Co-District Administration Dhakuakhana

Co-District Administration Dhakuakhana Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Co-District Administration Dhakuakhana, Government Website, Bantow Pathar , PO Dhakuakhana, Dhakuakhana.

ঢকুৱাখনা সম-জিলাৰ উন্নয়নমূলক যাত্ৰাত আজি আৰু এক উল্লেখনীয় অধ্যায় সংযোজিত হয়। মাননীয় বিধায়ক শ্ৰী নৱ কুমাৰ দলে ডাঙৰী...
28/02/2026

ঢকুৱাখনা সম-জিলাৰ উন্নয়নমূলক যাত্ৰাত আজি আৰু এক উল্লেখনীয় অধ্যায় সংযোজিত হয়। মাননীয় বিধায়ক শ্ৰী নৱ কুমাৰ দলে ডাঙৰীয়াই আজি অৰ্থাৎ ইং ২৮/০২/২০২৬ তাৰিখে অঞ্চলটোৰ সৰ্বাংগীণ বিকাশৰ লক্ষ্যৰে ১০খন গুৰুত্বপূৰ্ণ আঁচনিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত সম-জিলা আয়ুক্ত, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী, খণ্ড উন্নয়ন বিষয়া,লখিমপুৰ জিলা পৰিষদৰ সদস্যবৃন্দ, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী আৰু শিশু উন্নয়ন প্ৰকল্প বিষয়া (CDPO) ৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
আজি উদ্বোধন কৰা আঁচনিসমূহ:
১.উত্তৰ ঢকুৱাখনা গাঁও পঞ্চায়তৰ ঘাটপাৰা অংগনবাড়ী কেন্দ্ৰ
২.পূব ঢকুৱাখনা গাঁও পঞ্চায়তৰ ভোমা জৰণী হাইস্কুল
৩. ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত মাঘুলী চাপৰি অংগনবাড়ী কেন্দ্ৰ
৪. মধ্য ঢকুৱাখনা গাঁও পঞ্চায়তৰ মাণিকাচুক অংগনবাড়ী কেন্দ্ৰ
৫. মাতমৰা গাঁও পঞ্চায়তৰ দক্ষিণ পিথিয়াল অংগনবাড়ী কেন্দ্ৰ
৬.মাতমৰা গাঁও পঞ্চায়তৰ কেঁকুৰী বিল্লাম হাইস্কুল
৭. খেৰকটা গাঁও পঞ্চায়তৰ টেকেলীফুটা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ
৮. ডিমৰুগুৰী গাঁও পঞ্চায়তৰ ডিমৰুগুৰী ডাংধৰা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ
৯. শিঙিয়া গাঁও পঞ্চায়তৰ গোবিন্দপুৰস্থিত ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ (IPPB) আন্তঃগাঁথনি উন্নয়ন
১০. পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ খাজুৱা উজনি জালভাৰী অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ ।
এই জনকল্যাণমূলক প্ৰকল্পসমূহে আমাৰ গ্ৰাম্য আন্তঃগাঁথনি আৰু শৈক্ষিক সুবিধাসমূহ অধিক শক্তিশালী কৰাৰ লগতে ৰাইজৰ সৰ্বাংগীণ মংগলৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

Today, 28/02/2026, marks an important chapter in the progress of Dhakuakhana Co-District. With the goal of holistic development for the region, Hon’ble MLA Shri Naba Kumar Doley officially inaugurated 10 vital developmental schemes.
The inauguration ceremony was attended by the Co-District Commissioner, President of Lakhimpur Zila Parishad, Block Development Officer,Members of Lakhimpur Zila Parishad, President of the Anchalik Panchayat, and the Child Development Project Officer (CDPO), along with other local dignitaries.
Schemes Inaugurated Today:
1.Ghatapara Anganwadi Centre under Uttar Dhakuakhana Gaon Panchayat.
2.Bhoma Jarani High School under Pub Dhakuakhana Gaon Panchayat.
3.Mahghuli Chapori Anganwadi Centre under Dhakuakhana Municipality Board.
4.Manikachuk Anganwadi Centre under Madhya Dhakuakhana Gaon Panchayat.
5.Dakhin Pithiyal Anganwadi Centre under Matmara Gaon Panchayat.
6.Kekuri Billam High School under Matmara Gaon Panchayat.
7.Construction of Tekeliphuta Anganwadi Centre under Kherkata Gaon Panchayat.
8.Construction of Dimoruguri Dangdhara Anganwadi Centre under Dimoruguri Gaon Panchayat.
9.Infrastructure Development of Indian Post Payments Bank (IPPB) at Gobindapur under Singia Gaon Panchayat.
10.Construction of Khajua Ujani Jalbhari Anganwadi Centre under Pachim Dhakuakhana Gaon Panchayat.
These projects reflect our ongoing commitment to strengthening rural infrastructure and educational facilities for the welfare of the public.

