18/02/2026
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু'ৰ চিৰাং জিলা সমিতিৰ উদ্যোগত নাঙল ভাঙা আঞ্চলিক সমিতিৰ সহযোগত ১৮ ফেব্ৰুৱাৰী ১৯৮৩ ইং চনৰ নেলীৰ গণহত্যাৰ ন্যায় প্ৰদান কৰাৰ দাবীত আৰু তেৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা নকৰাৰ প্ৰতিবাদত ক'লাবেজ পৰিধান কৰি কলা দিৱস পালন কৰা হয়।
নেলীৰ হত্যাকাণ্ড বুলিলে ১৯৮৩ চনত অসমৰ নগাঁও জিলাৰ নেলীত সংঘটিত হোৱা সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীৰ হত্যাকাণ্ডক বুজায়। ১৮ ফেব্ৰুৱাৰীৰ দিনা ছঘণ্টা জুৰি চলা এই হত্যালীলাত ২,১৯১ জন লোকৰ প্ৰাণ হানি হৈছিল। আৰু (বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় ১০,০০০ হাজাৰ মান আক্ৰান্ত) আৰু ১৪ খন গাঁও আছিল।I আজি লৈকে কোনো ধৰণৰ ক্ষতি পূৰণ পোৱা নাই
নেলি গণ আন্দোলনৰ লগত জড়িত থকা প্ৰতিগৰাকী দুস্কৃতি কাৰিৰ লগতে বিশেষকৈ সেই সময়ৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ যি ভূমিকা তাক আমি অৰ্থাৎ নাঙল ভাঙা আঞ্চলিক সমিতিৰ তৰফৰ পৰাও তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ধিক্কাৰ জনাইছোঁ। আজি তিনি যুগ পাৰ হোৱাৰ পিছতো নেলীবাসি ৰাইজে উচিত বিচাৰ পোৱা নাই।