03/06/2023
দলগাওঁ সমষ্টিৰ নিজ বৰুৱাঝাৰ গাঁৱৰ নিৰ্যাতিত পৰিয়ালটোৰ ওচৰত সমষ্টিৰ বিধায়ক কাষত থকাৰ প্ৰয়োজন আছে নে নাই ? সৰল এটা অস্ত্ৰোপচাৰৰ পিছতে এজন লোকৰ আকস্মিক মৃত্যুত ভাই আৰু পিতৃয়ে হেনো আবেগিক হৈ হুলস্থূল কৰিছিল! তাৰ পিছতে গুৰুলাগুৰুলকৈ মৃত লোক জনৰ পিতৃ আৰু ভাতৃক প্ৰহাৰ কৰা হ'ল চিকিৎসালয় খনৰ কৰ্তৃপক্ষৰ দ্বাৰা । নিজ সমষ্টিৰ এই পৰিয়ালটোৰ ওচৰত বিধায়ক গৰাকীৰ যোৱাৰ এটা দৃশ্যও দেখা নাপালোঁ। (হয়তো পৰিয়ালক ব্যক্তিগত ভাৱে যোগাযোগ কৰিবও পাৰে) আনকি সামাজিক মাধ্যমত গৰিহণা বাৰ্তাও দেখা নাপালোঁ । আমি বিধায়ক গৰাকীক বেয়া নাপাওঁ কিন্তু বিভিন্ন আঁচনিৰ ফিতা কটা, অনুষ্ঠানৰ মুখ্য অতিথি থকাৰ বাহিৰেও এগৰাকী বিধায়কৰ হয়তো মানৱতাৰ দায়িত্বও আছে ? বিষয়টোৰ ভূমিকা যেন সংবাদ মাধ্যমতো নিৰাশজনক ! ইমান এটা ডাঙৰ কাণ্ডক সংবাদ মাধ্যমে যেনেকৈ প্ৰচাৰ কৰিব লাগিছিল এই বিষয়টো তেনেকৈ প্ৰচাৰ কৰা কিন্তু ৰাইজে প্ৰত্যক্ষ কৰা নাই!
কোন সঁচা, কোন মিছা সেয়া প্ৰকৃত তদন্তৰ পিছত হে ওলাব, কিন্তু আমি নিৰপেক্ষ জনতা হিচাপে এটাই বিচাৰো যে ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে যেন দোষিয়ে শাস্তি পাই ।