31/03/2023
অহা ১৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত গুৱাহাটীস্থিত সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ সৃষ্টি কৰাৰ মানসেৰে ১১হেজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত বিশ্ব দৰবাৰত অসমৰ জাতীয় জীৱনৰ প্ৰাণস্বৰূপ বিহু নৃত্যক প্ৰতিষ্ঠা কৰাৰ বাবে এই মেগা বিহুৰ আয়োজন কৰা হৈছে।এই উদ্দেশ্যে আন আন জিলাৰ লগতে বঙাইগাঁও জিলাৰো ১০০গৰাকী বিহুৱা-বিহুৱতীয়ে জিলাখনৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত ২৭মাৰ্চ তাৰিখৰ পৰা আখৰা কৰি আছে।
এই আখৰাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ৰাতিপুৱাৰ ভাগত ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত উপস্থিত হয়। তেওঁৰ লগত উপস্থিত থাকে জিলা উপায়ুক্ত নবদ্বীপ পাঠক, সহকাৰী আয়ুক্ত শ্যামশ্ৰী শইকীয়া, সহকাৰী আয়ুক্ত গোলাম সাৰোৱাৰ হুছেইন, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মন, উপাধ্যক্ষ সুকেন ৰায়, কাৰ্যবাহী সদস্য হিমানী অধিকাৰী তথা বঙাইগাঁও আৰু অভয়াপুৰী পৌৰসভাৰ পৌৰপতিদ্বয়।
মন্ত্ৰী ৰণজিৎ দাসে বিহুৱা-বিহুৱতী,ঢুলীয়া,পেপুৱা আদি সকলোৰে নৃত্য পৰিদৰ্শন কৰে আৰু আটাইকেইজনকে ধন্যবাদ জনায়।
এই বিহু আখৰাত মাষ্টাৰ প্ৰশিক্ষক হিচাপে থকা বিধান দেউৰী, নীলোৎপল ৰায়, বিটপী গগৈ আৰু দেৱীকা ৰায়ক মন্ত্ৰীগৰাকীয়ে একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।
মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাৰ উদ্দেশ্য সফল কৰিবলৈ বিহুৱা-বিহুৱতীসকলক আহ্বান জনায়।লগতে তেওঁ সকলোকে বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জনায়।