সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা

  • Home
  • India
  • Biswanath Chariali
  • সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা AASAA(All Adivasi Student's Association of Assam) was found on 2nd July 1996 at Janubasti Adivasi High School in Lakhimpur district.

The founder president of the AASAA was Justin Lakra. It was formed after the Bodo-Adivasi ethnic violence of 1996.

আজি আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু প্ৰাথমিক গোটৰ বিষয় বৱীয়া সকলৰ লগত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা কিছু মূ...
29/07/2025

আজি আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু প্ৰাথমিক গোটৰ বিষয় বৱীয়া সকলৰ লগত সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰা কিছু মূহূৰ্ত ৷
Ajit Kurmi
Bulen Gowala
Ajoy Gowala
Sanjib Tanti
Dipu bhai

আজি আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ তৰফৰ বিহালী সমষ্টিত সমন্বয়কাৰী আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা শ্...
29/07/2025

আজি আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ তৰফৰ বিহালী সমষ্টিত সমন্বয়কাৰী আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা শ্ৰীযুত গৌৰৱ ভট্টাচাৰ্য মহোদয়ক সাক্ষাৎকাৰ কৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰো ৷

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু বিভিন্ন প্ৰাথমিক গোটৰ লগতে কেটেলাবাসী ৰাইজৰ সহযোগত সমজিলা আয়ুক্...
21/07/2025

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু বিভিন্ন প্ৰাথমিক গোটৰ লগতে কেটেলাবাসী ৰাইজৰ সহযোগত সমজিলা আয়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰো ৷কেটালা চাহ বাগিছাৰ শ্ৰমিকসকলে যুগ যুগ ধৰি বসবাস কৰা ভুমিৰ পৰা অগ্ৰাধিকাৰ কাঢ়িব বিচৰা বাগিছাৰ মালিক ও কতৃপক্ষপক আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ ৷আজি স্মাৰকপত্ৰ প্ৰেৰণ কৰা দাবীসমুহ তলত উল্লেখ কৰিলো ৷
১/যুগ যুগ ধৰি ঘৰ বাৰী নিৰ্মাণ কৰি বসবাস কৰা আদিবাসী চাহ শ্ৰমিক সকলৰ মাটি লুটপাত কৰা বন্ধ কৰক ৷
২/আদিবাসী সকলৰ দখলত থকা ভূমিৰ ওপৰত অসম চৰকাৰে বিনাচৰ্তে ভূমিৰ পট্টা প্ৰদান কৰক ৷
৩/ভৱিষ্যতে মালিক পক্ষই চাহ শ্ৰমিক সকলক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালো৷ যদিহে এইসমূহ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হলে আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিয়ে জংগী আন্দোলন কৰিবলৈ বাধ্য হব এইটো স্পষ্ট কৰিলোঁ ৷

আছা জিন্দাবাদ
Godwin Hemrom
Ajit Kurmi
Bulen Gowala
Ajoy Gowala
Sanjib Tanti
Pranab Ganju
dipu bauri

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু প্ৰাথমিক সমিতিৰ সহযোগত টুংবাৰী প্ৰাথমিক বিদ্যালয়ত বিভিন্ন সমস্য...
20/07/2025

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতি আৰু প্ৰাথমিক সমিতিৰ সহযোগত টুংবাৰী প্ৰাথমিক বিদ্যালয়ত বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা মুহূৰ্ত ৷
এই সভাত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক শ্ৰীযুত অজিত কুৰ্মী ডাঙৰীয়া,বিহালী আঞ্চলিক সমিতিৰ সভাপতি কাৰ্তিক ঘাটোৱাৰ,সম্পাদক বুলেন গোৱালা,কাৰ্য্যকৰী সভাপতি দিপজ্যোতি বাউৰী,কুনাল ভূঞা হিন্দু জাগৰণ মঞ্চৰ বিহালী আঞ্চলিক সমিতিৰ সভাপতি মনুজ তাতিঁ সম্পাদক হেমৰাজ মুণ্ডা,কেটালা প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক কৰন ভূঞা ডাঙৰীয়া লগতে চেৰেলীয়া প্ৰাথমিক গোট, বৰভীল ৪নং লাইনৰ প্ৰাথমিক গোট আৰু বৰভীল নীলবাৰী প্ৰাথমিক গোটৰ সভাপতি/সম্পাদকৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

আজি ১৩জুলাই দেউবাৰে আদিবাসী ছাত্ৰ সন্থাৰ চমুকৈ আছা, বিহালী আঞ্চলিক সমিতিৰ অন্তৰ্গত বিহালী কলেজৰ লগত লাগি থকা গাওঁ বৰভীল ...
13/07/2025

