26/01/2026
#বিহালী_সমজিলাত_গণৰাজ্য_দিৱস_উদযাপন।।
আজি ইংৰাজী ২৬ জানুৱাৰী ২০২৬ তাৰিখে বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস বৰণাঢ্য কৰ্য্যসূচীৰে উৎযাপন কৰা হয । বিহালী স্নাতক মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা এই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে বিহালী সমজিলা আয়ুক্ত শ্ৰীযুত প্ৰভাত পেগু ডাঙৰীয়াই। পতাকা উত্তোলন কৰি সমজিলা আয়ুক্ত গৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগৰ স্মৰণ কৰাৰ লগতে দেশৰ সংবিধানৰ প্ৰণেতা বাবাচাহেব ভীমৰাও আম্বেদকাৰ প্ৰমুখ্যে সংবিধান প্ৰণয়নৰ লগত জড়িত থকা প্ৰতিগৰাকী পুৰুধা ব্যক্তিলৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। অনুষ্ঠানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। সমজিলাখনৰ কেইবাটাও বিভাগৰ দ্বাৰা এখন প্ৰদৰ্শনীও অনু্ষ্ঠিত কৰা হয়। আজিৰ গণতন্ত্ৰ দিৱস উদযাপনৰ এই কাৰ্যসূচীত বিহালী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত দিগন্ত ঘাটোৱাল ডাঙৰীয়া, সহকাৰী আয়ুক্তদ্বয় শ্ৰীযুতা দিপ্তীৰেখা হাজৰিকা, শ্ৰীযুতা বিচিত্ৰা দাস, ভাৰপ্ৰাপ্ত সম-জিলা আৰক্ষী অধীক্ষক শ্ৰী যুত প্ৰমুখ্যে সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, জন প্ৰতিনিধি সকল ,বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, সৰ্বসাধাৰণ ৰাইজ, সাংবাদিক সকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত আছিল।
Assam