Koch Kingdom Chiknajhar-চিকনাঝাৰ

Koch Kingdom Chiknajhar-চিকনাঝাৰ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Koch Kingdom Chiknajhar-চিকনাঝাৰ, Landmark & historical place, Kokrajhar, Kamatapur, Cooch Behar.

30/01/2021
https://youtu.be/M1ik9FDN4o0
29/02/2020

https://youtu.be/M1ik9FDN4o0

Koch Traditional Hoko Dance. Welcome to our YouTube channel Koch Entertainment Presents.. Cameraman: Rasan Hari Koch

27/12/2019

Copied from- UTTAM KUMAR RAY, General Secretary, Kamtapur Progressive Party-KPP.
যোৱা কালি ত্ৰিপুৰাৰ মানিক্য ৰাজবংশৰ শেষৰ জন ৰাজপ্ৰতিনিধি প্ৰদ্যুৎ দেৱবৰ্মাৰ PRAG NEWS Channel-ত দিয়া বিশেষ সাক্ষাতকাৰটো সম্পূৰ্ণ চালোঁ । চোৱা পিছত বহু কথাই মনৰ ভিতৰত ভূমুকি মাৰিলে ।আৰু বহু কথা নতুন শিকিলোঁ । প্ৰদ্যুৎ দেৱবৰ্মাক অশেষ ধন্যবাদ জনালোঁ যে তেখেতে কোচ সাম্ৰাজ্যৰ কথাটো তেখেতৰ সাক্ষাতকাৰ আৰম্ভণিতে উত্থাপন কৰিছে আৰু কামতাপুৰীৰ কথাও এবাৰ উত্থাপন কৰিছে । ঐতিহাসিক ত্ৰিপুৰা ৰাজ্যৰ শেষজন ৰাজপ্ৰতিনিধি দেৱবৰ্মাই বহু কথা কৈ গল। কেনেকৈ আজি খিলঞ্জীয়া ত্ৰিপুৰা সকলক অস্তিত্বহীন কৰি তোলা হৈছে । গতিকে সময় থাকোঁতে অস্তিত্ব ৰক্ষাৰ বাৱে সজাগ হওঁক, নহ'লে আমি বোৰ চিৰদিনলৈ নিঃশেষ হৈ যাম ।
আমি কামতাপুৰী তথা কোচৰাজবংশী সকল যেনেকৈ এটি ঐতিহ্যমণ্ডিত জাতি ঠিক তেনেকৈ ত্ৰিপুৰাৰ তিপ্ৰাসকল এটি ঐতিহ্যমণ্ডিত জাতি। তেওলোকৰ আছে নিজা ভাষা- সংস্কৃতি আৰু ইতিহাস। কিন্তু অতি পৰিতাপৰ কথা আজি তেওঁলোকে নিজৰ গৃহভূমিত চৰম অস্তিত্বৰ সংকটত।তেওঁলোকে আজি প্ৰতিটো দিশতে বঞ্চিত আৰু উপেক্ষিত। ৰাষ্ট্ৰযন্ত্ৰই তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নাই কোনো উপযুক্ত পদক্ষেপ।তেওলোকৰ অস্তিত্বৰ সংকটমূল কাৰণটোই হল বিদেশী বাংলাদেশীৰ অনুপ্ৰবেশ। ত্ৰিপুৰাৰ তথাকথিত বামপন্থী চৰকাৰে সদায় খিলঞ্জীয়া তিপ্ৰা সকলক অবজ্ঞা আৰু অবহেলা কৰি আহিছে। ত্ৰিপুৰাৰ তথাকথিত বামপন্থী চৰকাৰ মূলত সম্পূৰ্ণৰূপে বিদেশী বাংলাদেশীৰ নিয়ন্ত্ৰণত ।এই চৰকাৰে খিলঞ্জীয়া ত্ৰিপুৰী সকলক কেনেকৈ ধ্বংস কৰা যায় তাৰ চিন্তাত মগ্ন।
এতিয়া আহিছে কামতাপুৰী তথা কোচৰাজবংশী সকলৰ প্ৰসঙ্গলৈ খিলঞ্জীয়া ত্ৰিপুৰী সকলৰ হাতত শাসন ব্যৱস্থা নাই যদিও ভাৰতীয় শাসনতন্ত্ৰত তেওঁলোকৰ এখন নিজৰ ৰাজ্য আছে। আজি নহলেও কাইলৈ ত্ৰিপুৰী সকল এদিন তাত নিজৰ শাসনতন্ত্ৰ বলবত কৰিব। যিহেতু তেওঁলোক তাৰ স্থানীয় ভূমিপুত্ৰ। তেওলোকক এই দিশত বিশ্বৰ কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। যদিও স্থানীয় চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তেখেতসকলৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই আৰু পাকে-প্ৰকাৰে শক্তিহীন কৰিব বিচাৰিছে। তিপ্ৰাসকলৰ ঐতিহ্য ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও সুৰক্ষিত যে তেখেতলোকৰ নিজা ৰাজ্যখন আছে।