20/03/2026
অসমৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্প জুবিন বিহীন অসমত প্ৰথম ঈদ-উল ফিতৰ। পূৰ্বৰ দৰে এইবাৰ ঈদত দেখা পোৱা নাই সেই উচ্ছা, উদ্দীপনা আৰু আনন্দ। এই বেলি অসমৰ মুছলমান সমাজে হৃদয়ত আমাৰ সকলোৰে প্ৰাণৰ শিল্প জুবিন দাৰ ন্যায়ৰ আশা সৰগত কৰি অনুষ্টুপীয়াকৈ ঈদ-উল ফিতৰ উদযাপন কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ঈদ-উল ফিতৰৰ এই পবিত্ৰ ক্ষণত আমছুৰ পৰিয়ালৰ তৰফৰ পৰা সমুহ অসম বাসি ৰাইজলৈ ঈদ-উল ফিতৰৰ আন্তৰিক শুভেচ্ছা ও হিয়াভৰা ওলগ জনালোঁ। এই পবিত্ৰ ঈদ-উল ফিতৰে অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী, ভাষাভাষী আৰু ধৰ্মালম্বী লোকসকলৰ মাজত থকা ভেদাভেদ আৰু সাম্প্ৰদায়িক চিন্তাধাৰাৰ অৱসান ঘটাই সকলোৰে মাজত ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল অধিক সুদৃঢ় কৰক তাকে কামনা কৰিলোঁ।
ধন্যবাদেৰে
কুদ্দুছ আলি চৰকাৰ
সাধাৰণ সম্পাদক, আমছু।