09/03/2026
বিলাসীপাৰা সমজিলা প্ৰশাসন কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত আজি বানপানী তথা প্ৰাকৃতিক দূৰ্য্যোগ উপলক্ষে অনুষ্ঠিত এখন প্ৰস্তুতি সভাত সমজিলা আয়ুক্ত ড• প্ৰীতিলেখা ডেকাই উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে বান প্ৰতিৰোধ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । আলোচ্য বিষয়সমুহ-
১) বানৰ কৱলৰ পৰা জনসাধাৰণ আৰু পোহনীয়া জীৱ-জন্তু উদ্ধাৰ ।
২) বানপানী পীড়িত জনতাৰ জীৱন তথা সা-সম্পত্তিৰ ৰক্ষাৰ্থে আশ্ৰয় শিবিৰ নিৰ্মাণ,
খাদ্য শস্যৰ যোগান, মজুতকৰণ আৰু বিতৰণ ।
৩) বান আক্ৰান্ত অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে চিকিৎসা শিবিৰ স্থাপন, চিকিৎসা প্ৰদান, ঔষধ যোগান আদি ।
৪) পোহনীয়া জীৱ-জন্তুৰ বাবে খাদ্য মজুতকৰণ, বিতৰণ, ভ্ৰাম্যমান চিকিৎসা শিবিৰ স্থাপন, প্ৰতিষেধক ছিটা প্ৰদান ।
৫) বানপানীৰ সময়ত যাতায়াত ব্যৱস্থা ব্যাহত নহবৰ বাবে দলং, ৰাস্তা-ঘাট, নদীবান্ধ
আদিৰ নিৰ্মাণ তথা মেৰামতি ।
৬) বান পীড়িত লোকসকলৰ ঘৰ-দুৱাৰ তথা সা-সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ বুজ লোৱা আৰু ক্ষতিপূৰণৰ বাবে বিভিন্ন বিভাগক দ্বায়িত্ব অৰ্পণ ।
৫) বান আক্ৰান্ত অঞ্চলত বিদ্যুৎ যোগান তথা আইন শৃংখলা বজায় ৰখা ইত্যাদি ।
সভাখনত উপস্থিত থাকে বিলাসীপাৰা আৰু চাপৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে চাৰী লালৰূটকিম লাংটাউ আৰু শশীভূষণ ৰাজখোৱা, বিলাসীপাৰা সমজিলা নিৰ্বাচনী বিষয়া ডেভিদচন দৈমাৰী, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়-ববীয়া তথা বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল ।
DC Dhubri
Directorate of Information and Public Relations, Assam
CMO Assam