DC Sivasagar

DC Sivasagar This is the official page of Sivasagar District Administration.

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ​ব্যয় পৰ্যবেক্ষক ড° বি. ব্ৰহ্ম বিদ্যা (ভা.ৰা.সে.) মহোদয়া...
30/05/2026

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ​ব্যয় পৰ্যবেক্ষক ড° বি. ব্ৰহ্ম বিদ্যা (ভা.ৰা.সে.) মহোদয়াৰ তৃতীয় তথা অন্তিমটো ভ্ৰমণৰ অংশহিচাপে ২০২৬ বৰ্ষৰ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিডিঅ' কনফাৰেন্স কক্ষত বিগত ২৯ মে', ২০২৬ তাৰিখে এখন হিচাপ মিলকৰণ সভা (Account Reconciliation Meeting) অনুষ্ঠিত হয়। এই সভাত ৯৫-ডিমৌ, ৯৬-শিৱসাগৰ আৰু ৯৭-নাজিৰা বিধানসভা সমষ্টিৰ অধীনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল বা তেওঁলোকৰ বিধিগত প্ৰতিনিধিসকল উপস্থিত থাকে।
​জিলা উন্নয়ন আয়ুক্ত তথা নিৰ্বাচন ব্যয় নিৰীক্ষণ কোষৰ নডেল বিষয়া আৰু ৯৭-নাজিৰা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া শ্ৰী পবিত্ৰ কুমাৰ দাসৰ নেতৃত্বত ব্যয় নিৰীক্ষণকাৰী দলটোৰ লগতে ৯৫-ডিমৌ আৰু ৯৬-শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰিটৰ্ণিং বিষয়া ক্ৰমে শ্ৰী সতীশ চন্দ্ৰ ঠাকুৰীয়া আৰু শ্ৰীমতী মীনাক্ষী পেৰ্মে উপস্থিত আছিল। ইয়াৰ উপৰি নিৰ্বাচনী বিষয়া শ্ৰীমতী অদিতি নেওগ, কোষাগাৰ বিষয়া শ্ৰী নিবিড় বৰুৱা, তিনিওটা বিধানসভা সমষ্টিৰ সহকাৰী ব্যয় পৰ্যবেক্ষকসকল আৰু সমষ্টিভিত্তিক হিচাপ ৰক্ষক দলসমূহো এই সভাত উপস্থিত থাকে।

​হিচাপ মিলকৰণ সভাত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী অনুসৰি জিলা নিৰ্বাচনী বিষয়াৰ নিৰীক্ষণ প্ৰতিবেদন (Scrutiny reports) আদি প্ৰস্তুত কৰাৰ বাবে প্ৰত্যেকজন প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীয়ে দাখিল কৰা হিচাপৰ সাৰাংশ পৰ্যালোচনা আৰু সামঞ্জস্য পৰীক্ষণ কৰা হয়।

Chief Electoral Officer, Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

অসমত ২০২৭ চনৰ লোকপিয়ল (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল)-ৰ বাবে শিৱসাগৰ জিলাত বিগত ২৭ মে'ৰ পৰা আৰম্ভ হোৱা জিলা আ...
30/05/2026

অসমত ২০২৭ চনৰ লোকপিয়ল (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল)-ৰ বাবে শিৱসাগৰ জিলাত বিগত ২৭ মে'ৰ পৰা আৰম্ভ হোৱা জিলা আৰু চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলৰ তিনিদিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তৰ্গত আজি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত তৃতীয় দিনৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হয়।

​লোকপিয়ল সঞ্চালকালয়, অসমৰ (Directorate of Census Operations, Assam) উদ্যোগত জ্যেষ্ঠ বিষয়াসকলে অতিৰিক্ত প্ৰধান লোকপিয়ল বিষয়া, জিলা লোকপিয়ল বিষয়া, অতিৰিক্ত আৰু উপ-জিলা লোকপিয়ল বিষয়া, চাৰ্জ বিষয়া, অতিৰিক্ত চাৰ্জ বিষয়া আৰু অন্যান্য জিলা তথা চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলক ২০২৭ চনৰ লোকপিয়লৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখ্য যে, ​এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি, ২০২৭ চনৰ লোকপিয়ল সম্পূৰ্ণ ডিজিটেল মাধ্যমত দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব: প্ৰথম পৰ্যায়ত মূল ভেটি তথা গাঁথনি তৈয়াৰ কৰাৰ লক্ষ্যৰে অসমত ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ (Houselisting and Housing Census Operation- HLO) ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ উপৰি, অসমৰ বাসিন্দাসকলৰ বাবে ২০২৬ চনৰ ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ এটা উৎসৰ্গিত পৰ্টেল https://se.census.gov.in ৰ জৰিয়তে জনসাধৰণে নিজা তথ্য স্ব-পঞ্জীয়ন কৰাৰ (Self-enumeration) সুবিধা উপলব্ধ হ’ব। ইয়াৰ পিছতে ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা (Population Enumeration- PE) অনুষ্ঠিত হ’ব।

তৃতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া শ্ৰী নয়নমণি গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ পৰিসংখ্যা বিষয়া শ্ৰী অৰ্পণ দেৱনাথ উপস্থিত থাকি দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকপিয়ল- ২০২৭ সন্দৰ্ভত তাত্বিক (Theoretical) আৰু ব্যৱহাৰিক (Practical) প্ৰশিক্ষণ প্ৰদান কৰে।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত মূলতঃ এইচ.এল.অ'. মোবাইল এপ (HLO Mobile App)-ৰ সামগ্ৰিক ব্যৱহাৰ তথা ইয়াৰ বৈশিষ্ট্যসমূহ; এইচ.এল.অ'. ছুপাৰভাইজাৰ এপ ব্যৱহাৰৰ সময়ত (HLO Supervisor App) -ত তথ্যৰ সত্যতা নিৰূপণৰ ক্ষেত্ৰত ছুপাৰভাইজাৰৰ দায়িত্ব সম্পৰ্কে আলোকপাত কৰাৰ উপৰিও লোকপিয়ল সম্পৰ্কীয় মোবাইল আৰু ৱেব এপ ব্যৱহাৰৰ ক্ষেত্ৰত তথ্যৰ নৈতিকতা, গোপনীয়তা, সুৰক্ষা আৰু সমস্যা সমাধানৰ লগতে কৰণীয় সম্পৰ্কে আলোচনা কৰা হয়। আনহাতে, প্ৰশিক্ষণ কাৰ্যসূচীত ক্ষেত্ৰভিত্তিক প্ৰত্যাহ্বান, উত্তৰদাতা আৰু তথ্য সংগ্ৰহকাৰীৰ আচৰণ, চি.এম.এম.এছ. ডেশ্বব’ৰ্ডৰ জৰিয়তে তথ্যৰ গুণগত মান আৰু নিৰীক্ষণৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি, চাৰ্জ বিষয়া সকলক লোকপিয়ল ব্যৱস্থাপনা আৰু নিৰীক্ষণ ব্যৱস্থা (Census Management and Monitoring System- CMMS) পৰ্টেলত ইউজাৰ একাউণ্ট (User Account) সৃষ্টিৰ বিষয়ে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে, গৃহ পিয়লৰ বাবে য'ত য'ত গণনা কৰ্মীসকলে কাম কৰিব সেই সমূহ চিনাক্ত কৰাৰ বাবে মেপত চেটেলাইট ইমেজ ব্যৱহাৰ কৰি কেনেদৰে ব্লক নিৰ্ধাৰণ (Houselisting Block Creation- HLBC) কৰা হয় এই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হয়।

তৃতীয় দিনৰ প্ৰশিক্ষণৰ অন্তত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া শ্ৰী মৃদুল য়াদৱ মহোদয়ৰ উপস্থিতিত সমল ব্যক্তিদ্বয় আৰু বিভিন্ন পৰ্যায়ৰ চাৰ্জ বিষয়াসকলৰ এখন সমূহীয়া স্থিৰচিত্ৰ গ্ৰহণ কৰাৰ শেষত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সামৰণি অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়াই সমলব্যক্তি দ্বয়কে প্ৰমুখ্য কৰি সকলো অংশগ্ৰহণকাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়া, নাজিৰাৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী প্ৰতিভা মেশ্ৰাম, ডিমৌৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী লুকুমণি বড়া, সহকাৰী আয়ুক্ত তথা অতিৰিক্ত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী পৰীস্মিতা দিহিঙ্গীয়া, জিলা তথ্য-প্ৰযুক্তি বিজ্ঞান বিষয়া শ্ৰী জগদীশ বুঢ়াগোহাঁই, চক্ৰ বিষয়া তথা চাৰ্জ লোকপিয়ল বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল, বিদ্যালয়সমূহৰ পৰিদৰ্শক, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ বিষয়া, অতিৰিক্ত চাৰ্জ লোকপিয়ল বিষয়াসকল আৰু উপ লোকপিয়ল বিষয়াসকলে অংশগ্ৰহণ কৰে।



