Monalisha Konch

Monalisha Konch Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Monalisha Konch, Bongaigaon.

● Former President of District BJP Yuva Morcha, Bongaigaon ● Former Secretary of Mahila Morcha BJP Assam Pradesh ● Former District Secretary, Bongaigaon ● Sectary of BJP Assam Pradesh

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ 'পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযান'ৰ এদিনীয়...
01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ 'পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযান'ৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত দলৰ কাৰ্যকৰ্তাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া আৰু মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকি দলীয় কাৰ্যকৰ্তাসকলক বিশেষভাৱে মাৰ্গদৰ্শন কৰে।
​উল্লেখ্য যে, দলীয় সংগঠনৰ ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা আৰম্ভ কৰি মণ্ডল তথা বুথ স্তৰলৈকে ব্যাপক ৰূপত 'নিৱাসী প্ৰশিক্ষণ বৰ্গ' অনুষ্ঠিত কৰা হ’ব।

BJP Assam Pradesh
Narendra Modi
Dilip Saikia
Himanta Biswa Sarma

"মুক্তিত নিস্পৃহ যিটো সিটো ভক্তিবৈষ্ণৱ।পৰম আনন্দে ৰসে মজিয়া ৰহয়॥"সমগ্ৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ, জ্ঞান আৰু ভক্তিৰ সাগৰ,...
01/06/2026

"মুক্তিত নিস্পৃহ যিটো সিটো ভক্তিবৈষ্ণৱ।
পৰম আনন্দে ৰসে মজিয়া ৰহয়॥"
সমগ্ৰ অসমীয়া জাতিৰ প্ৰাণস্বৰূপ, জ্ঞান আৰু ভক্তিৰ সাগৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সকলোলৈকে সশ্ৰদ্ধ প্ৰণিপাত আৰু আন্তৰিক ওলগ জনালোঁ।
আজিৰ এই পৱিত্ৰ দিনটোত গুৰুজনাৰ চৰণ কমলত সেৱা জনাই প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ অমিয়া সৃষ্টি ‘নামঘোষা’ আৰু ‘বৰগীত’ৰ পৱিত্ৰ সুৰেৰে আমাৰ সমাজখন আধ্যাত্মিকতা আৰু একতাৰ জৰীৰে বান্ধ খাই ৰওক। গুৰুজনাৰ মহান আদৰ্শই আমাৰ সকলোৰে মন বুৰঞ্জী আৰু সমাজখনক ভক্তিৰসেৰে আলোকিত কৰি তোলক।
চৌদিশে গুঞ্জৰিত হওক হৰিনামৰ ধ্বনি...
জয় গুৰু শংকৰ, জয় গুৰু মাধৱ

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান ২০২৬।প্ৰশিক্ষকৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰোঁ।Attending Pt. Deen Dayal Uphadhya...
31/05/2026

পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান ২০২৬।
প্ৰশিক্ষকৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰোঁ।

Attending Pt. Deen Dayal Uphadhyaya Prashikshana Mahabhiyana

Purvottar zone workshop, at Kolkata.

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Ravindra Raju

Good morning from Kolkata
31/05/2026

Good morning from Kolkata

আজি বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য‍্যালয়ত জিলা বিজেপিৰ কৰ্ণধাৰ সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বঙাইগাঁও...
29/05/2026

আজি বঙাইগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য‍্যালয়ত জিলা বিজেপিৰ কৰ্ণধাৰ সমিতিৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায় ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত জিলাখনৰ সামগ্ৰিক সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰা হয়।
​উক্ত সভাত বঙাইগাঁও জিলা বিজেপিৰ সহ-প্ৰভাৰী বেনুধৰ নাথ ডাঙৰীয়াৰ লগতে শেহতীয়াভাৱে নিৰ্বাচিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়ক ভূপেন ৰায় ডাঙৰীয়া বিশেষভাৱে উপস্থিত থাকে। দলীয় কৰ্মকৰ্তা সৱলীকৰণ আৰু জিলাখনত দলৰ ভেটি অধিক মজবুত কৰাৰ লক্ষ্যৰে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Himanta Biswa Sarma
BJP Assam Pradesh
Ravindra Raju
Benudhar Nath
Dilip Saikia

বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ' শীৰ্ষক কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে আজি এখন গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকত অং...
28/05/2026

