25/11/2021
*বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি নষ্টালজিক শিক্ষামন্ত্ৰী* *অঙ্গনবাড়ী কেন্দ্ৰ, বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসলয় পৰিদৰ্শন ডা: ৰণোজ পেগুৰ* ///। *"সকলো অঙ্গনবাড়ী কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰে চামিল হ'ব"* বৰপেটা, ২৫ নৱেম্বৰ: ১৯৭১ চনতে নিজে পঢ়ি যোৱা বৰপেটাৰ ঐতিহ্যমণ্ডিত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি নষ্টালজিক হৈ পৰিল ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ কুমাৰ পেগু। আজি বৰপেটা জিলাৰ কেবাখনো বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসালয় আৰু অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত নিজৰ নিৰ্দিষ্ট ভ্ৰমণসূচীত নথকা স্বত্তেও উনৈশ শতিকাতে স্থাপিত বিদ্যালয়খনলৈ গৈ ইয়াৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে মতবিনিময় কৰে। তেওঁ বিদ্যালয়খনৰ ভালদৰে ঘূৰি-পকি চাই পূৰ্বৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰে। তেওঁ কয় যে, ১৯৭১-৭২ চনত তেওঁ এইখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল। সেই সময়ত তেওঁৰ দেউতাক বৰপেটা মহকুমাৰ নিৰ্বাচন বিষয়া হিচাপে নিয়োজিত হৈ আছিল। সেয়েহে বৰপেটাৰ প্ৰতি তেওঁৰ এক বিশেষ আকৰ্ষণ আছে বুলিও উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ অসম সৱলীকৰণ কাৰ্যসূচীৰ অধীনত বঙাইগাঁওত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত উভতনি যাত্ৰাত আজি বৰপেটা জিলা ভ্ৰমণ কৰি মন্ত্ৰী গৰাকীয়ে পোনতে চাকাবাউসী প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা বিভাগীয় বিষয়া সকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ কয় যে যিবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা খুবেই কম সেইবোৰ ওচৰৰ আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ'ব। এনেদৰে অপ্ৰয়োজনীয় বিদ্যালয়ৰ সংখ্যা কমাই আনিব পাৰিলে চৰকাৰী বিদ্যালয় সমূহ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহজতৰ হৈ পৰিব তেওঁ মত প্ৰকাশ কৰে। তেওঁ বিদ্যালয়ৰ মণ্ডল কেন্দ্ৰ সমন্বয়ক সকলেও নিয়মীয়াকৈ পাঠদান কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ পৰিবেশ- পৰিস্থিতিত বেচ সন্তুষ্টি প্ৰকাশ কৰে। তাৰপিছতে ওচৰৰ নিজ দমকা গাঁৱৰ অঙ্গনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজাৰৰ সৈতে বাৰ্তালাপ কৰে। ইয়াত তেওঁ জনোৱা মতে, যিবোৰ অঙ্গনবাড়ী কেন্দ্ৰ প্ৰাথমিক বিদ্যালয়ৰ সৈতে একেটা চৌহদতে আছে সেইবোৰ অতি শীঘ্ৰে বিদ্যালয় খনৰ সৈতে সংলগ্ন কৰা হ'ব। আনবোৰ পৰ্যায়ক্ৰমে একেলগ কৰা হ'ব। এই ক্ষেত্ৰত অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা সকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। ডা: পেগুয়ে তাৰ পিছতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়লৈ আহি ইয়াৰ অৱস্থাৰ বুজ লয়। ইয়াৰ পিছতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপস্থিত থকা অৰুণোদয়, বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চন আৰু কোভিড বিধবা সাহাৰ্য আঁচনিৰ কেবাগৰাকী হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ ভাব জনাৰ চেষ্টা কৰে। হিতাধিকাৰী সকলে আঁচনি সমূহৰ ধন সময়মতে পাইছে নে নাই সেই বিষয়ে জানিব বিচাৰে। তেওঁ হিতাধিকাৰী সকলক ঘৰলৈ গৈ সাক্ষাৎ কৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰে। এই সভাতে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে মন্ত্ৰী গৰাকীক ফুলাম গামোছা আৰু গুৰু আসনেৰে আদৰণি জনায়।মন্ত্ৰী গৰাকীৰ সমগ্ৰ ভ্ৰমণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু শিক্ষা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া সকলেও সঙ্গ দিয়ে। Directorate of Information and Public Relations, Assam