Census Operations Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ মৌজাদাৰ সকলৰ সৈতে মৌজা পৰ্যায়ত সংগ্ৰহ কৰা বাৰ্ষিক ৰাজহ সংগ্ৰহ প্ৰমুখ্যে তেওঁলোকৰ ...
29/05/2026

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ মৌজাদাৰ সকলৰ সৈতে মৌজা পৰ্যায়ত সংগ্ৰহ কৰা বাৰ্ষিক ৰাজহ সংগ্ৰহ প্ৰমুখ্যে তেওঁলোকৰ কাম-কাজ আৰু বিভিন্ন বিষয় সামৰি আজি ইংৰাজী ২৯-০৫-২০২৬ তাৰিখে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী লুকুমণি বড়াৰ অধ্যক্ষতাত তেখেতৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এই বৈঠকত মৌজাদাৰ সকলে সংগ্ৰহ কৰা বাৰ্ষিক ৰাজহৰ স্থিতি, তেওঁলোকৰ কামকাজৰ লগতে তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিস্তৃতভাবে আলোচনা কৰা হয়।

বৈঠকত মৌজাদাৰসকলক ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াটো ডিজিটেল মাধ্যমলৈ নি অনলাইনত সংগ্ৰহ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈও কোৱা হয়। তদুপৰি ইতিমধ্যে অফলাইন মাধ্যমেৰে সংগ্ৰহ কৰা ৰাজহৰ ৰছিদসমূহ অনলাইন মাধ্যমেৰে আপলোড কৰিবলৈও নিৰ্দেশ দিয়া হয়। ইয়াৰ উপৰিও বৈঠকত মৌজাদাৰসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বুজ লোৱাৰ লগতে এই সমূহ সমাধানৰ উপায় সম্পৰ্কেও আলোচনা কৰা হয়।

আজিৰ বৈঠকত জিলা আয়ুক্ত কাৰ্যালয়ৰ তৌজি নবিচ শাখাৰ কৰ্মচাৰীবৃন্দ, শিৱসাগৰ আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিনিধি কৰ্মচাৰীসকল আৰু ১৬ গৰাকী মৌজাদাৰ উপস্থিত থাকে।

Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

📣📣📣 শিৱসাগৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তীব্ৰ অভিযান অব্যাহত📣📣📣 বিভিন্ন পদক্ষেপ গ্ৰহণ✍️✍️✍️ অসম চৰক...
29/05/2026

📣📣📣 শিৱসাগৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তীব্ৰ অভিযান অব্যাহত

📣📣📣 বিভিন্ন পদক্ষেপ গ্ৰহণ

✍️✍️✍️ অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে শিৱসাগৰ জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে নিয়মীয়াকৈ মুকলি বজাৰসমূহ পৰিদৰ্শন কৰি কঠোৰ নজৰদাৰী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৃত্ৰিম অভাৱ সৃষ্টি নহয় আৰু কোনো খুচুৰা বা পাইকাৰী ব্যৱসায়ীয়ে সাধাৰণ ৰাইজৰ পৰা অযুক্তিকৰ মূল্য আদায় কৰিব নোৱাৰে।

একেই সময়তে বিষয়াসকলে এম.এছ. (MS) আৰু এইচ.এছ.ডি. (HSD) বিক্ৰী কেন্দ্ৰসমূহৰ লগতে এল.পি.জি. (LPG) বিতৰণ কেন্দ্ৰসমূহো পৰিদৰ্শন কৰি আছে।

শেহতীয়াকৈ এই বিভাগৰ বিষয়াসকলে গৌৰীসাগৰৰ এখন চাহ দোকানৰ পৰা অবৈধভাৱে সংৰক্ষণ আৰু বিক্ৰী কৰাৰ অভিযোগত ১৮০ লিটাৰ ডিজেল আৰু ৮০ লিটাৰ পেট্ৰ’ল জব্দ কৰে।

লগতে বিভাগৰ ফালৰ পৰা সাধাৰণ ৰাইজক অনুৰোধ জনোৱা হয় যে, যদি কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ চকুত পৰে বা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনো খুচুৰা ব্যৱসায়ীয়ে অযুক্তিকৰ মূল্য আদায় কৰাৰ অভিযোগ থাকে, তেন্তে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে শিৱসাগৰস্থিত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাত তাৎক্ষণিকভাবে অৱগত কৰে যেন।

