Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ

  • Home
  • India
  • Teok
  • Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ

Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ, Social service, Teok.

আপোচবিহীন প্ৰগতিশীল জাতীয়তাবাদ হৃদয়ত লৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী অসমৰ সপোনেৰে বিশ্বমুখী যাত্ৰাত...

Social Entrepreneur।। Management Consultant

MBA (Finance, Public Policy) from IIM
and a Mechanical Engineer

তত্বাৱধায়ক, তথ্য আৰু প্ৰচাৰ বিভাগ, ৰাইজৰ দল

19/05/2026

18/05/2026

প্ৰতিবাদৰ বাবেই চেটেলাইট টাউনশ্বিপৰ জৰীপ বাতিল কৰিবলৈ বাধ্য হ'ল চৰকাৰ

ইনক্লাব জিন্দাবাদ

18/05/2026
18/05/2026

জাগীৰোডৰ প্ৰস্তাৱিত Satellite Township স্থাপনৰ প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে বাতিল কৰক।
খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰক

17/05/2026

📌এফালে কান চলচিত্ৰ মহোৎসৱত জনজাতীয় পোচাকেৰে আইমীৰ ফেশ্যন
📌আনফালে জনজাতীয় মানুহৰ মাটি কাঢ়ি অনাৰ কুজকাৱাজ স্বামী পীযুজৰ
📌এয়াই নেকি জনজাতীয়ৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা?

অতীতৰ শৰাইঘাট নাই!তাৰ পৰিৱৰ্তে বৰ্তমানৰ শৰাইঘাট দলং আছে।।ঠিক সেইদৰে বৰ্তমান সাংবাদিক বহুতো আছে। কিন্তু পৰাগ  দাসৰ দৰে সা...
17/05/2026

অতীতৰ শৰাইঘাট নাই!

তাৰ পৰিৱৰ্তে বৰ্তমানৰ শৰাইঘাট দলং আছে।।
ঠিক সেইদৰে বৰ্তমান সাংবাদিক বহুতো আছে। কিন্তু পৰাগ দাসৰ দৰে সাংবাদিকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰাকৈ নগণ্য ।।

"পৰাগ দাস" যিজনে ৰাষ্ট্ৰযন্ত্ৰৰ দমনৰ বাবে কলম তুলি লৈছিল। ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই তেওঁক দুবাৰকৈ ৰাষ্ট্ৰই গ্ৰেপ্তাৰ কৰিছিল। ১৯৯২ আৰু ১৯৯৩ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। কিন্তু ৰাষ্ট্ৰযন্ত্ৰই ৰঙাচকু দেখুৱালেও সেই চকুলৈ তেওঁ ভয় কৰা নাছিল। লিখি গৈছিল ইখনৰ পাছত সিখন গ্ৰন্থ।

পৰাগ দাসে সাংবাদিক-সম্পাদক ৰূপে দায়িত্ব পালন কৰাৰ লগতে এগৰাকী মানৱ অধিকাৰৰ কৰ্মী ৰূপে ১৯৯১চনৰ পৰাই মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সৈতে জড়িত হৈ পৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ মাছৰ প্ৰতিষ্ঠাপক আহ্বায়ক আছিল পৰাগ দাস।
আলফা আৰু আন বিদ্ৰোহী সংগঠনৰ দমনৰ নামত উত্তৰ-পূৱত চলিছিল সেনাৰ সন্ত্ৰাস। সাধাৰণ লোকৰ অধিকাৰ খৰ্ব হৈছিল সেই সময়ত। তেতিয়াই পৰাগ দাসে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। সেইকাৰণে তেখেতে সেইসময়ত ৰাষ্ট্ৰৰ উৎপীড়ন দমনৰ বিষয়ে "আগান" নামৰ বাৰ্তালোচনী প্ৰকাশ কৰি উলিয়াইছিল আৰু সেইসময়ৰ সামৰিক পৰিস্থিতি তুলি ধৰিছিল আগানৰ জৰিয়তে।

পৰাগ কুমাৰ দাসে বুজিছিল- জাতি-জনগোষ্ঠীসমূহৰ স্বাধিকাৰ অবিহনে প্ৰকৃত স্বাধীনতা সম্ভৱ নহয়। তেওঁ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধেও কলম তুলি লৈছিল। সাংবাদিকতাৰ দিশত কোনো দিনে আপোচ কৰা নাছিল পৰাগ কুমাৰ দাসে।

ৰাজ্যৰ সম্পদৰ প্ৰকৃত ব্যৱহাৰৰ হৈ তেওঁ মাত মাতিছিল। সাংবাদিক হৈ মানৱ অধিকাৰৰ বাবে যুঁজিবলৈ তেওঁ লোভনীয় ষ্টক এক্সছেঞ্জৰ চাকৰিও বাদ দিছিল।
‘ছাংলট ফেনলা’ পৰাগ দাসৰ আছিল এখন উল্লেখযোগ্য গ্ৰন্থ। য’ত তেওঁ স্বাধীন ৰাষ্ট্ৰৰ সপোন দেখা বিপ্লৱীসকলক মুক্তভাৱে সমালোচনা কৰাই নহয়, ইয়াৰ বাস্তৱ সন্মত ফলাফলৰ আভাস দিবলৈ যত্ন কৰিছিল।

পৰাগ দাসৰ শক্তিশালী কণ্ঠ আৰু কাৰো ওচৰত আঁঠু নকঢ়াৰ মানসিকতাৰ বাবেই সৰ্বসাধাৰণ মাজত তেওঁৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছিল। কিন্তু তাৰ বিপৰীতে শাসক গোষ্ঠীৰ বাবে পৰাগ দাস হৈ পৰিছিল এক প্ৰত্যাহ্বান।

পৰাগ দাসে উত্থাপন কৰা প্ৰশ্নসমূহৰ উত্তৰ নাছিল শাসকসমূহৰ হাতত। ১৯৯৬ চনৰ ১৭ মে’, পৰাগ দাসে সন্তানক বিদ্যালয়ৰ পৰা নিবলৈ আহিছিল। সন্তানক লৈ ঘৰলৈ উভতিব লওঁতেই ৰাজগড়ৰ লিংকৰোডত অচিনাক্ত দুৰ্বৃত্তই পৰাগ দাসক গুলীয়াই হত্যা কৰিলে।

আজিও পৰাগ দাসৰ হত্যাকাৰী মুকলি আকাশৰ তলত। কেৱল মাত্ৰ এটা দিনৰ কাৰণে আমি পৰাগ দাসক স্মৰণ কৰিম। বাকী দিনকেইটা তেখেতৰ নাম লৈ আৰ্দশ খিনিক উপলুঙা কৰিম।

আচলতে পৰাগ কুমাৰ দাসৰ নাম বিক্ৰী যোৱা লোক সকলে লোৱাটো উচিত নহয়।

পৰাগ দাস কায়িকভাৱে আমাৰ মাজত নাই কিন্তু চিৰদিন তেখেতৰ আৰ্দশবোৰ থাকিব।

মৃত্যু দিনত সোঁৱৰিছো পৰাগ দা....

Address

Teok

Alerts

Be the first to know and let us send you an email when Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Debanga Sourav Gogoi দেবাংগ সৌৰভ গগৈ:

Share

Category