31/08/2025
বস্ত্ৰ নগৰী শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহৰ সম্ভাৱনাপূৰ্ন ক্ৰিকেট খেলুৱৈ সকলক উৎসাহ আৰু প্ৰশিক্ষণ কৰাৰ উদ্দেশ্যে আজি শুৱালকুছি মাধৱ দেৱ ক্ষেত্ৰত " হাটী সত্ৰ ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ " টিৰ শুভ উদ্বোধন কৰা হয়।
উক্ত অনুষ্ঠানটিত উপস্থিত থাকি যথেষ্ট সুখী অনুভৱ কৰিছো ।
আশাকৰোঁ এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ জৰিয়তে ভাল ভাল খেলুৱৈ সৃষ্টি হৈ অঞ্চলটিৰ লগতে সমগ্ৰ অসমলৈ সু - নাম কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ।