POSHAN Abhiyaan Bongaigaon

POSHAN Abhiyaan Bongaigaon The programme through the targets will strive to reduce the level of stunting, under-nutrition, anaemia and low birth weight babies.

It will create synergy, ensure better monitoring, issue alerts for timely action, and encourage States/UTs to perform.

Regarding the '7th Poshan Pakhwada' campaign of the Women and Child Development Department in Bongaigaon district, Assam...
08/04/2025

Regarding the '7th Poshan Pakhwada' campaign of the Women and Child Development Department in Bongaigaon district, Assam, a district-level meeting was held today 8 April 2025 at the conference hall of the District Commissioner's office under the chairmanship of Assistant Commissioner Rajesh Singh.

District Social Welfare Officer Jayanta Kumar Das, District Coordinator Jitendra Das, Joint Director of Health Services Dr. Balendra Narayan Deka, DPM Karuna Brahma, a dietitian, officials from the Assam State Rural Livelihoods Mission, Child Development Project Officers, school inspectors from the Bongaigaon district Pallabi Medhi, and IEC specialist of the Public Health Engineering Department, Bhanita Devi & other officers were present at the meeting.

The discussion focused on how to take proper care of children from the time of pregnancy to the age of two years, the type of nutrition they should receive, and how their physical development should be ensured, Popularize of Beneficiary module, implementation of CMAM & Healthy lifestyle to address the obesity in children and other nutritional indicators.

" শ্ৰী অন্ন (মিলেট) সজাগতা উৎসৱ"(শ্ৰীঅন্নযুক্ত আহাৰ অমৃত সমান,ই সুস্বাস্থ্য আৰু পুষ্টিৰ এক বৰদান)Rastriya Poshan Maah 20...
28/09/2023

" শ্ৰী অন্ন (মিলেট) সজাগতা উৎসৱ"

(শ্ৰীঅন্নযুক্ত আহাৰ অমৃত সমান,ই সুস্বাস্থ্য আৰু পুষ্টিৰ এক বৰদান)

Rastriya Poshan Maah 2023

As a part of the celebration of the 6th Rastriya Poshan Maah, the Women & Child Development Department, Bongaigaon,Assam has initiated an innovative programme named " শ্ৰী অন্ন (মিলেট) সজাগতা উৎসৱ" in Convergence with Agricultural Department,Bongaigaon & in coorporation District Administration, Bongaigaon to promote & encourage community for production of millet & consumption of Millet in regular food intake for better nutrition. As a preliminary initiative, planting of the Finger Millet program has been conducted at Mulagaon Bakharapara Model Anganwadi Centre as "Model Millet Corner" under Dangtol ICDS Project for awareness generation among the community. The program was Graced by the presence of the District Agriculture Officer,Bongaigaon Sjt. Apal Das, Sub Divison Agriculture Officer, Bongaigaon Sjt. Rabin Das, CDPO Dangol ICDS Project Smt. Purnima Mahanta, District Coordinator, Poshan Abhiyaan, Bongaigaon Sjt. Jitendra Das & Supervisor smt. Juri Sonowal, Anganwadi Workers.

During the program District Agriculture Officer, Bongaigaon elaborated the importance & nutrition benefits of Millet for pregnant women, lactating mothers as well as community people for making a healthy life cycle and also the role millet to reduce Malnutrition among the children of the society.

Gradually, this initiative will be continued to the other ICDS Projects Anganwadi Centres also.



পোষণ মাহ ২০২৩তাৰিখ-২২ছেপ্টেম্বৰ,২০২৩বঙাইগাঁৱত পোষণ মাহৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনী বঙাইগাঁও,২২ছেপ্টেম্বৰ: সমগ্ৰ  দেশ তথা ৰা...
22/09/2023

