MEGAMIX NATURE CLUB

Directions Website

MEGAMIX NATURE CLUB Megamix Nature Club (মেগামিক্স প্ৰকৃতি সংঘ) is a prominent Voluntary Organisation based in Dhakuakhana, Assam. Key ActNature, Env & Biodiversity conservation.

Est: June 5, 1993
Key Persons: Debojit Phukan, Mriganabh Gogoi, Narendra N Dutta, Amal Ch Dutta.

আমাৰ ৰাজ্যৰ ৭৭ বিধৰ মাজৰে মাত্ৰ ৬ বিধহে অতি বিষধৰ সাপ। অন্যান্য বন্যপ্ৰাণীৰ দৰেই সাপ সমূহেও পৰিৱেশৰ হকে কেৱল ভালটোহে কৰে...
09/10/2026

আমাৰ ৰাজ্যৰ ৭৭ বিধৰ মাজৰে মাত্ৰ ৬ বিধহে অতি বিষধৰ সাপ। অন্যান্য বন্যপ্ৰাণীৰ দৰেই সাপ সমূহেও পৰিৱেশৰ হকে কেৱল ভালটোহে কৰে। কিন্তু অন্ধবিশ্বাস, মিছা বদনাম আৰু সৰ্পভীতিৰ বাবে সাপৰ প্ৰতি মানুহৰ আচৰণ সদায়েই অমানুষিক। এই বিলাক দূৰ কৰাৰ লগতে আৰু ঘটনাক্ৰমে অথন্তৰত পৰিব লগা সাপ সমূহৰ মানৱীয় স্থানান্তৰণ কৰিব পৰাকৈ এটা সক্ষমতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ধেমাজি জিলা বন সংমণ্ডলৰ ৪১ জন বিষয়া-কৰ্মচাৰীক। ধেমাজি বন সংমণ্ডল, WWF-India, AWRRO আৰু Megamix ৰ সহযোগত কাৰ্যসূচীটো সম্পন্ন হয়।
স্থান:ধেমাজি, তাৰিখ:(০৬/১০/২০২৬) উপলক্ষ: ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ।

*কোৱাবাৰী দলনি* হৈছে এখন *ৰাষ্ট্ৰীয় পক্ষী প্ৰসিদ্ধ অঞ্চল (Important Bird Area)* । ঢকুৱাখনা নগৰৰ পৰিসৰৰ ভিতৰত অৱস্থিত এক...
09/10/2026

*কোৱাবাৰী দলনি* হৈছে এখন *ৰাষ্ট্ৰীয় পক্ষী প্ৰসিদ্ধ অঞ্চল (Important Bird Area)* । ঢকুৱাখনা নগৰৰ পৰিসৰৰ ভিতৰত অৱস্থিত একমাত্ৰ পক্ষীৰ আকৰ্ষণৰ আৰু সমাৱেশৰ ঠাই। IBA খন ঢকুৱাখনাৰ এক বৈশিষ্ট্য স্বৰূপ। ইয়াৰ ভিতৰত সমজুৱা মাছ ধৰা কাৰ্য নিষেধাজ্ঞা আৰোপ কৰা আছে। তদুপৰি বৰ্তমান ইয়ালৈ শীতকালৰ মংস্যভক্ষী প্ৰব্ৰজনকাৰী চৰাইৰ আগমন আৰম্ভ হৈছে।
ইয়াৰ ভিতৰত যাতে সমজুৱা মৎস্য চিকাৰৰ দৰে কোনো উপদ্ৰৱ নহয়, তাৰ বাবে সমজিলা প্ৰশাসন (মহকুমাধিপতি)ৰ দ্বাৰা নিষেধাজ্ঞা আৰোপ কৰা আছে।

*মেগামিক্স প্ৰকৃতি সংঘ*
(০৭/১০/২০২৬)

মেগামিক্স প্ৰকৃতি সংঘৰ দ্বাৰা আৰু ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ সহযোগত, ১ ৰ পৰা ২২ জুলাইলৈ ৰূপায়িত হোৱা শিক্ষা-নবীশ  সকল...
24/07/2026

মেগামিক্স প্ৰকৃতি সংঘৰ দ্বাৰা আৰু ঢকুৱাখনা শাখা বিজ্ঞান সমিতিৰ সহযোগত, ১ ৰ পৰা ২২ জুলাইলৈ ৰূপায়িত হোৱা শিক্ষা-নবীশ সকলৰ ইন্টাৰনছিপ কাৰ্যসূচীৰ সফলভাৱে সম্পন্ন কৰা হৈছে। একাধিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰিত ৫৭ জন ইন্টাৰনছ(শিক্ষাৰ্থী)ক আনুষ্ঠানিক ভাৱে প্ৰমাণ পত্ৰ প্ৰদানেৰে কাৰ্যসূচীৰ সামৰণি কৰা হৈছে। সামৰণি অনুষ্ঠানত আয়োজক বৃন্দ, সমল ব্যক্তি আৰু শিক্ষা নবীচ সকলৰ মাজত দিহা পৰামৰ্শ, মতামত, গীত-মাত আৰু শিক্ষাৰ্থী সকলৰ পৰবৰ্তী কাৰ্যক্ৰম আদিৰ নিৰ্দেশনা প্ৰদান কৰা হয়।
(২৩/০৭/২০২৬) বৃহস্পতিবাৰ: ১০ বজাত
স্থান: মেগামিক্স প্ৰকৃতি সংঘ@@

