12/06/2026
শিশুৱেই আমাৰ আগন্তুক দিনৰ ৰাষ্ট্ৰৰ ভৱিষ্যৎ শক্তি। সেয়েহে প্ৰতিজন শিশুক শিক্ষা, মূল্যবোধ আৰু সপোনেৰে বিকশিত হোৱাৰ সুযোগ প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব। শিশুৰ কোমল হাতত শ্ৰমৰ বোজা নহয়, কেৱল দিব লাগিব জ্ঞান, আশা আৰু সম্ভাৱনাৰ পোহৰ।
বিশ্ব শিশু শ্ৰমবিৰোধী দিৱসৰ এই তাৎপৰ্যপূৰ্ণ দিনত আহক, আমি সকলোৱে শিশুশ্ৰমমুক্ত, শিক্ষানুৰাগী আৰু মানৱিক সমাজ গঢ়ি তোলাৰ সংকল্প লওঁ। প্ৰতিজন শিশুৰ সুৰক্ষিত শৈশৱ আৰু উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাই হওক আমাৰ লক্ষ্য।