Office of the Dergaon CoDistrict Commissioner

Office of the Dergaon CoDistrict Commissioner Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Office of the Dergaon CoDistrict Commissioner, Government Organization, Dergaon.

ইদ উজ জোহা উপলক্ষে ইং  ২৫/০৫/২০২৬ তাৰিখে দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলাখনৰ অন্তগৰ্ত মহজিদ সমূহৰ বিষয়ববীয়া সকলৰ...
26/05/2026

ইদ উজ জোহা উপলক্ষে ইং ২৫/০৫/২০২৬ তাৰিখে দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত সমজিলাখনৰ অন্তগৰ্ত মহজিদ সমূহৰ বিষয়ববীয়া সকলৰ লগত দেৰগাঁও সমজিলাৰ সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়।
লগতে দেৰগাঁও সমজিলাৰ আয়ুক্ত মহোদয়াই সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক আগন্তুক ইদ উজ জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে।

দেৰগাঁও সমজিলাৰ  কাৰ্যবাহী দণ্ডাধীশ মহোদয় আৰু BEEO ,উত্তৰ উন্নয়ন ,আজি Assam Police ME School পৰিদৰ্শন কৰে। পাকঘৰ, মধ্যা...
22/05/2026

দেৰগাঁও সমজিলাৰ কাৰ্যবাহী দণ্ডাধীশ মহোদয় আৰু BEEO ,উত্তৰ উন্নয়ন ,আজি Assam Police ME School পৰিদৰ্শন কৰে।
পাকঘৰ, মধ্যাহ্ন ভোজনৰ ব্যৱস্থা, বিদ্যালয়ৰ সামগ্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতা পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী,অভিভাৱক, আৰু ৰান্ধনীৰ সৈতেও মত বিনিময় কৰি সুবিধাসমূহ পৰ্যালোচনা কৰে আৰু মতামত সংগ্ৰহ কৰে।

ৰাইজৰ অভিযোগৰ ভিত্তিত আজি খকন্দগুৰিৰ সমীপৰ লেংগেৰাৰ পৰা দেৰগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত দেৰগাঁও বন বিভাগৰ এটা দলে...
21/05/2026

ৰাইজৰ অভিযোগৰ ভিত্তিত আজি খকন্দগুৰিৰ সমীপৰ লেংগেৰাৰ পৰা দেৰগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত দেৰগাঁও বন বিভাগৰ এটা দলে এটা অবৈধ কাঠৰ মিল জব্দ কৰে।

জনভাগীদাৰী – সবছে দূৰ, সবছে পেহলে” পদক্ষেপ PM -JANMAN আৰু DAJGUA ৰ  অধীনত সামৰি লোৱা দেৰগাঁও সম জিলাৰ অন্তৰ্গত পূব ,মধ্য...
21/05/2026

জনভাগীদাৰী – সবছে দূৰ, সবছে পেহলে” পদক্ষেপ PM -JANMAN আৰু DAJGUA ৰ অধীনত সামৰি লোৱা দেৰগাঁও সম জিলাৰ অন্তৰ্গত পূব ,মধ্য , পশ্চিম ব্ৰহ্মপুত্ৰ আৰু মধ্য পাৰ্বটীয়া গাওঁ পঞ্চায়ত বিভিন্ন সজাগতা কাৰ্যসূচী সফলতাৰে পৰিচালনা কৰা হৈছে।

এই কাৰ্যসূচীসমূহে জনজাতীয় লোকসকলৰ বাবে কল্যাণমূলক আঁচনি আৰু চৰকাৰী পদক্ষেপৰ বিষয়ে সজাগতা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে উন্নয়নৰ সুবিধাসমূহ প্ৰতিজন যোগ্য হিতাধিকাৰীৰ ওচৰলৈ যায়।
১৮ -২৫ মে’ লৈকে অনুষ্ঠিত হোৱা এই কায‍্যসূচী একেলগে সৰ্বাংগীন বৃদ্ধি আৰু শক্তিশালী সম্প্ৰদায়ৰ দিশত গুৰুত্ব আৰোপ কৰিছে ।

দেৰগাঁৱৰ বিভিন্ন অঞ্চলত বনৰীয়া ভালুকৰ গতিবিধি পৰিলক্ষিত কৰা গৈছে ,সেইবাবে বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ, বিচ্ছিন্ন অঞ্চল...
18/05/2026

দেৰগাঁৱৰ বিভিন্ন অঞ্চলত বনৰীয়া ভালুকৰ গতিবিধি পৰিলক্ষিত কৰা গৈছে ,সেইবাবে বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ, বিচ্ছিন্ন অঞ্চল এৰাই চলিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আজি দেৰগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত গোলাঘাট বন বিভাগ আৰু দেৰগাঁও আৰক্ষীয়ে নেঘেৰিটিঙ...
12/05/2026

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আজি দেৰগাঁৱৰ কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত গোলাঘাট বন বিভাগ আৰু দেৰগাঁও আৰক্ষীয়ে নেঘেৰিটিঙৰ গেলাবিল দলঙৰ সমীপৰ বিলতীয়াৰ পৰা এটা অবৈধ ‘ছ’ মিল আৰু মিলৰ সা-সৰঞ্জামৰ লগতে বিভিন্ন আকাৰৰ কাঠ জব্দ কৰে।

দেৰগাঁও সমজিলাৰ কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত বন ‍বিভাগ আৰু দেৰগাঁও আৰক্ষীৰ এক যৌথ  অভিযানত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ ...
08/05/2026

দেৰগাঁও সমজিলাৰ কাৰ্য্যবাহী দণ্ডাধীশৰ উপস্থিতিত বন ‍বিভাগ আৰু দেৰগাঁও আৰক্ষীৰ এক যৌথ অভিযানত দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা অবৈধ ছ’ মিল আৰু কাঠৰ কুণ্ডা জব্দ কৰা হয়।

যোৱা কালি দেৰগাঁও সমজিলাৰ  কাৰ্য্যবাহী দণ্ডাধীশ লগতে পৰিবহণ, আৰক্ষী আৰু বন বিভাগৰ উপস্থিতিত দেৰগাঁৱৰ  বিভিন্ন স্থানত মদ্...
08/05/2026

যোৱা কালি দেৰগাঁও সমজিলাৰ কাৰ্য্যবাহী দণ্ডাধীশ লগতে পৰিবহণ, আৰক্ষী আৰু বন বিভাগৰ উপস্থিতিত দেৰগাঁৱৰ বিভিন্ন স্থানত মদ্যপান কৰি গাড়ী চলোৱা , হেলমেট পৰিধান নকৰাকৈ গাড়ী চলোৱা , দেৰগাঁৱৰ বিভিন্ন স্থানত পথৰ কাষত পাৰ্কিং,অভাৰলোড ডাম্পাৰ চলোৱা আদিৰ বিৰুদ্ধে কৰা পথ সুৰক্ষা সজাগতা অভিযানৰ কিছু দৃশ্য।

10/04/2026

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Office of the Dergaon CoDistrict Commissioner posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share