ফুলৰ মালা নহয়।
তেওঁলোকৰ স্মৃতিৰ প্ৰতি সঁচা শ্ৰদ্ধাঞ্জলি হ’ল—এখন হিংসামুক্ত, ঘৃণামুক্ত, শান্তিপূৰ্ণ সমাজ গঢ়ি তোলা।

ধেমাজিৰ সেই কণমানি শিশুসকল—

আপোনালোক আজি আমাৰ মাজত নাই।

কিন্তু স্বাধীনতা দিৱস আহিলেই যেতিয়া ত্ৰিৰংগা আকাশত উৰে,
যেতিয়া কোনো শিশুৱে হাতত সৰু পতাকা লৈ হাঁহে,
যেতিয়া কোনো খেলপথাৰত স্বাধীনতাৰ গান বাজে—

তেতিয়া আপোনালোকৰ স্মৃতি আকৌ আমাৰ মাজলৈ উভতি আহে।

আপোনালোকৰ সেই হাঁহি আমি পাহৰা নাই।

আপোনালোকৰ সেই সপোন আমি পাহৰা নাই।

আৰু আপোনালোকক আমি কেতিয়াও পাহৰি নাযাওঁ।

আহক, আজি সেই কণমানি আত্মাসকলৰ স্মৃতিত মূৰ দোঁৱাই সকলোৱে একেলগে সংকল্প লওঁ—

হিংসা নহয়—মানৱতা জয়ী হওক।
ঘৃণা নহয়—ভালপোৱা জয়ী হওক।
বিভাজন নহয়—সম্প্ৰীতি জয়ী হওক।
অন্ধকাৰ নহয়—শান্তিৰ পোহৰ জ্বলি উঠক।

সেই কণমানি শিশুসকলৰ আত্মাই শান্তি লাভ কৰক।

ভাৰত মাতা কি জয়!

জয় আই অসম!

বন্দে মাতৰম!

10/08/2026
07/08/2026
06/08/2026

🟥 আৱেগ নহয়, যুক্তিৰে বিচাৰ কৰকঃ
মেঘৰঞ্জনী মেধিৰ ঘটনাৰ প্ৰকৃত প্ৰশ্নটো কি?

লণ্ডনৰ ৰাজপথত অসমৰ কথক নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে অসমৰ বানপীড়িত ৰাইজৰ বাবে সাহায্য সংগ্ৰহৰ উদ্দেশ্যে নৃত্য প্ৰদৰ্শন কৰিলে। ইয়াৰ পাছতেই সামাজিক মাধ্যমত তীব্র সমালোচনাৰ জোৱাৰ উঠিল— "ভাৰতৰ নাক কাটিলে", "অসমক লাজত পেলালে"। আনকি ব্যক্তিগত চৰিত্ৰহননো চলিল।

কিন্তু প্ৰশ্ন হয়—আমি ঘটনাটোক বস্তুনিষ্ঠভাৱে বিচাৰ কৰিছোঁ, নে নিজৰ পুৰণি ধাৰণাৰে তাৰ সিদ্ধান্ত লৈ থৈছোঁ?

ঘটনাটো বুজিবলৈ কেইটামান স্পষ্ট দিশ চাওঁ আহক:

🟥 'বাস্কিং' কোনো ভিক্ষাবৃত্তি নহয়ঃ

পশ্চিমীয়া দেশত ৰাজপথত কলা প্ৰদৰ্শন কৰি স্বেচ্ছামূলক অনুদান সংগ্ৰহ কৰাটো 'Busking' নামেৰে এক স্বীকৃতিপ্ৰাপ্ত আৰু সন্মানীয় সংস্কৃতি। তাত কোনো শিল্পীয়ে ৰাজপথত গান গাওক বা নৃত্য কৰক—সেয়া অনুনয়-বিনয় নহয়, সেয়া শিল্পৰ সামাজিক প্ৰকাশ। বহু নামী দামী শিল্পীয়ে Busking কৰে।

