20/08/2019
আমি মনত ৰাখিব লগা আৰু আমাৰ জীৱনত কামত অহা আব্দুল কালামৰ কেইটামান বাণী------
১/আপুনি বিচাৰিলেই আপোনাৰ ভৱিষ্যত ওলোটাব নোৱাৰিব।কিন্তু অভ্যাস অৱশ্যই পৰিবৰ্তন কৰিব পাৰিব আৰু এই অভ্যাস পৰিবৰ্তনেই নিৰ্ধাৰণ কৰিব আপোনাৰ ভৱিষ্যত।
২/তুমি তোমাৰ সপোন পুৰণৰ শেষ সীমা লৈকে সপোন দেখা,জাগি তুমি যি দেখা সেইটো সপোন নহয়,সপোন হ'ল সেইটোৱেই যিয়ে তোমাক টোপনি যাবলৈ নিদিয়ে।
৩/তোমাৰ কাষত ভাল এখন কিতাপ আছে তাৰ মানে এশজন ভাল বন্ধু তোমাৰ দখলত,কিন্তু এজন ভাল বন্ধু এটা সম্পূৰ্ণ গ্ৰন্থাগাৰৰ সমান।
৪/সফলতাৰ গল্প পঢ়ি ধাৰণা পোৱা নাযায়,পোৱা যায় বাৰ্তা।সফল হ'বলৈ হ'লে পঢ়িব লাগিব ব্যৰ্থতাৰ গল্প।য'ত ভাল এটা ধাৰণা অৱশ্যই পোৱা সম্ভৱ।
৫/ পৃথিৱীৰ সেৰা শিক্ষক -জীৱন আৰু সময়,জীৱনে শিকাই সময়ক ভালভাৱে কামত লগাবলৈ আৰু সময়ে কয় জীৱনক মূল্য দিয়া।
৬/কামক ভাল পাবা সকলো সময়ত কোম্পানীক নহয়,কাৰণ কোম্পানীয়ে তোমাক ভাল নাপাৱও পাৰে।
৭/সূৰ্যৰ দৰে পোহৰ বিলাবলৈ বিচাৰিলে,সূৰ্যৰ দৰে জ্বলিব লাগিব আগতে।
৮/জীৱনক সকলোতকৈ কঠিন খেল বুলি ক'ব পাৰি,তাক জয় কৰিবলৈ বিচাৰিলে সকলোতকৈ আগত যি প্ৰয়োজন সেইটো হৈছে ব্যক্তিত্ব অৰ্জন।
৯/সহজ কামতকৈ কঠিন কামত আনন্দ বেছি পোৱা যায়।
১০/এদিনতেই পৰম উৎকৰ্ষতা নাহে,তাক লাহে লাহে অৰ্জন কৰি নিব লাগে।
১১/মনৰ পৰা কাম নকৰিলে সেই কামত সফলতা অহা কঠিন,আংশিক আহিলেও সেইটো হৃদয়ৰ আংশিক সফলতা সম্পূৰ্ণ নহয়।
১২/এটা সম্পূৰ্ণ দুৰ্নীতিমুক্ত দেশত তিনি ধৰণৰ মানুহ থাকিব পাৰে,সেইবোৰ হ'ল- মা,দেউতা আৰু শিক্ষক।
১৩/জীৱনত সমস্যাৰ প্ৰয়োজন আছে, সমস্যা আছে বাবেই সফলতাৰ আমি তীব্ৰ স্বাদ ল'ব পাৰো।
১৪/সকলো সময়ত আমি কেৱল সাফল্যৰ বাবেই তৈয়াৰ নহয়,আমি ব্যৰ্থতাৰ বাবেও তৈয়াৰ।
১৫/এবাৰ ওপৰলৈ চোৱা দেখিবা আকাশক,আপুনি অকলে নহয় এই মহা বিশ্ব আপোনাৰ বন্ধুৰ দৰেই।
১৬/বহুত বেছি ইতিবাচক হোৱা কাৰণ নেতিবাচক সকলো সময়তেই হানিকাৰক।
১৭/শেষ সকলো সময়ত শেষ নহয়।END শব্দৰ অৰ্থ হ'ল- Effort Never Dies…অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই।
১৮/আপোনাৰ কাষত উত্তৰ নাই কোনো এটা প্ৰশ্নৰ,তাত চিন্তিত নহ'বা।NO শব্দৰ অৰ্থ হ'ল- Next Opportunity …অৰ্থাৎ পৰৱৰ্তী সুযোগ।
copy #