RYA, Biswanath - Assam

RYA, Biswanath - Assam Inquilab zindabad Promote and follow the ideology of Bhagat Singh and Bhimrao Ambedkar

*৩/২/২০২১ তাৰিখ। বিশ্বনাথ জিলাৰ ছাত্র-ছাত্ৰীৰ ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ সমস্যা দুৰ কৰাৰ সন্দৰ্ভত উপায়ুক্ত লৈ স্মাৰক পত্...
04/02/2021

*৩/২/২০২১ তাৰিখ।
বিশ্বনাথ জিলাৰ ছাত্র-ছাত্ৰীৰ ৰাজহুৱা যাতায়াত ব্যৱস্থাৰ সমস্যা দুৰ কৰাৰ সন্দৰ্ভত উপায়ুক্ত লৈ স্মাৰক পত্ৰ প্ৰদান দুই সংগঠনৰ।
বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰিছে যে বিগত দিনকেইটাত বিশ্বনাথ জিলাৰ মহাবিদ্যালয়, বিহালী মহাবিদ্যালয়, জ্ঞানম একাডেমীকে আদি কৰি বিভিন্ন মহাবিদ্যালয়, স্কুলৰ ছাত্র-ছাত্ৰীসকল যাতায়তৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সমস্যা ৰ সন্মুখীন হৈ থকাৰ পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ'ল যে ৰাজহুৱা বাছ সমূহে ছাত্র-ছাত্ৰীসকলক বাছত উঠাৰ ক্ষেত্ৰত বাধা প্রদান কৰি আহিছে। যাৰ ফলত ৰাতিপুৱা শ্ৰেণী আৰম্ভ হোৱাৰ আগত আৰু আবেলি শ্ৰেণী শেষ হোৱাৰ পিছত বিভিন্ন চেন্টাৰত ছাত্র-ছাত্ৰীসকল বাছৰ কাৰণে বোন্দাপৰ দি থাকিবলগীয়া হয়। বহু ঠাইত বাছ নাপাই ৰাতিলৈও ছাত্র-ছাত্ৰীসকল ৰৈ থকা দেখা যায়। বেদেতি, বৰগাং, নাচবৰ, বিশ্বনাথ চাৰিআলি আদি বাছ চেন্টাৰসমূহত বৰ্তমান এই দৃশ্য সূলভ হৈ পৰিছে। সেয়ে মহোদয়ক ছাত্র-ছাত্ৰীৰ যাতায়াত সুনিশ্চিত কৰিবৰ বাবে আমি দুই সংগঠনে দাবী উত্থাপন কৰিছো যে-১। ৫০% অৰ্থাৎ আধা ভাড়াত ছাত্র-ছাত্ৰীসকলৰ ৰাজহুৱা যাতায়ত ব্যৱস্থা সুনিশ্চিত হ'ব লাগে।
২। কোনো বাছে যাতে ছাত্র-ছাত্ৰীক এৰি থৈ নাযায় সেই বিষয়ে জিলা প্ৰশাসনে উচিত ব্যৱস্থা ল'ৱ লাগে।
দুই সংগঠনে দাবী সন্মিলিত স্মাৰক পত্ৰখনত নিখিল ভাৰত ছাত্র সন্থাৰ উপ-সভাপতি জ্যোতিপ্রকাশ বৰা,বিহালী স্নাতক মহাবিদ্যালয়ৰ একতা সভাৰ সাধাৰণ সম্পাদক মৃদুল চৱৰ আৰু বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ মূখ্য আহ্বায়ক পৰিমল গোঁড়ে স্বাক্ষৰ কৰি উপায়ুক্তলৈ প্ৰেৰণ কৰে।

অহা ১৪ অক্টোবৰ  তাৰিখে বৰগাং চেন্টাৰত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত  বিজেপিৰ জনবিৰোধী নীতিৰ বিৰু...
12/10/2020

অহা ১৪ অক্টোবৰ তাৰিখে বৰগাং চেন্টাৰত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে হবলগীয়া প্ৰতিবাদত সকলোৱে যোগদান কৰক ।।

বিপ্লৱী যুৱ সন্থা(RYA) আৰু নিখিল ভাৰত ছাত্র সন্থা(AISA)য়ে চাৰি বছৰ ধৰি বন্ধ হৈ থকা নগাওঁ (জাগীৰোড) কাগজ কল আৰু কাছাৰ কা...
18/09/2020

