AAP Barchala-আপ বৰচলা

AAP Barchala-আপ বৰচলা Wellcome to aam admi party

শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা সমষ্টিত অঞ্চলত আজি অনুষ্ঠিত হোৱা  #অসমতো_কেজৰিৱাল অভিযানৰ অংশ হিচাপে...
12/03/2024

শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা সমষ্টিত অঞ্চলত আজি অনুষ্ঠিত হোৱা #অসমতো_কেজৰিৱাল অভিযানৰ অংশ হিচাপে ব্যাপকতৰূপত প্ৰচাৰ অভিযান চলোৱা হয়। এই অভিযানটোত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ সততা আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ বিহপুৰীয়াৰ বিভিন্ন দল-সংগঠনৰ পৰা আহি আম আদমি পাৰ্টীত যোগদান কৰে। আমি আম আদমি পাৰ্টীৰ মজিয়ালৈ সকলো নতুন সদস্যকে আদৰণি জনাইছোঁ।

#অসমতো_কেজৰিৱাল

যিখন দেশৰ থলুৱা মানুহকেই বিজেপি চৰকাৰে নিযুক্তি দিব পৰা নাই, বাসগৃহ প্ৰদান কৰিব পৰা নাই, এটা ভাল জীৱন প্ৰদান কৰিব পৰা না...
12/03/2024

যিখন দেশৰ থলুৱা মানুহকেই বিজেপি চৰকাৰে নিযুক্তি দিব পৰা নাই, বাসগৃহ প্ৰদান কৰিব পৰা নাই, এটা ভাল জীৱন প্ৰদান কৰিব পৰা নাই, সেইখন দেশে আন দেশৰ মানুহক অনাৰ ধাৰণাটোৱেই এটা বিপদজনক কথা। বিজেপি চৰকাৰে কেৱল ভোটবেংকৰ ৰাজনীতিৰ বাবেই সমগ্ৰ দেশৰে নৱপ্ৰজন্মৰ ভৱিষ্যতৰ সৈতে ধেমালি কৰি আছে।

#অসমতো_কেজৰিৱাল

আজি শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা ক্ষেত্ৰৰ জামুগুৰি পঞ্চায়তত  #অসমতো_কেজৰিৱাল প্ৰচাৰ অভিযান চলে। এ...
12/03/2024

আজি শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিহপুৰীয়া বিধানসভা ক্ষেত্ৰৰ জামুগুৰি পঞ্চায়তত #অসমতো_কেজৰিৱাল প্ৰচাৰ অভিযান চলে। এই অনুষ্ঠানটোত উপস্থিত থাকে শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ মনোনীত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য ডাঙৰীয়া আৰু আম আদমি পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া। তদুপৰি অনুষ্ঠানটোত বিহপুৰীয়া সমষ্টি কমিটি আৰু জামুগুৰি পঞ্চায়ত কমিটিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে।

#অসমতো_কেজৰিৱাল

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ ৰমজান মাহে কঢ়িয়াই আনক সুখ,শান্ত...
12/03/2024

সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
পবিত্ৰ ৰমজান মাহে কঢ়িয়াই আনক সুখ,শান্তি আৰু সম্প্ৰীতিৰ বতৰা।
#ৰমজান

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ, নিৰ্য্যাতিত ব্যক্তি তথা পৰিয়াল, "কা" আন্দোলনৰ ৫ জন শ্বহীদ, নিৰ্য্যাতিত সকলৰ ধাৰৰ বোজা অসমীয...
12/03/2024

অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদ, নিৰ্য্যাতিত ব্যক্তি তথা পৰিয়াল, "কা" আন্দোলনৰ ৫ জন শ্বহীদ, নিৰ্য্যাতিত সকলৰ ধাৰৰ বোজা অসমীয়া জাতিৰ ওপৰত আছে৷ প্ৰতিজন অসমীয়াই এইয়া মনত ৰখাৰ দৰকাৰ৷ জাতিধ্বংসী এই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'CAA' কোনো কাৰণতে আমি মানি নলওঁ।
এই ক'লা আইন বাতিল নোহোৱা পৰ্য্যন্ত ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰবল প্ৰতিবাদ অব্যাহত থাকিব।
✍️ ঋষিৰাজ কৌণ্ডিন্য আপ শোণিতপুৰ লোকসভাৰ প্ৰক্ষেপি প্ৰাৰ্থী।

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বিশ্বনাথ সমষ্টিত আজিৰে পৰা শুভাৰম্ভ হয় অসমতো_কেজৰিৱাল শীৰ্ষক কাৰ্যসূচী। উক্ত উদ্বোধনী অনুষ্ঠান...
11/03/2024