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

🚦 **সজাগ শিৱসাগৰৰ লক্ষ্যৰে বিশেষ অভিযান** 🚦শিৱসাগৰ জিলাত যান-বাহন আইন আৰু নিয়মাৱলী উলংঘাকাৰীসকলৰ বাবে জিলা পৰিবহন বিভাগৰ...
29/05/2026

🚦 **সজাগ শিৱসাগৰৰ লক্ষ্যৰে বিশেষ অভিযান** 🚦

শিৱসাগৰ জিলাত যান-বাহন আইন আৰু নিয়মাৱলী উলংঘাকাৰীসকলৰ বাবে জিলা পৰিবহন বিভাগৰ উদ্যোগত ব্যাপকভাৱে **“থিতাতে পৰামৰ্শদান” (On Spot Counselling)** কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। 🚔📢

জিলা পৰিবহন বিষয়া **শ্ৰী হীৰক জ্যোতি ডেকা**ৰ নেতৃত্বত বিভাগীয় বিষয়া-কর্মচাৰীসকলৰ সহযোগিতাত সমগ্ৰ জিলাজুৰি ছাত্ৰ-ছাত্ৰী 👨‍🎓👩‍🎓 তথা অন্যান্য বাহনচালকসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে এই বিশেষ অভিযান চলাই থকা হৈছে।

🎯 **অভিযানৰ মূল উদ্দেশ্যঃ**
✅ যান-বাহন আইন আৰু নিয়মাৱলী মানি চলাৰ বিষয়ে সচেতনতা বৃদ্ধি
✅ পথ দুৰ্ঘটনা 🚑 আৰু গুৰুতৰ ক্ষয়-ক্ষতি ৰোধ
✅ বিশেষকৈ নৱ প্ৰজন্মক সুৰক্ষিত আৰু দায়িত্বশীল চালক হিচাপে গঢ়ি তোলা

⚠️ “সতৰ্কতা আৰু সচেতনতাই জীৱন ৰক্ষা কৰে” — এই মূল বাৰ্তাৰে চলি থকা অভিযানটোৰ প্ৰতি জিলাবাসীৰ পৰা ইতিমধ্যে ব্যাপক সহাঁৰি লাভ কৰা পৰিলক্ষিত হৈছে। 🤝✨

Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

শিৱসাগৰ জিলাত​আগন্তুক ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিন (National Immunisation Days- NID) কাৰ্যসূচী সফলভাবে ৰূপায়ণৰ বাবে গ...
29/05/2026

শিৱসাগৰ জিলাত​আগন্তুক ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিন (National Immunisation Days- NID) কাৰ্যসূচী সফলভাবে ৰূপায়ণৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰস্তুতিমূলক ব্যৱস্থাৱলী চূড়ান্ত কৰাৰ উদ্দেশ্যে আজি ইংৰাজী ২৯-০৫-২০২৬ তাৰিখে শিৱসাগৰ আদৰ্শ চিকিৎসালয়ৰ সভাকক্ষত জিলা টাস্ক ফ’ৰ্চ (District Task Force)-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

জনস্বাস্থ্যৰ সুৰক্ষাৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ অভিযান অহা ২৮ জুনৰ পৰা ৩০ জুনলৈ চলিব।

সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ ওচৰলৈ স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে সকলো নিৰ্ধাৰিত বিদ্যালয় উক্ত কাৰ্যসূচীৰ উদ্বোধনী দিনটোত সম্পূৰ্ণৰূপে খোলা ৰাখিবলৈ আৰু এইসমূহক প্ৰাথমিক টিকাকৰণ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।

