ভাৰতৰ কমিউনিষ্ট পাৰ্টি- শিৱসাগৰ জিলা

  • Home
  • ভাৰতৰ কমিউনিষ্ট পাৰ্টি- শিৱসাগৰ জিলা

ভাৰতৰ কমিউনিষ্ট পাৰ্টি- শিৱসাগৰ জিলা The Communist Party of India is the oldest communist political party in India.

যোৱা ৭ আৰু ৮ জুন তাৰিখে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ ২১ তম সন্মিলনখন জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প , ড...
12/06/2022

যোৱা ৭ আৰু ৮ জুন তাৰিখে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ ২১ তম সন্মিলনখন জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প , ডিমৌত দুদিনীয়াকৈ অনুষ্ঠিত হয় ৷

৮ জুন তাৰিখে পুৱা দহ বজাত পাৰ্টিৰ ৰক্ত পতাকা উত্তোলন কৰে সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰবীন কমিউনিষ্ট অতুল গগৈয়ে ৷ স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী কুশল বৰগোহাঁইয়ে ৷ সন্মিলনৰ উপলক্ষে ৮ জুন তাৰিখে এখনি মুকলি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ অভ্যৰ্থনা সমিতি সভাপতি সমাজকৰ্মী পোনা চাংমাই দেৱে পৌৰহিত্য কৰা মুকলি সভাখন উদ্বোধন কৰে জেষ্ঠ চি পি নেতা সমাজকৰ্মী ধৰ্ম বৰুৱাই ৷ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক কনক গগৈয়ে ৷

নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি পাৰ্টিৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পিকুমণি দত্তই আন্তৰাষ্ট্ৰীয় দেশ তথা ৰাজ্যৰ আৰ্থ-ৰাজনৈতিক পৰিস্থিতিৰ সম্পৰ্কে ব্যাখ্যা ডাঙি ধৰে ৷ তেখেতসকলে কয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী আইন তথা নীতিসমূহে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে ৷ বস্তুৰ মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণব্যৰ্থ বুলি মতপোষণ কৰে ৷

আইনৰ শাসন শেষ কৰি পুলিচ ৰাজৰ আৰম্ভণি কৰিছে বুলি কয় ৷ নিবনুৱা সংস্থাপনৰ বাবে যোৱা বাজেটত চৰকাৰৰ কোনো ব্যৱস্থাই নাই বুলি চোকা সমালোচনা কৰে ৷ এফালে চৰকাৰে দেশৰ সম্পদ পুঁজিপতিক গতাইছে আনফালে ধৰ্ম সম্প্ৰদায়ৰ খেলা খেলি সমাজখন ভাগ ভাগ কৰিছে বুলিও চোকা সমালোচনা কৰে ৷ চৰকাৰে যি হাৰত হিতাধিকাৰী সৃষ্টি কৰি ভোটবেংক তৈয়াৰ কৰিছে ই হয়তো শ্ৰীলংকা সদৃশ পৰিস্থিতি সৃষ্টি কৰা আশংকা প্ৰকাশ কৰিছে বুলি চৰকাৰক সকীয়াই দিয়ে ৷

আবেলি ৪ বজাৰ পৰা প্ৰতিনিধি সন্মিলন অনুষ্ঠিত হয় কমৰেড ধৰ্ম বৰুৱা মণি বুঢ়াগোহাঁই আৰু অনুৰাধা গোহাঁইয়ে গঠিত সভাপতি মণ্ডলীৰ পৰিচালনাত আৰু জিলা সম্পাদক কনক গগৈয়ে বিগত কাৰ্যকালৰ খচৰা ৰাজনৈতিক সাংগঠনিক কামকাজ আৰু পুঁজিৰ প্ৰতিবেদন উত্থাপন কৰে লগতে ভৱিষ্যত পৰিকল্পনাও দাঙি ধৰে ৷ প্ৰতিনিধি সন্মিলনত ৭০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলৰ বহুকেইজনে গঠনমূলক সমালোচনাৰে প্ৰতিবেদনত ভাগ লয় আৰু সৰ্বসন্মতি ক্ৰমে প্ৰতিবেদন গ্ৰহণ কৰে ৷

হিচাপ পৰীক্ষকদ্বয় অনুপ গগৈ আৰু যোগেশ বুঢ়াগোহাঁইয়ে অডিট ৰিপৰ্ট দাখিল কৰে ৷
*সন্মিনলে উজনি অসমত বিশেষকৈ যোৰহাটত অসমৰ উপ ৰাজধানী এখন স্থাপন কৰাকে ধৰি মূল্যবৃদ্ধি বিৰুদ্ধে , নিবনুৱা সমস্যা বিৰুদ্ধে, শিৱসাগৰত এখন আইন মহাবিদ্যালয় মেডিকেল কলেজ উন্নত মানৰ আই টি আই প্ৰতিষ্ঠা কৰাকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ সৰ্বসন্মতভাৱে গ্ৰহণ কৰে* ৷