বিশ্বাস, উন্নয়ন আৰু জনকল্যাণৰ ১২ বছৰ' শীৰ্ষক কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে আজি এখন গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰোঁ।
​উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মাননীয় শ্ৰীযুত Narendra Modi ডাঙৰীয়াই ১২ বছৰীয়া কাৰ্যকাল সফলতাৰে সম্পন্ন কৰিছে। মোডী ডাঙৰীয়াৰ নেতৃত্বত দেশজুৰি চলা এই ১২ বছৰীয়া অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰাক ৰাইজৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিয়ে এক ব্যাপক জনসম্পৰ্ক অভিযানৰ জৰিয়তে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।
​ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সম্পাদক হিচাপে আজি আমাৰ পৰম আদৰণীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অংশ লওঁ। বৈঠকত অহা ৩১ মে’ত আয়োজন হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ ১৩৪ সংখ্যক ‘মন কী বাত’, ৫ জুনৰ 'বিশ্ব পৰিৱেশ দিৱস' আৰু ২১ জুনৰ 'আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস' মণ্ডল পৰ্যায়ত সুচাৰুৰূপে আয়োজন কৰাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়।

​বৈঠকত আমাৰ সন্মানীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াইও অংশগ্ৰহণ কৰি কাৰ্যসূচীসমূহ তৃণমূল পৰ্যায়ত শক্তিশালী ৰূপত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিজৰ গুৰুত্বপূৰ্ণ মতামত আৰু মাৰ্গদৰ্শন ব্যক্ত কৰে।
​দলৰ শীৰ্ষ নেতৃত্বৰ বলিষ্ঠ মাৰ্গদৰ্শনত আৰু সকলো সতীৰ্থৰ সহযোগত এই জনকল্যাণমূলক কাৰ্যসূচীসমূহ অসমৰ চুকে-কোণে সফল কৰি তুলিবলৈ আমি সম্পূৰ্ণৰূপে সংকল্পবদ্ধ।
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত...
26/05/2026

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত শ্ৰীশ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বিশেষ সাংগঠনিক বৈঠক সফলতাৰে অনুষ্ঠিত হৈ যায়। উক্ত গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই সভাপতিত্ব কৰে। লগতে দলৰ সন্মানীয় ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াৰ গৌৰৱোজ্জ্বল উপস্থিতিয়ে অনুষ্ঠানটিক অধিক মৰ্যাদাপূৰ্ণ কৰি তোলে।

​এই বিশেষ বৈঠকত সন্মানীয় সাংসদবৃন্দ, ৰাজ্যিক বিষয়ববীয়া, জিলা সভাপতি, জিলা প্ৰভাৰী, মণ্ডল সভাপতি তথা বিভিন্ন মৰ্চাৰ প্ৰতিনিধিসকলে সশ্ৰদ্ধ উপস্থিতি প্ৰদান কৰে। সকলোৰে সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত এই বৈঠকত দলীয় সংগঠনক আগন্তুক দিনত অধিক গতিশীল আৰু শক্তিশালী কৰাৰ দিশত বিস্তৃত আলোচনা সম্পন্ন কৰা হয়।
​বিশেষকৈ, আগন্তুক দিনসমূহত দলীয় সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে তৃণমূল পৰ্যায়লৈ আদৰ্শভিত্তিক সাংগঠনিক কৰ্মসূচীসমূহ কিদৰে অধিক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব পাৰি, সেই বিষয়তো এই বৈঠকত গভীৰ চিন্তন-মন্তন কৰা হয়। দলৰ সমূহ কাৰ্যকৰ্তাৰ সন্মিলিত প্ৰচেষ্টাৰে সংগঠনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সকলোৱে সংকল্প গ্ৰহণ কৰে।

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma

ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় কেন্দ্ৰীয় ৰাষ্ট্ৰীয় অধ্যক্ষ, সুদক্ষ সংগঠক তথা কৰ্মীসকলৰ প্ৰেৰণাৰ উৎস Nitin Nabin ডাঙৰীয়া...
23/05/2026

ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় কেন্দ্ৰীয় ৰাষ্ট্ৰীয় অধ্যক্ষ, সুদক্ষ সংগঠক তথা কৰ্মীসকলৰ প্ৰেৰণাৰ উৎস Nitin Nabin ডাঙৰীয়ালৈ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