পোষণ মাহ ২০২৩
তাৰিখ-২২ছেপ্টেম্বৰ,২০২৩

বঙাইগাঁৱত পোষণ মাহৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনী

বঙাইগাঁও,২২ছেপ্টেম্বৰ: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বঙাইগাঁও জিলাতো মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰি থকা হৈছে।যোৱা ৭ছেপ্টেম্বৰ তাৰিখে জিলাখনত আনুষ্ঠানিকভাৱে পোষণ মাহ শুভাৰম্ভ কৰা হৈছিল।জিলাখনৰ পাঁচটা সংহত শিশু বিকাশ কেন্দ্ৰ ক্ৰমে ডাংতল,মাণিকপুৰ,সৃজনগ্ৰাম,টাপাট্টাৰী আৰু বইটামাৰী কেন্দ্ৰত ইতিমধ্যে পোষণ মাহ উপলক্ষ্যে ঘৰতে সহজে পাব পৰা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি মহিলাসকল আৰু শিশুসকলৰ পৰিপুষ্টিৰ ব্যৱস্থা কৰিব পাৰি বুলি গাঁৱৰ মহিলাসকলক বুজোৱা হৈছে।আমি আমাৰ চাৰিওফালৰ পৰিৱেশত পোৱা খাদ্য সামগ্ৰীৰে আমাৰ পৰিপুষ্টি সাধন কৰিব পাৰো-এই কথাই বুজাই দিয়া হৈছে গাঁৱৰ মহিলাসকলক।আজি জিলা পৰ্যায়ত বঙাইগাঁও গান্ধী ময়দানত এনেকুৱা এখন প্ৰদৰ্শনী উদ্বোধন কৰে অতিৰিক্ত জিলা আয়ুক্ত(সমাজ কল্যাণ)নিৰ্মালি বৰুৱাই।তেওঁ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি কয় যে আমি বজাৰত পোৱা ব্যয়বহুল সামগ্ৰী কিনিব নোৱাৰিলেও চাৰিওফালৰ প্ৰকৃতিৰ পৰা পুষ্টিকৰ উপাদানসমূহ আহৰণ কৰিব পাৰো।মানিমুনি,ভেদাইলতা,নৰসিংহ,কলফুল,ঢেকীয়া আদিৰ পৰাও খাদ্যপ্ৰাণ,ভিটামিন আদি পাব পাৰো।কিন্তু আমি এইবোৰ সহজতে পোৱা বাবে গুৰুত্ব দিব নোখোজো।এনেধৰনৰ উপাদানৰ প্ৰতি সজাগ কৰাটোৱেই আজিৰ প্ৰদৰ্শনীৰ মুখ্য উদ্দেশ্য। সম্প্ৰতি চৰ্চা হোৱা মিলেটৰ খাদ্যগুণ সম্পৰ্কতো এই প্ৰদৰ্শনীত উপস্থাপন কৰা হয় যিটোৰ খাদ্যগুণ উল্লেখনীয়।
আজিৰ এই প্ৰদৰ্শনীখন মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত তথা কৃষি বিভাগ, অসম মিলেট মিছন, বঙাইগাঁও তথা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰা হয়।
এই বছৰৰ পোষণ মাহৰ বিষয় হৈছে "সুপোষিত ভাৰত,সাক্ষৰ ভাৰত,সশক্ত ভাৰত"।

আজিৰ জিলা পৰ্যায়ৰ প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া জয়ন্ত দাস,জিলা সমন্বয়ক জিতেন্দ্ৰ দাস, খণ্ড সমন্বয়কসকল ,মাণিকপুৰ , দাংতল, সৃজনগ্ৰাম সংহত শিশু বিকাশ কেন্দ্ৰৰ বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়া ,মহিলা আৰু শিশু বিকাশ বিভাগৰ মহিলা সবলীকৰণ কেন্দ্ৰৰ সমন্বয়ক বৰ্ষা ৰায়, কৌশিকা লহকৰ, দীতি মনি দাস, চুপাৰভাইজাৰসকল আৰু অংগনৱাডী কৰ্মীসকল উপস্থিত থাকে।

