Nabin Kurmi uncut

Nabin Kurmi uncut যিকোনো গুৰুত্বপূৰ্ণ কথা,বা-বাতৰি, ৰাজনৈতিক, অৰ্থনৈতিক,ক্ৰীড়া,সাহিত্য-সংস্কৃতি,নৱ-প্ৰজন্মৰ প্ৰতিভাৱান সকলৰ বতৰা পাব।

সুপ্ৰভাত।।।
01/09/2026

সুপ্ৰভাত।।।

অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য...
26/08/2026

অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে ২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য আবেদনকাৰীসকলৰ পৰা তলত উল্লেখ কৰা আঁচনিসমূহৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে—
প্ৰি-মেট্ৰিক বৃত্তি।
পোষ্ট-মেট্ৰিক বৃত্তি।
চিমন সিং হৰো বিশেষ পোষ্ট-মেট্ৰিক বৃত্তি।
ANM/GNM আৰু অন্যান্য কাৰিকৰী পাঠ্যক্ৰমৰ বাবে আৰ্থিক সাহায্য।
উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য।
UPSC/APSC-ৰ দ্বাৰা অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত (Civil Services Prelims) উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰ্থিক সাহায্য।
TB/কেন্সাৰ আৰু অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে অনুদান।
ন্যূনতম যোগ্যতাৰ চৰ্ত
(ক) আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব আৰু চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হ’ব লাগিব।
(খ) অভিভাৱক/অভিভাৱকে নিৰ্ধাৰিত আৰ্হিত বাৰ্ষিক পৰিয়ালৰ আয় ৫.০০ লাখ টকাৰ অধিক নহয় বুলি ঘোষণা-পত্ৰ (Undertaking) দাখিল কৰিব লাগিব।
(গ) আবেদনকাৰীৰ আধাৰ সংযুক্ত (Aadhaar-seeded) Scheduled Bank Account থাকিব লাগিব।
গুৰুত্বপূৰ্ণ নিৰ্দেশনা
(ক) আবেদন কৰাৰ আগতে সংশ্লিষ্ট আঁচনিৰ যোগ্যতা, নিয়ম আৰু চৰ্তসমূহ ভালদৰে পঢ়িবলৈ আবেদনকাৰীসকলক পৰামৰ্শ দিয়া হৈছে। আঁচনিৰ নিৰ্দেশিকা চৰকাৰী ৱেবছাইট ttwd.assam.gov.in আৰু SIRISH-Online Application Portal-ত উপলব্ধ।
(খ) অনলাইন আবেদনৰ সময়ত আবেদনকাৰীয়ে নিজৰ নিজা বেংক একাউণ্টৰ সঠিক তথ্য দিব লাগিব।
(গ) একেজন আবেদনকাৰীয়ে বিভিন্ন উপ-বিভাগৰ পৰা পুনৰাবৃত্তিভাৱে আবেদন কৰিলে কোনো ক্ষেত্ৰতে সেই আবেদন বিবেচনা কৰা নহ’ব।
(ঘ) যিকোনো আঁচনিৰ বাবে আবেদন কৰিবলৈ প্ৰথমে SIRISH-Online Application Portal (www.sirishassam.in⁠�)-ত পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰি আবেদন চূড়ান্ত কৰিব লাগিব।
(ঙ) অনলাইন আবেদন কৰাৰ সময়ত সকলো আবেদনকাৰীৰ বাবে আধাৰ Authentication বাধ্যতামূলক।
আবেদনৰ সময়সীমা
অনলাইন আবেদন ২৬ আগষ্ট ২০২৬ৰ পৰা গ্ৰহণ কৰা হ’ব আৰু ৫ অক্টোবৰ ২০২৬লৈকে আবেদন কৰিব পাৰিব।
কিন্তু “TB/কেন্সাৰ আৰু অন্যান্য গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে অনুদান” আঁচনিৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট শেষ তাৰিখ প্ৰযোজ্য নহয়, কাৰণ এই আঁচনি গোটেই বছৰজুৰি চলি থাকে।
জাৰি কৰিছে:
সঞ্চালক
চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ সঞ্চালকালয়, অসম
ৰূপনগৰ, গুৱাহাটী–৩২