সমগ্ৰ অসমৰ লগতে ঢকুৱাখনা বিধানসভা সমষ্টিটো মিছন বসুন্ধৰা ৩.০ ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক আৰু স্বমিত্ব ৰ অধীনত জৰ...
27/02/2026

সমগ্ৰ অসমৰ লগতে ঢকুৱাখনা বিধানসভা সমষ্টিটো মিছন বসুন্ধৰা ৩.০ ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক আৰু স্বমিত্ব ৰ অধীনত জৰীপ সম্পন্ন হোৱা পূৰ্বৰ এন চি গাঁওসমূহত ভূমি বন্দোবস্তি প্ৰদান তথা প্ৰতিষ্ঠান সমূহৰ বাবে ডিজিটেল পট্টা, আৱন্টন/বন্দোবস্তিৰ পত্ৰ আৰু আবন্টন/বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ অনুষ্ঠান আজি ইং ২৭/০২/২০২৬ তাৰিখে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ঢকুৱাখনা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দলে মহোদয়ৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব শ্ৰী শ্যামল ক্ষেত্ৰ গগৈ, অবৰ সচিব শ্ৰী গিৰিশ শৰ্মা, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী শ্ৰী ছোনিয়া বৰগোহাঁই, ঢকুৱাখনাৰ সমজিলা আয়ুক্ত শ্ৰী অপূৰ্ব কুমাৰ নাথ, ঢকুৱাখনা আৰু ঘিলামৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীদ্বয়, লখিমপুৰ জিলা পৰিষদৰ সদস্যৰ লগতে ঢকুৱাখনাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সমজিলা আয়ুক্ত মহোদয়ে উদ্বোধনী কৰা অনুষ্ঠানটোত মাননীয় বিধায়ক মহোদয়ে তেখেতৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত ধেমাজি জিলাৰ দেউৰী বিলত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা ভূমি পট্টা বিতৰণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়।

Along with the rest of Assam, a formal ceremony was organized today, February 27, 2026, at the Dhakuakhana Public Playground. The event focused on providing land settlement to indigenous landless families under Mission Basundhara 3.0 and the SVAMITVA scheme.
The program included the distribution of Digital Pattas, allotment/settlement orders, and offer letters for land settlement to families in former Non-Cadastral (NC) villages where surveys have been completed, as well as to various institutions.The event was graced by-
Shri Naba Kumar Doley: Hon’ble MLA of Dhakuakhana Constituency; Shri Shyamal Kshetra Gogoi,Joint Secretary, Revenue and Disaster Management Department; Shri Girish Sarma,Under Secretary, Revenue and Disaster Management Department; Ms. Sonia Borgohain, President, Lakhimpur Zila Parishad; Shri Apurba Kumar Nath, Co-District Commissioner of Dhakuakhana; Presidents of Dhakuakhana and Ghilamara Anchalik Panchayats, members of the Lakhimpur Zila Parishad, and other distinguished personalities.The ceremony was officially inaugurated by the Co-District Commissioner, followed by a valuable keynote address by MLA Shri Naba Kumar Doley. A significant part of the program included the live broadcast of the central land patta distribution ceremony held at Deori Beel in Dhemaji district, which was attended by the Hon’ble Chief Minister of Assam.

ঢকুৱাখনা সমজিলাৰ বান তথা খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু যাতায়াত ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে আজি অৰ্থাৎ ইংৰাজী ২১/০...
21/02/2026

