Behali Youth Development Society - BYDS

Behali Youth Development Society - BYDS This is a Youth Development NGO in Behali Area to create an open youth society & improve the social works.

10/05/2024

নাৰ্চিং:
একোখন হাস্পতাল চলাবলৈ যিদৰে ডাক্টৰ, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ’গ্ৰাফাৰ, ফিজিঅ’থেৰাপিষ্ট আদিৰ প্ৰয়োজন হয়, একেদৰে প্ৰয়োজন হয় এক বৃহৎসংখ্যক নাৰ্চৰ। নাৰ্চ অবিহনে এখন হাস্পতাল এক মুহূৰ্তও থাকিব নোৱাৰে। ৰোগীক সেৱা চোৱাচিতা কৰা, চিকিৎসকক সহায় কৰা প্ৰতিটো ক্ষেত্ৰতে নাৰ্চৰ প্ৰয়োজন। একোখন হাস্পতালত অক্সিলেৰী নাৰ্চ, জেনেৰেল নাৰ্চ এণ্ড মিডৱাইফি, বি এছ চি নাৰ্চ বা স্পেচিয়েল প্ৰশিক্ষণেৰে প্ৰশিক্ষিত নাৰ্চ আদি বিবিধ ধৰণৰ নাৰ্চ থাকে। এ এন এম নাৰ্চৰ বাবে কেৱল দশম শ্ৰেণীত উত্তীৰ্ণ হ’লেই হ’ল। জি এন এমৰ বাবে বৰ্তমান বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰ্যন্ত পঢ়া হ’ব লাগে। এটি সাক্ষাৎকাৰ আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হয়।

আগন্তুক বৰ্ষত আমাৰ দেশত প্ৰায় বৃহৎ সংখ্যক নাৰ্চৰ প্ৰয়োজন হ’ব। এই বৃহৎ চাহিদা পুৰাবৰ বাবে আমাক অজস্ৰ নাৰ্চিঙৰ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত ব্যক্তিৰ আৱশ্যক।

দা-দৰমহা:

নাৰ্চৰ দা-দৰমহা প্ৰতিষ্ঠান অনুসৰি বেলেগ বেলেগ। চৰকাৰী বেচৰকাৰী সকলো ক্ষেত্ৰতে নিয়োগৰ সুবিধা অজস্ৰ। তথাপি আঠ হাজাৰ টকাৰ পৰা ১২,০০০ টকা। বিদেশতো নাৰ্চৰ প্ৰয়োজনীয়তা অসীম।

ক’ত পঢ়িবা:

অসমৰ সকলো মেডিকেল কলেজত নাৰ্চিং পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা আছে। লগতে প্ৰতিখন চিভিল হাস্পতালতে এ এন এম আৰু জি এন এম ৰ প্ৰশিক্ষণ দিয়া হয়।
যদি কোনোবা অভিভাৱকে নিজৰ সন্তানক নাৰ্ছিং বা ফাৰ্মাচী প্ৰশিক্ষণ দিবলৈ বিচাৰিছে তেন্তে কেৰিয়াৰ সম্বন্ধীয় আলোচনাৰ বাবে যোগাযোগ কৰক তলৰ নম্বৰটোত ☎ 9854100284

Address

Behali
Biswanath Chariali
784166

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+919854100284

Website

Alerts

Be the first to know and let us send you an email when Behali Youth Development Society - BYDS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Behali Youth Development Society - BYDS:

Share

Category