District Women & Child Development Department, Charaideo

  • Home
  • District Women & Child Development Department, Charaideo

District Women & Child Development Department, Charaideo Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from District Women & Child Development Department, Charaideo, Government Official, Sonari Commerce College Road , Near Sonari Circle Office, Ward no 5, .

10/03/2026
আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ  সহযোগত ...
24/02/2026

আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ সহযোগত "বাল্য বিবাহ মুক্ত ভাৰত অভিযান" আৰু চৰাইদেউ জিলা প্ৰশাসনৰ "Where is your missing friend? Who is your new friend? নামৰ অভিযানটিৰ তৃতীয়টি অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু লগতে ভাৰতীয় সেনাৰ দ্বাৰা কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

চৰাইদেউ জিলাৰ বিদ্যালয় ক্ৰমে নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰহাট ভৱানী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সাপেখাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰহাট নতুন উচ্চ মাধ্যমিক বিদ্যালয়, সাপেখাতি মহাবিদ্যালয়, বাৰেগাওঁ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটি অনুষ্ঠিত হয় কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

অনুষ্ঠানটি আঁত ধৰি জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ নীনা জ্যোতি চাংমাইয়ে চৰাইদেউ জিলা প্ৰশাসনে বাল্য বিবাহ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি " Where is your missing friend? Where is your new friend?"- নামেৰে আৰম্ভ কৰা অভিযানটিৰ বিষয়ে বক্তব্য আগবঢ়ায়।‌ইয়াৰ পিছতেই জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈয়ে মহিলা আৰু শিশু বিকাশ বিভাগে কিশোৰী তথা মহিলা সকলৰ সুবিধাৰ্থে আগবঢ়োৱা জৰুৰীকালীন নম্বৰ সমূহৰ বিষয়ে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত মূল ভাষণ প্ৰদান কৰে চৰাইদেউ জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুত বিবেক শৰ্মা মহোদয়ে । ইয়াৰ পিছতেই ভাৰতীয় সেনাৰ হৈ কেৰিয়াৰ পৰামৰ্শ প্ৰদান কৰে ভাৰতীয় সেনাৰ মেজৰ সুনীল মহোদয়ে। অগ্নিবীৰ নিযুক্তি প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈ কৰ্মৰত ভাৰতীয় সেনা জোৱান সকলেও মনোভাৱ ব্যক্ত কৰে।

ইয়াৰ পিছতেই চৰাইদেউ জিলাৰ ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া ডঃ পৰিস্মৃতা শইকীয়াই বাল্য বিবাহ কেনেদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত উপস্থিত থাকে আটাইকেইখন বিদ্যালয়/ মহাবিদ্যালয়ৰ শিক্ষক সকলৰ লগতে চৰাইদেউ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয় ববীয়া সকল।

Directorate of Women & Child development, Assam
Ministry of Women & Child Development, Government of India
District Hub for Empowerment of Women, Charaideo

আজি ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া ড° পৰিস্মিতা শইকীয়াৰ পৌৰহিত্যত জিলা কাৰ্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা সভা অনুষ্ঠি...
19/02/2026

আজি ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া ড° পৰিস্মিতা শইকীয়াৰ পৌৰহিত্যত জিলা কাৰ্যালয়ৰ সভাকক্ষত এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাতেই বিষয়াগৰাকীয়ে বিভাগীয় বিভিন্ন আঁচনিৰ কামৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। লগতে বাকী ৰোৱা কামসমূহো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায়।
আজিৰ এই পৰ্যালোচনা সভাত অভয়পুৰ আৰু লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াদ্বয় ক্ৰমে শ্ৰীমতী নীহাৰিকা চুতীয়া আৰু শ্ৰীমতী প্ৰয়াসী শইকীয়া প্ৰমুখ্যে মুখ্য সেৱিকাবৃন্দ তথা জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলো উপস্থিত থাকে।
CMO Assam
Ajanta Neog
Directorate of Women & Child development, Assam
Charaideo District Administration
Janasanyog Charaideo
Lakwa ICDS Project, Tengapukhuri
CDPO Sonari ICDS Project,Moranhat
CDPO Abhoipur ICDS Project, Sonari

চৰাইদেউ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আজি সোণ...
30/01/2026

চৰাইদেউ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰই ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে আজি সোণাৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে। সোণাৰিৰ বহুকেইখন বিদ্যালয়ে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদ দিৱস উপলক্ষে দুই মিনিট সময় মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধা নিবেদন জনোৱা হয়।

অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীযুতা সুজাতা গগৈয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত ড০ নেহা যাদৱ মহোদয়াই। মহিলা আৰু শিশু বিকাশ বিভাগৰ সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰই ছাত্ৰ -ছাত্ৰী সকলৰ সহায় হোৱাকৈ জৰুৰীকালীন নম্বৰ সমূহ উল্লেখ কৰি এটি বেজ প্ৰস্তুত কৰিছিল, সহকাৰী আয়ুক্ত শ্ৰীযুতা ৰীণি হাজৰিকা মহোদয়াই আনুষ্ঠানিক ভাৱে দুয়োগৰাকী বিশিষ্ট ব্যক্তিকে বেজ পৰিধান কৰোৱাৰ পিছতেই সকলো ছাত্ৰ-ছাত্ৰীক বেজ প্ৰদান কৰা হয় ।

ইয়াৰ পিছতেই কুইজ প্ৰতিযোগিতা খনি দুটা পৰ্যায়ত অনুষ্ঠিত কৰে কুইজ মাষ্টাৰ তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ শ্ৰীযুত জয়ন্ত কুমাৰ গগৈয়ে।
কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত উপস্থিত থাকে চৰাইদেউ জিলাৰ জিলা সমাজ কল্যাণ বিষয়া শ্ৰীযুতা জ্যোৎস্না বিশ্বাস মহোদয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়া সকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল আৰু জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়-ববীয়া সকল।

Charaideo District Administration
CMO Assam
MyGov Assam
District Hub for Empowerment of Women, Charaideo
Directorate of Women & Child development, Assam
Ministry of Women & Child Development, Government of India

আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ  সহযোগত ...
22/01/2026

আজি চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত তথা চৰাইদেউ জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ সহযোগত "বাল্য বিবাহ মুক্ত ভাৰত অভিযান" আৰু চৰাইদেউ জিলা প্ৰশাসনৰ "Where is your missing friend? Who is your new friend? নামৰ অভিযানটিৰ দ্বিতীয়টো অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰায় শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিত টাওকাক চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে চৰাইদেউ জিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুতা ৰীণি হাজৰিকা মহহোদয়াই। ইয়াৰ পিছতেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এখন নাটক প্ৰদৰ্শন কৰা হয়।
ইয়াৰ পিছতেই মহকুমা স্বাস্থ্য বিষয়া ডাঃ জ্যোতি শ্যাম মহোদয়াই ভাষণ প্ৰদান কৰে।
অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰীযুত জ্যোতি প্ৰসাদ পেগু মহোদয়ে।
অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী সকলক এটি "Bedge" উপহাৰ স্বৰূপে প্ৰদান কৰা হয় । "Bedge"- টিত তেওঁলোকৰ সহায় হোৱাকৈ জৰুৰীকালীন নম্বৰ সমূহ উল্লেখ আছে।

ইয়াৰ পিছতে চৰাইদেউ জিলাৰ সহকাৰী আয়ুক্ত বিবেক শৰ্মাৰ সহযোগিতাত সেনাবাহিনীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় । নৌ সেনা, ভাৰতীয় সেনা তথা জিলা সৈনিক কল্যাণ বিষয়াৰ উপস্থিতিত এই অনুষ্ঠান অনুষ্ঠিত হয়।

নীনা জ্যোতি চাংমাইয়ে আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থাকে নামতোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, টাওকাক চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক সকলৰ লগতে চৰাইদেউ জিলাৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সমূহ বিষয় ববীয়া।

CMO Assam
MyGov Assam
Directorate of Women & Child development, Assam
Charaideo District Administration
District Hub for Empowerment of Women, Charaideo

📍 Sonari, Charaideo | 15th December 2025✨ Successful Conclusion of the 16-Day Campaign to End Gender-Based Violence ✨An ...
16/12/2025

📍 Sonari, Charaideo | 15th December 2025

✨ Successful Conclusion of the 16-Day Campaign to End Gender-Based Violence ✨

An impactful awareness meeting was held at Sonari Somolay Club, Charaideo, marking the successful conclusion of the 16-Day Campaign to End Gender-Based Violence. The programme brought together key stakeholders committed to building a safer, more empowered society for women.

The meeting was graciously attended by the Deputy Superintendent of Police, CDPO, officials from DCPU and DHEW, representatives of DLSA, along with Supervisors, Anganwadi Workers, SHG members, and Nari Suraksha members from ASRLM.

Important discussions were held on the Prevention of Domestic Violence Act, adoption procedures under DCPU, legal rights available to women, and an overview of Mission Shakti and its sub-schemes aimed at women’s empowerment.

The programme witnessed active participation and meaningful interaction from all stakeholders, reflecting a shared commitment towards ending gender-based violence and strengthening support systems for women and children.