আজি ১৩জুলাই দেউবাৰে আদিবাসী ছাত্ৰ সন্থাৰ চমুকৈ আছা, বিহালী আঞ্চলিক সমিতিৰ অন্তৰ্গত বিহালী কলেজৰ লগত লাগি থকা গাওঁ বৰভীল ৪নং লাইনত বিহালী আঞ্চলিকৰ সভাপতি কাৰ্তিক ঘাটোৱাৰৰ সভাপতিত্ব ৩১জনীয়া এখন শক্তিশালী প্ৰাথমিক গোট গঠন কৰা হয় ৷নৱগঠিত প্ৰাথমিক গোটৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহন কৰে শ্ৰীভানু কৰ্মকাৰ আৰু সম্পাদক আকাশ নায়ক উপ সভাপতি জ্যোতিষ তচা সহঃসম্পাদক চিবা নায়ক এনেকে এক শক্তিশালী সমিতি গঠন কৰা হয় ৷ সমিতি গঠনত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত পিটাৰ কেৰ্কেটা বিহালী আঞ্চলিকৰ সভাপতি কাৰ্তিক ঘাটোৱাৰ সম্পাদক বুলেন গোৱালা,কাৰ্য্যকৰী সভাপতি দিপজ্যোতি বাউৰী,কুনাল ভূঞাৰ লগতে বৰভীল ৪নং লাইনৰ জেষ্ঠ উপদেষ্টা সকল আৰু স্থানীয় ৰাইজ ৷

আশাকৰোঁ বৰভীল ৪নং লাইনৰ নতুনকৈ গঠন হোৱা প্ৰাথমিক সমিতিয়ে আদিবাসী ছাত্ৰ সন্থাৰ সংবিধানৰ নিতি নিয়ম অনুসৰি নিজা দায়িত্ব ও কৰ্তব্য পালন কৰে আৰু জনগোষ্ঠীটোৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকৰ সংগ্ৰামী জীৱন যাত্ৰা আৰম্ভ কৰক ৷আজি নৱগঠিত প্ৰাথমিক গোটৰ সভাপতি /সম্পাদকৰ লগতে প্ৰতিগৰাকী বিষয় বৱীয়াক আছা বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ৷

AASAA জিন্দাবাদ৷
আদিবাসী জিন্দাবাদ
Godwin Hemrom JINDABAD
Surin Amar
Ajit Kurmi
Sanjib Tanti
Dipu Bhai
Bulen Gowala
Peter Kerketta
Kunal Bhuyan
Ajoy Gowala
Dinesh Bauri

বৰগাং বৰকঠিয়াবাৰী শিৱ মন্দিৰ সমিতিৰ সৌজন্যত আৰু বৰকঠিয়াবাৰী কালন্দি সমাজ ও বৰগাংবাসী ৰাইজৰ সহযোগত গ্ৰামপুজাৰ লগত সংহতি ৰ...
11/07/2025

বৰগাং বৰকঠিয়াবাৰী শিৱ মন্দিৰ সমিতিৰ সৌজন্যত আৰু বৰকঠিয়াবাৰী কালন্দি সমাজ ও বৰগাংবাসী ৰাইজৰ সহযোগত গ্ৰামপুজাৰ লগত সংহতি ৰাখি সাংস্কৃতিক সন্ধ্যা আৰু উচ্চ-উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন ও সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰে৷ উক্ত অনুষ্ঠানত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ(আছা) বিশ্বনাথ জিলা সমিতিৰ সম্পাদক শ্ৰীযুত অজিত কুৰ্মী ডাঙৰীয়া আৰু বিহালী আঞ্চলিক সমিতিৰ সভাপতি কাৰ্তিক ঘাটোৱাৰ,সম্পাদক বুলেন গোৱালাৰ(মই) লগতে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি বিটুপন দাস ডাঙৰীয়া,মৰান গাওঁৰ গাওঁপ্ৰধান,আৰু বিহালীৰ সমাজ কৰ্মী ও সমাজ সংগঠনৰ লগতে বৰগাং গাওঁ পঞ্চায়তৰ সদস্য-সদস্যা উপস্থিত থাকে৷ উক্ত অনুষ্ঠানত আদিবাসী ছাত্ৰ সন্থা (আছা)বিশ্বনাত জিলা আৰু আঞ্চলিক সমিতিক আমন্ত্ৰণ জনোৱাৰ বাবে উদ্যোগতা সকলোক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷
লগতে কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ ৷
Ajit Kurmi
Kartik Ghatowar
Dipu Bhai
Ajoy Gowala
Siba Kalondi

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত বৰগাং ৰঙ্গমঞ্চত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক...
08/06/2025