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বিশ্বনাথ সমষ্টিত আজিৰে পৰা শুভাৰম্ভ হয় অসমতো_কেজৰিৱাল শীৰ্ষক কাৰ্যসূচী। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আপ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য ডাঙৰীয়া। লগতে আপ অসম উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া আৰু বিশ্বনাথ জিলা আৰু সমষ্টি কমিটিৰ নেতা কৰ্মী সকলো অনুষ্ঠানটোত উপস্থিত থাকে।

#অসমতো_কেজৰিৱাল

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বিহালী সমষ্টিৰ ৰাংছালি সোনাৰী গাওঁৰ মায়ামৰা নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী মদ্ভাগৱত প...
11/03/2024

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বিহালী সমষ্টিৰ ৰাংছালি সোনাৰী গাওঁৰ মায়ামৰা নামঘৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰী মদ্ভাগৱত পাঠ ও বাখ্যা অনুষ্ঠানটোত ভকত বৈষ্ণৱ সকলৰ লগত উপস্থিত হৈ ৰাইজৰ আশীষ লয় আপ শোণিতপুৰ লোকসভাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য ডাঙৰীয়াও
হৰি ঔম: 🌺🙏

অতি দুখেৰে জনাও যে আম আদমি পাৰ্টীৰ সক্ৰিয় সদস্য সুমন দেউৰী ডাঙৰীয়াই আমাক সকলোকে শোকাকুল কৰি এই জগতৰপৰা চিৰবিদায় মাগে। উল...
11/03/2024

অতি দুখেৰে জনাও যে আম আদমি পাৰ্টীৰ সক্ৰিয় সদস্য সুমন দেউৰী ডাঙৰীয়াই আমাক সকলোকে শোকাকুল কৰি এই জগতৰপৰা চিৰবিদায় মাগে। উল্লেখযোগ্য যে তেওঁ যোৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনত আপৰ মনোনীত প্ৰাৰ্থী আছিল। আম আদমি পাৰ্টীৰ তৰফৰপৰা তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে দুখৰ সমভাগী হৈছোঁ।

কৃষি খণ্ড অবিহনে ভাৰতৰ অৰ্থনীতি কল্পনাই কৰা কঠিন। বৰ্তমান চৰকাৰ খনে কৃষি খণ্ডৰ আধুনিকীকৰণ কৰাৰ বিপৰীতে, নতুন কৃষি আইনৰ জ...
11/03/2024

কৃষি খণ্ড অবিহনে ভাৰতৰ অৰ্থনীতি কল্পনাই কৰা কঠিন।
বৰ্তমান চৰকাৰ খনে কৃষি খণ্ডৰ আধুনিকীকৰণ কৰাৰ বিপৰীতে, নতুন কৃষি আইনৰ জৰিয়তে কৃষকৰ প্ৰাপ্য ধিকাৰ খৰ্ব কৰাত হে জঁপিয়াই পৰা দেখা গৈছে।
#বিজেপিৰ_ভুৱা_প্ৰতিশ্ৰুতি

বৰ্তমান চৰকাৰৰ অমৃত কালত ৰাজ্যবাসীৰ মূৰত  প্ৰায় ১ লাখ ৫০ হাজাৰ কোটি টকা  ঋণৰ বোজা জাপি দি, বিজেপি চৰকাৰে ৰূপায়ন কৰিব খু...
10/03/2024

বৰ্তমান চৰকাৰৰ অমৃত কালত ৰাজ্যবাসীৰ মূৰত প্ৰায় ১ লাখ ৫০ হাজাৰ কোটি টকা ঋণৰ বোজা জাপি দি, বিজেপি চৰকাৰে ৰূপায়ন কৰিব খুজিছে হিতাধিকাৰী আঁচনি!
বিধ্বস্ত অৰ্থনীতিত ভৰ দি চৰকাৰৰ এই চমক কিমানদূৰ গ্ৰহণযোগ্য।
#অসমতো_কেজৰীৱাল

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত ৰঙাপাৰা ধুলাপাদুং চাহ বাগিছাত আজি এখন আম আদমি পাৰ্টীৰ জনসভা অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে 'আপ'...
10/03/2024

শোণিতপুৰ লোকসভাৰ অন্তৰ্গত ৰঙাপাৰা ধুলাপাদুং চাহ বাগিছাত আজি এখন আম আদমি পাৰ্টীৰ জনসভা অনুষ্ঠিত হয়।
সভাত উপস্থিত থাকে 'আপ' শোণিতপুৰ জিলা সভাপতি পুতুল বৰা দেৱৰ লগতে উপ-সভাপতি প্ৰেম চাগেন হৰ তথা সহকৰ্মী বৃন্দ।

#অসমতো_কেজৰীৱাল

Address

NH-15
Tezpur
784153

Alerts

Be the first to know and let us send you an email when AAP Barchala-আপ বৰচলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AAP Barchala-আপ বৰচলা:

Share