ঢকুৱাখনা সমজিলাৰ বান তথা খহনীয়া সমস্যাৰ স্থায়ী সমাধান আৰু যাতায়াত ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে আজি অৰ্থাৎ ইংৰাজী ২১/০২/২০২৬ তাৰিখে ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দলে ডাঙৰীয়াই ২০২৫-২৬ বৰ্ষৰ 'ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি'ৰ (SDMF) অধীনত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
উদ্বোধন কৰা আঁচনিসমূহৰ সবিশেষ:
১/ কাঠৰবাৰীৰ পৰা খাজুৱাপাতী তিনিআলিলৈ (কৃষ্ণপুৰ চাৰিআলি হৈ) সংহত ঢাল-স্থিৰীকৃত পথৰ উন্নীতকৰণ: এই প্ৰকল্পত অত্যাধুনিক RCC Cantilever Retaining Wall আৰু পৰিৱেশ অনুকূল কলগছৰ আঁহৰ জিঅ’টেক্সটাইল (Banana Fiber Geotextile) প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব।
২/ টেকেলিফুটাৰ পৰা লুটাচুৰলৈ ব্ৰহ্মপুত্ৰ মথাউৰিৰ ওপৰত পথ শক্তিশালীকৰণ: মথাউৰিৰ তলেৰে হোৱা পানীৰ নিৰ্গমন (Piping) আৰু বানৰ আশংকা ৰোধ কৰিবলৈ ইয়াত মৰাপাতৰ জিঅ’টেক্সটাইল (Jute Geotextile) আৰু জিঅ’-বেগ (Geo-bags) ব্যৱহাৰ কৰা হ’ব।
৩/ ঢকুৱাখনা চাৰিআলিৰ সমীপৰ চাৰিকড়ীয়া নদীৰ দলঙৰ কাষৰ পথ উন্নয়ন: চাৰিকড়ীয়া দলঙৰ পৰা শংকৰদেৱ পথলৈ এই পথছোৱা সুৰক্ষিত কৰিবলৈ ভেটিভাৰ (Vetiver) ঘাঁহৰ প্ৰযুক্তি আৰু গেবিয়ন ৱাল (Gabion Wall) ব্যৱহাৰ কৰা হ’ব।

With the aim of providing a permanent solution to the problems of floods and erosion in Dhakuakhana Co-District and strengthening the transportation system, the Honorable MLA of 77-Dhakuakhana LAC, Shri Naba Kumar Doley, today laid the foundation stones for three significant road development projects under the State Disaster Mitigation Fund (SDMF) for the year 2025-26.

Details of the projects initiated:
1. Integrated Slope-Stabilized Road
Improvement from Katharbari to Khajua Patir
Tiniali via Krishnapur Chariali using RCC
Cantilever Retaining Wall and Banana Fiber
Geotextile-Based Bio- Mitigative Technology

2. Strengthening and improvement of Road over Brahmaputra D**e from Tekeliphuta to
Lutachur using Jute Geotextile and Geo- bags
for Mitigation of Piping-Induced Flood Risk

3. Improvement of Road from Charikaria Bridge to Sankardev Path at Charikaria River Bridge
Approach near Dhakuakhana Chariali for
Mitigation of Disasters through Vetiver-
Enhanced Slope Stabilization and Gabion
Wall Integration

সমগ্ৰ দেশৰ লগতে ঢকুৱাখনা সমজিলাটো, সমজিলা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক...
26/01/2026

সমগ্ৰ দেশৰ লগতে ঢকুৱাখনা সমজিলাটো, সমজিলা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজিৰ এই পবিত্ৰ দিনটোত ঢকুৱাখনাৰ সমজিলা আয়ুক্ত ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। পতাকা উন্মোচনৰ প্ৰাকক্ষণত সমজিলা আয়ুক্ত মহোদয়ে সমজিলা আৰক্ষী অধীক্ষক তথা বিভিন্ন বিভাগৰ মুৰব্বী, বিশিষ্ট অতিথি সকলৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। পতাকা উন্মোচনৰ সেই পবিত্ৰ ক্ষণত সপ্তশিখা, ঢকুৱাখনাৰ শিল্পীসকলৰ দ্বাৰা অতি সুন্দৰকৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি পৰিৱেশটোক অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে।
সমজিলা আয়ুক্ত মহোদয়ে আৰক্ষী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা আকৰ্ষণীয় কুচ-কাৱাজ পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকৰ অভিবাদনো গ্ৰহণ কৰে।
আজিৰ এই বিশেষ দিনটোতে সমজিলাখনৰ ছয়গৰাকী জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ বিশেষ অৱদানৰ বাবে সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কেইবাটাও মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে সমজিলা প্ৰশাসনৰ উদ্যোগত গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজিত হৈ যোৱা বিভিন্ন প্ৰতিযোগিতা সমূহৰ বঁটা প্ৰদান কৰা হয়।
বিয়লিভাগত ঢকুৱাখনা সমজিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু সাংবাদিক সন্থাৰ মাজত এক প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হয়। আৰু সন্ধিয়ালৈ ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত গণৰাজ্য দিৱস উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।

