01/12/2024
প্ৰতি, মাননীয়/ মাননীয়া,মানৱ প্ৰেমী সকল সমাজত,মানৱ কল্যানৰ হকে বিভিন্ন স্তৰত সমাজত কাম কৰি থকা বিষয়া, ব্যাক্তিসকল,
বিষয়: মানসিক ৰোগত ভুগি থকা বা মানসিক বিসংগতিৰ Mentally illness person, Mentally Re****ed person মানসিক বিকাৰগ্ৰসত ৰোগত ভুগি থকা সকলোৰ বাবে, বিনামূলীয়া চিকিৎসা সেৱা, বিনামূলীয়া ঔষধ বিতৰণ, ৰোগী চোৱাৰ স্হান ৰ'জ প্ৰতিষ্ঠান কাৰ্যালয়, সময়:১০.৩০ বজাত,
মহাশয়,মহাশয়া, বিহীত সন্মান পূৰ্বক বিনিদ নীবেদন এই যে আমি জনাবলৈ পায় সূখী হৈছো যে, বিভিন্ন ধৰণৰ মানসিক ৰোগত ভুগি থকা ৰোগী সকলৰ বাবে সু-স্বাস্থ্যৰ কামনাৰে চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে ওদালগুৰি জিলা প্ৰশান, জিলা সমাজ কল্যাণ, DDRC ৰ হৈ ৰ'জ প্ৰতিষ্ঠানে আপোনালোকক জনাবলৈ পায় সূখী হৈছো যে, মানসিক ৰোগত আক্ৰান্ত বা ভূগি থকা সকলোৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা,ও বিনামূলীয়া ঔষধ বিতৰণ প্ৰদান কৰা হব, উক্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ শোনিতপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ পৰা, প্ৰতি মাহৰ তৃতীয় শুক্ৰবাৰ Third Friday দিনাখন ১০.৩০ বজাৰ পৰা চিকিৎসা সেৱা প্ৰদান কৰিব, ৰ'জ প্ৰতিষ্ঠান কাৰ্যালয়ৰ উদ্দোগত,সেয়েহে, আপোনালোকৰ জৰিয়তে সকলো গ্ৰাম্য স্তৰত থকা বিভিন্ন পৰ্যায়ত সমাজত কাম কৰি থকা ব্যাক্তি সকল বা অঙ্গনাবাদি কৰ্মী, বিভিন্ন গ্ৰাম্য অঞ্চলত কৰ্মত নিয়োজিত হৈ থকা সকলৰ জৰিয়তেও মানসিক ৰোগত ভূগি থকা জনসাধাৰণ ব্যাক্তি সকলোক জনাবলৈ অনুৰোধ কৰিলো,আৰু আমি ও জনোৱাৰ বাবে প্ৰয়াস কৰি আছো, সেয়েহে ওদালগুৰি জিলা প্ৰসাশন, আৰু জিলা সমাজ কল্যাণৰ DDRC ৰ হৈ ৰ'জ অনুষ্ঠানৰ পৰা আপোনালোকক আন্তৰিকতাৰে উক্ত চিকিৎসা শিবিৰত চিকিৎসা সেৱাৰ সুযোগ সুবিধা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ, ইতি, আপোনাৰ বিশ্বাসী,
শ্ৰী ললিত বড়ো সঞ্চালক ৰ'জ এন জি,ও,প্ৰতিষ্ঠান টঙলা জিলা ওদালগুৰি বি টি আৰ অসম ম'বাইল ৯৯৫৪৫০৫২৮৮.৯৪০১৮০৩১২৫.