​জিলাখনৰ সকলো ভৌগোলিক অঞ্চল সামৰি ল’বলৈ এই অভিযানত চাৰিজনীয়া সদস্যৰ এক সু-সমন্বিত দলৰ নেটৱৰ্ক নিয়োজিত কৰা হ’ব। চিকিৎসা কৰ্মীৰ অভাৱৰ বাবে জিলা প্ৰশাসনে আন্তঃ-বিভাগীয় সম্পদ একত্ৰিত কৰিছে, য’ত অক্সিলিয়ৰী নাৰ্চ মিডৱাইফ (ANM) আদিৰ দৰে অগ্ৰণী স্বাস্থ্যকৰ্মীসকলক সমাজ কল্যাণ বিভাগৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মীৰ সৈতে সংযোজিত কৰা হৈছে। এই গোটসমূহে চিকিৎসালয়, স্থানীয় উপ-কেন্দ্ৰসমূহ আৰু অংগনবাড়ী কেন্দ্ৰত স্থায়ী বুথ হিচাপে কাম কৰিব। আনহাতে, বিশেষ পৰিবহন (Transit) দলসমূহে ৰেল ষ্টেচন, বাছ টাৰ্মিনেল আৰু অটো আস্থানৰ দৰে জনবহুল ৰাজহুৱা স্থানসমূহত চেকপইণ্ট স্থাপন কৰি ভ্ৰমণকাৰী শিশুসকলক প্ৰতিষেধক প্ৰদান কৰিব। একে সময়তে, ম’বাইল "ক্লিন টীম" সমূহে অতিৰিক্ত ভিতৰুৱা গাঁও, ইটাভাটা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত পলিঅ’ প্ৰতিষেধক খুৱাবলৈ এক নিৰ্দিষ্ট আৰু সময়সাপেক্ষে সূচী অনুসৰি কাম কৰিব।
​এই তিনিদিনীয়া নিৰন্তৰ অভিযানৰ সফল ৰূপায়ণ সম্পূৰ্ণৰূপে আন্তঃ-বিভাগীয় সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল। সমাজ কল্যাণ আৰু শিক্ষা বিভাগে ঘৰে ঘৰে গৈ জনসাধাৰণক একত্ৰিত কৰা আৰু বিদ্যালয় পৰ্যায়ৰ সমন্বয়ৰ নেতৃত্ব ল’ব। ইয়াৰ উপৰিও, টিকাকৰণ গোটসমূহৰ সুচল যাতায়তৰ বাবে বাহনৰ ব্যৱস্থা কৰা আৰু গুৰুত্বপূৰ্ণ কোল্ড-চেইন সংৰক্ষণ (cold-chain storage) তথা টিকাকৰণ কেন্দ্ৰসমূহত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দায়িত্ব শক্তি আৰু পৰিবহণ খণ্ডক অৰ্পণ কৰা হয়।

​তথ্যৰ সঠিকতা বজাই ৰাখিবলৈ আৰু কোনো শিশু যাতে বাদ পৰি নাযায়, তাৰ বাবে ক্ষেত্ৰভিত্তিক কৰ্মীসকলে এক কঠোৰ ক্ষেত্ৰত ভিত্তিক ভেৰিফিকেচন প্ৰট’কল বা শাৰীৰিক পৰীক্ষণ নিয়ম কাৰ্যকৰী কৰিব। সাধাৰণ নিৰ্বাচন প্ৰক্ৰিয়াৰ দৰেই, প্ৰতিষেধক গ্ৰহণ কৰা সকলো শিশুৰ আঙুলিত চিয়াহীৰ দাগ দিয়া হ'ব যাতে তেওঁলোকক সহজে চিনাক্ত কৰিব পৰা যায়।

​বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী ৰনন্ময় ভৰদ্বাজ, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মাখন কলিতা, অতিৰিক্ত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ অৰুন্ধতী বড়া হাজৰিকা, জিলা প্ৰতিষেধক ডাঃ ৰুমা শ্যাম, জিলা প্ৰকল্প বিষয়া শ্ৰী ধ্ৰুৱজ্যোতি শইকীয়া, যান-বাহন পৰিদৰ্শক, বিষয়া ​শ্ৰী জ্ঞানদ্বীপ দাস, জিলা জনস্বাস্থ্য পৰিচৰ্যা বিষয়া শ্ৰীমতী কল্পনা ভৰালী, শিশু কল্যাণ প্ৰকল্প বিষয়াদ্বয় শ্ৰীমতী বিভা মেধি আৰু শ্ৰীমতী সান্তনা বৰুৱা, জিলা সম্প্ৰসাৰণ আৰু গণমাধ্যম বিষয়া শ্ৰী প্ৰদীপ দত্ত প্ৰমুখ্যে স্বাস্থ্য আৰু অন্যান্য সংশ্লিষ্ট বিভাগীয় বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

অসমত ২০২৭ চনৰ লোকপিয়লৰ (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল) বাবে শিৱসাগৰ জিলাত আয়োজন কৰা তিনিদিনীয়া প্ৰশিক্ষণ কা...
29/05/2026