কিন্তু কামতাপুৰী সকল আজি সম্পূৰ্ণৰূপে বিধস্থ। তেওলোকৰ সকলো থকাৰ পিছতো তেওঁলোক অস্তিত্বহীন আৰু বহুধাবিভক্ত। এই বিধস্থ অবস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি??এই প্ৰশ্নৰ উত্তৰ আজি কামতাপুৰী সমাজৰ কোনো এগৰাকী জাতীয় নেতাই দিব পৰা নাই। তাৰ ফলতেই কামতাপুৰী সমাজ বহুধাবিভক্ত আৰু দিদ্ধাগ্ৰস্থ। তেওঁলোকে লব নোৱাৰে উপযুক্ত সিদ্ধান্ত। ইয়াৰ মূলতেই হল কামতাপুৰী সকলৰ নৃগোষ্ঠীয় পৰিচয়। কামতাপুৰী সমাজৰ যি নৃগোষ্ঠীয় পৰিচয়, এই নৃগোষ্ঠীয় পৰিচয়ৰ দিশত আজিলৈ কোনো স্পষ্ট সিদ্ধান্তত আহিব পৰা নাই। কামতাপুৰী সকলৰ নৃগোষ্ঠীয় পৰিচয়ৰ বিষয়টোত বহু মতবাদ আছে।উদাহৰণস্বৰূপে-কোনোবাই যদি নিজকে কয্ কোচ আন কোনোবাই কয্ ৰাজবংশী,কোচৰাজবংশী। আকৌ ঠিক সেইদৰে কোনোবাই যদি নিজকে মঙ্গলীয্ মূলৰ জনগোষ্ঠী বুলি পৰিচয় দিয়ে।আন কোনোবাই নিজকে আৰ্য্য মূলীয্ বুলি পৰিচয় দি গৌৰব বোধ কৰে।আন একাংশ ই আকৌ নিজকে ক্ষত্ৰিয্ বুলি কৈ পৰম গৌৰব বোধ কৰে। তেওলোকে এটা কথা ভাল কৈ জনা উচিত যে-ব্ৰাহ্মণ,ক্ষেত্ৰিয্ , বৈস্য আৰু সুদ্ৰ আৰ্য্য সকলে নিজৰ সুবিধা অনুযায়ী সৃষ্টি কৰা এটি অবধাৰণা । এই ক্ষেত্ৰিয্ শব্দটো আমাৰ নৃগোষ্ঠীয় পৰিচয়ত মূল বাধা তথা হেঙাৰৰ সৃষ্টি কৰিছে। আমি যদি ক্ষেত্ৰিয্ তত্ত্ব স্বীকাৰ কৰো।তেনেহলে আমি পৃথক নৃগোষ্ঠীয় পৰিচয় কেতিয়াও বহন কৰিব নোৱাৰিম।এনে এশ এবুৰি সমস্যা আছে কামতাপুৰীসকলৰ নৃগোষ্ঠীয় পৰিচয়ৰ ক্ষেত্ৰত।
এতিয়া আহিছে মূল প্ৰসঙ্গলৈ যিহেতু উত্তৰ-পূৰ্বাঞ্চল মূলত মঙ্গলীয্ জনগোষ্ঠী বাসভূমি। সেই দৃষ্টিভংগীৰে চাবলৈ গ'লে কামতাপুৰী তথা কোচৰাজবংশী সকল মূলত মঙ্গলীয্ জনগোষ্ঠীৰ মানুহ। যদিও একাংশ বুদ্ধিজীৱী ভূলবসত আৰ্য্য জনগোষ্ঠীৰ বুলি কব বিছাৰে।যদিও কামতাপুৰী সকলক স্থানভেদে নানা পৰিচয় থকা দৃঢ় গোচৰ হয্। তেওলোকৰ নৃগোষ্ঠীয় পৰিচয়ৰ মূল আধাৰটোই হল -কোচ।কাৰণ কোচক বাদ দিলে অকল ৰাজবংশী শব্দৰে কোনো নৃত্বাতিক পৰিচয় বহন কৰিব নোৱাৰি।ৰাজবংশী ধাৰণাটো বহিৰাগত ব্ৰাহ্মণবাদী বা মনুবাদী আৰ্য্য সকলে দিয়া ধাৰণা। যি ধাৰণা আমাৰ নৃগোষ্ঠীয় পৰিচয়ৰ মূল বাধা। গতিকে আমাৰ পৰিচয় সংশোধন কৰি মূল শ্ৰোতলৈ উভতি যাব লাগিব।

15/02/2019

Address

Kokrajhar, Kamatapur
Cooch Behar

Alerts

Be the first to know and let us send you an email when Koch Kingdom Chiknajhar-চিকনাঝাৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share