10/01/2025
পশ্চিম ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ উদ্যোগত "শুভদিনৰ স্মৃতিত বৃক্ষ ৰোপণ কাৰ্যসূচী"ৰ প্ৰথম গৰাকী দাঁতা তথা গছপুলি ৰোপক বিহু সন্মিলনৰ সন্মানীয় সদস্য শ্ৰীযুত বীৰেন্দ্ৰ ভূঞাই তেওঁৰ সৰুপুত্ৰ শ্ৰী সৌৰভ ভূঞাৰ শুভজন্ম দিন উপলক্ষে এই পুলিটো আগবঢ়াইছিল। এই
সুযোগতে তেওঁলোক দুয়োলৈ অভিনন্দন জনালোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে এতিয়ালৈকে সৰ্বাধিক গছ পুলিৰ দাঁতা হিচাপেও তেখেতক অভিনন্দন জনালোঁ।
আজি(ইং০৭/০১/২৫)তেখেতৰ( বীৰেন্দ্ৰ ভূঞা) নিজৰ আৰু তেখেতৰ বোৱাৰী শ্ৰীমতী প্ৰিয়া ভূঞাৰ শুভ জন্মদিন উপলক্ষে আন দুটা গছপুলি ৰোপণ কৰে। কণমানি জীয়া জুবি শইকীয়াৰ এটি পুলি সহিতে আজি মুঠতে তিনিটা পুলি ৰোৱা হয়। আজি এটি নাহৰৰ পুলি, এটি কৃষ্ণচূ়ৰা আৰু এটি ৰাধাচুৰাৰ পুলি ৰোৱা হল।