26/05/2023
নমস্কাৰ,
বঙাইগাঁও জিলাৰ এখন অন্যতম সংৰক্ষিত বনাঞ্চল ভৈৰৱচূড়া এতিয়া সংকটত৷ বনাঞ্চলখনৰ লগতে বনাঞ্চলত থকা দুষ্প্ৰাপ্য সোণালী বান্দৰো এতিয়া সংকটত পৰিছে৷ কিয়নো বনাঞ্চলখনৰ মাজেৰে বন ধ্বংস কৰি বহিঃৰাজ্যৰ ষ্টাৰ লাইট নামৰ এটা প্ৰতিষ্ঠানে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগৰ পৰিকল্পনা কৰিছে৷ এই কাৰ্য ৰোধ কৰাটো এতিয়া প্ৰয়োজন হৈ পৰিছে৷ সেয়ে ভৈৰৱচূড়াৰ মাজেৰে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগৰ বিৰোধিতাৰে আমি প্ৰকৃতিপ্ৰেমীসকলে এটা *গণ স্বাক্ষৰ* অভিযান আৰম্ভ কৰিছো৷
আহক সকলোৱে আমাৰ গৌৰৱ সোণালী বান্দৰ আৰু বনাঞ্চলখন ৰক্ষাৰ স্বাৰ্থত *গণ স্বাক্ষৰ* অভিযানত হাতে হাত মিলাও৷
স্থানঃ উত্তৰ শালমাৰাৰ চকৰ পৰা আৰম্ভ
তাৰিখঃ ২৭ মে’ ২০২৩
সময়ঃ পুৱা ১০ বজা