​আপোনাৰ বলিষ্ঠ নেতৃত্ব, দূৰদৰ্শী চিন্তা আৰু সাংগঠনিক দক্ষতাই সমগ্ৰ দেশৰ লগতে আমাৰ দলীয় সতীৰ্থসকলক সদায় এক নতুন দিশেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰি আহিছে। আপোনাৰ সবল নেতৃত্বত দলীয় সংগঠন অধিক শক্তিশালী হৈ উঠক, তাৰেই কামনা কৰিলোঁ।
​পৰমেশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সৰ্বাংগীন মংগল প্ৰাৰ্থনা কৰিলোঁ। আপোনাৰ আগন্তুক দিনবোৰ সফলতাৰে ভৰি পৰক।
BJP Assam Pradesh
Narendra Modi

আজি আমাৰ বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত এক অত্যন্ত গৌৰৱময় তথা উলহ-মালহপূৰ্ণ পৰিৱেশত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। বঙা...
19/05/2026

আজি আমাৰ বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত এক অত্যন্ত গৌৰৱময় তথা উলহ-মালহপূৰ্ণ পৰিৱেশত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰী সমষ্টিৰ নৱ-নিৰ্বাচিত সন্মানীয় বিধায়ক শ্ৰী ভূপেন ৰায় ডাঙৰীয়া আৰু বঙাইগাঁও সমষ্টিৰ নৱ-নিৰ্বাচিতা সন্মানীয়া বিধায়িকা শ্ৰীমতী দীপ্তিময়ী চৌধুৰী ডাঙৰীয়াণীক আজি জিলা কাৰ্যালয়ত দলীয় সতীৰ্থসকলৰ উপস্থিতিত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

​জনতাৰ বিপুল সঁহাৰি আৰু এন ডি এ (NDA) মিত্ৰজোঁটৰ প্ৰতিটো স্তৰৰ কাৰ্যকৰ্তাসকলৰ নিৰলস পৰিশ্ৰমৰ ফচল এই ঐতিহাসিক বিজয়। "মেৰা বুথ, আটাইতকৈ মজবুত" — এই মূল মন্ত্ৰক সাৰোগত কৰি তৃণমূল পৰ্যায়ৰ প্ৰতিগৰাকী সতীৰ্থই কৰা ত্যাগৰ বাবেই আজি এই সফলতা সম্ভৱ হৈছে। আমি দৃঢ়বিশ্বাসী যে এই দুয়োগৰাকী সুযোগ্য জনপ্ৰতিনিধিৰ সবল নেতৃত্বত আমাৰ অঞ্চলৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ’ব।

​নৱ-নিৰ্বাচিত বিধায়কদ্বয়ক আমাৰ সমগ্ৰ জিলা বিজেপি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ওলগ তথা এক সফল কাৰ্যকালৰ বাবে বহুত বহুত শুভকামনা জনালোঁ। 💐🙏
​ভাৰত মাতা কী জয়🇮🇳
বিজেপি জিন্দাবাদ
এন ডি এ মিত্ৰজোঁট জিন্দাবাদ
BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma
Bhupen Ray

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ বুকুত ভাৰতৰ কূটনৈতিক প্ৰভাৱ দিনক দিনে অধিক সুদৃঢ় হৈ পৰিছে। বিগত ক...
19/05/2026

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিশ্বৰ বুকুত ভাৰতৰ কূটনৈতিক প্ৰভাৱ দিনক দিনে অধিক সুদৃঢ় হৈ পৰিছে। বিগত কেইবাটাও দশক ধৰি থমকি ৰোৱা কূটনৈতিক সম্পৰ্কৰ অন্ত পেলাই ভাৰতে এতিয়া গোলকীয় প্ৰেক্ষাপটত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।
এই ধাৰাবাহিকতা ৰক্ষা কৰি শেহতীয়াকৈ ২০২৬ বৰ্ষত সুদীৰ্ঘ ৪৩ বছৰৰ এক বৃহৎ বিৰতিৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী মোদীয়ে নৰৱেৰ মাটিত এক ঐতিহাসিক ভ্ৰমণ সম্পন্ন কৰে।

BJP Assam Pradesh
Dilip Saikia
Himanta Biswa Sarma

Address

Bongaigaon

Website

Alerts

Be the first to know and let us send you an email when Monalisha Konch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share