BJP Sonitpur District

BJP Sonitpur District To mobilize the vision, philosophy and the words of honorable NaMo to the last person of the society

vision with Mission Congress Mukt Corrupt free Assam,Contact(Optional)8811836885

যোৱা দহ বছৰত অসমৰ স্বাস্থ্য খণ্ডত বিজেপি শাসিত অসম চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰিছে। এই বিনিয়োগৰ ফলতেই অসমৰ স্বাস্থ্য খণ...
04/06/2026

যোৱা দহ বছৰত অসমৰ স্বাস্থ্য খণ্ডত বিজেপি শাসিত অসম চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰিছে। এই বিনিয়োগৰ ফলতেই অসমৰ স্বাস্থ্য খণ্ডই এক শক্তিশালী ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে। এইবাৰ বিজেপি চৰকাৰৰ লক্ষ্য হৈছে স্বাস্থ্য খণ্ডত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰা আৰু ৰাজ্যখনক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা।
Himanta Biswa Sarma
BJP Assam Pradesh

আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ঋতু বৰণ শৰ্মা ডাঙৰীয়াই অসমৰ অন্যতম এক গুৰুত্বপূৰ্ণ ...
03/06/2026

আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত বৰছলা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ঋতু বৰণ শৰ্মা ডাঙৰীয়াই অসমৰ অন্যতম এক গুৰুত্বপূৰ্ণ চিকিৎসা শিক্ষা প্রতিষ্ঠান তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতাল পৰিদৰ্শন কৰি অধ্যক্ষ আৰু অধীক্ষক মহোদয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
বৈঠকত চিকিৎসা মহাবিদ্যালয় খনৰ সামগ্ৰিক পৰিচালনা, স্বাস্থ্যসেৱাৰ মানদণ্ড, চিকিৎসা শিক্ষাৰ পৰিৱেশ তথা বিভিন্ন উন্নয়নমূলক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হয়।
সন্মানীয় বিধায়ক মহোদয়ে ৰোগীসকলক উন্নত আৰু গুণগত চিকিৎসা সেৱা প্ৰদান, চিকিৎসালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, শৈক্ষিক পৰিৱেশ অধিক সমৃদ্ধ কৰা আৰু প্ৰতিষ্ঠানখনৰ সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে।
Ritu Baran Sarmah
Himanta Biswa Sarma
BJP Assam Pradesh

আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ  উদ‍্যোগত বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱাসাপ্তাহিক আলোচনাচক্ৰত মুখ‍্য বক...
03/06/2026

আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ উদ‍্যোগত বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা
সাপ্তাহিক আলোচনাচক্ৰত মুখ‍্য বক্তাৰূপে অংশগ্ৰহণ কৰে মাননীয় বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই । এই সপ্তাহৰ আলোচনাৰ বিষয়বস্তু আছিল “অসমৰ শিক্ষা খণ্ডৰ অগ্রগতি, প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি ২০২০ (NEP 2020)”
আজিৰ এই আলোচনাচক্ৰত
অসমৰ শিক্ষা খণ্ডক দেশৰ ভিতৰত অন্যতম এক শ্ৰেষ্ঠ শিক্ষা খণ্ডলৈ লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থা সন্দৰ্ভত বিশদ ভাবে আলোচনা হয় ।
Dilip Saikia
Ranoj Pegu
Kishore Kr Upadhyay
BJP Assam Pradesh

কংগ্ৰেছ শাসনকালৰ বিদ্যুৎ নাটনিৰ ক'লা দিনবোৰৰ পৰিৱৰ্তে অসমৰ চুকে কোণে বিজুলী বাতিৰ পোহৰ বিয়পোৱাৰ সংকল্পৰে বিজেপি চৰকাৰে ...
03/06/2026

কংগ্ৰেছ শাসনকালৰ বিদ্যুৎ নাটনিৰ ক'লা দিনবোৰৰ পৰিৱৰ্তে অসমৰ চুকে কোণে বিজুলী বাতিৰ পোহৰ বিয়পোৱাৰ সংকল্পৰে বিজেপি চৰকাৰে শক্তিশালী গ্ৰীড নেটৱৰ্ক, উন্নত বিদ্যুৎ ব্যৱস্থাপনা আৰু শেষ মাইললৈ সংযোগ নিশ্চিত কৰাৰ ফলত আমাৰ ৰাজ্যৰ ৯৬.৪%তকৈ অধিক ঘৰলৈ বিদ্যুতৰ যোগান নিশ্চিতিৰে উন্মোচন কৰিছে উন্নয়নৰ এক নতুন দিগন্তৰ।
BJP Assam Pradesh

অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম চৰকাৰে অসম খন সেউজীয়া কৰি ৰাখিবলৈ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ...
03/06/2026

অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম চৰকাৰে অসম খন সেউজীয়া কৰি ৰাখিবলৈ এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ ১ কোটি গছ পুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ধন্যবাদ
Himanta Biswa Sarma
BJP Assam Pradesh

03/06/2026

ঊষা-অনিৰুদ্ধৰ অমৰ কাহিনীৰে ঐতিহাসিক তেজপুৰ চহৰৰ বুকুত সগৌৰৱে থিয় দি আছে বান ৰজাই নিৰ্মাণ কৰা অগ্নিগড় ।

এই ঠাই আমাৰ ইতিহাসৰ স্বাক্ষৰ, আমাৰ স্বাভিমান । আপুনি যদি এতিয়ালৈকে এই ধুনীয়া ঠাইখন আজিলৈকে ভ্ৰমন কৰা নাই, সময় উলিয়াই এপাক মাৰিবছোন৷

বৰছলা সমষ্টিৰ বিধায়ক শ্ৰী ঋতুবৰণ শৰ্মা ডাঙৰীয়াই আজি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ মিছামাৰী মণ্ডলৰ অন্তৰ্গত গৰুবন্ধাৰ পৰা ...
02/06/2026

বৰছলা সমষ্টিৰ বিধায়ক শ্ৰী ঋতুবৰণ শৰ্মা ডাঙৰীয়াই আজি ৬৬ নং বৰছলা বিধানসভা সমষ্টিৰ মিছামাৰী মণ্ডলৰ অন্তৰ্গত গৰুবন্ধাৰ পৰা মিছামাৰী আৰ্মী কেম্প লৈকে লোক নিৰ্মাণ বিভাগৰ SOPD G (2025-26) অধীনত নিৰ্মাণ হোৱা পকী পথ টি বিভাগীয় চৰকাৰী বিষয়া, দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এক মাংগলিক পৰিৱেশত উদ্বোধন কৰে
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh
BJP Sonitpur District
Ritu Baran Sarmah

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া ...
01/06/2026

কলিকতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি অসম, পশ্চিম বংগ আৰু ত্ৰিপুৰা প্ৰদেশৰ পণ্ডিত দীনদয়াল প্ৰশিক্ষণ মহাঅভিযানৰ এদিনীয়া বৰ্গত অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া সহিতে দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।

এদিনীয়া প্ৰশিক্ষণ বৰ্গটিত মাননীয় ৰাষ্ট্ৰীয় সহ সাংগঠনিক সম্পাদক শ্ৰীযুত শিৱ প্ৰকাশ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত সুনীল বানচাল ডাঙৰীয়া উপস্থিত থাকে।

উল্লেখ্য যে অহা মাহৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক স্তৰৰ পৰা মণ্ডল তথা বুথ স্তৰলৈকে নিৱাসী প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হ'ব।
BJP Assam Pradesh

01/06/2026

২০১৪ৰ পৰা ২০২৬লৈ পৰিৱৰ্তিত ভাৰতৰ কাহিনী!

ভাৰত সঁচাকৈয়ে সলনি হ’ব পাৰেনে? বহুতৰ মনত থকা এই দোমোজালিৰ মাজতে ভাৰত আগবাঢ়িছে বিকাশৰ ক্ষীপ্ৰ গতিত। তাহানিৰ ভগ্ন-প্ৰায় পথ, বিদ্যুৎ সংকট আৰু বিশ্বৰ ১১ সংখ্যক অৰ্থনীতিৰ পৰা চতুৰ্থ বৃহৎ অৰ্থনীতিলৈ আগবাঢ়ি ভাৰতে আজি বিশ্বৰ মঞ্চত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে।

যোৱা ১২বছৰত তলত উল্লেখ কৰাৰ ধৰনে দেশে বহু ডাঙৰ পৰিৱৰ্তনৰ সাক্ষী হৈছে—

📌 ডিজিটেল আৰু মহাকাশ বিপ্লৱ।

📌 দ্ৰুত গতিৰ আন্তঃগাঁথনি উন্নয়ন।

📌 দৰিদ্ৰ কল্যাণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব।

এয়া কেৱল পৰিৱৰ্তন নহয়, যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিকশিত ভাৰতৰ ক্ৰমবৰ্দ্ধমান আত্মবিশ্বাসৰ একো একোটা অনুপ্ৰেৰণাদায়ক কাহিনী।
BJP Assam Pradesh

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদ...
01/06/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অন্যতম প্ৰিয় শিষ্য 'বঢ়াৰ পো' মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ দৰ্শন, আদৰ্শ, অমৃত সৃষ্টি আৰু ধৰ্মৰ বাণীয়ে অসমীয়া জাতিক চিৰকাল সমৃদ্ধ কৰি ৰখাৰ লগতে যুগে যুগে পথ দেখাই থাকিব।

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when BJP Sonitpur District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share