🟥 শ্ৰম বনাম উপযাচি খোজাঃ

মেঘৰঞ্জনীয়ে কাৰো আগত হাত পাতি ধন বিচৰা নাই। তেওঁ নিজৰ সুদীৰ্ঘ সাধনা, শিল্প আৰু পৰিশ্ৰমক মাধ্যম কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। নিজৰ মেধা প্ৰদৰ্শন কৰি সংগ্ৰহ কৰা বৰঙণি আৰু ভিক্ষাবৃত্তিৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে।

🟥 সমালোচনাৰ আচল কাৰণঃ

বহুতে অনুভৱ কৰিছে যে বিদেশৰ মাটিত ভাৰতৰ দুৰ্যোগৰ কথা কৈ সাহায্য বিচৰাটোৱে দেশৰ আত্মমৰ্যাদাত আঘাত হানে। এই অনুভূতিক একেবাৰে নস্যাৎ কৰিব নোৱাৰি, কাৰণ সেয়া আমাৰ সমাজত গঢ় লৈ উঠা এক মানসিকতা। কিন্তু সমস্যাটো হ'ল—পশ্চিমীয়া 'বাস্কিং' সংস্কৃতি আৰু আমাৰ স্থানিক সামাজিক ধাৰণাৰ মাজত থকা সংজ্ঞাগত ব্যৱধান।

🟥 প্ৰাকৃতিক দুৰ্যোগ কোনো লাজৰ বিষয় নহয়ঃ

বানপানী, ভূমিকম্প বা ধুমুহা পৃথিৱীৰ আটাইতকৈ ধনী দেশবোৰতো হয়। দুৰ্যোগ লাজৰ বিষয় নহয়; দুৰ্যোগৰ সময়ত মানুহে মানুহৰ বাবে থিয় দিয়াটো সভ্যতাৰহে পৰিচয়।

যদি এজন শিল্পীয়ে নিজৰ ব্যক্তিগত ধন-সম্পত্তি ঘটিবলৈ ৰাজপথত নাচিলেহেঁতেন, হয়তো ইমান বিতৰ্ক নহ'লহেঁতেন। কিন্তু তেওঁ নিজৰ বাবে নহয়, অসমৰ বানপীড়িত মানুহখিনিৰ বাবে নাচিলে। তেন্তে তেওঁৰ 'নিয়ত' বা উদ্দেশ্যক কিয় নস্যাৎ কৰা হৈছে?

এই বিতৰ্কৰ কেন্দ্ৰবিন্দু দেশপ্ৰেম বনাম দেশদ্ৰোহ নহয়; বৰঞ্চ দুটা ভিন্ন সাংস্কৃতিক দৃষ্টিভংগীৰ সংঘাত।

গণতন্ত্ৰত সমালোচনাৰ অধিকাৰ সকলোৰে আছে। কিন্তু সমালোচনা তথ্য, যুক্তি আৰু শালীনতাৰ ভিত্তিত হ'ব লাগে। কাৰোবাৰ পদ্ধতিৰ সৈতে আপুনি একমত নহ'ব পাৰে, কিন্তু এজন মানুহৰ মানৱীয় উদ্দেশ্যক গালি-গালাজেৰে ধূলিসাৎ কৰাটো কেতিয়াও এক সুস্থ সমাজৰ লক্ষণ হ'ব নোৱাৰে।
ইতিহাসে কেৱল পদ্ধতিক বিচাৰ নকৰে, নিয়তো মূল্যায়ন কৰে।

আৱেগ ফালি যুক্তিৰে ভাবক—উদ্দেশ্যটো সঁচাকৈয়ে লাজৰ আছিলনে?

Cause Meghranjani

Address

Gogamukh Chariali
Dhemaji
787034

Alerts

Be the first to know and let us send you an email when ধেমাজি সমষ্টি ৰাইজৰ দল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share