BJYM Barpeta

BJYM Barpeta This is official page of BJYM Page.

অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, বিহু সম্ৰাট, গণশিল্পী খগেন মহন্তদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলী আগবঢ়াইছোঁ।
12/06/2026

অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ, বিহু সম্ৰাট, গণশিল্পী খগেন মহন্তদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলী আগবঢ়াইছোঁ।

সত্ৰীয়া, লোকসংস্কৃতি, নাট্যচৰ্চা আৰু সংগীতৰ ক্ষেত্ৰত সাধনা আৰু আগবঢ়াই অহা অৱদানৰ বাবে সংগীত-নাটক একাডেমী বঁটা আৰু ওস্তাদ...
11/06/2026

সত্ৰীয়া, লোকসংস্কৃতি, নাট্যচৰ্চা আৰু সংগীতৰ ক্ষেত্ৰত সাধনা আৰু আগবঢ়াই অহা অৱদানৰ বাবে সংগীত-নাটক একাডেমী বঁটা আৰু ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰেৰে সন্মানিত অসমৰ সকলো সন্মানীয় শিল্পীলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে লাভ কৰা এই সন্মানে অসমৰ সাংস্কৃতিক ঐতিহ্যক আৰু অধিক উজ্বলাই তুলিলে।

দেশৰ ইতিহাসত সংযোজিত হ'ল এক নতুন সোণালী অধ্যায়। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই  ৪,৩৯৯ দিন নিৰন্তৰভাৱে দে...
10/06/2026

দেশৰ ইতিহাসত সংযোজিত হ'ল এক নতুন সোণালী অধ্যায়। প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৪,৩৯৯ দিন নিৰন্তৰভাৱে দেশসেৱা আগবঢ়াই এক নতুন ইতিহাস গঢ়িছে।
ভূতপূৰ্ব প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অভিলেখ অতিক্ৰম কৰি দেশৰ সৰ্বাধিক সময় ধৰি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈ দেশ সেৱা কৰা প্ৰধানসেৱক হৈছে যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৷ সেইহেতুকে আজি বৰপেটা জিলাৰ বৰপেটা কীৰ্তন ঘৰত সেৱা জনাই তেখেতৰ সুস্বাস্থ্য মংগল কামনা কৰে ।

উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা দেৱনাথ ডাঙৰীয়ানী,জিলা বিষয়ববীয়াসকল আৰু জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ডাঙৰীয়ানী আৰু বৰপেটা জিলা যুৱ মৰ্চাৰ সভাপতি দিগন্ত দাস ডাঙৰীয়া ।
Narendra Modi
Nitin Nabin
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das

10/06/2026

ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাসত লিপিবদ্ধ এক সোণালী সুবৰ্ণ অধ্যায় হিচপে...

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াই ভাৰতৰ সৰ্বাধিক সময় ধৰি সেৱা আগবঢ়োৱা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰি ইতিহাস ৰচনা কৰা এই ঐতিহাসিক ক্ষণত তেখেতলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

তেখেতৰ দূৰদৰ্শী নেতৃত্বত আজি ভাৰত বিশ্ব মঞ্চত এক শক্তিশালী আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে সুপ্ৰতিষ্ঠিত হৈছে।

10/06/2026

৪,৩৯৯ দিনৰ ঐতিহাসিক যাত্ৰাঃ স্বাধীন ভাৰতৰ ইতিহাসত এক নতুন অধ্যায় ৰচনা কৰিলে মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়াই। ভাৰতৰ গণতান্ত্ৰিক ইতিহাসত আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল দেশবাসী। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নেতা ৰূপে ৪,৩৯৯ দিন সম্পূৰ্ণ কৰি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ (নিৰ্বাচিত হিচাবে) ৪,৩৯৮ দিনৰ অভিলেখ অতিক্ৰম কৰিলে। ইয়াৰ জৰিয়তে তেওঁ স্বাধীন ভাৰতৰ ইতিহাসত সৰ্বাধিক সময় ধৰি কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নতুন অভিলেখ স্থাপন কৰিলে।

🔺এই অভূতপূৰ্ব সফলত কেৱল ব্যক্তিগত সফলতা নহয়, ই হৈছে ১৪০ কোটি ভাৰতীয়ৰ আস্থা, বিশ্বাস আৰু উন্নয়নমুখী ৰাজনীতিক সমৰ্থনৰ প্ৰতিফলন। ২০১৪ চনৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই ভাৰতক বিশ্ব মঞ্চত এক আত্মবিশ্বাসী, শক্তিশালী আৰু উদীয়মান শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে।

