29/10/2026
📢 অসম ৰাজ্যিক এম এছ এম ই (MSME) উৎকৃষ্টতা বঁটা (২০২৬-২৭) লৈ আৱেদন আহ্বান!
শিৱসাগৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ (DICC) তৰফৰ পৰা জিলাখনৰ যোগ্য সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহৰ পৰা 'ৰেম্প অসম' (Raising and Accelerating MSME Performance- RAMP) আঁচনিৰ অধীনত ৰাজ্যিক পৰ্যায়ৰ উৎকৃষ্টতা বঁটাৰ বাবে আৱেদন আহ্বান কৰা হৈছে।
🏆 বঁটাৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য:
বঁটাৰ শিতানসমূহ: উৎপাদন (Manufacturing), সেৱা (Service), বাণিজ্য (Trade), মহিলা উদ্যোগী, অনুসূচীত জাতি/জনজাতি উদ্যোগী, ৰপ্তানিমুখী গোট আৰু জীৱনজোৰা সাধনা বঁটাকে ধৰি মুঠ ৯ টা মূল শিতানত আৱেদন গ্ৰহণ কৰা হ'ব।
🏆 পুৰস্কাৰ: সৰ্বমুঠ ১৫ টা বঁটা প্ৰদান কৰা হ'ব। প্ৰতিটো বঁটাৰ সৈতে আছে ১.৫০ লাখ টকাৰ নগদ ধন, লগতে ট্ৰফী আৰু মানপত্ৰ।
📝যোগ্যতা: আৱেদনকাৰী ভাৰতীয় নাগৰিক আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে উদ্যোগটো ১ জুলাই ২০২০-ৰ নিৰ্দেশনা অনুসৰি MSME শ্ৰেণীভুক্ত (Micro, Small, বা Medium) হ'ব লাগিব।
📝 আগ্ৰহী আৰু যোগ্য উদ্যোগীসকলে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে সম্পূৰ্ণ আৱেদন পত্ৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ (DICC), শিৱসাগৰ কাৰ্যালয়ত জমা দিবলৈ অনুৰোধ জনোৱা হ'ল।
সবিশেষ তথ্য জানিবলৈ আৰু আৱেদন পত্ৰৰ প্ৰতিলিপিৰ বাবে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।
CMO Assam
MyGov Assam
Directorate of Information and Public Relations, Assam
Dipro Sivasagar