বিপ্লৱী যুৱ সন্থা(RYA) আৰু নিখিল ভাৰত ছাত্র সন্থা(AISA)য়ে চাৰি বছৰ ধৰি বন্ধ হৈ থকা নগাওঁ (জাগীৰোড) কাগজ কল আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণৰ বাবে আজি বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্রীলৈ তিনি দফীয়া দাবী সন্মিলিত স্মাৰক পত্র প্ৰেৰণ কৰে। অসমৰ বিভিন্ন জিলাৰ পৰা কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ দাবীত সংগঠন দুটাই আজি প্ৰতিবাদী কাৰ্যসূচী সাৱস্ত্য কৰাৰ লগতে মুখ্যমন্ত্রী লৈ স্মাৰক পত্র প্ৰেৰণ কৰে।
দাবী সমূহ:-
১। কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণৰ নিদিষ্ট প্ৰস্তাৱ ২১ চেপ্তেম্বৰৰ আগতে ৰাজ্য চৰকাৰে এন চি এল টিত দাখিল কৰক।
২। ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰ নামত ঘোষনা কৰা ১২০০০ কোটি টকাৰ পেকেজৰ পৰা ১২০০ কোটি টকা নগাঁও(জাগীৰোড) আৰু কাছাৰ কাগজ কলৰ পুনৰুজ্জীৱিতকৰণৰ নামত ধাৰ্য্য কৰক।
৩। সংস্থাপন ধ্বংস নহয়, সংস্থাপনৰ নতুন নতুন ক্ষেত্র মুকলি কৰক।

15/08/2020
ৰাজ্যিক সমিতিৰ আহ্বান ক্ৰমে  RYA আৰু AISA য়ে আজি বিভিন্ন জিলাত মানৱ শৃংখলৰ  #প্ৰতিবাদ।  বিপ্লৱী যুৱ সন্থা(RYA)আৰু নিখিল...
02/08/2020

ৰাজ্যিক সমিতিৰ আহ্বান ক্ৰমে RYA আৰু AISA য়ে আজি বিভিন্ন জিলাত মানৱ শৃংখলৰ #প্ৰতিবাদ।
বিপ্লৱী যুৱ সন্থা(RYA)আৰু নিখিল ভাৰত ছাত্র সন্থা(AISA)ৰ উদ্যোগত শেহতীয়াভাৱে চৰকাৰে লোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP-2020) আৰু পৰিবেশ প্ৰভাৱ নিৰূপন অধিসূচনা(EIA-2020)বাতিলৰ দাবীত মানৱ শৃঙ্খল কাৰ্যসূচীৰে প্ৰতিবাদ সাৱস্ত্য কৰে।
প্ৰতিবাদী কাৰ্যসূচীত নিম্ন উল্লেখিত দাবীৰ ফেষ্টুন সংগঠনদ্বয়ে প্ৰদৰ্শন কৰে।
১: ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ বাতিল কৰক।
২: পৰিৱেশ প্ৰভাৱ নিৰূপন অধিসূচনা (EIA 2020) বাতিল কৰক।
৩: শিক্ষাৰ ব্যক্তিগতকৰণ বন্ধ কৰক।
৪: শিক্ষাৰ বানিজ্যকৰণ বন্ধ কৰক।
৫: ৰাজহুৱা শিক্ষানুষ্ঠান বন্ধ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক।
৬: অসমৰ প্ৰাকৃতিক সম্পদ ধ্বংস কৰা বন্ধ কৰক।
৭: পৰিৱেশ ৰক্ষা কৰক।

https://m.facebook.com/story.php?story_fbid=3144115855671783&id=114574951959237
29/07/2020

https://m.facebook.com/story.php?story_fbid=3144115855671783&id=114574951959237

#लॉकडाउन के नाम पर पुलिस की गुंडागर्दी: RYA करेगा संघर्ष न्याय के लिए #छात्र की बर्बर पिटाई की, मेडिकल करवाने की बजाय, न...

Flood and flood.
17/07/2020

Flood and flood.

আজি বীৰ বীৰচা মুণ্ডাৰ  #শ্বহীদ  #দিৱস। বিপ্লৱী যুৱ সন্থা (RYA) ৰাজ্যিক আহ্বায়ক সমিতিয়ে প্ৰতি বছৰে পাতি অহা শ্বহীদ দিৱসট...
09/06/2020