🔺প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দৰিদ্ৰ কল্যাণক শাসনৰ কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিমাহে ৮১ কোটিতকৈ অধিক লোকক বিনামূলীয়া খাদ্যশস্য যোগান ধৰা হৈছে।
৪ কোটিতকৈ অধিক পকী গৃহ নিৰ্মাণৰ জৰিয়তে পিএম আৱাস যোজনাই লাখ লাখ পৰিয়ালৰ সপোন পূৰণ কৰিছে। ১০.৫ কোটিতকৈ অধিক উজ্জ্বলা গেছ সংযোগে মহিলা আৰু পৰিয়ালসমূহক ধোঁৱামুক্ত জীৱন দিছে। ১২ কোটিতকৈ অধিক শৌচালয় নিৰ্মাণৰ জৰিয়তে ভাৰতক মুক্ত শৌচ প্ৰথাৰ পৰা মুক্ত কৰা হৈছে। মোদী চৰকাৰৰ বিগত ১২ বছৰত মহিলাসকলৰ সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক ক্ষমতায়নৰ ক্ষেত্ৰত এক নতুন অধ্যায় সূচিত হৈছে।

🔺৩২ কোটিতকৈ অধিক জনধন বেংক একাউণ্ট মহিলাৰ নামত মুকলি কৰা হৈছে। সশস্ত্ৰ বাহিনীত মহিলাৰ স্থায়ী নিয়োগ আৰু নেতৃত্বৰ সুযোগ নিশ্চিত কৰা হৈছে। ৩ কোটিতকৈ অধিক “লাখপতি দিদি” গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা হৈছে। ৯১ লাখতকৈ অধিক আত্মসহায়ক গোটৰ জৰিয়তে ১০ কোটিতকৈ অধিক গ্ৰাম্য মহিলা আৰ্থিকভাৱে স্বাৱলম্বী হৈছে।

🔺উন্নত আন্তঃগাঁথনিৰে গঢ়ি উঠিছে নতুন ভাৰত। মোদীৰ শাসনত আন্তঃগাঁথনি উন্নয়নক ৰাষ্ট্ৰ নিৰ্মাণৰ মূল ভিত্তি হিচাপে ধৰা হৈছে। দেশৰ ৮ খন চহৰত ১,১০০ কিলোমিটাৰতকৈ অধিক মেট্ৰ’ নেটৱৰ্ক গঢ়ি উঠিছে। অটল সেতু, সুদৰ্শন সেতু, চেনাব ৰে’ল সেতু, বগীবিল সেতু আৰু পাম্বান সাগৰীয় সেতুৰ দৰে বৃহৎ প্ৰকল্পসমূহে আধুনিক ভাৰতৰ সক্ষমতাৰ প্ৰতীক হৈ উঠিছে। ২০১৪ চনত ৭৪টা বিমানবন্দৰ থকা দেশত আজি বিমানবন্দৰৰ সংখ্যা ১৬৪ লৈ বৃদ্ধি পাইছে, যাৰ ফলত আঞ্চলিক সংযোগ আৰু অৰ্থনৈতিক বিকাশে নতুন গতি লাভ কৰিছে।

🔺যুৱ শক্তিক দিয়া হৈছে নতুন ডেউকা প্ৰদান কৰা হৈছে। যুৱ সমাজক আত্মনিৰ্ভৰ আৰু দক্ষ কৰি তুলিবলৈ প্ৰায় ২ কোটি যুৱক-যুৱতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মুদ্ৰা যোজনাৰ অধীনত ৪০ লাখ কোটিতকৈ অধিক টকাৰ ঋণ বিতৰণ কৰা হৈছে। দেশত ২.২ লাখতকৈ অধিক ষ্টাৰ্টআপ গঢ়ি উঠিছে। ১০,০০০ তকৈ অধিক অটল টিংকাৰিং লেবৰ জৰিয়তে উদ্ভাৱন আৰু বৈজ্ঞানিক চিন্তাধাৰাক উৎসাহিত কৰা হৈছে।

🔺স্বাস্থ্যসেৱাত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰা হৈছে আয়ুষ্মান ভাৰতৰ জৰিয়তে ৬০ কোটিতকৈ অধিক লোকক স্বাস্থ্য সুৰক্ষাৰ আওতালৈ অনা হৈছে। ৭০ বছৰৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা নিশ্চিত কৰা হৈছে। তাৰোপৰি দেশজুৰি ১৯,০০০ তকৈ অধিক জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ মানুহে ৯০ শতাংশ পৰ্যন্ত কম মূল্যত ঔষধ লাভ কৰিছে।

🔺শক্তিশালী ভাৰত, সুৰক্ষিত ভাৰতৰ মন্ত্ৰেৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত নতুন শিখৰ স্পৰ্শ কৰিছে। কংগ্ৰেছৰ শাসনত আমদানি নিৰ্ভৰ দেশে প্ৰায় ৩৮,৪০০ কোটি টকাৰ অভিলেখসংখ্যক প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছে। সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে কঠোৰ অভিযানৰ ফলত দেশ এক নক্সালমুক্ত ভাৰতৰ দিশে আগবাঢ়িছে।

🔺উপনিবেশিক মানসিকতাৰ পৰা মুক্তি দি ৰাজপথক “কর্তব্য পথ”লৈ ৰূপান্তৰ, নতুন সংসদ ভৱন, আৰু ছত্ৰপতি শিৱাজী মহান আদৰ্শৰে অনুপ্ৰাণিত ভাৰতীয় নৌসেনাৰ নতুন ধ্বজে আত্মগৌৰৱ আৰু সাংস্কৃতিক পুনৰুজ্জীৱনৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে।