ইয়াৰ লগতে, বঙাইগাঁও জিলাৰ টাপাট্টাৰী সংহত শিশু বিকাশ প্ৰকল্পৰ অধীনৰ ১১৬ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩ৰ লগত সংগতি ৰাখি অসম চৰকাৰ আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্মাণ হৈ থকা মডেল অংগনবাড়ী কেন্দ্ৰ জনসাধাৰণৰ মাজত প্ৰচাৰৰ বাবে থলুৱা আৰু পেলনীয়া সামগ্ৰীৰ সহায়ত মডেল অংগনবাড়ী কেন্দ্ৰৰ এক আৰ্হি প্ৰস্তুত কৰি আজি অনুষ্ঠিত হোৱা জিলা পৰ্যায়ৰ পোষণ মাহৰ বিষয়বস্তু সমূহৰ প্ৰদৰ্শনী অনুষ্ঠানত প্ৰদৰ্শন কৰে।

উক্ত আৰ্হি কেন্দ্রটোত অংগনবাড়ী কেন্দ্ৰৰ দৈনন্দিন কাৰ্যকলাপ, বিভাগীয় সকলো আঁচনিৰ সজাগতা, পোষণ বাটিকা, যোগাসন লগতে শেহতীয়াকৈ হৈ যোৱা এক কৌটি গছপুলি ৰোপণ (অমৃত বৃক্ষ) ৰ নমুনা ধুনীয়াকৈ প্ৰতিফলিত কৰে।

অনুষ্ঠানৰ শেষত মডেল অংগনবাড়ী কেন্দ্ৰৰ আৰ্হিটো মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰা বঙাইগাঁও জিলাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ হাতত অৰ্পণ কৰা হয়।

  POSHAN BHI PADHAI BHI... As a part of observation of Poshan Maah 2023 in Bongaigaon District of Assam, the ECCE activi...
21/09/2023


POSHAN BHI PADHAI BHI...

As a part of observation of Poshan Maah 2023 in Bongaigaon District of Assam, the ECCE activities are conducted in all Anganwadi Centre.

Anganwadi Workers reuse some waste materials to make indigenous toys, games and engaging the parents and children on play based learning indigenous toys.

The overall aim of ECCE will be to attain optimal outcomes in the domains of physical and motor development, cognitive development, emotional development, cultural/artistic development, and the development of communication and early language, literacy, and numeracy.



বিশ্ব স্তনপান সপ্তাহ (১-৭ আগষ্ট ২০২৩)
02/08/2023

বিশ্ব স্তনপান সপ্তাহ (১-৭ আগষ্ট ২০২৩)

বঙাইগাঁও জিলাত পোষণ পখোৱাৰা ২০২৩ ৰ শুভ উদ্ধোধনী অনুষ্ঠান।বঙাইগাঁও জিলাত আজি ২১ মাৰ্চ ২০২৩ ইং তাৰিখে  জিলা উপায়ুক্ত কাৰ্য...
21/03/2023

বঙাইগাঁও জিলাত পোষণ পখোৱাৰা ২০২৩ ৰ শুভ উদ্ধোধনী অনুষ্ঠান।

বঙাইগাঁও জিলাত আজি ২১ মাৰ্চ ২০২৩ ইং তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বন্তি প্ৰজ্জ্বলনেৰে পোষণ পখোৱাৰা ২০২৩ ৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে মাননীয় জিলা অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত ভাস্কৰ দাসে । ইয়াৰ লগত সংগতি ৰাখি বঙাইগাওঁ জিলা মহিলা শিশু উন্নয়ন বিভাগ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত পোষণ পখোৱাৰা ২০২৩ ৰ মূল বিষয় বস্তুৰ লগত সংগতি ৰাখি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাননীয় জিলা অতিৰিক্ত উপায়ুক্তৰ সভাপতিত্বত এখনি সজাগতা সভাৰ আয়োজোন কৰা হয়।

উক্ত সভাত উপস্থিত থাকে মাননীয়া শ্রীযুতা শ্যামাশ্ৰী শইকীয়া ,সহকাৰী আয়ুক্ত, শ্ৰী যুত অপল দাস, জিলা নডেল বিষয়া, অসম মিলেট মিছন, বঙাইগাঁও, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু স্বাস্থ্য বিভাগৰ জিলা পৰ্যায়ৰ বিষয় ববীয়াসকলৰ লগতে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়া(ভাৰপ্ৰাপ্ত) শ্ৰীযুত ধীৰাজ তালুকদাৰ,জিলাৰ অধীনৰ প্ৰতিটো সংহত শিশু উন্নয়ন প্রকল্প বিষয়া সকল, মুখ্যসেৱীকা সকল, পোষণ অভিযানৰ বিষয়া আৰু কৰ্মচাৰী সকল,প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়ববীয়া আৰু অন্যান্য কর্মচাৰী বৃন্দ সভাত উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে জিলা অতিৰিক্ত উপায়ুক্তই উল্লেখ কৰে যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত ভাৰত চৰকাৰে দিয়া প্ৰস্তাব গ্ৰহণ কৰি ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি অসমত পোষণ পখোৱাৰা ২০২৩ উদযাপনৰ অধীনত মিলেটৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে ।