সৰ্বশেষত সন্মিলনে আগন্তুক কাৰ্যকালৰ বাবে কনক গগৈক পুনৰ চতুৰ্থবাৰৰ বাবে জিলা সম্পাদক হিচাপে মণি বুঢ়াগোহাঁই আৰু অনুপ গগৈক সহ সম্পাদক হিচাপে আৰু যোগেশ বুঢ়াগোহাঁইক কোষাধ্যক্ষ হিচাপে নিৰ্বাচন কৰি ২৫ জনীয়া এখন শক্তিশালী জিলা পৰিষদ গঠন কৰে ৷ অভ্যৰ্থনা সমিতি সহ সম্পাদক অজয় বড়াই শলাগৰ শৰাই আগবঢ়াই ৷ ৯ জুনৰ দিনা বিয়লি ৫ বজাত সন্মিলনৰ সামৰণি পৰে ।

ভাৰতৰ কমিউনিষ্ট পাৰ্টি শিৱসাগৰ জিলা পৰিষদৰ জিলা সন্মিলন সফলতাৰে সম্পন্ন হোৱাত সহায় কৰা প্ৰতি গৰাকী শ্ৰমজীৱিলৈ বৈপ্লৱিক ...
10/06/2022

ভাৰতৰ কমিউনিষ্ট পাৰ্টি শিৱসাগৰ জিলা পৰিষদৰ জিলা সন্মিলন সফলতাৰে সম্পন্ন হোৱাত সহায় কৰা প্ৰতি গৰাকী শ্ৰমজীৱিলৈ বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছো।
জয়তু মেহনতী জনতা
জয়তু ভাৰতৰ কমিউনিষ্ট পাৰ্টি
Kanak Gogoi
AISF - Sivasagar District Council

ভাৰতৰ কমিউনিষ্ট পাৰ্টি শিৱসাগৰ জিলা পৰিষদৰ জিলা সন্মিলনত সকলো শ্ৰমজীৱি মানুহক নিমন্ত্ৰণ জনাইছো। বৈপ্লৱিক অভিনন্দন।Kanak ...
24/05/2022

ভাৰতৰ কমিউনিষ্ট পাৰ্টি শিৱসাগৰ জিলা পৰিষদৰ জিলা সন্মিলনত সকলো শ্ৰমজীৱি মানুহক নিমন্ত্ৰণ জনাইছো।
বৈপ্লৱিক অভিনন্দন।
Kanak Gogoi
AISF - Sivasagar District Council
CPI Assam
কৃষ্ণ গগৈ- ৰাইজৰ প্ৰতিনিধি।
কৃষ্ণ গগৈ

24/03/2022
আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ আগন্তুক  জিলা অভিবৰ্তনক লৈ ডিমৌত এখনী সভা অনুষ্ঠিত কৰা হয় ।
13/03/2022

আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ আগন্তুক জিলা অভিবৰ্তনক লৈ ডিমৌত এখনী সভা অনুষ্ঠিত কৰা হয় ।

আজি পূৱা প্ৰায় ১০-৩০ বজাত ওপৰ নাজিৰা শাখা চানবচা গাওঁৰ নিৱাসী, সমাজকৰ্মী তথা ভাৰতৰ কমিউনিষ্ট পাৰ্টী নাজিৰা মহকুমা সমিতিৰ...
25/11/2021

আজি পূৱা প্ৰায় ১০-৩০ বজাত ওপৰ নাজিৰা শাখা চানবচা গাওঁৰ নিৱাসী, সমাজকৰ্মী তথা ভাৰতৰ কমিউনিষ্ট পাৰ্টী নাজিৰা মহকুমা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য শ্ৰদ্ধাৰ কমৰেড হৰেন কোৱঁৰ(সোনটি) দেৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি গুৱাহটী মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে । প্ৰয়াত হৰেন কোৱঁৰ দেৱলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

বীৰ লাচিত বৰফুকন লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰতিজনলৈ লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
24/11/2021

বীৰ লাচিত বৰফুকন লৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে প্ৰতিজনলৈ লাচিত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

23/11/2021

মূল্যবৃদ্ধি আৰু ৰাজহুৱা সম্পদ বিক্ৰীৰ বিৰুদ্ধে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ বিক্ষোভ প্ৰদৰ্শন
Kanak Gogoi
Communist Party of India

মূল্য বৃদ্ধি আৰু ৰাজহুৱা খণ্ড বিক্ৰীৰ বিৰুদ্ধে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ বিক্ষোভ প্ৰদৰ্শন।
23/11/2021

মূল্য বৃদ্ধি আৰু ৰাজহুৱা খণ্ড বিক্ৰীৰ বিৰুদ্ধে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ বিক্ষোভ প্ৰদৰ্শন।

Address


Website

Alerts

Be the first to know and let us send you an email when ভাৰতৰ কমিউনিষ্ট পাৰ্টি- শিৱসাগৰ জিলা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share