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ।(TUEE)/GAT-B/CUET-UG/PG/JEE(Mains)/CEED/UG-NID DAT/UCEED/NET/SLET/GATE...
21/03/2026

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ।
(TUEE)/GAT-B/CUET-UG/PG/JEE(Mains)/CEED/UG-NID DAT/UCEED/NET/SLET/GATE ৰ জৰিয়তে ২০২৬-২৭ চনৰ শৈক্ষিক বৰ্ষৰ বাবে নিম্নোক্ত অধ্যয়ন কাৰ্যসূচীত নামভৰ্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন আমন্ত্ৰণ জনাইছে।
👉UG(Undergraduate):-
B.Tech, B.Des, Integrated MSc/MA, BA Honours
👉PG(Postgraduate):-
M.Tech, MA, MSc, MBA, MCA, M.Ed, LLM
👉PhD(Research):-
Doctoral Programmes across all Departments
👉B.ed

গুৰুত্বপূৰ্ণ প্ৰবন্ধ।
18/03/2026

গুৰুত্বপূৰ্ণ প্ৰবন্ধ।

16/03/2026
16/03/2026
অসম আদিত্য বাতৰি কাকতৰ বাতৰি
16/03/2026

অসম আদিত্য বাতৰি কাকতৰ বাতৰি

28/02/2026

#অসম চৰকাৰে কেবিনেটৰ‌ সিদান্ত‌ মৰ্মে অহা ১ এপ্ৰিল পৰা #ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাত কাম কৰা চাহ শ্ৰমিকৰ মজুৰি ২৫০ টকাৰ পৰা ৩০ টকা বৃদ্ধি কৰি ২৮০ টকালৈ বৃদ্ধি কৰা হৈছে।
#বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৫৮ টকালৈ বৃদ্ধি কৰা হৈছে।

চৰকাৰে নিজৰ নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰা ৩৫১ টকাও কৰিব নোৱাৰে।
নূন্যতম মজুৰি আইন ১৯৪৮ অনুসৰি দৈনিক মজুৰি দিয়াৰ ব্যৱস্হা কৰিব নোৱাৰে।চৰকাৰ,মালিক পক্ষ আৰু শ্ৰমিকৰ বৰঙণিৰে চলা ট্ৰেড ইউনিয়ন সমূহৰ এয়াও এক নিৰ্বাচনী টোপ হে।
প্ৰকৃতাৰ্থত চৰকাৰ,মালিক আৰু ট্ৰেড ইউনিয়ন সমূহেও চাহ শ্ৰমিকৰ সন্মানজনক মজুৰি দিয়াত অপৰাগ।

চাহ শ্ৰমিক সকলৰ সংজ্ঞা পূৰ্ণ মজুৰি নিৰ্ধাৰণ কৰাত‌ চৰকাৰ এক প্ৰকাৰ ব্যৰ্থ। ট্ৰেড ইউনিয়ন সমূহৰ এয়া ব্যৰ্থতা।ট্ৰেড ইউনিয়নক প্ৰতিনিধিত্ব কৰা নেতা এজন প্ৰবীণ কংগ্ৰেছী আৰু আন জন ট্ৰেড ইউনিয়নৰ নেতা শ্ৰমিক গৰ্জন কৰি ৰাতিৰ ভিতৰত যোগদান কৰি বৰ্তমানৰ কেবিনেট মন্ত্ৰী।সেয়াই শ্ৰমিকৰ‌ ভাগ্য নিয়ন্তা।সেয়াই আমাৰ দূভাৰ্গ্য।

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when Nabin Kurmi uncut posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category