Together, we move forward towards a society built on equality, dignity, and justice. 💜


SANKALP–HEW
Charaideo

Directorate of Women & Child development, Assam
Charaideo District Administration
Janasanyog Charaideo
District Hub for Empowerment of Women, Charaideo

বিভিন্ন কাকতত প্ৰকাশিত বিভাগীয় বাতৰিCMO Assam Directorate of Women & Child development, Assam Janasanyog Charaideo
06/12/2025

বিভিন্ন কাকতত প্ৰকাশিত বিভাগীয় বাতৰি
CMO Assam
Directorate of Women & Child development, Assam
Janasanyog Charaideo

৫ ডিচেম্বৰ, ২০২৫,  তাৰিখে চৰাইদেউ জিলাৰ মৰাণ কচুমাৰি স্হিত বহুমুখী প্ৰক্ষাগৃহত মহিলা আৰু শিশু বিকাশ বিভাগৰ অন্তৰ্গত সংকল...
06/12/2025

৫ ডিচেম্বৰ, ২০২৫, তাৰিখে চৰাইদেউ জিলাৰ মৰাণ কচুমাৰি স্হিত বহুমুখী প্ৰক্ষাগৃহত মহিলা আৰু শিশু বিকাশ বিভাগৰ অন্তৰ্গত সংকল্প–জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড মিছন (BMMU) আৰু জিলা আইনী সেৱা প্ৰাধিকৰণৰ সহযোগিতাত এখনি সজাগতা সভা অনুষ্ঠিত হয়। লিংগভিত্তিক হিংসা অন্ত পেলাবলৈ ২৬ নৱেম্বৰ পৰা চলি অহা ১৬ দিনীয়া সক্ৰিয় কাৰ্যসূচীৰ অংশ হিচাপে আজিৰ অনুষ্ঠান আয়োজন কৰা হয়।
সভাৰ মূল বিষয় আছিল — “ডিজিটেল সুৰক্ষা আৰু সংবেদনশীলতা”।

অনুষ্ঠানৰ আঁত ধৰা কৰিছিল লিপিকা দত্তই আৰু উদ্দেশ্য ব্যাখ্যা আগবঢ়াইছিল জিলা কাৰ্যক্ৰম সমন্বয়ক শ্ৰীযুত নৱজ্যোতি গগৈয়ে।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় মাহমৰা সমজিলাৰ সমজিলা আৰক্ষী অধীক্ষক শ্রী গজানন্দ শৰ্মাই। তেখেতে ডিজিটেল যুগত সুৰক্ষা, সাবধানতা আৰু সংবেদনশীলতাৰ দিশসমূহ সহজ ভাষাৰে বুজাই কয়।

তাৰ পিছতে জিলা মিছন সমন্বয়ক শ্ৰীমতী হিৰুশিখা হাতীমূৰীয়া “মিছন শক্তি” সম্পৰ্কে আলোকপাত কৰি মহিলা সুৰক্ষা আৰু সহায়তা ব্যৱস্থাসমূহৰ বিষয়ে বিস্তাৰিত আলোচনা কৰে।

জিলা আইনী সেৱা প্ৰাধিকৰণৰ শ্ৰীযুত সুৰেশ ফুকন আৰু ৰিয়াজ আহমেদ ডাঙৰীয়াই বিনামূলীয়া আইনী সেৱা, অধিকার আৰু উপলব্ধ সহায়–সমৰ্থনৰ বিষয়ে অংশগ্ৰহণকাৰীক অৱগত কৰে।

ইয়াৰ পিছতে ASRLM–ৰ খণ্ড সমন্বয়ক শ্ৰী দিপাংকৰ বৰগোহাঁইয়ে নিজৰ মূল্যবান মতামত প্ৰকাশ কৰে।

অনুষ্ঠানৰ অন্তত জিলা সমাজ কল্যাণ বিষয়া শ্ৰীমতী জ্যোৎস্না বিশ্বাসে বিভাগটোৱে কৰা বিভিন্ন কল্যাণমূলক কাৰ্য আৰু মহিলা সুৰক্ষা–উন্নয়ন বিষয়ক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে।

অনুষ্ঠানটোৰ শেষত লিংগভিত্তিক হিংসাৰ ৰোধৰ উদ্দেশ্যে সকলো উপস্থিতিৰে মিলি এক সংকল্প গ্ৰহণ কৰা হয়।

Directorate of Women & Child development, Assam
Janasanyog Charaideo
Charaideo District Administration
District Hub for Empowerment of Women, Charaideo

*চৰাইদেউত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন* সোণাৰি, ৪ ডিচেম্বৰ, ২০২৫ঃ- সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ স...
04/12/2025