জিলা সমাজ কল্যাণ বিষয়া (ভাৰপ্ৰাপ্ত) শ্ৰী যুত ধীৰাজ তালুকদাৰে উল্লেখ কৰে যে ২০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা ,খণ্ড আৰু অংগণবাড়ী কেন্দ্ৰ পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা শিশু উন্নয়ন বিভাগে এইবছৰ পোষণ পখোৱাৰা ২০২৩ উদযাপন কৰিব ওলাইছে। ইয়াৰ মূল বিষয়বস্তু হিচাপে পৰিপুষ্টিগত সুস্থতাৰ বাবে ৰাইজৰ মাজত সজাগত সৃষ্টিৰ বাবে শ্ৰী অন্ন (মিলেট)ৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণ , সুস্থ শিশুৰ প্ৰতিযোগিতা আৰু সক্ষম অংগণবাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ এই তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ।

অসম মিলেট মিছনৰ বঙাইগাঁও জিলাৰ নডেল বিষয়া শ্ৰী যুত অপল দাসে শ্ৰী অন্ন (মিলেট)ৰ প্ৰকাৰ,গুণাগুণ, দৈনন্দিন আহাৰৰ তালিকাত মিলেটৰ অন্তৰ্ভুক্তি, পুষ্টিগত তুলনা আৰু বিভিন্ন ৰেছেপি তৈয়াৰীৰ সন্দৰ্ভত এক বিস্তৃত বৰ্ণনা প্ৰদান কৰে আৰু বঙাইগাওঁ জিলাত উৎপাদিত মৰোৱা (Finger Millet) প্ৰদৰ্শন কৰে।

ইয়াৰ লগতে পোষণ অভিযানৰ জিলা সমন্বয়ক জিতেন্দ্ৰ দাসে উল্লেখ কৰে যে মিলেট হৈছে বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস সেয়ে বিশেষকৈ মিলেট হৈছে প্ৰটিন, কেলচিয়াম, আইৰণ, জিংক,ভিটামিন B৬,ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস আৰু আঁহ সমৃদ্ধ থাকে যি শিশুৰ স্বাস্থ্যকৰ বিকাশৰ বাবে অত্যাবশ্যকীয় পুষ্টি যোগানত সহায় কৰে। মিলেটযুক্ত খাদ্য গ্ৰহণ কৰি মহিলা আৰু শিশুসকলৰ মাজত পুষ্টিহীনতা যেনে মেদবহুলতা, ৰক্তহীনতা, হিডেন হাংগাৰ ৰ আদি ৰোগ দূৰ কৰিব পাৰি বুলি উল্লেখ কৰে। ইয়াৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ সহযোগত একেলগ হৈ পালন কৰিব লগা পোষণ পখোৱাৰা ২০২৩ ৰ এখন দৈনন্দিন ভিত্তিত প্ৰস্তুত কৰা এখন কাৰ্যসূচীৰ ওপৰতো আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰে জনায় যে অনাগত দিনত মহিলা শিশু উন্নয়ন বিভাগে ২য় কন্যা শিশুৰ বাবে ৬০০০/- টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে জিলাখনত আজি ৰেলীৰ জৰিয়তে ডাংতল, টাপাট্টাৰী আৰু সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত খণ্ড পৰ্যায়ত পোষণ পখোৱাৰা ২০২৩ ৰ উদ্ধোধনী কৰে।
সদৌ শেষত মাননীয় জিলা অতিৰিক্ত উপায়ুক্ত শ্ৰী যুত ভাস্কৰ দাসে সকলো বিভাগলৈ জিলাখনত পোষণ পখোৱাৰা ২০২৩ ৰ সফল ৰূপায়নৰ বাবে আহ্বান জনায় ।

বঙাইগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি  ৩ছেপ্টেম্বৰ ২০২২ বঙাইগাঁও জিলাত আজি বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ ম...
03/09/2022

বঙাইগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভণি

৩ছেপ্টেম্বৰ ২০২২

বঙাইগাঁও জিলাত আজি বন্তি প্ৰজ্জ্বলনেৰে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত নবদ্বীপ পাঠকে।এই উপলক্ষ্যে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সভাপতিত্ব কৰে উপায়ুক্ত নবদ্বীপ পাঠকে।মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত অনুষ্ঠিত এই সভাত জিলাখনত মহিলা আৰু শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰি পৰিপুষ্টিপ্ৰাপ্ত কৰিবলৈ উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগ,জনস্বাস্থ্য কাৰিকৰী,শিক্ষা,অসম গ্ৰামীণ জীৱিকা মিছন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,বন বিভাগ,পশুপালন,কৃষি আদি বিভাগৰ লগত সমন্বিতভাৱে কাম কৰিবলৈ আহ্বান জনায়।স্বাস্থ্য বিভাগৰ লগত অভিযান চলাই মহিলাৰ ৰক্তহীনতা দূৰীকৰণ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে মহিলা আৰু শিশুৰ বাবে বিশুদ্ধ পানী যোগানৰ জৰিয়তে বিভিন্ন ৰোগৰ পৰা তেওঁলোকক মুক্ত কৰা,অসম গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে মহিলাৰ আৰ্থিক স্বাৱলম্বন নিশ্চিত কৰি নিজৰ আৰু শিশুৰ স্বাস্থ্য অটুট ৰখা,পঞ্চায়তৰ জৰিয়তে সমাজৰ মহিলা আৰু কিশোৰী তথা শিশুৰ পৰিপুষ্টি সম্পৰ্কত সজাগ কৰা,বন বিভাগৰ সহায়ত অঙ্গনৱাডী কেন্দ্ৰ চৌহদত ফল-মূলৰ বৃক্ষৰোপণ কৰা,পশুপালনৰ জৰিয়তে খাদ্যপ্ৰাণযুক্ত খাদ্য সুলভ কৰা আদি কামৰ জৰিয়তে আমি মহিলা তথা শিশুসকলক কুপুষ্টিমুক্ত কৰিব পাৰো বুলি উপায়ুক্ত শ্ৰী পাঠকে উল্লেখ কৰে।
সভাৰ আৰম্ভণিতে পোষণ অভিযানৰ জিলা সমন্বয়ক জিতেন্দ্ৰ দাসে পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্দেশ্য আৰু লক্ষ্য দাঙি ধৰে।তেওঁ কয় যে এই বছৰৰ পোষণ মাহৰ বিষয়বস্তু হৈছে-মহিলা সবলীকৰণ,শিক্ষিত শিশু আৰু স্বাস্থ্যৱান ভাৰত(Women Empowerment, Literate Child, Healthy India)।
আজিৰ সভাৰ পূৰ্ৱে উপায়ুক্ত কাৰ্যালয় চৌহদত গাঁও এলেকাতে সহজলভ্য খাদ্যপ্ৰাণযুক্ত খাদ্যৰ প্ৰদৰ্শনী এখন মুকলি কৰে উপায়ুক্ত নবদ্বীপ পাঠকে।
আজিৰ পোষণ মাহৰ শুভাৰম্ভণি সভাত অতিৰিক্ত উপায়ুক্ত জেনিফাৰ ইয়াচমিন চৌধুৰী,সহকাৰী আয়ুক্ত শ্যামাশ্ৰী শইকীয়া,মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা বিষয়া(ভাৰপ্ৰাপ্ত) ধীৰাজ তালুকদাৰ,ডাংতল শিশু উন্নয়ন প্ৰকল্প বিষয়া পূৰ্ণিমা মহন্ত, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা সমন্বয়ক কৌশিকা লহকৰ,জিলাখনৰ মুখ্য সেৱিকাসকল, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক(ভাৰপ্ৰাপ্ত)জোৎস্না ৰাণী বৰ্মণ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আই ই চি কনচালটেন্ট ভনিতা দেৱী আৰু পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰৰ স্বাস্থ্য বিষয়া উপস্থিত থাকে।