ইন্টাৰনছিপ কাৰ্যসূচীৰ ১৪, ১৫ জুলাইৰ কেইখনমান উল্লেখযোগ্য ফটো।
16/07/2026

ইন্টাৰনছিপ কাৰ্যসূচীৰ ১৪, ১৫ জুলাইৰ কেইখনমান উল্লেখযোগ্য ফটো।

ইন্টাৰনছিপ কাৰ্যসূচীৰ অন্তৰ্গত "প্ৰকৃতি শিবিৰ"ৰ একাংশ কাৰ্যক্ৰম।
14/07/2026

ইন্টাৰনছিপ কাৰ্যসূচীৰ অন্তৰ্গত "প্ৰকৃতি শিবিৰ"ৰ একাংশ কাৰ্যক্ৰম।

মেগামিক্স প্ৰকৃতি সংঘত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰিত শিক্ষাৰ্থীৰ বাবে (৫০জন) দ্বিতীয়টো ইন্টাৰনছি...
30/06/2026

মেগামিক্স প্ৰকৃতি সংঘত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰেৰিত শিক্ষাৰ্থীৰ বাবে (৫০জন) দ্বিতীয়টো ইন্টাৰনছিপ কাৰ্যসূচী। সহযোগত আছে ঢকুৱাখনা শাখা বিজ্ঞান সমিতি। আৰম্ভণি :এক জুলাইৰ (২০২৬)পৰা।

জিলাৰ আয়ুক্ত মহোদয়ৰ হাতত ৪ নবেম্বৰ ২০২৫ বুধবাৰে অৰ্পণ কৰা হৈছে। তেখেতে গ্ৰহণ কৰি লৈ নোট লিখি চহী কৰিছে।  District Admi...
23/06/2026

জিলাৰ আয়ুক্ত মহোদয়ৰ হাতত ৪ নবেম্বৰ ২০২৫ বুধবাৰে অৰ্পণ কৰা হৈছে। তেখেতে গ্ৰহণ কৰি লৈ নোট লিখি চহী কৰিছে।
District Admin Lakhimpur

প্ৰদান কৰা হৈছে (২৩/০৬/২০২৬)। তেখেতে প্ৰয়োজনীয়তা স্বীকাৰ সহকাৰে যাবতীয় স্বাক্ষৰ কৰিছে।
23/06/2026

প্ৰদান কৰা হৈছে (২৩/০৬/২০২৬)। তেখেতে প্ৰয়োজনীয়তা স্বীকাৰ সহকাৰে যাবতীয় স্বাক্ষৰ কৰিছে।

" *আন্তঃৰাষ্ট্ৰীয় জৈৱবৈচিত্ৰ্য দিৱস ২০২৬"*                              [২২ মে]জীৱশ্ৰেষ্ঠকে ধৰি সমগ্ৰ জীৱজগত খনৰ জীৱন ধ...
22/05/2026

" *আন্তঃৰাষ্ট্ৰীয় জৈৱবৈচিত্ৰ্য দিৱস ২০২৬"*
[২২ মে]

জীৱশ্ৰেষ্ঠকে ধৰি সমগ্ৰ জীৱজগত খনৰ জীৱন ধাৰণ কৰাতো সম্ভৱ হৈছে কেৱল জৈৱবৈচিত্ৰ্যৰ অস্তিত্ব আৰু অৱদানৰ বিনিময়তহে । অৰ্থাৎ, আমি আৰু ইতৰ প্ৰাণীৰ জগতখনে জীৱন ধাৰণ কৰোঁ কেৱল জৈৱবৈচিত্ৰ্যৰ খৰচেৰে। দৃষ্টান্ত হিচাপে: উশাহ-নিশাহৰ গেছখিনি, আহাৰৰ উপাদান খিনি, পানী টোপা, বাসস্থান, বাসোপযোগী পৰিৱেশ আদিবোৰৰ ব্যৱস্থা কৰি দিছে কেৱল জৈৱবৈচিত্ৰ্যৰ জগতখনে । প্ৰকৃতি, পৰিৱেশ, বন-অৰণ্য আৰু বন্যপ্ৰাণী বুলি আমি সামগ্ৰিক জৈৱবৈচিত্ৰ্যকে বুজাওঁ ।
জীৱজগতৰ জীৱনৰ অস্তিত্বৰ সোপান স্বৰূপ এই জৈৱবৈচিত্ৰ্যৰ বিষয়ে আজিৰ মানৱ সমাজৰ সচেতনতা আৰু দায়িত্বশীলতা বৃদ্ধিৰ উদ্দেশ্যে আজিৰ এই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় দিৱস।
আহকচোন, আমি জৈৱ বৈচিত্ৰ্যৰ পৰিচিতি, সংৰক্ষণ আৰু দায়িত্বশীলতাৰ হকে যত্নবান হওঁহক।

*মেগামিক্স প্ৰকৃতি সংঘ*
*ঢকুৱাখনা*

[Read, Don't Print]

Address

Dhakuakhana To Majuli Road
Dhakuakhana
787055

Alerts

Be the first to know and let us send you an email when MEGAMIX NATURE CLUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share