Along with the rest of the nation, the 77th Republic Day was celebrated with a colorful array of programs in Dhakuakhana Co-District. Organized by the Co-District Administration, the main event took place at the Dhakuakhana Public Playground.On this auspicious day, the Co-District Commissioner of Dhakuakhana graced the occasion as the Chief Guest and formally unfurled the National Flag. Prior to the flag unfurling, the Co-District Commissioner—in the presence of the Co-District Superintendent of Police (CDSP), various departmental heads, and distinguished guests—offered floral tributes to the portrait of the Father of the Nation, Mahatma Gandhi.
The atmosphere was rendered deeply dignified as the artists of Saptashikha, Dhakuakhana, performed a soul-stirring rendition of the National Anthem during the flag-unfurling ceremony.The Co-District Commissioner inspected the impressive march-past performed by the Police force and students from various educational institutions, subsequently taking their salute.
In a heartwarming gesture, the Co-District Administration formally felicitated six senior citizens of the region, honoring them for their significant contributions to society.The celebration featured several captivating cultural performances. Additionally, prizes were distributed to the winners of various competitions organized by the administration to mark the occasion.The festivities continued into the afternoon with a friendly cricket match played between the Co-district Administration, the Police Administration, and the Press Association. To conclude the day’s celebrations, a grand cultural program has been scheduled for the evening at the Ghilamara Kristi Bhawan premises.


CMO Assam

৭৭তম গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত যোৱা ইংৰাজী ২০/০...
24/01/2026

৭৭তম গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলাখনৰ শিক্ষানুষ্ঠান সমূহৰ ভিতৰত যোৱা ইংৰাজী ২০/০১/২০২৬ তাৰিখে চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতা; ২১/০১/২০২৬ তাৰিখে কুইজ প্ৰতিযোগিতা আৰু ২২/০১/২০২৬ তাৰিখে দেশপ্ৰেমমূলক গীত আৰু নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ২১/০১/২০২৬ তাৰিখে ৰক্তদান শিবিৰৰো সফল ৰূপায়ণ কৰা হয়।

In commemoration of the 77th Republic Day, the Dhakuakhana Co-District Administration organized a series of competitions among the educational institutions of the Co-District.
The events were scheduled as follows:
January 20, 2026: Drawing and Essay Writing competitions.
January 21, 2026: Quiz competition.
January 22, 2026: Patriotic Song and Dance competitions.
Additionally, a Blood Donation Camp was successfully conducted on January 21, 2026, as part of the celebrations.

আজি ইংৰাজী ২৩/১২/২০২৫ তাৰিখে ঢকুৱাখনা চাৰিআলিস্থিত গণেশ গগৈ প্ৰেক্ষাগৃহত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত নৱ নিযুক্ত স্ন...
23/12/2025

আজি ইংৰাজী ২৩/১২/২০২৫ তাৰিখে ঢকুৱাখনা চাৰিআলিস্থিত গণেশ গগৈ প্ৰেক্ষাগৃহত ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত নৱ নিযুক্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক- শিক্ষয়িত্ৰীসকলক পদায়নৰ নিৰ্দেশনা পত্ৰ সমূহ বিতৰণৰ হেতু এখনি সভা আয়োজিত কৰা হয়। ঢকুৱাখনা সমজিলা আয়ুক্ত শ্ৰীযুত অপূৰ্ব কুমাৰ নাথ ডাঙৰীয়াই উদ্বোধন কৰা উক্ত সভাখনত লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা আৰু ঢকুৱাখনা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দলে‌ ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ মাননীয় সভানেত্ৰী শ্ৰীযুতা ছোনিয়া বৰগোহাঁই, লখিমপুৰ চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ঢকুৱাখনাৰ জিলা সভাপতি শ্ৰীযুত স্বৰূপ কোঁৱৰ, ঢকুৱাখনাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক শ্ৰীযুত সৌৰভ বৰফুকন, ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত বিদ্যুৎ গগৈ আৰু বৰদলনি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুতা চুমি শইকীয়া। পদায়নৰ নিৰ্দেশনা পত্ৰ সমূহ বিতৰণৰ লগতে অসমীয়াৰ স্বাভিমান গামোচাৰে নৱ নিযুক্ত শিক্ষক - শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