*চৰাইদেউত আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন*

সোণাৰি, ৪ ডিচেম্বৰ, ২০২৫ঃ- সমগ্ৰ বিশ্বৰ লগতে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষতো ৩ ডিচেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তৰ্জাতিক দিব্যাংগ দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে চৰাইদেউ জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত সভাত পৌৰহিত্য কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে কয় যে প্ৰবল ইচ্ছাশক্তি, অধ্যৱসায় আৰু লক্ষ্যত অটল থাকিলে মানুহে জীৱনৰ যিকোনো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰে। শাৰীৰিক, মানসিক বা বৌদ্ধিক আদি যিকোনো ধৰণৰ প্ৰতিবন্ধকতা স্বত্বেও দৃঢ় মনোবল আৰু ধৈৰ্যই মানুহক সফলতাৰ শিখৰলৈ লৈ যায়। বহু দিব্যাংগ ব্যক্তিয়ে বৰ্তমান সময়ত আই.এ.এছ, আই.পি.এছ, চিকিৎসক, অভিযন্তা, অধ্যাপক আদি পদত নিযুক্তি লাভ কৰি দেশ আৰু সমাজৰ সেৱা আগবঢ়াইছে। সেয়েহে আমাৰ সমাজে দিব্যাংগ ব্যক্তিসকলৰ ক্ষেত্ৰত দয়া বা দানৰ মনোভাৱ ত্যাগ কৰি তেওঁলোকক সম্পূৰ্ণ অধিকাৰসম্পন্ন ব্যক্তি হিচাপে সন্মান আৰু সমান সুযোগ প্ৰদান কৰিব লাগে।
সভাত অতিৰিক্ত জিলা আয়ুক্ত সুজাতা গগৈয়েও ভাষণ প্ৰদান কৰে৷ তেওঁ কয় যে চৰকাৰে দিব্যাংগ ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ বাবে বহুতো সুবিধা আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে। শিক্ষা, চৰকাৰী চাকৰি, প্ৰশিক্ষণ, স্বাস্থ্যসেৱা আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা কৰা হৈছে। অসমৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিয়ে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা ব্যক্তিৰ লগতে দিব্যাংগ ব্যক্তিসকলকো বিশেষভাৱে সাঙুৰি লৈছে৷ তেওঁ লগতে কয় যে বহুসময়ত সাধাৰণ ব্যক্তিতকৈও দিব্যাংগসকলে অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সমাজৰ দৃষ্টিভংগীৰ পৰিৱর্তন আৰু সঠিক সমৰ্থনে দিব্যাংগ ব্যক্তিসকলৰ জীৱন সলনি কৰিব পাৰে৷
ইয়াৰ পূৰ্বে সভাত জিলা সমাজ কল্যাণ বিষয়া জ্যোৎস্না বিশ্বাসে আদৰণী ভাষণ প্ৰদান কৰে৷ নিজৰ ভাষণত বিষয়াগৰাকীয়ে আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে৷ সভাত মূল ভাষণ প্ৰদান কৰে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জ্যোৰ্তিময় শৰ্মা বৰুৱাই৷ তেওঁ নিজৰ ভাষণত দিব্যাংগৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ চিকিৎসাৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়৷
উক্ত সভাতেই জিলাখনৰ বিভিন্ন প্ৰান্তৰ তেৰগৰাকীকৈ দিব্যাংগ ব্যক্তিক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ তদুপৰি, কেইবাগৰাকীও দিব্যাংগ ব্যক্তিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷ সভাত তেওঁলোকে নিজৰ অভাৱ-অভিযোগসমূহ জিলা আয়ুক্তক অৱগত কৰে৷
পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই আঁত ধৰা সভাখনত অতিৰিক্ত জিলা আয়ুক্ত সুৰজ সোনোৱালকে প্ৰমুখ্য কৰি অভয়পুৰ আৰু লাকুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াদ্বয় ক্ৰমে নীহাৰিকা চুতীয়া আৰু প্ৰয়াসী শইকীয়া, মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকা, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ সোণালী চেতিয়া, মুখ্য সেৱিকাবৃন্দ, চৰাইদেউ জিলা দিব্যাংগ বহুমুখী উন্নয়ন সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰতন বিশ্বাস আৰু গিৰিণ গগৈ, জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু ভালেসংখ্যক অংগনবাড়ী কৰ্মী উপস্থিত থাকে৷
CMO Assam
Directorate of Women & Child development, Assam
Charaideo District Administration
Janasanyog Charaideo


04/12/2025

Secretary WCD, Shri Anil Malik, during the launch of the 100 Days Intensive Awareness Campaign under Child Marriage Free Bharat at Vigyan Bhawan, .
devi

Address

Sonari Commerce College Road , Near Sonari Circle Office, Ward No 5

785690

Alerts

Be the first to know and let us send you an email when District Women & Child Development Department, Charaideo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Women & Child Development Department, Charaideo:

  • Want your organization to be the top-listed Government Service?

Share