জিতেন্দ্ৰ দাস,
জিলা সমন্বয়ক

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগতো ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ 'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১'...
07/09/2021

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগতো ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ 'ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১' পালন কৰি থকা হৈছে | পোষণ মাহৰ কাৰ্যসূচীৰ অধীনত আজি জিলাখনত থকা মুঠ ১১১৬ টা অংগনৱাড়ী কেন্দ্ৰতে পোষণ বাটিকা অৰ্থাৎ অংগনৱাডী কেন্দ্ৰ চৌহদত একোখন ফলমূলৰ বাগিচা পতাৰ বাবে গছপুলি ৰোপন কৰা হয়।
বিশেষকৈ জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচৰ নিৰ্দেশমৰ্মে আজিৰ দিনটোতে ১১১৬ টা অংগনৱাড়ী কেন্দ্ৰতে কলগছৰ পুলি ৰোপন কৰা হয়।
বীৰঝৰা চাহ বাগিচাৰ অন্তৰ্গত ১২৮ নং অংগনৱাড়ী কেন্দ্ৰত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঙাইগাওঁ জিলা মহকুমাধিপতি (সদৰ) তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া মোগেন নৰহ দেবে I

Inauguration Ceremony of Rashtriya POSHAN Maah 2021 (1st Sep - 30th Sep) under Poshan Ahiyaan (Social Welfare Deptt.) he...
01/09/2021

Inauguration Ceremony of Rashtriya POSHAN Maah 2021 (1st Sep - 30th Sep) under Poshan Ahiyaan (Social Welfare Deptt.) held today at Conference Hall, DC Office, Bongaigaon.Hon'ble Deputy Commissioner Dr. M.S Lakshmi Priya,IAS inaugurated the programme by lighting of lamp in presence of CEO,Zilla Parishad, Addl. Deputy Commissioners , Asstt. Commissioners,all HODs of Line departments, CDPOs, Supervisors, Poshan Abhiyaan officials and NGOs under Bongaigaon district. During the programme Hon'ble Deputy Commissioner discussed all activities to be carried out in the entire month and directed to all department to make innovative plan on make jan andolon for nutrition of Pregnant women, Malnourished childrens, Adolescent girls during the entire month and ensure to make it successful.

21/01/2021

বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ পোষণ অভিযানৰ অন্তৰ্গত জিলা প্ৰকল্প সহায়ক আৰু খণ্ড প্ৰকল্প সহায়ক পদৰ লিখিত পৰীক্ষাৰ বাবে বাচনি হোৱা প্ৰাৰ্থীসমূহে এডমিট কাৰ্ড সমূহ বঙাইগাঁও জিলা ৱেবছাইট bongaigaon.gov.in ৰ পৰা তলত দিয়া লিংক টোৰ পৰা ডাউনলোড কৰি লব পাৰিব

https://bongaigaon.gov.in/resource/download-admit-card-for-district-project-assistant-and-block-project-assistant-under-poshan

(উল্লেখিত পদৰ লিখিত পৰীক্ষাৰ বাবে বাচনি হোৱা প্ৰাৰ্থীৰ তালিকা বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জাননী বোৰ্ডত দিয়া হৈছে)

লিখিত পৰীক্ষাৰ তাৰিখ : ৩১-০১-২০২১ ইং
স্থান : বীৰঝৰা কন্যা মহাবিদ্যালয়,বঙাইগাঁও
সময় : ১০ বজাৰ পৰা ১২ বজা (খণ্ড প্ৰকল্প সহায়ক)
১ বজাৰ পৰা ৩ বজালৈ ( জিলা প্ৰকল্প সহায়ক)

Address

Bongaigaon
783380

Alerts

Be the first to know and let us send you an email when POSHAN Abhiyaan Bongaigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to POSHAN Abhiyaan Bongaigaon:

Share