অসমত ২০২৭ চনৰ লোকপিয়লৰ (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল) বাবে শিৱসাগৰ জিলাত আয়োজন কৰা তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি ইংৰাজী ২৯-০৫-২০২৬ তাৰিখে জিলা আৰু চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত সমাগত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অব্যাহত থাকিবলগীয়া গৃহ তালিকা আৰু গৃহ পিয়ল (HLO)ৰ বিষয়ে বিতংভাৱে ব্যৱহাৰিক প্ৰশিক্ষণ (Hands on Training) প্ৰদান কৰা হয়।

সমলব্যক্তি হিচাপে অংশগ্ৰহণ কৰি এই প্ৰশিক্ষণ লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া নয়নমণি গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ পৰিসংখ্যা বিষয়া অৰ্পণ দেৱনাথে নিয়াৰিকৈ পৰিচালনা কৰে।



Census Operations Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

অসমত ২০২৭ চনৰ লোকপিয়লৰ (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল) বাবে শিৱসাগৰ জিলাত বিগত ২৭ মে'ৰ পৰা আৰম্ভ হোৱা জিলা আৰ...
29/05/2026

অসমত ২০২৭ চনৰ লোকপিয়লৰ (প্ৰথম পৰ্যায়: গৃহ তালিকা আৰু গৃহ পিয়ল) বাবে শিৱসাগৰ জিলাত বিগত ২৭ মে'ৰ পৰা আৰম্ভ হোৱা জিলা আৰু চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলৰ তিনিদিনীয়া জিলা পৰ্য্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশহিচাপে, আজি শিৱসাগৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত দ্বিতীয় দিনাৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হয়।

​লোকপিয়ল সঞ্চালকালয়, অসমৰ (Directorate of Census Operations, Assam) জ্যেষ্ঠ বিষয়াসকলে অতিৰিক্ত প্ৰধান লোকপিয়ল বিষয়া, জিলা লোকপিয়ল বিষয়া, অতিৰিক্ত আৰু উপ-জিলা লোকপিয়ল বিষয়া, চাৰ্জ বিষয়া, অতিৰিক্ত চাৰ্জ বিষয়া আৰু অন্যান্য জিলা তথা চাৰ্জ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলক ২০২৭ চনৰ লোকপিয়লৰ বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

উল্লেখ্য যে, ​এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি, ২০২৭ চনৰ লোকপিয়ল সম্পূৰ্ণ ডিজিটেল মাধ্যমত দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব: প্ৰথম পৰ্যায়ত মূল ভেটি তথা গাঁথনি তৈয়াৰ কৰাৰ লক্ষ্যৰে অসমত ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ গৃহ তালিকা আৰু গৃহ পিয়লৰ (HLO) ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ উপৰি, অসমৰ বাসিন্দাসকলৰ বাবে ২০২৬ চনৰ ২ আগষ্টৰ পৰা ১৬ আগষ্টলৈ এটা উৎসৰ্গিত পৰ্টেল https://se.census.gov.in ৰ জৰিয়তে নিজা তথ্য স্ব-পঞ্জীয়ন কৰাৰ (Self-enumeration) সুবিধা উপলব্ধ হ’ব। ইয়াৰ পিছতে ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ জনসংখ্যা গণনা (Population Enumeration- PE) অনুষ্ঠিত হ’ব।

দ্বিতীয় দিনৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া শ্ৰী নয়নমণি গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ পৰিসংখ্যা বিষয়া শ্ৰী অৰ্পণ দেৱনাথ উপস্থিত থাকি দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকপিয়ল- ২০২৭ সন্দৰ্ভত প্ৰতিগৰাকী চাৰ্জ বিষয়া, সহকাৰী চাৰ্জ বিষয়া, গণনাকৰ্মী আৰু ছুপাৰভাইজাৰৰ দায়িত্ব আৰু কৰ্তব্য তথা লোকপিয়ল প্ৰক্ৰিয়াৰ বিভিন্ন বিষয় সম্পৰ্কে সবিস্তাৰে প্ৰশিক্ষণ প্ৰদান কৰে।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়া, সহকাৰী আয়ুক্ত তথা অতিৰিক্ত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী পৰীস্মিতা দিহিঙ্গীয়া, জিলা তথ্য-প্ৰযুক্তি বিজ্ঞান বিষয়া শ্ৰী জগদীশ বুঢ়াগোহাঁই, চক্ৰ বিষয়া তথা চাৰ্জ লোকপিয়ল বিষয়াসকল, অতিৰিক্ত চাৰ্জ লোকপিয়ল বিষয়াসকল আৰু উপ লোকপিয়ল বিষয়াসকলে অংশগ্ৰহণ কৰে।