Today, on December 23, 2025, a meeting was organized at the Ganesh Gogoi Auditorium in Dhakuakhana Chariali under the initiative of the Dhakuakhana Co-District Administration. The purpose of the event was ceremonial distribution of letters of Place of Posting to the newly recruited graduate and post-graduate teachers.The meeting was inaugurated by the Co-District Commissioner of Dhakuakhana, Shri Apurba Kumar Nath(ACS). The ceremony was graced by the presence of our Honorable MP Shri Pradan Baruah and Honorable MLA Shri Naba Kumar Doley as Chief Guests. We were also honored to have: Smt. Sonia Borgohain (President, Lakhimpur Zila Parishad), Shri Swarup Konwar (District President, BJP Dhakuakhana),Shri Saurav Borphukan(Deputy Inspector of Schools, Dhakuakhana),Shri Bidyut Gogoi, (Block Elementary Education Officer, Dhakuakhana), Smt. Sumi Saikia, (Block Elementary Education Officer,Bordoloni).
In addition to the distribution of the place of posting letters, the newly appointed teachers were warmly felicitated with the Gamosa, a symbol of Assamese pride and heritage.

15/12/2025

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সৌজন্যত যোৱা ইং ১০ ডিচেম্বৰ, ২০২৫ তাৰিখে ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত আয়োজিত "শ্বহীদ দিৱস" অনুষ্ঠানৰ কিয়দাংশ।

A glimpse of the programme held at Dhakuakhana Public Playground on 10th December 2025, on the occasion of "Swahid Diwas" organised by Dhakuakhana Co-District Administration.

CMO Assam
Janasanyog Assam
Directorate Of Cultural Affairs, Rabindra Bhawan, Ghy-1

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ অসমৰ লগতে ঢকুৱাখনা সমজিলাটো ১০ ডিচেম্বৰ, ২০২৫ তাৰিখে ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত শ্বহীদ...
11/12/2025

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ অসমৰ লগতে ঢকুৱাখনা সমজিলাটো ১০ ডিচেম্বৰ, ২০২৫ তাৰিখে ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত শ্বহীদ দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত চাৰিহাজাৰৰো অধিক লোক সমবেত হয়। গুৱাহাটীৰ বৰাগাঁৱত অনুষ্ঠিত শ্বহীদ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত ৭৭ নং ঢকুৱাখনা বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত নৱ কুমাৰ দলে দেৱ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শ্বহীদ বতাই চন্দ্ৰ পাঞাং ৰ পৰিয়াল বৰ্গক সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। ভাৰতৰত্ন সুধাকণ্ঠ ড. ভূপেন হাজৰিকা দেৱৰ "শ্বহীদ প্ৰণামো তোমাক" শীৰ্ষক গীতটিত পঞ্চাশৰো অধিক নিমন্ত্ৰিত শিল্পীৰ লগতে বিভিন্ন অনুষ্ঠানটিত উপস্থিত সকলোৱে সমস্বৰে কণ্ঠদান কৰে।

Swaheed Diwas (Martyrs’ Day) was observed with full honour and dignity across Assam as per the Government directive. In Dhakuakhana Co-District, the programme was held at the Dhakuakhana Public Playground, where over four thousand people gathered to pay tribute to the martyrs.

The state-level central programme held at Boragaon, Guwahati, was also telecast live at the venue.

In this event, Hon’ble MLA of 77-Dhakuakhana LAC, Shri Naba Kumar Doley, graced the occasion as the distinguished guest.

The Co-District administration felicitated the family members of Swaheed Batai Chandra Panyang, honouring his supreme sacrifice during the Assam Movement.

A heartfelt tribute was offered as more than fifty invited artists, along with all attendees, rendered Bharat Ratna Dr. Bhupen Hazarika’s iconic song “Swaheed Pranamo Tomak” in chorus.

CMO Assam
Janasanyog Assam
Directorate Of Cultural Affairs, Rabindra Bhawan, Ghy-1

12/11/2025

ঢকুৱাখনা সমজিলা প্ৰশাসনৰ সৌজন্যত যোৱা ইং ৫ নৱেম্বৰ, ২০২৫ তাৰিখে ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত ভাৰত ৰত্ন ড. ভুপেন হাজৰিকা দেৱৰ চতুৰ্দশতম মৃত্য বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানৰ কিয়দাংশ।

A glimpse of the programme held at Dhakuakhana Public Playground on 5th November 2025, marking the 14th death anniversary of Bharat Ratna Dr. Bhupen Hazarika, organized under the initiative of the Dhakuakhana Co-District Administration.


