চিচিবৰগাঁও সমষ্টি ৰাইজৰ দল

  • Home
  • India
  • Dhemaji
  • চিচিবৰগাঁও সমষ্টি ৰাইজৰ দল

চিচিবৰগাঁও সমষ্টি ৰাইজৰ দল Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from চিচিবৰগাঁও সমষ্টি ৰাইজৰ দল, Political organisation, Gogamukh Chariali, Dhemaji.

এই ফেচবুক পেজটো ৰাইজৰ দলৰ চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ অফিচিয়েল পেজ। এই মঞ্চত ৰাজনৈতিক সকলো কথাৰ বতৰাৰ লগতে বা বাতৰি পৰিবেশন কৰা হ'ব।
ৰাইজৰ দিহা পৰামৰ্শ আমি কামনা কৰিলোঁ।

সেৱাৰে
স্বৰ্গ দেওধাই ফুকন
তথ্য গবেষণা আৰু প্ৰচাৰ বিভাগ
ৰাইজৰ দল।

05/06/2026

🌿 বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা 🌿 “প্ৰকৃতি আমাৰ জীৱনৰ আধাৰ।

সেউজীয়া বননি, বিশুদ্ধ বতাহ, নিৰ্মল পানী আৰু সুস্থ পৰিবেশ ৰক্ষা কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। আহক, বিশ্ব পৰিবেশ দিৱসত আমি সকলোৱে এজোপা গছ ৰোপণ কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ সংকল্প লওঁ।

আজিৰ সৰু প্ৰচেষ্টাই আগন্তুক প্ৰজন্মৰ বাবে এখন সুন্দৰ, সেউজীয়া আৰু বাসযোগ্য পৃথিৱী গঢ়ি তুলিব।

বিশ্ব পৰিবেশ দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।

🌱 “প্ৰকৃতি বচাওঁ, ভৱিষ্যৎ গঢ়োঁ।”

🌱 — ডাঃ হৰিকান্ত দাস

01/06/2026
01/06/2026
28/05/2026

পবিত্ৰ ঈদ-উজ-জোহাৰ আন্তৰিক শুভেচ্ছা
ত্যাগ, উৎসৰ্গ আৰু ভাতৃত্ববোধৰ মহান প্ৰতীক পবিত্ৰ ঈদ-উজ-জোহা উপলক্ষে সকলোকে জনাইছোঁ আন্তৰিক ওলগ আৰু শুভেচ্ছা।
এই পবিত্ৰ উৎসৱে আমাৰ সমাজলৈ শান্তি, সম্প্ৰীতি আৰু একতাৰ বাৰ্তা কঢ়িয়াই আনক। ত্যাগৰ মহিমাৰে প্ৰতিজন মানুহৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক, তাৰে কামনা কৰিলোঁ।
ঈদ মোবাৰক!

Shaantanu HazarikaAzizur RahmanAbdul Awal MondalRofiqul IslamMehboob MuktarMasaidul HassanAshraful IslamTasdika Parbin HussainSadikul IslamNazriya NazimJasmina Parbin

12/05/2026

🟥 শিৱসাগৰৰ মাটিৰ পৰা উজলি উঠা এক সংবেদনশীল কণ্ঠ আজিৰে পৰা স্তব্ধ হৈ গ’ল!

জনপ্ৰিয় কবি আৰু সাহিত্যিক #জোণমণি_দাস-ৰ আকস্মিক বিয়োগৰ সংবাদে গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ সাহিত্যপ্ৰেমী সমাজত।

শব্দৰ মাজেৰে মানুহৰ অনুভৱ, সমাজৰ সত্য আৰু জীৱনৰ নীৰৱ বেদনাক যিদৰে তেখেতে প্ৰকাশ কৰিছিল, সেয়া সদায় স্মৰণীয় হৈ থাকিব। অসমৰ সাহিত্য জগতৰ বাবে এই ক্ষতি কেৱল এজন সাহিত্যিকৰ প্ৰয়াণ নহয়, এয়া এক সৃষ্টিশীল যুগৰ অপূৰণীয় শূন্যতা।

এই শোকাবহ ক্ষণত প্ৰয়াত আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

“মানুহ গুচিযায়, কিন্তু সৃষ্টিৰ মাজেৰে তেওঁ চিৰজীৱী হৈ ৰয়।” 😥😥😥
Paramananda DasParash Jyoti Das

12/05/2026

📚 NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল — দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে এক গভীৰ সংকট!

