06/06/2026
বিশ্ব পৰিৱেশ দিৱস উদযাপন – নগাঁও জিলা
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইকো প্ৰেৰণাৰ যোদ্ধাসকলৰ নগাঁও জিলা শাখাই পি এম শ্ৰী কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু এম পি বিদ্যালয়ৰ সহযোগত এক সাৰ্থক আৰু জ্ঞানবৰ্ধক কাৰ্যসূচীৰ আয়োজন কৰে।
পৰিৱেশ সংৰক্ষণৰ প্ৰতি শিক্ষাৰ্থীসকলৰ সজাগতা আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ লক্ষ্যৰে অষ্টম শ্ৰেণীৰ তলৰ শিক্ষাৰ্থীসকলৰ মাজত তাৎক্ষণিক কবিতা লিখন প্ৰতিযোগিতা আৰু অষ্টম শ্ৰেণীৰ ওপৰৰ শিক্ষাৰ্থীসকলৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি প্ৰকৃতি সংৰক্ষণ, পৰিৱেশ সুৰক্ষা আৰু সেউজীয়া ভৱিষ্যৎ গঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে নিজৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰে।
ইয়াৰ উপৰিও পৰিৱেশ সংৰক্ষণৰ এক ইতিবাচক পদক্ষেপ হিচাপে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলৰ মাজত গছ-গছনিৰ প্ৰতি ভালপোৱা আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধ অধিক শক্তিশালী কৰি তোলে।
ইকো প্ৰেৰণাৰ যোদ্ধাসকলৰ নগাঁও জিলা শাখাৰ মুৰব্বী তথা প্ৰেৰণা প্ৰাক্তন সদস্য প্ৰশান্ত তালুকদাৰৰ নেতৃত্বত আৰু শাখাটোৰ প্ৰতিগৰাকী সদস্যৰ নিষ্ঠা, একাগ্ৰতা আৰু সহযোগিতাত সমগ্ৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়।
এই অনুষ্ঠান কেৱল এক উদযাপনেই নহয়, বৰং যুৱ প্ৰজন্মৰ হৃদয়ত পৰিৱেশ সচেতনতা আৰু প্ৰকৃতি প্ৰেমৰ বীজ সিঁচি দিয়াৰ এক আন্তৰিক প্ৰয়াস। এই মহৎ পদক্ষেপত সহযোগিতা আগবঢ়োৱা বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু সকলো সহযোগীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হ'ল।
World Environment Day Celebration – Nagaon District
On the occasion of World Environment Day, the Nagaon District Team of Eco Prerana Warriors, in collaboration with PM Shri Kampur Higher Secondary School and MP School, organized a series of awareness activities including a Spot Poem Writing Competition, a Speech Competition, and a Tree Plantation Programme.
The event aimed to inspire environmental consciousness among students and encourage them to become responsible stewards of nature. The programme was successfully conducted under the leadership of Prasanta Talukdar, Head of the Nagaon District Team and a Prerana Alumni, with the active support and dedication of all team members.