Mausam Baruah

Mausam Baruah Mausam Baruah is a NSUI activist from Assam.Currently he is holding the post of All India Secretary

27/05/2026

অসমৰ বিধান সভা আৰু পবিত্ৰ হৈ থকা নাই।
এচাম উন্মাদ, অপৰাধী, নৈতিকতাহীন, সংস্কাৰহীন, অশিক্ষিত, চিণ্ডিকেট মাষ্টাৰ বিধান সভালৈ আহিছে।
এওঁলোকৰ মাত-কথা শুধক।
ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ।
মূখ্যমন্ত্ৰীয়ে যদি ৰাজধৰ্ম পালন কৰিছে ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

আমাৰ সৌন্দৰ্য্য বৰ্ধন মাকুমৰ মাজমজিয়াত থকা উমেশৰ চেলুনতে হয়।☺️ব্ৰেণ্ড বা দামী নামধাৰী চেল'তকৈ (উচ্চাৰণ চেল') উমেশৰ দুহাত...
23/05/2026

আমাৰ সৌন্দৰ্য্য বৰ্ধন মাকুমৰ মাজমজিয়াত থকা উমেশৰ চেলুনতে হয়।☺️
ব্ৰেণ্ড বা দামী নামধাৰী চেল'তকৈ (উচ্চাৰণ চেল') উমেশৰ দুহাতৰ যাদুৱেই আমাৰ বাবে যথেষ্ঠ।
#মাকুম

23/05/2026

মাতৃভাষা যিকোনো এটা জাতিৰ উত্তৰণৰ মূল আধাৰ।
আমাৰ আদিয়ে অসমীয়া পঢ়িবলৈ আৰম্ভ কৰিছে।
ভৱিষ্যতে এজন ভাল অসমীয়া সন্তান হিচাপে যাতে প্ৰতিষ্ঠিত হ'ৱ পাৰে তাৰেই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏
#অসম #অসমীয়া #অসমীয়াত্ব

আজি আমি শিক্ষাগ্ৰহণ কৰা মাকুমৰ গংগা বিচন ছৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা নীলাক্ষী দত্ত ডাঙৰীয়ানী, বিদ...
20/05/2026

আজি আমি শিক্ষাগ্ৰহণ কৰা মাকুমৰ গংগা বিচন ছৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা নীলাক্ষী দত্ত ডাঙৰীয়ানী, বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক বলিন শইকীয়া সহিতে তিনিচুকীয়া জিলা উপ-পঞ্জীয়ক শ্ৰীযুত অচ্যুত বৰা মহোদয়ক সাক্ষাৎ কৰি কেইবা দশকৰ পৰা বিদ্যালয়ৰ দখলত থকা মাটি বিদ্যালয়ৰ নামত পঞ্জীয়ন কৰাৰ বাবে আলোচনা কৰিলোঁ।
আগন্তুক দিনত এই গুৰুত্বপূৰ্ণ কামটোৰ বাবে সমগ্ৰ মাকুমবাসীৰ লগতে প্ৰাক্তন ছাত্র, শিক্ষক-শিক্ষয়িত্ৰী,বৰ্তমানৰ অভিভাৱক সকলৰ সহযোগিতা কামনা কৰিলোঁ।

কো'ৰ্টৰ পৰা বৰ তৃষ্ণাতুৰ হৈ ঘৰ পালোহি, উভটনিৰ পথতেই ভাবিছিলোঁ আজি Mango shake যেনেকৈ হ'লেও খাবই লাগিব।সেয়ে প্লেন অনুসৰি ...
14/05/2026

কো'ৰ্টৰ পৰা বৰ তৃষ্ণাতুৰ হৈ ঘৰ পালোহি, উভটনিৰ পথতেই ভাবিছিলোঁ আজি Mango shake যেনেকৈ হ'লেও খাবই লাগিব।
সেয়ে প্লেন অনুসৰি বজাৰৰ পৰা এই চিজনত প্ৰথমবাৰৰ বাবে হিমসাগৰ আম আনি মাৰ হাতত তুলি দিলোঁ।
মায়ে লগালগ কফি মগটোত একমগ Mango shake বনাই খাবলৈ দিলে।
ওফ, এক স্বৰ্গীয় অনুভূতি।😍😍😍

আজি তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত বিগত নিৰ্বাচনৰ ফলাফলৰ ওপৰত এখনি পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়।সভাত ব্লক কংগ্ৰেছৰ সভাপতি ...
13/05/2026

আজি তিনিচুকীয়া জিলা কংগ্ৰেছ ভৱনত বিগত নিৰ্বাচনৰ ফলাফলৰ ওপৰত এখনি পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়।
সভাত ব্লক কংগ্ৰেছৰ সভাপতি সকলৰ লগতে জিলা কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে।
দলৰ এজন দায়বদ্ধ কৰ্মী হিচাপে সভাত নিজৰ মতামত দাঙি ধৰিলোঁ।

13/05/2026

কালি এক বহু ব্যৱবহুল আৰু আঢ়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে অসমৰ মূখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে।
তেওঁৰ শপত বাক্যৰ কিয়দাংশ ৰাইজলৈ আগবঢ়াই দিছোঁ।
তেওঁৰ মুখত সঁচাকৈয়ে এই বাক্যশাৰী শোভা পায় নে.??

প্ৰতি পাঁচ বছৰৰ মূৰত অনুষ্ঠিত হোৱা ঐতিহাসিক মৰাণ বিহু এইবাৰ মাকুমত অনুষ্ঠিত হৈছে।কালি প্ৰথম দিনৰ কাৰ্য্যসূচীৰ অংশস্বৰূপে...
09/05/2026

প্ৰতি পাঁচ বছৰৰ মূৰত অনুষ্ঠিত হোৱা ঐতিহাসিক মৰাণ বিহু এইবাৰ মাকুমত অনুষ্ঠিত হৈছে।
কালি প্ৰথম দিনৰ কাৰ্য্যসূচীৰ অংশস্বৰূপে "ৰাতি বিহু" অনুষ্ঠিত হৈছিল।
কেইবাশ নাচনীক পৰম্পৰাগতভাৱে চাকচনী মাৰি, ঢোলৰে যুৱকসকলে নচুৱাই এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে।
আমিও দলে বলে বিহুৰ আমেজ ল'লোঁ।
#মৰাণ_বিহু #মাকুম

Address

Makum-Junction

Alerts

Be the first to know and let us send you an email when Mausam Baruah posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share