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত বৰগাং ৰঙ্গমঞ্চত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে বিশেষ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হ’ল৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ সম্পাদক শ্ৰীযুত অজিত কুৰ্মী ডাঙৰীয়া, সহকাৰী সম্পাদক দিনেশ বাউৰী ডাঙৰীয়া বিহালী আঞ্চলিক সমিতিৰ সভাপতি কাৰ্তিক ঘাটোৱাৰ, সম্পাদক বুলেন গোৱালা,কাৰ্যকৰী সভাপতি দিপজ্যোতি বাউৰী,শিক্ষা সম্পাদক প্ৰণৱ গঞ্জু, ক্ৰীড়া সম্পাদক অজয় গোৱালা, বিজেন প্ৰজা,চুভাষ ভূমিজ৷ লগতে আমন্ত্ৰিত অতিতি হিচাপে উপস্থিত থাকে বিহালী সমষ্টিৰ সমাজকৰ্মী শ্ৰীযুত প্ৰেমলাল গঞ্জু ডাঙৰীয়া, আছা বিহালী আঞ্চলিক সমিতিৰ উপদেষ্টা ও প্ৰাক্তন শিক্ষক শ্ৰদ্ধাৰ শ্ৰীযুত বৈশাকু ৰয় ঘাটোৱাৰ দেৱ,উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনুজ তাতিঁ, দক্ষিণ মৰাণ গাৱঁৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ও সাহিত্যক শ্ৰীযুতা থানেশ্বৰী কুৰ্মী গঞ্জু ডাঙৰীয়ানী লগতে সমাজকৰ্মী চিৰঞ্জীৱ পাঠক ডাঙৰীয়া,উপদেষ্টা-শ্ৰীযুত লক্ষ্মীকান্ত কুৰ্মী, ৰবাৰ্ট টিগা, পিটাৰ কেৰ্কেটা,অজিত প্ৰজা লগতে উপস্থিত থাকে মৰমৰ কৃতি ছাত্ৰ ছাত্ৰী আৰু অবিভাৱক সকল আপোনালোক আজিৰ এই বিশেষ অনুষ্ঠানটি সফলমণ্ডিত কৰাত যি মূল্যৱান সময় আমাক দিলে তাৰ বাবে আপোনালোকক আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ আশা ও বিশ্বাস আছে অনাগত দিনতো আছা বিহালী আঞ্চলিক সমিতিক এনেকৈ সহায় সহযোগ আগবঢ়াই যাব ৷
Godwin Hemrom
Ajit Kurmi
Thaneswari Kurmi Gonju
Bulen Gowala
Dinesh Bauri
Ajoy Gowala
Dipu Bhai
Peter Kerketta

আজি ইংৰাজী ০৮/০৬/২০২৫ তাৰিখে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা...
08/06/2025

আজি ইংৰাজী ০৮/০৬/২০২৫ তাৰিখে বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত দশম শ্ৰেণী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক বৰগাং ৰঙ্গমঞ্চত সম্বৰ্দ্ধনা জনোৱা হয়।
এই অনুষ্ঠানৰ আঁত ধৰে আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সম্পাদক অজিত কুৰ্মী ডাঙৰীয়া। এই সভাত সভাপতিৰ আসন অলংকৃত কৰে কাৰ্তিক ঘাটোৱাৰ ডাঙৰীয়া। সম্পাদক বুলেন গোৱালাই অনুষ্ঠানটি আগবঢ়ায় লৈ যোৱাত সহযোগিতা আগবঢ়ায় ।
এই ,সভাৰ আমন্ত্ৰিত অতিথিসকল হ'ল ---- সন্মানীয় কৃতি শিক্ষক বৈশাকু ৰয় ডাঙৰীয়া, সন্মানীয় সমাজকৰ্মী প্ৰেম লাল গঞ্জু ডাঙৰীয়া, সন্মানীয় লক্ষ্মীকান্ত কুৰ্মী ডাঙৰীয়া, সন্মানীয় চিৰঞ্জীৱ পাঠক ডাঙৰীয়া, অমিতাভ বৰুৱা ডাঙৰীয়া, আদি।

প্ৰেম লাল গঞ্জু ডাঙৰীয়া,বৈশাকু ৰয় ডাঙৰীয়া, লক্ষ্মীকান্ত কুৰ্মী ডাঙৰীয়া দেৱে খুব সুন্দৰ সাৰুৱা , প্ৰেৰণাদায়ক মন্তব্যৰে ছাত্ৰ -ছাত্ৰীসকলক উৎসাহিত কৰে ।আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল , আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল , আইমাতৃসকল, ছাত্ৰ-ছাত্ৰী সকল , সাংবাদিক বন্ধু সকলো উপস্থিত থাকে।

ভাৰতীয় মহিলা  হকী দলৰ অধিনায়িকা হিচাপে নিৰ্বাচিত হ'ল আদিবাসী কন্যা চালিমা টেটে💐
03/05/2024

ভাৰতীয় মহিলা হকী দলৰ অধিনায়িকা হিচাপে নিৰ্বাচিত হ'ল আদিবাসী কন্যা চালিমা টেটে💐

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা তৰফৰ পৰা   ২০২৪ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা  ছ...
21/04/2024

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা তৰফৰ পৰা ২০২৪ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাএ ছাএী সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো। যিসকল পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰিলে তেখেতসকল কোনো কাৰণতে হতাশ হব নালাগে ,নতুন উদ্যামেৰে পুনৰবাৰ চেষ্টা কৰিবলৈ তেখেতসকললৈ আমাৰ ফালৰ পৰা শুভকামনা জনালোঁ💐💐

Address

Biswanath Chariali
784167

Telephone

+919365527047

Website

Alerts

Be the first to know and let us send you an email when সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালি আঞ্চলিক সমিতি, আছা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category