🔺কৃষকৰ কল্যাণ‍ৰ নতুন মন্ত্ৰেৰে ‘পিএম-কিষাণ’ যোজনাৰ অধীনত কৃষকসকলৰ একাউণ্টত ৪.৩ লাখ কোটিতকৈ অধিক টকা প্ৰত্যক্ষভাৱে জমা কৰা হৈছে। ৪ কোটিতকৈ অধিক কৃষকে ২ লাখ কোটিতকৈ অধিক টকাৰ শস্য বীমা সুৰক্ষা লাভ কৰিছে। ন্যূনতম সমৰ্থন মূল্যৰ অধীনত ২৬ লাখ কোটিতকৈ অধিক টকাৰ শস্য ক্ৰয় কৰা হৈছে। ৮ কোটিতকৈ অধিক কৃষকক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে।

🔺মধ্যবিত্তৰ আশা-আকাংক্ষাক ডেউকা প্ৰদান কৰি মোদী চৰকাৰে মধ্যবিত্ত পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ বাবে কৰ ব্যৱস্থাত একাধিক সংস্কাৰ কৰিছে।১২.৫০ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত কৰাৰ ব্যৱস্থাই কোটি কোটি পৰিয়ালক উপকৃত কৰিছে। উড়ান আঁচনিৰ অধীনত ১.৬ কোটিতকৈ অধিক যাত্ৰীয়ে সুলভ বিমান যাত্ৰাৰ সুবিধা লাভ কৰিছে। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এমবিবিএছ আসনৰ সংখ্যা ১৫১ শতাংশ বৃদ্ধি পাই প্ৰায় ১.৩ লাখত উপনীত হৈছে।

🔺ঐতিহ্য আৰু বিকাশৰ সমন্বয়েয়েৰে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ সাংস্কৃতিক পুনৰুজ্জীৱনৰ এক নতুন অধ্যায় সূচিত হৈছে। অযোধ্যাত ভগৱান শ্ৰী ৰামৰ জন্মভূমিত বিশাল ৰাম মন্দিৰ নিৰ্মাণ, কাশী বিশ্বনাথ ধামৰ পুনৰ্নিৰ্মাণ, মহাকাল মহালোক আৰু কেদাৰনাথ ধামৰ উন্নয়নে ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনঃপ্ৰতিষ্ঠা কৰিছে।

🔺বিকশিত ভাৰত ২০৪৭ৰ দিশে ধাৱমান ভাৰতবৰ্ষৰ বাবে ৪,৩৯৯ দিনৰ এই যাত্ৰা কেৱল সময়ৰ পৰিমাপ নহয়, ই হৈছে সুশাসন, উন্নয়ন, আত্মবিশ্বাস আৰু ৰাষ্ট্ৰীয় পুনৰুত্থানৰ এক গৌৰৱময় কাহিনী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্ৰুত বিকাশশীল অৰ্থনীতি, এক উদীয়মান কূটনৈতিক শক্তি আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রচেষ্টা’ৰ মূলমন্ত্ৰৰে অনুপ্ৰাণিত এই যাত্ৰাই দেশক ‘বিকশিত ভাৰত ২০৪৭’ৰ লক্ষ্যৰ দিশে দৃঢ়তাৰে আগবঢ়াই লৈ গৈছে। ৪,৩৯৯ দিনৰ এই ঐতিহাসিক সফলতা ভাৰতৰ গণতান্ত্ৰিক শক্তি, জনআস্থা আৰু উন্নয়নমুখী নেতৃত্বৰ এক উজ্জ্বল নিদৰ্শন হিচাপে ইতিহাসত স্বৰ্ণাক্ষৰে লিপিবদ্ধ হৈ থাকিব।
Bharatiya Janata Party (BJP) BJP Assam Pradesh

তেতিয়া আৰু এতিয়া...পাৰ্থক্য স্পষ্ট।
10/06/2026

তেতিয়া আৰু এতিয়া...

পাৰ্থক্য স্পষ্ট।

আজি ভাৰতীয় জনতা পাৰ্টী,বৰপেটা জিলা কাৰ্যালয়ত বৰপেটা জিলাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰ...
09/06/2026

আজি ভাৰতীয় জনতা পাৰ্টী,বৰপেটা জিলা কাৰ্যালয়ত বৰপেটা জিলাৰ সন্মানীয় অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ ডাঙৰীয়াক উষ্ম আদৰণি তথা সম্বৰ্ধনা জ্ঞাপন কৰাৰ মুহূৰ্ত

বৰপেটা জিলাৰ নৱ নিযুক্ত অভিভাৱক মন্ত্ৰী মাননীয় Aswini Ray Sarkar   ডাঙৰীয়াক ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ ফালৰ পৰ...
07/06/2026

বৰপেটা জিলাৰ নৱ নিযুক্ত অভিভাৱক মন্ত্ৰী মাননীয় Aswini Ray Sarkar ডাঙৰীয়াক ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ 🙏

Address

Barpeta District
Barpeta
781301

Website

Alerts

Be the first to know and let us send you an email when BJYM Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share