21/09/2026
অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ। 🙏🌸
যি গৰাকী মহান মনীষীৰ অপৰিসীম অৱদানেৰে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ-জীৱন সমৃদ্ধ হৈ পৰিল, সেই জগতগুৰুৰ বৈষ্ণৱাদৰ্শ, একশৰণ নামধৰ্ম আৰু সাম্যভাৱৰ যুগজয়ী বাণী সমগ্ৰ মানৱ সমাজৰ বাবে চিৰকাল দিশদৰ্শক হৈ ৰ'ব।
বৰগীত, অংকীয়া নাট, ভাওনা, সত্ৰ সংস্কৃতি আৰু নামঘৰৰ মাহাত্ম্যেৰে সমগ্ৰ অসমীয়া জাতিক ঐক্যৰ দোলেৰে বান্ধি ৰখা মহাপুৰুষজনাৰ শ্ৰীচৰণত মোৰ কোটি কোটি সেৱা। গুৰুজনাৰ কৃপাত সকলোৰে জীৱনলৈ শান্তি, সংহতি, ভক্তি আৰু কল্যাণ নামি আহক।
জয় গুৰু শংকৰ