Census Operations Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

লোকপিয়ল সঞ্চালকালয়, অসমৰ উদ্যোগত শিৱসাগৰ জিলাৰ বাবে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গৃহ তালিকা আৰু গৃহ পিয়ল (Houseli...
27/05/2026

লোকপিয়ল সঞ্চালকালয়, অসমৰ উদ্যোগত শিৱসাগৰ জিলাৰ বাবে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গৃহ তালিকা আৰু গৃহ পিয়ল (Houselisting and Housing Census- HLO) লোকপিয়ল- ২০২৭ (প্ৰথম পৰ্যায়) সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

শিৱসাগৰ জিলাত ২৭, ২৯ আৰু ৩০ মে' ২০২৬ তাৰিখৰ বাবে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া, শিৱসাগৰ শ্ৰী মৃদুল য়াদৱে।

প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি প্ৰদান কৰা বক্তব্যত আজি জিলা আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া গৰাকীয়ে গৃহ তালিকা আৰু গৃহ পিয়ল, লোকপিয়ল- ২০২৭ ৰ বিভিন্ন দিশ সমূহৰ বিষয়ে সামগ্ৰিকভাবে আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰৰ নীতি নিৰ্ধাৰণমূলক সিদ্ধান্তসমূহ লোকপিয়ল প্ৰক্ৰিয়াৰে প্ৰাপ্ত তথ্যৰ ওপৰত মুখ্যতঃ নিৰ্ভৰশীল। জনকল্যাণকামী আৰু উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত লোকপিয়লৰ তথ্যসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে তেওঁ ভাৰতৰ ২০২৭ চনৰ লোকপিয়ল দেশৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল গণনা প্ৰক্ৰিয়া হিচাপে পৰিগণিত হৈছে বুলিও উল্লেখ কৰি কয় যে, সঠিক ভৌগোলিক কভাৰেজ আৰু ৰিয়েল-টাইম ট্ৰেকিং নিশ্চিত কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে চাৰিটা সংহত ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰা হৈছে। এই ব্যৱস্থাত নাগৰিকসকলে ক্ষেত্ৰ পৰ্যায়ৰ সমীক্ষাৰ পূৰ্বে ২-১৬ আগষ্ট, ২০২৬ ৰ ভিতৰত এটা 'স্ব-গণনা প’ৰ্টেল' (Self- Enumeration Portal) ৰ জৰিয়তে নিজৰ গৃহৰ তথ্য অনলাইনযোগে দাখিল কৰিব পাৰিব। ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিবলৈ গণনা কৰ্মীসকলে অফলাইনতো কাম কৰিব পৰা "এইচ.এল.অ'. ম’বাইল এপ্লিকেচন" (HLO Mobile Application) ব্যৱহাৰ কৰিব, যাৰ জৰিয়তে ক্ষেত্ৰ পৰ্যায়ৰ পৰা পোনে পোনে চাৰ্ভাৰলৈ তথ্য প্ৰেৰণ কৰিব পৰা যাব। ইফালে, চাৰ্জ বিষয়াসকলে উপগ্ৰহচিত্ৰ- ভিত্তিক 'হাউচলিষ্টিং ব্লক ক্ৰিয়েটৰ' (HLBC) ৱেব মেপিং এপ্লিকেচন ব্যৱহাৰ কৰি ডিজিটেলভাবে নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰিব, যাতে মেপিঙৰ কোনো ভুল বা পুনৰাবৃত্তি নহয়। আনহাতে, 'লোকপিয়ল ব্যৱস্থাপনা আৰু পৰ্যবেক্ষণ ব্যৱস্থা' (Census Management and Monitoring System- CMMS) নামৰ এক কেন্দ্ৰীয় আৰু ৰিয়েল-টাইম ডেশ্বব’ৰ্ডৰ জৰিয়তে প্ৰশাসনিক বিষয়াসকলে সকলো পৰ্যায়তে ক্ষেত্ৰভিত্তিক প্ৰগতি আৰু কাৰ্যক্ষমতাৰ বুজ ল’ব পাৰিব বুলিও তেওঁ অৱগত কৰে।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে লোকপিয়ল সঞ্চালকালয়, অসমৰ সহকাৰী মুখ্য প্ৰধান লোকপিয়ল বিষয়া শ্ৰী নয়নমণি গগৈ আৰু লোকপিয়ল সঞ্চালকালয়, অসমৰ পৰিসংখ্যা বিষয়া শ্ৰী অৰ্পণ দেৱনাথ উপস্থিত থাকি দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকপিয়ল-২০২৭ সন্দৰ্ভত প্ৰতিগৰাকী চাৰ্জ বিষয়া, সহকাৰী চাৰ্জ বিষয়া, গণনাকৰ্মী আৰু ছুপাৰভাইজাৰৰ দায়িত্ব আৰু কৰ্তব্য তথা লোকপিয়ল প্ৰক্ৰিয়াৰ বিভিন্ন বিষয় সম্পৰ্কে সবিস্তাৰে প্ৰশিক্ষণ প্ৰদান কৰে।

আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়া, নাজিৰাৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী প্ৰতিভা মেশ্ৰাম, ডিমৌৰ সম-জিলা আয়ুক্ত তথা সম-জিলা লোকপিয়ল বিষয়া শ্ৰীমতী লুকুমণি বড়া, সহকাৰী আয়ুক্ত তথা অতিৰিক্ত জিলা লোকপিয়ল বিষয়া শ্ৰীমতী পৰীস্মিতা দিহিঙ্গীয়া, জিলা তথ্য-প্ৰযুক্তি বিজ্ঞান বিষয়া শ্ৰী জগদীশ বুঢ়াগোহাঁই, চক্ৰ বিষয়া তথা চাৰ্জ লোকপিয়ল বিষয়াসকল, অতিৰিক্ত চাৰ্জ লোকপিয়ল বিষয়াসকল আৰু উপ লোকপিয়ল বিষয়াসকলে অংশগ্ৰহণ কৰে।



Census Operations Assam
Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

বিশেষ অভিভাৱক সভা : শিৱসাগৰ জিলাৰ শৈক্ষিক উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ!      যোৱা ২৩ মে’ তাৰিখে সমগ্ৰ শিৱসাগৰ জিলাৰ...
25/05/2026

বিশেষ অভিভাৱক সভা : শিৱসাগৰ জিলাৰ শৈক্ষিক উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ!

যোৱা ২৩ মে’ তাৰিখে সমগ্ৰ শিৱসাগৰ জিলাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত 'অভিভাৱক সভা' আৰু 'বাৰ্ষিক প্ৰতিবেদন দাখিল' কাৰ্যসূচী অতি সফলতাৰে সম্পন্ন হৈ গৈছে। জিলাখনৰ শৈক্ষিক পৰিৱেশ অধিক সুদৃঢ় আৰু স্বচ্ছ কৰাৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
আমাৰ মূল উদ্দেশ্যসমূহ আছিল:
✅ যোৱা বৰ্ষৰ শৈক্ষিক আৰু কাৰ্য্যকৰী অগ্ৰগতিৰ খতিয়ান ৰাইজৰ আগত দাঙি ধৰা।
✅ বিদ্যালয়ৰ পুঁজি আৰু সকলো চৰকাৰী অনুদানৰ সঠিক ব্যৱহাৰ সম্পৰ্কে স্বচ্ছতা ৰখা।
✅ বিদ্যালয় পৰিচালনা সমিতি (SMC) আৰু অভিভাৱকসকলৰ পৰামৰ্শৰে আগন্তুক বৰ্ষৰ বাবে পৰিকল্পনা কৰা।
✅ ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ বাবে সমাজ আৰু শিক্ষা প্ৰতিষ্ঠানৰ মাজত এক সু-সম্পৰ্ক গঢ়ি তোলা।
এই কাৰ্যসূচী সফল কৰি তোলাৰ বাবে জিলাখনৰ সমূহ প্ৰধান শিক্ষক/শিক্ষয়িত্ৰী, কাৰ্যালয়ৰ কৰ্মচাৰী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক আৰু স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী অভিভাৱকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আহক, আমি সকলোৱে মিলি আমাৰ সন্তানৰ ভৱিষ্যত আৰু চৰকাৰী বিদ্যালয়ৰ মানদণ্ড অধিক উন্নত কৰিবলৈ সংকল্পবদ্ধ হওঁ।

Directorate of Information and Public Relations, Assam
DIPRO, Sivasagar

Address

Barpukhuri Paar
Sivasagar
785640

Alerts

Be the first to know and let us send you an email when DC Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to DC Sivasagar:

Share