নীট (NEET)ৰ দৰে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাটো কেৱল এটা দুৰ্ভাগ্যজনক ঘটনা নহয়, ই সমগ্ৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এক ডাঙৰ প্ৰশ্নচিহ্ন উত্থাপন কৰিছে।

লাখ লাখ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সপোন পূৰণৰ বাবে বছৰ বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰে, দিন-ৰাতি অধ্যয়নত ব্যস্ত থাকে। কিন্তু কিছুমান দুৰ্নীতিগ্ৰস্ত চক্ৰ আৰু প্ৰশাসনীয় ব্যৰ্থতাৰ বাবে সেই পৰিশ্ৰম আজি উপহাসৰ বিষয় হৈ পৰিছে।

NTAৰ দৰে উচ্চ পৰ্যায়ৰ সংস্থাই যদি ইমান গুৰুত্বপূৰ্ণ পৰীক্ষাও স্বচ্ছ আৰু নিৰাপদভাৱে অনুষ্ঠিত কৰিব নোৱাৰে, তেন্তে সেয়া কেৱল কাৰিকৰী ব্যৰ্থতা নহয়—ই হৈছে নৈতিক দায়িত্বৰ এক স্পষ্ট পতন।

বাৰে বাৰে পেপাৰ লিকৰ দৰে ঘটনা সংঘটিত হোৱাৰ ফলত সৎ আৰু যোগ্য প্ৰাৰ্থীসকলৰ মনত গভীৰ হতাশা আৰু অনিশ্চয়তা সৃষ্টি হৈছে। বহু শিক্ষাৰ্থীয়ে এতিয়া নিজৰ ভৱিষ্যৎ লৈ শংকিত।

এই ঘটনাৰ সম্পূৰ্ণ নিৰপেক্ষ তদন্ত হওক। জড়িত সকলো দোষীক কঠোৰতম শাস্তি দিয়ক। লগতে ভৱিষ্যতে এনে লজ্জাজনক ঘটনা পুনৰ সংঘটিত নহ’বলৈ পৰীক্ষা ব্যৱস্থাত আমূল সংস্কাৰ আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাটো সময়ৰ দাবী।

যদি এতিয়াও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে অনাগত দিনত শিক্ষাৰ্থীসকলৰ মনৰ পৰা দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস সম্পূৰ্ণভাৱে নষ্ট হৈ যাব।

✊ আমাৰ দাবী-
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ হেতালি খেলা বন্ধ কৰক।
পেপাৰ লিকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক।
মেধা আৰু সততাৰ সন্মান ৰক্ষা কৰক।















10/05/2026

🟥 তামিলনাডুত Vijay-এ নতুন ৰাজনৈতিক অধ্যায়ৰ সূচনা কৰাৰ পিছত আমাৰ মনত আজি এটাই নাম উজলি উঠিছে — Zubeen Garg!

এজন শিল্পী কেৱল মঞ্চত গান গাই মানুহক আনন্দ দিয়াই শেষ নহয়, কেতিয়াবা তেওঁ সমাজৰ ক্ষোভ, স্বপ্ন আৰু বিদ্ৰোহৰো প্ৰতীক হৈ উঠে।

তামিলনাডুত বিজয়ে যিদৰে জনতাৰ আশা-আকাংক্ষাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে, অসমতো এটা সময়ত এনে শক্তি, এনে জনআকৰ্ষণ, এনে সাহস থকা এজনেই ব্যক্তি আছিল — জুবিন গাৰ্গ!!

জুবিনদা কেৱল গায়ক নাছিল। তেওঁ আছিল এক আবেগ, এক প্রতিবাদ, এক অসমীয়া আত্মপরিচয়ৰ কণ্ঠস্বৰ।

তেওঁ জীয়াই থাকিলে হয়তো অসমৰ ৰাজনীতিতো এক বৃহৎ পৰিৱর্তনৰ ঢৌ উঠাব পাৰিলেহেঁতেন।

আমি বিশ্বাস কৰিছিলো, জনতাৰ হৃদয়ত যি স্থান জুবিনদাৰ আছিল, সেই শক্তিক ৰাজনৈতিক ৰূপ দিলে অসমৰ ভৱিষ্যত সলনি কৰাৰ ক্ষমতাও তেওঁৰ আছিল।

আজি বিজয় থালাপতিৰ উত্থান দেখি অসমীয়াৰ বুকুত পুনৰ এবাৰ বিষাদেৰে মনত পৰিছে —
“আমাৰো এজন আছিল…”

🟥 Zubeen Garg — Legend Of The World!

Address

Gogamukh Chariali
Dhemaji
787034

Alerts

Be the first to know and let us send you an email when চিচিবৰগাঁও সমষ্টি ৰাইজৰ দল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share