12/09/2023
::বিদ্যুতৰ বিল সম্পৰ্কীয় কিছু কথা::
১) বিদ্যুতৰ বিলখন প্ৰতি মাহত মিটাৰ ৰিডাৰ জনে সংগ্ৰহ কৰা মিটাৰ ৰিডিঙৰ (kWh) ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হয়। আগতে মিটাৰ ৰিডিং (kWh) বোৰ মিটাৰ ৰিডাৰ বা বিল ক্লাৰ্ক জনে বিলিং চিষ্টেমত নিজে প্ৰৱিষ্ট (entry) কৰিব লাগিছিল। যাৰ বাবে ভূল হোৱাৰ অৱকাশ আছিল। কিন্তু ২০২১ৰ পৰা ৰিডিং সংগ্ৰহৰ ক্ষেত্ৰত APDCL য়ে কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence) ৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ পিছত ৰিডিং সংগ্ৰহৰ প্ৰক্ৰিয়া টোত যথেষ্ট স্বচ্ছতা আহিছে। এই প্ৰক্ৰিয়াত মিটাৰ ৰিডাৰ জনে মোবাইল ফোনৰ কেমেৰাৰে মিটাৰ ৰিডিং(kWh) টোৰ ফটো লোৱাৰ পিছত স্বয়ংক্ৰিয়ভাৱে ৰিডিং টো বিলিং চিষ্টেমত প্ৰৱিষ্ট(entry) হৈ যায়। আনকি মিটাৰ ৰিডাৰ জনে তোলা মিটাৰৰ ফটোখনো চিষ্টেমত ৰেকৰ্ড হৈ থাকে যাতে পিছত ক্ৰছচেক কৰিব পৰা যায়। আৰু বিলবোৰ যিহেতু ঠাইতে বনাই গ্ৰাহকৰ হাতত দিয়া হয়, গতিকে গ্ৰাহক জনেও ৰিডিঙৰ সত্যাসত্য ঠাইতে নিৰূপণ কৰিব পাৰে।
২) বৰ্তমান প্ৰায়বোৰ গ্ৰাহকৰ ঘৰতে ডিজিটেল মিটাৰ আছে। এইবোৰ মিটাৰত আওপুৰণি যান্ত্ৰিক বা হাইব্ৰীড মিটাৰৰ তুলনাত ৰিডিং(kWh) ৰ উপৰিও আৰু অন্যান্য পাৰামিটাৰ্ছ যেনে তাৰিখ, সময়, ভল্টেজ, কাৰেণ্ট, Power Factor(PF), Maximum Demand(MD kW), Instantaneous Demand (kW) ইত্যাদি দেখুৱাই যিবোৰে গ্ৰাহক জনৰ বিদ্যুতৰ ব্যৱহাৰৰ pattern (usage pattern) বুজাত সহায় কৰে। সঠিক তথা ক্ৰুটিমুক্ত বিলিঙৰ বাবে মিটাৰ টোৱে সঠিকভাৱে কাম কৰাটো বহুত জৰুৰী। গতিকে আপোনাৰ ঘৰত যদি এতিয়াও আওপুৰণি যান্ত্ৰিক বা হাইব্ৰীড মিটাৰ লাগি আছে বা যদি আপোনাৰ ডিজিটেল মিটাৰ টোৱে ৰিডিং ভালকৈ দেখুওৱা নাই তেন্তে কাৰ্য্যালয়ত গৈ মিটাৰটো অনতিপলমে সলনি কৰিবলৈ আবেদন কৰক। ঘৰৰ বৈদ্যুতিক ওয়াৰিং বা Earthing ত কিবা বিজুটি থাকিলেও মিটাৰত ভুল ৰিডিং দেখুৱাব পাৰে। তাৰোপৰি মিটাৰৰ ৰিডিংৰ Accuracy সন্দৰ্ভত কিবা সন্দেহ থাকিলে টেষ্টিং মাচুল জমা দি পৰীক্ষাগাৰত মিটাৰ টেষ্টিং কৰোৱাৰ প্ৰাৱধানো আছে।
৩) বিদ্যুতৰ নিৰিখ(Tariff) প্ৰত্যেক বিত্তীয় বৰ্ষত অসম বিদ্যুৎ নিয়ামক আয়োগে (Assam Electricity Regulatory Commission, AERC) নিৰ্ধাৰণ কৰে। AERC হৈছে এক স্বতন্ত্ৰ সাংবিধানিক সংস্থা। বিভিন্ন কাৰক যেনে ইন্ধন(কয়লা, গেছ ইত্যাদি)ৰ মূল্য, Avergage Cost of Supply(ACS), মুকলি বজাৰত বিদ্যুতৰ মূল্য ইত্যাদিৰ ওপৰত বিদ্যুতৰ নিৰিখ নিৰ্ভৰ কৰে। তলত বিভিন্ন শ্ৰেণী(Category)ৰ শেহতীয়া বিদ্যুতৰ নিৰিখ দিয়া হৈছে। বিদ্যুতৰ ইউনিত(kWh)ৰ ব্যৱহাৰ(Unit Consumption) হিচাব কৰা হয় চলিত মাহৰ মিটাৰ ৰিডিং আৰু পূৰ্বৰ মাহৰ মিটাৰ ৰিডিঙৰ পাৰ্থ্যক্যৰ ওপৰত। বিল সমূহ সাধাৰণতে ৩০/৩১ দিনৰ ব্যৱধানত সম্পূৰ্ণ অনলাইন পদ্ধতিৰে বনোৱা হয়, য'ত গাননিক ক্ৰুটি(Calculation Error)ৰ কোনো অৱকাশ নাই । মিটাৰৰ কিবা বিজুটি(Defective) থাকিলে বা মিটাৰ টো যদি হাতেৰে ঢুকি নোপোৱা(Inaccesible) অৱস্থাত থাকে, তেতিয়া Estimated বিল প্ৰস্তুত কৰা হয় আৰু যিটো বিলৰ ওপৰত স্পষ্টভাৱে "Billing Status: Estimated Bill, Meter Status: Deffective/Inaccessible" বুলি লিখা থাকে। চিষ্টেমত তৈয়াৰ হোৱাৰ লগে লগে বিল সমূহ অনলাইন উপলব্ধ হৈ যায় লগতে যিসকলৰ মোবাইল নং ৰেজিষ্টাৰ কৰা আছে তেওঁলোকৰ তালৈ SMS Alert যায়।
আশা কৰিছোঁ এই পোষ্ট টোৱে আপোনালোকৰ বহুতো প্ৰশ্নৰ উত্তৰ দিব আৰু বিলিং সম্পৰ্কীয় বহুতো ভূল ধাৰণা আৰু সন্দেহ দূৰ কৰিব।