আজি বীৰ বীৰচা মুণ্ডাৰ #শ্বহীদ #দিৱস। বিপ্লৱী যুৱ সন্থা (RYA) ৰাজ্যিক আহ্বায়ক সমিতিয়ে প্ৰতি বছৰে পাতি অহা শ্বহীদ দিৱসটো অসমৰ বিভিন্ন জিলাত বীৰ বীৰচা মুণ্ডাৰ আজি "শ্বহীদ দিৱস" পালন কৰা হয়।
১৮৯৫ চনত বীৰচা মুণ্ডা ৰ নেতৃত্বত সংগঠিত হৈছিল- 'উলগুলান'।
উলগুলানৰ অৰ্থ হৈছে বিদ্ৰোহ। উলগুলানৰ জুইত জংঘল নজ্বলে, জ্বলে মানুহৰ হৃদয়, জ্বলে মানুহৰ তেজ। সেই জুইত জংঘল নজ্বলে; জংঘলে নতুনকৈ মুণ্ডা-আইৰ দৰে, বীৰচাৰ মাকৰ (মাক মানে অৰণ্যক কোৱা হৈছে)দৰে জংঘলৰ সন্তান বোৰক কোলাত তুলি লয়। বীৰচাই অৰণ্যৰ অধিকাৰ বিচাৰিছিল। অৰণ্য কাঢ়ি ল'ব দিকুবিলাকৰ দখলৰ পৰা। অৰণ্য আদিবাসী বিলাকৰ মাক। দিকুবিলাকে আদিবাসী বিলাকৰ জননীক অশুচি কৰি থৈছে। উলগুলানৰ জুই জ্বলাই বীৰচাই জননীক শুচি কৰিবলৈ বিচাৰিছিল।
বীৰচাৰ নেতৃত্বত আদিবাসীসকলে বিদ্ৰোহ কিয় কৰিছিল? অত্যাচাৰী দিকু'ৰ পৰা মুক্তিৰ বাবে। আদিবাসীসকলে তেতিয়া গাইছিল - 'দিকু জাতি দুকু দাসা আতুমান দিসুম'
জমিদাৰৰ অত্যাছাৰত মানুহৰ ওপৰত কৰা অবিচাৰত এক উথাল-পাথান।
'ব'লা ধৰো ধেনু আৰু কাঁড় আৰু কুঠাৰ'
আজি আমাৰ বাবে জীৱনতকৈ মৰণ প্ৰিয়।
কোণ এই দিকু?
দিকু হৈছে ইংৰাজ, জমিদাৰ, ইংৰাজৰ গোলাম কৰ্মচাৰী, বেপাৰী,ধৰ্মৰ বেপাৰীসকল যিসকলে আদিবাসীসকলক উৰ্বৰ মাটি কেৱল জোৰ কৰি দখল কৰাতেই ক্ষান্ত নাথাকি আদিবাসীৰ ভাষা- সংস্কৃতিক ধ্বংস কৰাৰ লগতে তেওলোকক গাঁও এৰি অঘৰীৰ দৰে
জীৱন কটাবলৈ বাধ্য কৰিছিল। তাৰ পিছতো এই অত্যাচাৰী 'দিকু' বোৰে আদিবাসীসকলক ডকাইত বুলি কৈছিল।
১৮৯৫ ৰপৰা ১৯০০চনলৈকে সেইবাবে আদিবাসীসকলে বীৰচাৰ নেতৃত্বত বিদ্ৰোহ কৰিবলৈ বাধ্য হয়। বিৰচাই আদিবাসীসকলৰ মুক্তিৰ যি সপোন দেখিছিল আজি স্বাধীনতাৰ ৭২ বছৰৰ পিছতো সেই মুক্তিৰ সপোন সপোন হৈয়ে আছে।
২৫০,০০০ আদিবাসী লোক আজিৰ স্বাধীন ভাৰতত গৃহহীন। তেওঁলোক ক'ত, ক'লৈ গ'ল কাৰো ওচৰত তথ্য নাই। অসমৰ চাহ বাগিছাৰ কৰ্মৰত চাহ শ্ৰমিকসকল আজিও দাসত্বৰ পৰা
মুক্ত হব পৰা নাই।
ঊনবিংশ শতিকাৰ আৰম্ভণিতে অৰণ্যৰ সন্তান,বঞ্চিত আৰু নিৰ্যাতিত আদিবাসীসকলৰ স্বাধীকাৰৰ আপোচহীন সংগ্ৰামী যুদ্ধা বীৰ বীৰচা মুণ্ডাৰ ১২০ তম শ্বহীদ দিৱস ক সোঁৱৰণ কৰিছো।

এইয়া আজিৰ দৃশ্য।চাৰিওফালে জুই আৰু জুই!! ২৭ মে'ৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই OIL য়ে। বাঘজানৰ তেল খাদৰ পৰা গেছ নিৰ্গ...
09/06/2020

এইয়া আজিৰ দৃশ্য।চাৰিওফালে জুই আৰু জুই!! ২৭ মে'ৰ পৰা গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই OIL য়ে। বাঘজানৰ তেল খাদৰ পৰা গেছ নিৰ্গমন হৈয়েই আছে। মানুহৰ লগতেই ডিব্ৰু-ছৈখোৱাৰ জৈৱ বৈচিত্ৰৰ প্ৰতি এই ঘটনা অত্যন্ত বিপদজনক। ইয়াৰ পিছতো কোনো ধৰণৰ জনশুনানি নোহোৱাকৈ ভাৰত চৰকাৰে ডিব্ৰু-চৈখোৱাৰ নতুনকৈ ৭ টা স্থানত খাদ বঢ়োৱাৰ সিদ্ধান্ত লোৱাটো কিমান যুক্তিপূৰ্ণ।

Address

Biswanath Chariali
784167

Telephone

+917896429005

Website

Alerts

Be the first to know and let us send you an email when RYA, Biswanath - Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to RYA, Biswanath - Assam:

Share