CMO Assam
Directorate Of Cultural Affairs, Rabindra Bhawan, Ghy-1

ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত স্থাপিত তিনিটাকৈ হস্ততাঁত গোট যোৱা ইং ১০/১১/২...
12/11/2025

ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত স্থাপিত তিনিটাকৈ হস্ততাঁত গোট যোৱা ইং ১০/১১/২০২৫ তাৰিখে ঢকুৱাখনা সমজিলা আয়ুক্ত শ্ৰীযুক্তা সংস্কৃতি সোমানী (ভাঃপ্ৰঃসেঃ) মহোদয়াই পৰিদৰ্শন কৰে।

On 10th November 2025, Smt. Sanskriti Somani(IAS) the Co-District Commissioner Dhakuakhana, visited three handloom units promoted by Assam State Rural Livelihoods Mission (ASRLM) under the Dhakuakhana Development Block.

অন্ন সেৱা দিনৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ঢকুৱাখনা সমজিলা আয়ুক্ত শ্ৰীযুক্তা সংস্কৃতি সোমানী (ভাঃপ্ৰঃসেঃ) মহোদয়া ...
11/11/2025

অন্ন সেৱা দিনৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ঢকুৱাখনা সমজিলা আয়ুক্ত শ্ৰীযুক্তা সংস্কৃতি সোমানী (ভাঃপ্ৰঃসেঃ) মহোদয়া ইং ১০/১১/২০২৫ তাৰিখে শিঙিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গোৱাল গাওঁ স্থিত সুলভ মূল্যৰ দোকানত উপস্থিত থাকে।

In connection with the observance of 'Anna Seva Diwas', the Co-District Commissioner Dhakuakhana, Smt. Sanskriti Somani(IAS), attended a programme held on 10/11/2025 at the Fair Price Shop located at Gowaal Gaon under Singia Gaon Panchayat.

ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত ২০২৫ চনৰ ৮ নবেম্বৰ তাৰিখে ঢকুৱাখনা বালিকা মজলীয...
10/11/2025

ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ঢকুৱাখনা সমজিলা প্ৰশাসনৰ উদ্যোগত ২০২৫ চনৰ ৮ নবেম্বৰ তাৰিখে ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে এটা কেৰিয়াৰ কাউঞ্চেলিং অনুষ্ঠান আয়োজন কৰা হয়।
উক্ত অনুষ্ঠানত কাউঞ্চেলৰ হিচাপে উপস্থিত থাকে ঢকুৱাখনা সমজিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুত আলয়ামান ফিৰড'ছ আহমেদ। তেওঁ ছাত্ৰীসকলৰ সৈতে সৌহাৰ্দপূর্ণভাৱে কেৰিয়াৰৰ বিভিন্ন দিশত পথপ্ৰদৰ্শন কৰে। অনুষ্ঠানত উপ-পৰিদৰ্শক শ্ৰীযুত সৌৰভ বৰফুকন, সদৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শ্ৰীযুত শৰৎ চন্দ্ৰ দাস, বিদ্যালয়ৰ প্রধান শিক্ষক শ্ৰীযুত লীলাকান্ত দাস আৰু বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত সহকাৰী আয়ুক্ত মহোদয়ে শিক্ষকবৃন্দৰ সৈতে বিদ্যালয় সম্পৰ্কীয় বিষয়ত সৌহাৰ্দমূলক আলোচনা কৰে।

As part of the Dhakuakhana Co-District Administration’s initiatives for students’ overall development, a career counselling session was held on 8 November 2025 at Dhakuakhana Girls’ Practicing MV School for Class VIII students.
The session was conducted by Shri Alyaman Firdous Ahmed(ACS), Assistant Commissioner, who interacted warmly with the students and guided them on various aspects of career planning.
The event was attended by Shri Saurav Borphukan, Deputy Inspector of Schools; Shri Sarat Chandra Das, CRCC; Headmaster Shri Leelakanta Das; and other teachers and staff. The programme concluded with a cordial discussion between the Assistant Commissioner and the school faculty.

Address

Bantow Pathar , PO Dhakuakhana
Dhakuakhana
787055

Telephone

+913752299911

Website

Alerts

Be the first to know and let us send you an email when Co-District Administration Dhakuakhana posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Co-District Administration Dhakuakhana:

Share