BJP Chirang District

BJP Chirang District Official page of Bharatiya Janata Party Chirang District

02/06/2026

উন্নত আৰু আত্মনিৰ্ভৰতাৰ দিশে ভাৰত 🇮🇳...

Reform, Perform, Transform-ৰ মন্ত্ৰক সৰোগত কৰি আজিৰ ভাৰতে বিশ্বৰ মঞ্চত এক নতুন পৰিচয় গঢ়ি তুলিছে।

২০১৪ চনত আৰম্ভ হোৱা অভিযানে আজি দেশক এক বিশ্বমানৰ উৎপাদন কেন্দ্ৰ (Global Manufacturing Hub) হিচাপে গঢ়ি তুলিছে। ইলেক্ট্ৰনিকছ, মোবাইল নিৰ্মাণ, অটোম’বাইল বা ছেমিকণ্ডাক্টৰ— প্ৰতিটো ক্ষেত্ৰতে ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। এই যাত্ৰাত চৰকাৰৰ PLI (Production Linked Incentive) আঁচনিয়ে এক গেম-চেঞ্জাৰৰ ভূমিকা পালন কৰিছে, যাৰ ফলত ভাৰত আজি বিশ্বৰ অন্যতম বৃহৎ মোবাইল ৰপ্তানিকাৰক দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

সৰল নিয়ম-কানুন, GST, IBC আইন আৰু উদ্ভাৱনক উৎসাহিত কৰা দূৰদৰ্শী পদক্ষেপসমূহৰ জৰিয়তে দেশত বিনিয়োগ বৃদ্ধি পাইছে, নতুন নিয়োগৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প অধিক শক্তিশালী হৈ উঠিছে।

01/06/2026

আমাৰ সংকল্প — ৰাষ্ট্ৰহিত সৰ্বোপৰি! 🇮🇳

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানত দেশবাসীয়ে জনঅংশগ্ৰহণৰ আন এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে।

বৈদেশিক মুদ্ৰা সঞ্চয়ৰ সংকল্পৰে নাগৰিকসকলে সোণ ক্ৰয় হ্ৰাস কৰি দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিছে।ইয়াৰ ফলস্বৰূপে, ঘৰুৱা সোণৰ চাহিদাত প্ৰায় ৭০% পৰ্যন্ত হ্ৰাস দেখা গৈছে।

আহক, আমাৰ সৰু সৰু প্ৰচেষ্টা আৰু দায়িত্বশীল অংশগ্ৰহণেৰে ভাৰতক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তোলোঁ!

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া ...
01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া সহিতে দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকে।

উল্লেখ্য যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা মণ্ডল তথা বুথ স্তৰলৈকে নিৱাসী প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব।

01/06/2026

২০১৪ৰ পৰা ২০২৬লৈ পৰিৱৰ্তিত ভাৰতৰ কাহিনী!

ভাৰত সঁচাকৈয়ে সলনি হ’ব পাৰেনে? বহুতৰ মনত থকা এই দোমোজালিৰ মাজতে ভাৰত আগবাঢ়িছে বিকাশৰ ক্ষীপ্ৰ গতিত। তাহানিৰ ভগ্ন-প্ৰায় পথ, বিদ্যুৎ সংকট আৰু বিশ্বৰ ১১ সংখ্যক অৰ্থনীতিৰ পৰা চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ আগবাঢ়ি ভাৰতে আজি বিশ্বৰ মঞ্চত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

যোৱা ১২বছৰত তলত উল্লেখ কৰাৰ ধৰনে দেশে বহু ডাঙৰ পৰিৱৰ্তনৰ সাক্ষী হৈছে—

📌 ডিজিটেল আৰু মহাকাশ বিপ্লৱ।

📌 দ্ৰুত গতিৰ আন্তঃগাঁথনি উন্নয়ন।

📌 দৰিদ্ৰ কল্যাণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব।

এয়া কেৱল পৰিৱৰ্তন নহয়, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিকশিত ভাৰতৰ ক্ৰমবৰ্দ্ধমান আত্মবিশ্বাসৰ একো একোটা অনুপ্ৰেৰণাদায়ক কাহিনী।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদ...
01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।

28/05/2026

সাৱৰকাৰ মানে ত্যাগ,
সাৱৰকাৰ মানে তপস্যা,
সাৱৰকাৰ মানে তত্ত্ব,
সাৱৰকাৰ মানে তৰ্ক,
সাৱৰকাৰ মানে তাৰুণ্য,
সাৱৰকাৰ মানে তীৰ,
সাৱৰকাৰ মানে তৰোৱাল…

পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱ এই কবিতাৰে আজীৱন ৰাষ্ট্ৰৰ বাবে সমৰ্পিত বীৰ সাৱৰকাৰদেৱক আমি হৃদয়াংগম কৰিব পাৰিম। সাৱৰকাৰদেৱলৈ কোটি কোটি প্ৰণিপাত।

কালি অসম বিধানসভাৰ পৱিত্ৰ সদনত সম নাগৰিক সংহিতা (UCC) বিধেয়ক গৃহীত হোৱাৰ পিছতে অসমৰ ইতিহাসত এক নতুন আৰু যুগান্তকাৰী অধ্য...
28/05/2026

কালি অসম বিধানসভাৰ পৱিত্ৰ সদনত সম নাগৰিক সংহিতা (UCC) বিধেয়ক গৃহীত হোৱাৰ পিছতে অসমৰ ইতিহাসত এক নতুন আৰু যুগান্তকাৰী অধ্যায়ৰ সূচনা হ'ল । আজি অসমে দেশৰ তৃতীয়খন ৰাজ্য হিচাপে এক সাহসী, প্ৰগতিশীল আৰু সুদূৰপ্ৰসাৰী আইন প্ৰণয়ন কৰিলে, যাৰ মূল ভিত্তি হৈছে সম অধিকাৰ, সম ন্যায় আৰু সংবিধানৰ সম মূল্যবোধ।

নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰিয়েই নতুন চৰকাৰ গঠনৰ পিছত প্ৰথমখন বিধানসভাৰ অধিৱেশনতে সমান নাগৰিক সংহিতা বিধেয়ক উত্থাপন কৰি গৃহীত কৰিবলৈ সক্ষম হোৱা অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছো।

মাঁ ভাৰতীৰ বীৰ পুত্ৰ, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী তথা ওজস্বী বক্তা বিনায়ক দামোদৰ সাৱৰকৰদে...
28/05/2026

মাঁ ভাৰতীৰ বীৰ পুত্ৰ, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী তথা ওজস্বী বক্তা বিনায়ক দামোদৰ সাৱৰকৰদেৱৰ পবিত্ৰ জয়ন্তীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

27/05/2026

অসমত গৃহীত হ'ল সম নাগৰিক সংহিতা (ইউ চি চি)।

ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।

27/05/2026

BJP Assam Pradesh

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when BJP Chirang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Chirang District:

Share